জগদ্ধাত্ৰী পূজা | Jagadhatri Puja
জগদ্ধাত্ৰী পূজাৰ প্ৰচলন সম্পৰ্কে পোৱা এটা কাহিনী অনুসৰি-জগতৰ পালন কাৰিণীৰূপে সিংহবাহিনী দেৱী দুৰ্গাৰ অন্য এটি নামেই হ’ল জগদ্ধাত্ৰী। এদিনাখন অগ্নি, চন্দ্ৰ, বায়ু আৰু বৰুণ এই চাৰিজন দেৱতাই নিজকেই পৰমেশ্বৰ বুলি ক’লে। এই চাৰিদেৱতাৰ অহংকাৰ শুনি দেৱী দুৰ্গাই কৌটি সূৰ্যৰ দৰে জ্যোতিৰ্ময়ী হৈ তেওঁ লোকৰ সন্মুখত উপস্থিত হ’ল। দেৱীয়ে তেওঁ লোকৰ আগত উপস্থিত হৈ হাতত বন এডালি মাটিত থৈ বায়ুক তুলিবলৈ নিৰ্দেশ কৰিলে আৰু অগ্নি দেৱতাক পুৰিবলৈ নিৰ্দেশ দিলে।দেৱতাজনে কোনো প্ৰকাৰেই দেৱীৰ এই কামত সফল হ’ব নোৱাৰিলে। তেওঁলোক সফল হ’ব নোৱাৰাৰ পিচত দেৱীয়ে হাতেৰে নোচোৱাকৈ সেই কাৰ্য সম্পাদন কৰিলে আৰু এই কাৰ্যত তেওঁ লোক লজ্জিত হৈ পৰিল আৰু দেৱী জগদ্ধাত্ৰীৰ পূজা কৰিবলৈ আৰম্ভ কৰিলে। এনেদৰেই যেন আমাৰ সমাজৰ মাজলৈ জগদ্ধাত্ৰী পূজা আহি পৰিল।

কোনো কোনো অঞ্চলত জগদ্ধাত্ৰীপূজা শাৰদীয় দুৰ্গা পূজাৰ দৰে তিনিদিন ধৰি পালন কৰে আৰু তিনিদিনৰ দিনা পূজাৰ অন্ত পেলায়। আকৌ কোনো কোনো অঞ্চলত এই পূজা এদিনতে তিনিভাগ পূজা শেষ কৰা দেখিবলৈ পোৱা যায়।
জগদ্ধাত্ৰী পূজা সাধাৰণতে কাতি মাহৰ শুক্লা নৱমী তিথিত দেৱীগৰাকীৰ পূজা পালন কৰা হয়। এই পূজাত দেৱী গৰাকীৰ ভক্ত সকলে দেৱীক উদ্দেশি দেৱী গৰাকীলৈ পূজা ভাগ আগবঢ়ায়। এই পূজাত দেৱীক প্ৰতিষ্ঠা কৰিবলৈ, কৃষ্ণানন্দ আগম বাগীশৰ তন্ত্ৰসাৰ অনুযায়ী সিংহপৃষ্ঠত আসীনা, নানা অলংকাৰ ভূষিতা, চতুৰ্ভুজা মহাদেৱী নাগ যজ্ঞোপবীত ধাৰিণীৰূপে প্ৰতিষ্ঠা কৰা হয়। দেৱীৰ দুই বাওঁ হাতত শঙ্খ আৰু ধনু, সো হাত দুখনত চক্ৰ আৰু পঞ্চবাণ দিয়া হয়। দেৱী ৰক্ত বস্ত্ৰ পৰিহিতা আৰু প্ৰভাতী সুৰুজৰ দৰে দেৱী ৰক্তবৰ্ণ হৈ পৰে।
Read Also: ছট পূজা | Chhath Puja
অসমত এইগৰাকী দেৱীৰ পূজা অৰ্চনা কেতিয়াৰ পৰা আৰম্ভ হ’ল তাৰ সঠিক প্ৰমাণ আমাৰ হাতত নাই যদিও খ্ৰীষ্টীয় অষ্টম-নৱম শতিকাৰ পৰা এই পূজাৰ আৰম্ভণি হয় বুলি অনুমান কৰিব পাৰি। কাৰণ খ্ৰীষ্টীয় অষ্টম নৱম শতাব্দীত তেজপুৰৰ বামুণী পাহাৰৰ ধ্বংসাৱশেষত যিটো অৰ্ধভগ্ন শৈল প্ৰতিমা উদ্ধাৰ হৈছে, সেই সময়ৰে পৰা দেৱী গৰাকীৰ পূজা অৰ্চনা কৰি অহা হৈছে। বংগদেশৰ স্মৃতি নিৱন্ধকাৰ শূলপাণিয়ে “কাল বিবেক” নামৰ গ্ৰন্থখনত কাতিমাহত জগদ্ধাত্ৰীপূজা পালন কৰা হয় বুলি নিৰ্দেশ দিয়া আছে। এই বিখ্যাত গ্ৰন্থকাৰজন ষোড়শ শতাব্দীৰ লোক আছিল। নগাঁও, কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী বৰপানীৰ পাৰৰ জয়ন্তীয়া ৰজাই প্ৰতিষ্ঠা কৰা “বসন্ধৰী মা থানত” জিতাৰী বংশৰ ৰজা জোঙাল বলহুৱে জগদ্ধাত্ৰী পূজাৰ আয়োজন কৰিছিল। সেই জগদ্ধাত্ৰী পূজা ভাগ পৰম্পৰাগত ভাৱে বৰ্তমানেও চলি অহা দেখিবলৈ পোৱা যায়।

অসমৰ বিভিন্ন ঠাইত মহা আড়ম্বৰপূৰ্ণভাৱে জগদ্ধাত্ৰী পূজা বছৰ-বছৰ পালন কৰি অহা দেখিবলৈ পোৱা যায়। পাতি দৰঙৰ শিৱমন্দিৰ, দিপিলাৰ জগদ্ধাত্ৰী মন্দিৰ, উত্তৰ কামৰূপৰ কণিহাৰ জগদ্ধাত্ৰী মন্দিৰ আদিত জগদ্ধাত্ৰী পূজাৰ আয়োজন বৰ্তমান পৰ্যন্ত চলি আহিছে। তদুপৰি কামৰূপৰ মনপুৰ আৰু কাহিকুছি বজাৰত পুৰণি কালৰে পৰা তিনি দিনীয়া কাৰ্যসূচীৰে জগদ্ধাত্ৰী পূজা উদযাপন কৰা দেখিবলৈ পোৱা যায়। অৰুণাচল প্ৰদেশৰ মালিনী থানত মাৰ্চ মাহত যথেষ্ট উলহ-মালহৰ মাজেদি এই পূজা পালন কৰি আহিছে।
মুঠৰ ওপৰত জগদ্ধাত্ৰীপূজাই যে লোক সমাজৰ মাজত এক সুকীয়া আসন প্ৰতিষ্ঠা কৰি এই পূজাই জনপ্ৰিয়তা অৰ্জন কৰিছে তাত আমাৰ দ্বি-মত নাই। এই পূজাৰ অতিকৈ মনকৰিবলগীয়া দিশটো হ’ল এই পূজাক কেন্দ্ৰ কৰিয়ে যিবোৰ স্থানত পূজা পালন কৰা হয় সেই স্থানবোৰত নানান ধৰণৰ দোকান-পোহাৰ বহি একোখন বৃহৎ মেলা সদৃশ হৈ পৰে আৰু এই পূজাৰ মেলাৰ থলীলৈ অজস্ৰ মানুহৰ সমাগম হৈ পৰে আৰু পূজাৰ থলী জন অৰণ্যত পৰিণত হৈ পৰে।
আমি আশা কৰিছো জগদ্ধাত্ৰী পূজা | Chhath Puja আপোনালোকক সহায় কৰিব। যদি আপোনাৰ জগদ্ধাত্ৰী পূজা সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।