জোনবিল মেলা | Jonbeel Mela

জোনবিল মেলা | Jonbeel Mela

মধ্য অসমৰ তিৱা জনজাতি অধ্যুষিত অঞ্চলসমূহৰ অতি জনপ্ৰিয় আৰু বৈশিষ্ট্যপূৰ্ণ উৎসৱটিৰ নামেই হ’ল জোনবিল মেলা। এই মেলাত বৃহৎ ব্যৱসায়-বাণিজ্যৰ মেলা অনুষ্ঠিত হয়। এই মেলাত বস্তু বিনিময় প্ৰথাৰে এই মেলাৰ প্ৰধান কাৰ্য সম্পন্ন কৰা হয়। সাম্প্ৰতিক সময়তো এই মেলাত বস্তু বিনিময় প্ৰথাৰে মেলাৰ প্ৰধান কাৰ্য সম্পন্ন হৈ আহিছে। 

জোনবিল মেলা 3

“মায়াং অঞ্চলৰ লোক-সংস্কৃতি” নামৰ গ্ৰন্থত হেমন্ত কুমাৰ শৰ্মাই স্পষ্টভাৱে উল্লেখ কৰিছে, “মায়াং মৌজাৰ ওচৰৰ জোনবিলৰ পাৰত মাঘ বিহুৰ পিচৰ বৃহস্পতিবাৰৰ পৰা শনিবাৰলৈ তিনিদিন ধৰি বিৰাট মেলা বহে।” এই মেলাৰ তাৎপৰ্য আৰু গুৰুত্ব অতীজৰে পৰাই যথেষ্ট আছিল। কাৰণ এই মেলাৰ প্ৰধান উদ্দেশ্য আছিল বস্তু-বিনিময় প্ৰথা। বস্তু-বিনিময় প্ৰথাৰ বাবেহে ঘাইকৈ এই মেলাৰ আয়োজন কৰা হৈছিল। কাৰণ অতীজত তিৱা, কাৰ্বি, জয়ন্তীয়া, খাছি আদি জনজাতীয় লোক সকলৰ লগত থলুৱা লোক সকলৰ লগত ব্যৱসায় বাণিজ্য কৰিবৰ বাবে নিৰ্দিষ্ট সুকীয়া বজাৰ নাছিল। সেই সময়ত কেৱল পাৰ্বত্য লালুং আৰু জয়ন্তীয়া সকলৰ বাবে নেলীত থকা বজাৰ খনৰ বাহিৰে ভৈয়ামৰ লোকসকলৰ বাবে কোনো ধৰণৰ বজাৰ নাছিল। আগৰ দিনত নেলীৰ বজাৰ খনে বিকাশ লাভ কৰা নাছিল যদিও, বৰ্তমান এই বজাৰখনে যথেষ্ট বিকাশ লাভ কৰিবলৈ সক্ষম হৈছে। লালুং পাহাৰীয়া জনজাতীয় লোকসকলৰ মূল আবাসীস্থলী আছিল “বৰমাৰ্জঙ”। “বৰমাৰ্জঙ”ৰ পৰা তেওঁলোকে নেলীৰ বজাৰলৈ প্ৰায় চল্লিশ কিল’মিটাৰ আহিব লাগে। জনজাতীয় লোকসকলৰ প্ৰধান খেতি আছিল ঝুম খেতি। তেওঁলোকৰ উৎপাদিত খেতিৰ ফচল সমূহ ইমান দূৰলৈ কঢ়িয়াই আনি বস্তু কিনা-বেচা কৰাটো বৰ সহজ সাধ্য কথা নাছিল বাবেই সেই সময়ত এই মেলা সমূহ আয়োজন কৰি পৰ্বত আৰু ভৈয়ামৰ লোক সকলৰ মাজত বস্তু বিনিময় প্ৰথাৰ আয়োজন কৰা হৈছিল। সেই সময়ত এই মেলা সমূহৰ প্ৰয়োজন আছিল অতিকৈ গুৰুত্বপূৰ্ণ।

Read Also: Class 10 Assamese Question Answer

তিৱা ৰজা গোভাই পোন প্ৰথমে জোনবিল মেলাৰ আয়োজন কৰিছিল। এই মেলাত লালুং ৰজাসকলৰ ভিতৰত তিৱা ৰজা গোভা আছিল অতি সন্মানীয় ব্যক্তি। তদুপৰি খাছি, জয়ন্তীয়া আদি লোকসকলৰ মাজতো অতি মধুৰ সম্পৰ্ক আছিল। ভৈয়ামত থকা আহোম ৰজা সকলৰ লগতো তেওঁলোকৰ খুব ভাল সম্পৰ্ক আছিল। এনেধৰণৰ সু-সম্পৰ্ক সকলোৰে মাজত আছিল কাৰণেই গোভা ৰজাই আনুষ্ঠানিকভাৱে সকলোৱে জোনবিলত মাছ মৰা কাৰ্যৰ যোগেদিয়েই এখন বাণিজ্যিক মেলাৰ আয়োজন কৰিছিল। সময়ত ইয়েই হ’ল জোনবিল মেলা। এই মেলা আৰম্ভণিৰ পৰা আজিলৈকে তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হয়। এই মেলাত পাহাৰ আৰু ভৈয়ামৰ সকলোবোৰ লোক একলগ হয় আৰু তেতিয়াই জোনবিল মেলা জন-বহুল মেলাত পৰিণত হয়।

জোনবিল মেলা 2

বৰ্তমান সময়ত জোনবিল মেলা উৎসৱত গোভা ৰজা আৰু তেওঁৰ বংশধৰ সকলৰ এতিয়া ৰাজত্ব নাই যদিও মেলাৰ প্ৰতীকী ৰজা হিচাপে জোনবিল মেলাৰ উদযাপন সমিতিয়ে প্ৰতীকী গোভা ৰজাৰ জৰিয়তে আজিও জোনবিল মেলাৰ শুভাৰাম্ভণি কৰে। বৰ্তমানেও মাঘবিহুৰ পিচৰ বৃহস্পতিবাৰৰ প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী সমূহীয়া ভাৱে মাছ ধৰা কাৰ্যও গোভা ৰজাইহে আৰম্ভ কৰে। প্ৰথম কাৰ্যসূচী ৰূপায়ণ হৈ যোৱাৰ পিছত জোনবিল মেলা কিদৰে অনুষ্ঠিত কৰা হ’ব সেই সম্পৰ্কে সকলোৰে লগত ৰজাই আগভাগ লয়। এই প্ৰতীকী ৰজাৰ নিৰ্দেশত আৰু আদেশতেই জোনবিল মেলাৰ সকলোবোৰ কাৰ্য সূচাৰূৰে পালন কৰা হয়।

Read Also: দেউল উৎসৱ | Deul Festival

জোনবিল মেলাৰ প্ৰধান বৈশিষ্ট্য হ’ল এই মেলাত কোনো ধৰণৰ ধৰ্ম, জাত, বৰ্ণ আদিৰ স্থান নাই। উদাৰতাই এই মেলাৰ প্ৰথম আৰু প্ৰধান পদক্ষেপ। এই মেলাত ভাষাৰ ক্ষেত্ৰত কোনো লোকৰ মাজতেই সমস্যাৰ সৃষ্টি নহয়, কাৰণ মেলা কেৱল কৃষক ৰাইজৰ উৎপাদিত সামগ্ৰী বিনিময় প্ৰথাৰ মাধ্যম হিচাপে অনুষ্ঠিত কৰা বাণিজ্যৰ মেলাহে। এই জোনবিল মেলাই সাম্প্ৰতিক সময়ত মানুহৰ মাজত সংহতি আৰু সাম্প্ৰীতিৰ এক বৰ্ণাঢ্য মেলা হিচাপে সাৰ্বজনীন ৰূপত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে।

আমি আশা কৰিছো জোনবিল মেলা | Jonbeel Mela আপোনালোকক সহায় কৰিব। যদি আপোনাৰ দেউল উৎসৱ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Leave a Reply