সাধুকথা: জদ্‌গৱ ৰজাৰ উপাখ্যান | Jodgob Rojar Upakhyan Hadhu Kotha

সাধুকথা: জদ্‌গৱ ৰজাৰ উপাখ্যান | Jodgob Rojar Upakhyan Hadhu Kotha, বুঢ়ী আইৰ সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, সাধুকথা: জদ্‌গৱ ৰজাৰ উপাখ্যান, সাধুকথা, অসমীয়া কাহিনী, সাধুকথা: জদ্‌গৱ ৰজাৰ উপাখ্যানশিশুৰ বাবে কাহিনী

এঠাইত এজন পণ্ডিতে তেওঁৰ এজন ছাত্ৰৰে সৈতে দেশ চাবলৈ ওলাই গ’ল। তেওঁলোক গৈ এক ৰজাৰ এখন নগৰ পালেগৈ। তেওঁলোকে দেখিলে যে সেই নগৰত জহা চাউলৰ দাম সেৰে দুই পইচা, উখুৱা, আহু চাউলৰ সেৰে দুই অনা, ঘিউৰ সেৰে এটকা। পণ্ডিতে ছাত্ৰৰক ক’লে– “বোলে আমাৰ ইয়াতেহে কিছুদিন থকা ভাল।” এইবুলি তেওঁলোকে এঘৰত থাকিবলৈ ঠাই ল’লে।

এদিন ৰজাৰ হাউলিৰ ওচৰৰে এঘৰ মানুহৰ ঘৰত চোৰে সিঙি দি চুকি কৰিছিল। সিচুৰ কৰি ওলাই যাব খোজোতেই গৃহস্থৰ হাতত ধৰা পৰিল, গৃহস্থই তাক বান্ধি আনি ৰজাৰ আগত হাজিৰ কৰিলেহি৷ ৰজাই পাত্রমন্ত্রী সকলেৰে বৰচ’ৰাত বিচাৰ কৰিবলৈ বহি অনেক ভাবি ভাবি পালে যে সিন্ধিটো ডাঙৰ নোহোৱাহেঁতেন চোৰটো তাত সোমাব নোৱাৰিলেহেঁতেন। ইয়াকে ভাবি ৰঞ্জাই চোৰক সুধিলে– “হেৰ চোৰ, তই সিন্ধিটো কিয় ডাঙৰ কৰিছিলি?” চোৰে উত্তৰ দিলে “স্বৰ্গদেউ, কাটক বা মাৰক, মোৰ চিৰাংখন ডাঙৰ আছিল, সেইদেখি তাৰে খান্দোতে সিন্ধিটো ডাঙৰ হৈ পৰিল।” এই উত্তৰ শুনি ৰজাই ক’লে “ওঁ হয়তো, চোৰৰ তাত কি দায়? কটা কমাৰে চিপৰাংখন ডাঙৰকৈ কিয় গঢ়িছিল? ধৰ কমাৰক। আন কমাৰক। আন তাক পাছলৈ কটাবান্ধ দি মোৰ আগলৈ।”ৰজাৰ হুকুম শুনি তেতিয়াই টেকেলাই গৈ কমাৰক বান্ধি আনি ৰজাৰ আগত হাজিৰ কৰিলেহি। ৰজাই সুধিলে– “হেৰ কমাৰ, তই কিয়নো চিপ্‌ৰাংখন ডাঙৰকৈ গঢ়িছিলি যদি নগঢ়িলিহেঁতেন, তেন্তে ই চোৰে কেতিয়াও সিন্ধিটো ডাঙৰকৈ খান্দি সোমাই বস্তু চুৰ কৰিব নোৱাৰিলেহেঁতেন।” কমাৰে ৰজাৰ আগত আঠু লৈ ক’লে– “স্বৰ্গদেউ সুধি কাটিলে কটা নাযাওঁ, নুসুধি কাটিলেহে কটা যাওঁ৷ ৰজাই ক’লে– “বাৰু সুধিছোঁ, তোৰ কি ক’বলৈ আছে ক? নহ’লে তোক আজি শূলত দিম।” কমাৰে মাত লগালে– “স্বৰ্গদেউ, মই চিপ্‌ৰাংখন গঢ়ি থাকোঁতে স্বৰ্গদেউৰ বান্দীজনী মোৰ আগেদিয়েই লচপচ কৰে লৰ মাৰিছিল। তাইৰ ফালে মোৰ চকু গ’ল চিপ্ৰাংখনত এটা কোব বেছিকৈ পৰিল।” ৰজাই কমাৰৰ কথা শুনি ক’লে– “কথাটো সঁচা, তোৰ গাত দোষ নাই। তাই বেটী সেইসময়ত তোৰ আগেদিয়েই বা কিয় গৈছিল? ধৰ তাইক। আন তাইক। বজাৰ মুখৰ পৰা এই হুকুম ওলোৱা মাত্ৰকতে টেকেলাই গৈ ৰজাৰ বান্দীজনীক ধৰি আনিলে। ৰজাই বান্দীজনীক সুধিলে– “হেৰ তই সঁচা বুলিছ নে? কমাৰে চিপ্‌ৰাংখন গঢ়ি থাকোঁতেই তই তাৰ আগেদি কিয় লৰ মাৰিছিলি?”

Read Also: সাধুকথা: চম্পাৱতী | Chompaboti Hadhu Kotha

বান্দীয়ে হাতযোৰকৈ ক’লে– “দেউতা, বেটীক মাৰকেই বা কাটকেই নকৈ নোৱাৰোঁ, আই-দেউতাৰ ল’ৰা পাবৰ হৈছিল দেখি মই বেজিনীক মাতি আনিবলৈ লৰি গৈছিলোঁ।”ৰজাই বোলে– “কথাটো হয় এইৰ গাত দোষ নাই। মোৰ ল’ৰাৰ গাতহে দোষ। সিনো এই সময়ত উপজিবলৈ ওলাইছিল কিয়। আন মোৰ ল’ৰাক ধৰি।” ৰজাৰ হুকুমত ৰজাৰ অকণমান কোঁৱৰক আগলৈ লৈ অহা হ’ল৷ ৰজাই কোঁৱৰক সুধিলে– “হেৰ, তই এইখিনি সময়ত কিয় উপজিবলৈ ওলাইছিলি?” কেচুৱা কোঁৱৰে একো উত্তৰ দিব নোৱাৰি মনে মনে থকা দেখি ৰজাই কোঁৱৰক শূলত দিবলৈ হুকুম দি ক’লে– “হ’লেই বা মোৰ ল’ৰা, মই ৰজা, মই ধৰ্মৰ অৱতাৰ, মই কেতিয়াও অন্যায় বিচাৰ কৰিব নোৱাৰোঁ। এতেকে ন্যায় বিচাৰ কৰি মোৰ ল’ৰাকে শূলত দিম।” ৰজাৰ ল’ৰাক শূলত দিবৰ হুকুম হ’ল মন্ত্ৰীয়ে ভাবিলে– “বৰ বেয়া কথা হ’ল, এটা বুধি কৰি ইয়াক এৰুৱাব লাগিল৷”ইয়াকে ভাবি মন্ত্ৰীয়ে ৰজাক ক’লে– স্বৰ্গদেউ, এই কেঁচুৱা ল’ৰাটি শূলত নধৰে, গাই-গাৰিয়ে শকত এটা ডাঙৰ মানুহ হ’লেহে শূলত ভালকৈ বহুৱাব পৰা যাব।” ৰজাই মন্ত্ৰীৰ কথা শুনি হুকুম দিলে– “মোৰ ৰাজ্যত যি গায়ে-গাৰিয়ে শকত ডাঙৰ মানুহ আছে তাকে ধৰি আনি মোৰ কোঁৱৰৰ সলনি শূলত দিয়া হওক।” মন্ত্ৰীয়ে নগৰত ডাঙৰ গাৰ মানুহ এটা বিচাৰিবলৈ টেকেলা পঠিয়াই দিলে।

ইফালে পণ্ডিতে আৰু তেওঁৰ ছাত্ৰৰে ৰজাৰ নগৰত থাকি সস্তা জহা চাউলৰ ভাত আৰু ঘিউ খাই গায়ে-গাৰিয়ে ডাঙৰ হৈ পৰিছিল। পণ্ডিত কৰ বালৈ ওলাই গৈছিল, এনেতে ৰজাৰ মানুহে ছাত্ৰৰকে গায়ে গাৰিয়ে শকত দেখি ধৰি লৈ গুচি আহিল। পণ্ডিত ঘৰলৈ উভতি আহি ছাত্ৰৰক নেদেখি সি গ’ল আক-তাক সুধি জানিলে যে ৰজাৰ মানুহে তাক শূলত দিবলৈ গৈ গ’ল। এই কথা শুনি পণ্ডিত ৰজাৰ ঘৰ ওলালগৈ। ৰজাক পণ্ডিতে আশীবাদ কৰিলে ৰজাই তেওঁক কোন বুলি সুধিলে। পণ্ডিতে ক’লে– “মই পণ্ডিত, হাত চাব জানো আৰু গণি পঢ়ি ভূত-ভৱিষ্যৎ সকলো কথা ক’ব পাৰোঁ। ৰজাই নিজৰ আৰু ৰাণীৰ হাত দেখুৱালে, গণকজনে নানা ভাল কথা কৈ ৰজাক সন্তুষ্ট কৰিলে। এনেতে ৰজাই ক’লে– “কাইলৈ ৰাতিপুৱা এটা মানুহক শূলত দিয়া হ’ব, তাৰ বিষয়ে তুমি কি ক’ব পাৰা?” এই কথা শুনি পণ্ডিতে অনেক গণি-পঢ়ি চাই ক’লে– “উ: মহাৰাজ, তাৰ কপালখন বৰ বলী। কাইলৈ সেই সময়ত যি মানুহক শূলত দিয়া যাব, সেই মানুহেই তৎক্ষণাৎ স্বর্গ পাই স্বৰ্গৰ ৰজা হ’ব।” ৰজাই এই কথা শুনি জপিয়াই উঠি ক’লে– “মই থাকোঁতে ক’ৰ কুকুৰধূলি মানুহ এটা স্বৰ্গৰ ৰজা হবগৈহে?” এনে কথা মই কেতিয়াও হ’বলৈ দিব নোৱাৰোঁ।” এইবুলি ৰজাই তেতিয়াই মন্ত্ৰীক মতাই আনি হুকুম দিলে যে “সেই ডাঙৰ মানুহটোক এতিয়াই এৰি দিয়া আৰু কাইলৈ মইহে শূলত উঠিম। আন কোনো উঠিব নোৱাৰে।” যেনে হুকুম তেনে কথা হ’ল। পিছদিনা জৰদাৰ ৰজাক শূলত দিয়া হ’ল।

কাকাদেউতা আৰু নাতি লʼৰা আৰু বুঢ়ী আইৰ সাধুৰ দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। সাধুকথা: জদ্‌গৱ ৰজাৰ উপাখ্যান এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। সাধুকথা: জদ্‌গৱ ৰজাৰ উপাখ্যান এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে সাধুকথা: জদ্‌গৱ ৰজাৰ উপাখ্যান এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।

Leave a Reply