জোনালী, সোণালী আৰু পৰীৰ কাহিনী | Junali, Hunali Aru Porir Kahini

জোনালী, সোণালী আৰু পৰীৰ কাহিনী | Junali, Hunali Aru Porir Kahini, সাধুৰ সফুৰা পুথিৰ পৰা সংগ্ৰহ, জোনালী, সোণালী আৰু পৰীৰ কাহিনী, সাধুকথা, অসমীয়া কাহিনী, জোনালী, সোণালী আৰু পৰীৰ কাহিনীশিশুৰ বাবে কাহিনী

পুৰণি কালত শান্তিবন নামৰ এখন আশ্ৰম আছিল। আশ্ৰমখনৰ চাৰিওফালৰ প্ৰাকৃতিক পৰিৱেশ অতি মনোমোহা আছিল। নানা ধৰণৰ ফলফুলৰ বাগিছাৰে, ৰঙা, নীলা, হালধীয়া, গুলপীয়া, বগা ফুলেৰে আশ্ৰমখন জাকত জিলিকা, চালে চকুৰোৱা হৈ আছিল। নানা ধৰণৰ চৰাই-চিৰিকতিৰ সূৱলা সাংগীতীক ধ্বনিয়ে আশ্ৰমখন মুখৰিত কৰি ৰাখিছিল।

সেই শান্তিবণ আশ্ৰমখনতে দুজনী ছোৱালী আছিল এজনীৰ নাম জোনালী আৰু এজনীৰ নাম সোণালী। দুয়োজনীয়ে আশ্ৰমৰ ভিতৰতে ঋষি গুৰুৰ ত্বাৱধানৰ ফল-ফুল বুটলি খেলি নচি-বাগি ডাঙৰ হৈছিল।

তেওঁলোক দুজনী আছিল নাগকন্যা। নাগকন্যা মানে জানা নহয় মইনাহত-নাগ মানে সৰ্প আৰু কন্যা মানে ছোৱালী। পাতালৰ সৰ্পৰাজ্যৰ পৰা ফুৰিবলৈ আহি ইমানেই ভাল পালে যে সেই আশ্ৰমতে থাকিয়েই গ’ল। পাতাল পুৰিলৈ মৰ্তৰ পৰা উভতিবৰ মন নকৰিলে। আশ্ৰমতে লাহে লাহে ঋষিৰ লগতে থাকি তেওঁৰ উপদেশ মানি চলি ডাঙৰ হ’বলৈ ধৰিলে।

এদিন পূৱা ফুলনিৰ মাজত দুইজনী বহি ফুলেৰে, পাতেৰে, ঠাৰিৰে সৰু সৰু খেলনা সাজি খেলি থাকোতে এজাক মলয়া বতাহ আহিল। মলয়াই দুইজনী ধুনীয়া ছোৱালীক আশ্ৰমৰ ফুলনিৰ মাজত বহি খেলি থকা দেখি ৰৈ চাই থাকিল। শান্তিবণৰ ফুলনিৰ মাজত দুইজনী ছোৱালী ফুলৰ দৰেই জিলিকি থকা দেখি মলয়া ওচৰলৈ গৈ সুধিলে- (চন্দযুক্ত ভাষাৰে)

“দুই কুমাৰীয়ে কিনো কৰিছা ফুলনিৰ ফুল হৈ। ফুলৰ পাহিৰে খেলনা সাজিছা ইমান ধুনীয়াকৈ।।

 দুয়োজনীৰে কি নাম বাৰু কৈ দিয়াচোন মোক।

ময়ো বেগেৰে ঘৰলৈ যাওঁ বৰকৈ লাগিছে ভোক।।

প্ৰকৃততে মলয়াৰ ছোৱালী দুজনীলৈ বৰ মৰম লাগিল। সেয়েহে ধেমালিৰ সুৰেৰে কথাখিনি কৈ চিনাকি হ’বলৈ ওচৰ চাপিছিল।

জোনালী সোণালীয়ে বতাহক বৰ ভাল পালে। বতাহৰ দৰে মধুৰ মাতেৰে হাহি হাঁহি উত্তৰ দিলে-

“নাগকন্যা দুয়োজনী আমি আশ্ৰম কন্যা হ’লো।

শান্তিবণৰ ঋষিৰ পৰাই এই দুই নাম পালো।।

মই জোনালী তাই সোণালী ঋষিয়ে দিয়া নাম।

আশ্ৰমৰ এই ফুলনিখনক সযতনে ৰখা কাম।।

মলয়াবতাহে জোনালী সোণালীৰ কোমল স্বৰৰ কথাকেইটা শুনি বৰ আনন্দ পালে আৰু তেওঁলোকক সুধিলে-

“জোনালী সোণালী তোমালোকৰ নাম নাম দুটা বৰ সুন্দৰ। তোমালোকে কোৱাচোন আৰু কি কৰিবৰ মন যায় তোমালোকৰ ? তোমালোকৰ যি কৰিবলৈ মন যায় মই তোমালোকক তাকে কৰিবলৈ সহায় কৰিম।

দুয়োজনীয়ে একেলগে সুধিলে-

“তুমিনো কোন ? আমি তোমাক কি বুলি মাতিম ?

মলয়াই ক’লে-

“মোৰ নাম এতিয়া মলয়া। আচলতে মোৰ নাম বতাহ কেতিয়াবা লাহে লাহে আহো তেতিয়া মোৰ নাম হয় মলয়া বতাহ। মাজে মাজে অলপ জোৰেৰে আহো তেতিয়া মোক বতাহ বুলিয়েই কয়, যেতিয়া বহুত জোৰেৰে আহো তেতিয়া মোৰ নাম হয় ধুমুহা বতাহ। তেতিয়া মই পৃথিৱীৰ সকলোকে বোকাচাত লৈ দেশ দেশান্তৰ পোৱাবগৈ পাৰো। এতিয়া তোমালোকৰ ওচৰত থাকোতে মোৰ নাম মলয়া বতাহ।”

Read Also: Class 9 Assamese Question Answer

জোনালী সোণালীয়ে মলয়াৰ কথাবোৰ মন দি শুনিলে আৰু বৰ আগ্ৰহেৰে ক’লে-

“মলয়া বতাহ ! তুমি আমাক পৰীৰ দেশলৈ লৈ যাব পাৰিবানে ? পৰীৰ দেশত গৈ পৰীৰ লগত নাচি-বাগি খেলিবলৈ আমাৰ বৰ মন যায়।”

পাৰিম পাৰিম মই তোমালোকক কালিলৈকে পৰীৰ দেশলৈ লৈ যাম। তোমালোকে তোমালোকৰ আশ্ৰমৰ পিতাৰ পৰা অনুমতি লৈ সাজু হৈ থাকিবা।

জোণালী সোণালীৰ খুব ফুৰ্তি লাগিল। কিন্তু দুইজনীৰে সেই আশ্ৰমখনলৈ পিতা ঋষিলৈ বৰ মৰম লাগে। তথাপি পাতালৰ নাগকন্যা সৰগলৈও যাবৰ মন।

মলয়া বতাহ গুছি গ’ল, কিন্তু সেই মৰম লগা ছোৱালী দুজনীৰ মিহি সূৰীয়া কথাকেইটা বতাহৰ কাণত বাজি থাকিল। পাতালপুৰীৰ পৰা আহি পৃথিৱীত আশ্ৰমত ডাঙৰ দীঘল হৈ স্বৰ্গৰাজ্যলৈও সিহঁতৰ যোৱাৰ আকাংখ্যা ভাবিলেই মলয়াৰ ভাল লাগি যায়। নাম দুটাও ধুনীয়া ‘জোনালী’, ‘সোণালী’।

ঋষিৰ কাষত ‘জোনালী’ ‘সোণালী’ আঠু কাঢ়ি মলয়া বতাহৰ লগত পৰীৰ ৰাজ্যলৈ যোৱাৰ অনুমতি বিচাৰিলে। 

       “হে পিতা ঋষিবৰ নকৰিবা খং।

       পৰীৰ দেশলৈ আমাৰ যাবলৈ মন।।

       মলয়াই নিব খোজে বোকাচাত লৈ।

       নিৰাপদে নিব হেনো আলফুলকৈ।।

       তযু অনুমতি বিনা কেনেকৈ যাওঁ।

       অনুমতি দিয়া পিতা প্ৰণাম জনাওঁ।।”

ঋষিবৰে শুনি অলপপৰ থৰ হৈ বহি থাকিল। বাধা দিবলৈও মন যোৱা নাই। ঋষি পিতৃয়ে দিয়া ‘জোণালী’ ‘সোণালী’ নাম দুটাই আশ্ৰমৰ গছ, লতা, পশু, পক্ষীৰে চিনাকি হৈ নাচি-বাগি আনন্দত শৈশৱ অতিবাহিত কৰিছে। তথাপি ঋষি গুৰুৱে ভাবিলে স্বৰ্গলৈ গৈ পৰীৰ লগতে আৰু কিছু বেছিকৈ বেলেগ অভিজ্ঞতাৰে জ্ঞান অৰ্জন কৰিব খুজিছে যেতিয়া নাগকন্যাক বাধা দিলে আঘাটহে পাব। গতিকে বহুত ভাবি চিন্তি গুৰু ঋষিবৰে জোনালী সোনালীক স্বৰ্গ ৰাজ্যলৈ যোৱাৰ অনুমতি প্ৰদান কৰিলে।

       “যোৱা মা ! তোমালোকে দুই কুমাৰীক মলয়া বতাহে যেন অকণো কষ্ট নোপোৱাকৈ লৈ যায়।”

        জোণালী সোণালীয়ে পিছদিনা পুৱা আশ্ৰমৰ নিত্য কৰ্ম কৰি ফুল-ফল পিতা ঋষিৰ ওচৰত সযতনে থৈ 

নিজে ফলমূল ভোক পলুৱাই খাই উৎফুল্লিত হৈ স্বৰ্গৰাজ্যলৈ যাবলৈ সাজু হৈ ৰ’ল।

ঋষিৰ বৰ দু:খ লাগিল। আশ্ৰমত থকা সকলো আশ্ৰমবাসীয়ে আৰু লগতে আশ্ৰমৰ পশু-পক্ষী, ফল-ফুলৰ বিৰিষেও যেন মূৰ দোৱাই জোণালী সোণালীক বিদায় দিবলৈ সাজু হৈ ৰ’ল।

যথা সময়ত মলয়া বতাহ আহিল। ঋষিক প্ৰণিপাত জনাই জোনালী সোণালীৰ মনৰ আশা পূৰণ কৰাৰ বতৰা জনালে আৰু আলফুলকৈ বোকাচাত তুলি নিব বুলি পিতৃ ঋষিবৰক প্ৰতিশ্ৰুতি দিলে।

আশ্ৰমৰ সকলোৱে মলয়াক সম্ভাষণ জনাই জোণালী সোণালীক যোৱাৰ পথত আগবঢ়াই দিলে। মলয়াৰ বোকাচাত উঠি আনন্দত দুই কন্যাই গীত গাবলৈ আৰম্ভ কৰিলে-

      “মলয়া বতাহৰ বোকাচাত উঠি

                   পৰীৰ দেশলৈ যাওঁ।

       সৰগত গৈ পৰীৰ লগত

                   সৰগৰ ৰূপ চাওঁ।

       পৰীয়ে পিন্ধিব বগা সাজ পাৰ

                  আমাকো দিব পিন্ধায়।

        বগী ঢকে ঢকী বগী চকে চকী

                     দেবতাই হাহিব চায়।”

মলয়া বতাহে দুইজনীয়ে গোৱা গীতটি শুনি বৰ আনন্দ পালে।

উৰি উৰি গৈ থাকোতে বাটতে ডাৱৰক লগ পালে। ডাৱৰে বতাহৰ বোকাচাত দুজনী পখিলাৰ নিচিনা মৰম লগা ছোৱালী দেখি আগভেটি ধৰি মলয়াক ৰখাই সুধিলে। “বতাহৰ বোকাচাত তোমালোক দুজনীনো কোন ? ক’ৰপৰা আহিছা ? ক’লৈ যোৱা ? ধুনীয়া ডাৱৰবোৰ দেখি জোনালী সোণালীৰ বৰ ভাল লাগিল। বতাহক তেওঁলোকৰ নাম দুটা জনালে আৰু লগতে বতাহৰ বোকাচাত উঠি পৰীৰ দেশলৈ যাবলৈ আহিছে বুলিও ক’লে। ডাৱৰৰ দুইজনীলৈ বৰ মৰম লাগিল। মৰমৰ উপহাৰ স্বৰূপে দুইজনীৰে হাতত দুচপৰা মেঘ দি ক’লে- “লোৱা এইখিনি মোৰ তোমালোকলৈ মৰমৰ উপহাৰ। বাটত সুৰুযৰ তাপ বেছিকৈ লাগিলে এই মেঘ দুচপৰাই পানী দি তোমালোকৰ গা জুৰ পেলাব। তোমালোক পৰীৰ দেশ পোৱাৰ সময়ত তোমালোকৰ হাতত একো নাথাকে। এই মেঘ দুচপৰা গলি পানী হৈ আকৌ পৃথিৱীলৈ উভটি আহিব।

জোনালী-সোণালীৰ আনন্দৰ সীমা নাই। বতাহৰ বোকাচাত হাতত ডাৱৰ লৈ দুইকন্যা গৈ আছে। গৈ গৈ স্বৰ্গৰ দুৱাৰৰ ওচৰ পালেগৈ দুইজনীকে ৰখাই বতাহে ক’লে-

“জোনালী, সোণালী প্ৰথমতে উঠিলা মলয়াৰ বোকাচাত মই বতাহৰ বেগেৰে আনি স্বৰ্গদ্বাৰ পোৱালোহি, এতিয়া কিন্তু বতাহৰ বেগ এৰিব লাগিব ৰিব্ ৰিব্ মলয়া হৈহে স্বৰ্গৰাজ্যত প্ৰৱেশ কৰিব পাৰিম। বতাহৰ বেগেৰে গ’লে স্বৰ্গৰাজ্যৰ বস্তুবোৰ চেদেলি-ভেদেলি হৈ যাব নহয়, সেই বাবে ৰিব্ ৰিব্ মলয়া হৈ লাহে লাহে যাম দেই।”

“ভালেই হ’ব মলয়া আমি তেতিয়া লাহে লাহে স্বৰ্গখনৰ দৃশ্য উপভোগ কৰি গৈ থাকিব পাৰিম।”

স্বৰ্গৰাজ্যৰ দুৱাৰমুখত থকা দ্বাৰৰখীয়াই কিন্তু ঘপকৈ সোমাবলৈ নিদি আগভেটি ধৰিলে। আদ্যোপান্ত জানি সোমাবলৈ দিলে। গৈ গৈ পৰীৰ ওচৰ পালেগৈ। মলয়াই পৰীসকলৰ লগত দুইজনীৰ চিনাকী কৰি দিলে, পৰীয়ে বৰ ভাল পালে। মৰম কৰি দুইজনীকে তেওঁলোকৰ মাজলৈ নি অমৃতেৰে আপ্যায়িত কৰিলে। বতাহ আতৰি গ’ল। 

পৰীসকলে জোনালী সোণালীক তেওঁলোকৰ দৰে বগা সাজপাৰ পিন্ধাই দিলে। বগা ফুলৰ মালাৰে দুয়োজনীৰে ডিঙি, হাত, ভৰি সৰ্জিত কৰি সজালে। বেনি গুঠি তাতো বগা ফুল গুজি দিলে।

পৰীয়ে তেওঁলোকৰ দৰে নৃত্য শিকালে। জোনালী সোণালী হৈ পৰিল সৰগৰ পৰী। দুয়োজনীয়ে হেঁপাহ পলুৱাই পৰীৰ লগত নাচি-বাগি স্বৰ্গসুখ উপলব্ধি কৰিলে।

মনেশ্বৰ মাউতৰ হাতী-‘মোহন’

এসময়ত এখন গাঁৱত এজন ধনী মহাজন আছিল। তেওঁৰ নাম আছিল মাধব আৰু গাঁৱৰ লোকে তেওঁক মহাজন বুলিয়েই মাতিছিল। গাওঁখনত একমাত্ৰ ধনী মানুহ মাধব মহাজনৰ ঘৰত এটা হাতী আছিল, তাৰ নাম আছিল ‘মোহন’। 

হাতীটোক প্ৰশিক্ষণ দিয়া মাউতজনৰ নাম আছিল মনেশ্বৰ। হাতীটোৰ কাণ্ড-কাৰখানাবোৰ বৰ মৰম লগা আছিল। সি তাৰ গৃহস্থ মাধব মহাজনক দেখিলে ভৰি দুটাৰে ভাজ লগাই আঠুকাঢ়ি নমস্কাৰ কৰে। মহাজনৰ ল’ৰাটোক দেখিলে তাৰ শূৰ ডালেৰে পিঠিত মৰম কৰি দিয়ে। মহাজনৰ পৰিবাৰে এখন থালত কল, চাউল আৰু ফললৈ তাক খাবলৈ দি মৰম কৰে।

মনেশ্বৰ মাউতৰ ঘৰ মহাজনৰ ঘৰৰ ওচৰতে খোজকাঢ়ি গ’লে দহমিনিট মানহে লাগে। এদিন মনেশ্বৰে তাৰ ঘৰলৈ হাতীটো লৈ গ’ল। চোতালতে মনেশ্বৰে মোহনৰ ভৰিত শিকলিডাল খুটা এটাত আলফুলকৈ বান্ধি থ’লে। মনেশ্বৰ চাৰিবছৰীয়া জীয়েক সৰলাক ঘৰৰ বাৰান্দাতে দৰা-কইনা খেলা খেলনাবিলাক গোটাই দি মোহনক ৰখীয়া থৈ পৰিবাৰৰ সৈতে মনেশ্বৰ ওচৰৰে এঘৰ মানুহৰ ঘৰলৈ ফুৰিবলৈ গ’ল।

যাবৰ সময়ত মোহনক মনেশ্বৰে মৰম কৰি ক’লে “সৰলাক থৈ গৈছো তই চকু ৰাখিবি, আমি সোনকালে আহিম।”

সৰলাই দৰা-কইনা খেলি আছে, তাৰ মাজতে উঠি গৈ মোহনৰ লগতো অকণমান খেলি আহেগৈ। মোহনেও তাৰ শূৰডালেৰে সৰলাৰ পিঠিত মৰম কৰি দি চাই থাকে।

মনেশ্বৰ মাউতৰ বাৰীত এজোপা ডাঙৰ মধুৰীয়ামৰ গছ আছিল। গছজোপাত বহুত কেচা-পকা মধুৰীয়াম লাগি আছিল। সৰলাৰ সেইজোপালৈ মনত পৰি মোহনৰ ভৰিৰ শিকলিডাল খুলি দিলে। মোহন আৰু সৰলা মধুৰীয়াম গছৰ তললৈ গৈ মধুৰীয়াম বুটলি খাবলৈ আৰম্ভ কৰিলে।

এপাকত মোহনে দেখিলে এডাল ডাঙৰ সাপ বাৰীৰ চুকৰ পৰা সৰলাৰ ফালে আহি আছে। সাপডাল আহি সৰলাৰ ওচৰ পাওতেই মোহনে তাৰ শূৰডালেৰে সাপডাল ডাঙি এচাৰ মাৰি দূৰলৈ পেলাই দি সৰলাক আলফুলকৈ ডাঙি নি বাৰান্দাত থৈ আকৌ আহি সাপডাল দেখি এইবাৰ সাপডাল শূৰেৰে বাৰীৰ পিছৰ খালটো পাৰ কৰি পেলাই দিলে।

সৰলাই বাৰান্দাৰ পৰা চাই থাকি কি হৈছে ধৰিব নোৱাৰি কান্দিবলৈ ধৰিলে। তেতিয়া মোহনে আহি শূৰডালেৰে সৰলাৰ পিঠিত মৰম কৰি চাই থাকিল।

লাহে লাহে দুঘন্টা হ’ল মনেশ্বৰ আৰু পৰিবাৰ আহি পোৱাই নাই। মোহনৰ দায়িত্বত আছে সৰলা আৰু সৰলাৰ দায়িত্বত মোহন। 

লাহে লাহে দেখোন বতৰটো বেয়া হৈ আহিবলৈ ধৰিছে চাৰিওফালে ক’লা ডাৱৰে আবৰি পেলালে।

মইনাহত তেতিয়া মানুহ অহা-যোৱা কৰাৰ কোনো যানবাহন নাছিল। খোজ কাঢ়িয়েই অহা-যোৱা কৰিছিল। বতৰ বেয়া দেখি সৰলাৰ মাক দেউতাক আহি আছে যদিও পোৱাহি নাই। মোহনে বতৰ বেয়া দেখি বাৰে বাৰে বাটলৈ চায়, মনেশ্বৰহত আহিছেনে নাই।

হঠাতে বতাহ ধুমুহা আহি গাওঁখনৰ ঘৰৰ চাল গছৰ ডাল আদি ভাঙি নিলে। বৰষুণো ডাঙৰকৈ আহিবলৈ ধৰিলে। মোহনে সৰলাক তাৰ প্ৰকাণ্ড শৰীৰটোৰে ঢাকি মৰম কৰি ৰাখিলে। বতাহ বৰষুণ এৰাৰ লগে লগে মোহনে সৰলাক পিঠিত উঠাই মহাজনৰ ঘৰলৈ খোজ ল’লে। তেতিয়ালৈকে মনেশ্বৰহত আহি পোৱাই নাই।

সিফালে বতাহ বৰষুণ দেখি মাধব মহাজন চিন্তাত পৰিল মোহন আৰু মনেশ্বৰ কলৈ গ’ল। বাহিৰলৈ ওলাই আহি দেখিলে- মনেশ্বৰৰ জীয়েক সৰলাক লৈ মোহন মহাজনৰ চৌহদলৈ সোমাই আহিছে।

Read Also: সাধুকথা: কাঞ্চনী | Hadhu Kotha: Kanchoni

মহাজনৰ পৰিবাৰে সৰলাক মৰম কৰি ভিতৰলৈ লৈ গৈ তাইৰ মুখৰ পৰা জানিব পাৰিলে যে মোহনৰ লগত সৰলাক থৈ মনেশ্বৰ মাউত আৰু পৰিবাৰ ফুৰিবলৈ গ’ল। বতাহ ধুমুহাত ঘৰো ভাঙিলে সেই কাৰণে মোহনে তাইক মহাজনৰ ঘৰলৈ লৈ আহিল।

সিফালে সৰলাৰ মাক দেউতাকে আহি ঘৰত দেখিলে মোহন আৰু সৰলা নাই ঘৰখনো বতাহে চেদেলি-ভেদেলি কৰি থৈছে। মনেশ্বৰ আৰু পৰিবাৰে সৰলা আৰু মোহনক বিচাৰি বিচাৰি মহাজনৰ ঘৰ পালেগৈ। তাত গৈ দেখিলে মোহন চোতালতে আছে। মোহনৰ ওচৰলৈ গৈ সৰলা ক’লৈ গ’ল বুলি কান্দিবলৈ ধৰিলে। মাক দেউতাক কান্দি কান্দি ভিতৰলৈ গৈ দেখে সৰলা মহাজনৰ ল’ৰাৰ লগত খেলি আছে। তেতিয়াহে মনলৈ শান্তি আহিল।

মাধব মহাজনে মনেশ্বৰ মাউতক ক’লে- “তহতিনো ছোৱালীজনী অকলে থৈ কিয় ওলাই গৈছিলি ? মোহন নথকাহ’লে কি হ’লহেতেন ? সি তাইক শূৰত তুলি আনি আমাৰ ঘৰ পোৱালেহি।” মনেশ্বৰে মোহনক মৰম কৰি আনন্দত কান্দিবলৈ ধৰিলে।

সৰলাই ইতিমধ্যে মোহনে যে তাইক মধুৰীয়াম পাৰি খুৱালে তাকো জনালে। আৰু সৰলাৰ ওচৰলৈ অহা সাপটো যে শূৰেৰে ডাঙি বাৰী পাৰ কৰি দলিয়াই দিলে তাৰো জনালে।

হাতীটোৰ মৰম আৰু উপকাৰৰ আচনি দেখি মনেশ্বৰে বতাহত ভঙা কলগছ আনি মোহনক খাবলৈ দি পিঠিত হাত ফুৰাই মৰম কৰিলে।

মাধব মহাজনে মনেশ্বৰক ক’লে-

“মনেশ্বৰ তহতি ঘৰলৈ যা ঘৰটোত কি হ’ল চাগৈ, সৰলা আমাৰ ঘৰতে থাকক।

মহাজনৰ আদেশমতে মনেশ্বৰ আৰু পৰিবাৰ সৰলাক তাতে থৈ ঘৰলৈ গ’ল। ঘৰত গৈ দেখিলে ঘৰখনৰ কাপোৰ-কানি, বিছনা, ৰান্ধনী ঘৰৰ চাউল ডাইল আদি সকলোবোৰ ধুমুহাৰ বালি-বৰষুণে ওপচাই পেলালে।

কেইটামান কাপোৰ-কানিৰ টোপোলা এটা কৰি দুয়ো মহাজনৰ ঘৰলৈ গৈ তাতে ৰাতিটো কটালে। 

পিছদিনা মহাজনে মনেশ্বৰক টকা অলপ দি বাৰীৰ বাহ কাটি তাৰ ঘৰটো ভাল কৰি ল’বলৈ পঠিয়াই দিলে।

কাকাদেউতা আৰু নাতি লʼৰা আৰু সাধুৰ সফুৰা দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। জোনালী, সোণালী আৰু পৰীৰ কাহিনী এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। জোনালী, সোণালী আৰু পৰীৰ কাহিনী এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে জোনালী, সোণালী আৰু পৰীৰ কাহিনী এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।

Leave a Reply