সোণ – বৰিষ ৰজাৰ সাধু | Hun Borikh Roja Hadhu Kotha

সোণ – বৰিষ ৰজাৰ সাধু | Hun Borikh Roja Hadhu Kotha, ককাদেউতা আৰু নাতি ল’ৰা সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, সোণ – বৰিষ ৰজাৰ সাধু , সাধুকথা, অসমীয়া কাহিনী, সোণ – বৰিষ ৰজাৰ সাধু শিশুৰ বাবে কাহিনী

এজন চহকী বুঢ়াৰ কেইবাটাও পুতেক আছিল । ক্ৰমে বুঢ়াই আটাইকেইটাকে বিয়া কৰাই দিলে , মাথোন বাকী ৰল নুমুলীয়াটো । অনেক চাই চিন্তি বুঢ়াই বিচাৰি খেচাৰী শেষত এঘৰত এজনী লখিমী যেন ছোৱালী পাই নুমুলীয়ালৈ তাইক বিয়া কৰাই আনিলে।

ছোৱালীজনী সঁচাকৈয়ে লখিমী আছিল । তাইক আনিবৰে পৰা বুঢ়াৰ ঘৰ আগতকৈও ধনে ধানে ভৰি পৰিল আৰু ঘৰত অপাৰ অমংগল , নৰীয়া পৰীয়াও নাইকিয়া হল । কিন্তু এই দেখি বুঢ়াৰ পুৰোহিত বামুণৰ মনত বেজাৰ । পুৰোহিতক লাগে বুঢ়াৰ ঘৰত মৰা হজা , নৰীয়া পৰীয়া , অপায় অমংগল । তেহে তেওঁ শান্তিকৰম , তুলসী দিয়া আদি কাম কাজ পাতি বুঢ়াৰ পৰা টকা উলিয়াব পাৰে । তাৰে মূৰ মৰিল দেখি পুৰোহিত চিন্তাত পৰিল , তেওঁৰ ৰাতি ভাৱনাত টোপনি নহা হল । তেওঁৰ ঘৰখনত লৰা ছোৱালী পো পোৱালি এবোজা , বুঢ়াৰ ঘৰতে ওলমি কোনোমতে প্ৰৱৰ্তী আছিল , এতিয়া তাৰে ভিকাচন ভাগিবৰ আগন্তুক হৈছে দেখি বামুণৰ মনত আতংক সোমাল । সেইদেখি পুৰোহিতে একোকে উপায় নাপাই এজন গনকৰ ঘৰলৈ গৈ নিজৰ দুখৰ কথা গণকক কৈ ৰূপ এটকা আৰু ভোজনী এটা দি , বুঢ়াৰ ঘৰত এনে হোৱাৰ কাৰণ কি গণি পঢ়ি চাই উলিয়াবলৈ কলে । গণকে তেওঁৰ পুথি পাজি মেলি ভালেখিনি গণি পঢ়ি চাই পালে যে বুঢ়াৰ ঘৰত লক্ষ্মী সোমাইছে , সেইদেখিহে এনেকুৱা হৈছে আৰু সেই লক্ষ্মীজনী হৈছে বুঢ়াৰ নুমুলীয়া বোৱাৰীয়েক । গনকৰ কথা শুনি পুৰোহিত বাপুৱে সুধিলে – “পিছে ইয়াৰ নো কি ব্যৱস্থা হব এতিয়া ? মই দেখোন বিপাঙে মাৰিলো । খাবলৈ নাপায়েই মই মৰিম দেখিছোঁ । ইয়াৰ এটা উপায় কৰি দিয়ক । মই মোৰ এবাহ লৰা ছোৱালীৰে সৈতে বামুণীজনীক কৰোঁ কি ?’ বামুণৰ আতংক কথা শুনি গণকে বামুণক আশ্বাস দি কড়ি এমুঠি উলিয়াই মাৰি পঠিয়াই আকৌ ভালকৈ গণিবলৈ লাগিল । গণি আতাই গণকে কলে – “পাইছোঁ , উপায় পাইছোঁ । তুমি থিৰ হোৱা । তুমি যদি বুঢ়াৰ বাৰীৰ দক্ষিণফালৰ ভলুকা বাঁহজোপাৰ এটা বাঁহ আনিব পাৰা তেনেহলে বুঢ়াৰ ঘৰত মানুহ মৰিব ।” এই কথা শুনি পুৰোহিতে অলপ উশাহ পাই বুঢ়াৰ ঘৰলৈ গৈ সেই বাঁহ জোপাৰ বাঁহ খুজিলে আৰু বুঢ়াইও তেওঁক বাঁহ এটা দিলে । কিন্তু এই কথা বুঢ়াৰ সৰু বোৱাৰীয়েকে শুনিবলৈ পাই সেই বাঁহ টোৰ পাত খাবৰ নিমিত্তে তেওঁলোকৰ কপিলীক এৰি দিলে আৰু গৰুজনী বাঁহপাত খাই ঘৰলৈ গুচি আহিল । 

এইদৰে এমাহমান গল , কিন্তু পুৰোহিত বামুণে আচৰিত মানিলে যে বুঢ়াৰ ঘৰত কাৰো নৰীয়াও নহল কোনো নমৰিলও । মনৰ দুখত মনতে টোপোলা বান্ধি লৈ বামুণে আকৌ টুকুটুক কৰে গণকৰ ঘৰ উলালগৈ । গণকে “কি হল , কিয় আকৌ আহিলা ?” বুলি বামুণক সুধিলত বামুণে হুমুনিয়াহ কাঢ়ি কলে – ” এ কিনো কম , কি নো শুনিবা ! আজি এমাহ হলহি , আপুনি কোৱাৰ দৰে সেই বাঁহ জোপাৰ পৰা বাঁহ এটাও আনিছিলোঁ , কিন্তু কতা ? কাৰো দেখোন একো নহল ? সিফালে খাবলৈ নাপাই মোৰ ঘৰত লৰা ছোৱালী মখাৰ হা হা , কা কা লাগিছে । মই কলে যাওঁ , কি কৰোঁ ?” এই কথা শুনি গণকে আচৰিত মানি আকৌ পুথি পাজি মেলিলে । কিছুপৰ গণি পঢ়ি চাই তেওঁ বামুণক কলে – “অ’ ! এটা কথা হল – বাঁহটোৰ পাত কপিলী গৰু এজনীয়ে খালে , আৰু লক্ষ্মী সেই কপিলীৰ গাতে ৰল । এতিয়া যদি তুমি গাইজনী বুঢ়াৰ ঘৰৰ পৰা আনিব পাৰা তেনেহলে মোৰ কথা ফলিয়ায় নে নফলিয়ায় চাবা গণকে এইবুলি কলত পুৰোহিতে আকৌ বুঢ়াৰ আগত কলেগৈ যে “মোৰ এটা লৰা উপজিছে , তাক গাখীৰ কিনি খুৱাবলৈ মোৰ শকতি নাই । আপুনি যদি আপোনালোকৰ আশ্ৰিত দুখীয়া বামুণক মৰম কৰি কপিলী গাইজনী দিয়ে , তেন্তে দৰিদ্ৰ ব্ৰাহ্মণ সন্তানে গাখীৰ খাই জীয়ে ।” বামুণৰ কথা শুনি বুঢ়াই “বাৰু নিয়ক ।” – বুলি কপিলী গাইজনী তেতিয়াই দি দিয়ে । এই কথাটো সৰু বোৱাৰীয়েকে শুনিবলৈ পাই লৰালৰিকৈ গৰুজনীৰ চকুৰ লোৰে তেওঁৰ ৰিহাৰ আচলৰ দহিকটা এডাল তিয়াই সেইডাল ৰিহাৰ আগত বান্ধি থৈ দিলে । 

এইবাৰো পুৰোহিত বামুণে গাইজনী লৈ গৈ মাহেক বাট চাই আছে , কিন্তু বুঢ়াৰ ঘৰত অপায় অমংগলৰ উমঘামেই নাই । তেওঁ এনে দেখি তলমূৰ কৰি আকৌ গণকৰ কাষ পালেগৈ । গণকে আকৌ পুথি পাজি মেলিলে , আকৌ ধান এমুঠি লৈ “সইত কৰা ধৰম কৰা” মংগল চাবলৈ লাগিল । কিছুমান পৰ গণি পঢ়ি গণকে মাত লগালে – “অ’ ! এটা কথা হল – তুমি বুঢ়াৰ ঘৰৰ পৰা আনিবৰ সময়ত বুঢ়াৰ সৰু বোৱালীয়েকে তাইৰ ৰিহাৰ দিহকটা এডাল উলিয়াই সেই গৰুজনীৰ চকুৰ লোৰে সেই দহিকটাডাল তিয়াই ৰিহাৰ আগত বান্ধি থলে , সেইদেখি লক্ষ্মী সেই ৰিহাখনতে ৰল । এতিয়া যদি তুমি সেই ৰিহাখন আনিব পাৰা তেনেহলে তোমাৰ মনস্কামনা সিদ্ধি হব , নতুবা নহয় । এই কথা শুনি বামুণে আকৌ গৈ বুঢ়াক কলেগৈ বোলে, “মোৰ ছোৱালীজনী সবাহলৈ যাবলৈ ওলাইছে , ভাল ৰিহা নাই দেখি আজি পূৱাৰে পৰা তাই উচুপি কান্দিব লাগিছে ; আপোনাৰ সৰু বোৱাৰীয়েকৰ গাৰ ৰিহাখন যদি দিয়ে তেন্তে বৰ উপকাৰ হয় , নহলে সেই আপদীয়া ছোৱালীজনীয়ে আজি মোৰ সুৰ্তি হেৰুৱাব । এই কথা শুনি তেতিয়াই বুঢ়াই সৰু পোৱাৰীয়েকক কৈ তাইৰ গাৰ ৰিহাখন বামুণক দিয়ালে । সৰু বোৱাৰীয়েকে বামুণৰ টেংৰালি ভালকৈ বুজিব পাৰি লৰালৰিকৈ সেই দহিকটাডাল খাই থৈ ৰিহাখন বামুণক দিলে । 

এইদৰে আৰু এমাহ গল তথাপি বুঢ়াৰ ঘৰত কোনো নমৰে , কাৰো নৰীয়া পৰীয়া নহয় । বামুণ নিৰূপায় । এইবাৰ আৰু তেওঁৰ খং উঠিল । খঙত জ্বলি পকি আকৌ বামুণ লৰি গৈ গণকক ঘৰত উলালগৈ । গণকক দেখিয়ে বামুণে জোক জোক কৰে ধৰিলে , “বুজিছা নে বোলো , তুমি বৰ মিছা কথা কোৱাহে ! বাঁহ আনিবলৈ কলা বাঁহ আনিলোঁ , ৰিহা আনিবলৈ কলা ৰিহা আনিলোঁ , তথাপি দেখোন বুঢ়াৰ ঘৰত কাৰো মূৰৰ ছিগা চুলি এডালো সৰা নাই । কিবা তুমি পেংলাই কৰিছা নেকি ? এনেবোৰ কথা ভাল নহয় বোলো ।” বামুণৰ কথা শুনি গণকো অবাক ! কি কৰে ? আকৌ পুথি পাজি মেলি মাটিত আক পাতি গণিবলৈ লাগিল । গণি পঢ়ি অতাই গণকে বামুণক কলে , “মিছাতে মোৰ ওপৰত খং কৰিছা । মই গণি পঢ়ি ঠিক কথাকে কৈছিলোঁ । বুঢ়াৰ সেই বোৱাৰীয়েকে ৰিহাখন তোমাক দিয়াৰ আগতে তাৰ আগত থোৱা দহিকটাডাল খাই পেলালে। এতিয়া যদি কিবা এটা বুদ্ধি কৰি তুলি তাইক মাৰিব পাৰা তেনেহলেহে তোমাৰ কাৰ্য সিদ্ধি হব , নতুবা নহয় নিশ্চয় জানিবা । তুমি আৰু মোৰ ওচৰলৈ নাহিবা , মোৰ আৰু গণিব পঢ়িবলৈ একো নাই ।” গণকৰ এই উত্তৰ শুনি বামুণে মুখ ওন্দোলাই তাৰ পৰা উঠি গুচি আহিল । 

ইয়াৰ পিছত বামুণে অনেক চিন্তিলে । বুঢ়াৰ বোৱাৰীয়েকক মাৰিবলৈ একো এটা ভাল বুদ্ধি তেওঁৰ আৰু নোলায় । কিন্তু ভাবোঁতে ভাবোঁতে বামুণৰ মুৰৰপৰা অন্তত ওলাল এটা বুদ্ধি । বুধিটো ওলালতে বামুণে বুঢ়াক কলেগৈ , “আজি ৰাতি মই এটা বৰ ভয়ানক সমাজিক দেখিলোঁ । সমাজিকটো যতবাৰ মোৰ মনত পৰিছে , ততবাৰ মোৰ বুকুত খন্দা মাৰি ধৰিছে।” বুঢ়াই আস্ত বেস্তকৈ সুধিলে , কিনো সমাজিক কোৱাচোন ?” বামুণে কলে – “কবলৈ আৰু নাই ! বৰ দুঃস্বপ্ন ! বৰ বেয়া সপোন ! পূৱতীয়া নিশা মোৰ মূৰশিতানতে বহি পকা থেকেৰাটো যেন বুঢ়া মানুহ এজনে মোৰ মূৰত হাত দি কলে – “আজি বৰ কথা এটা , সময় থাকোঁতেই তোমাক কবলৈ আহিলোঁ – তুমি যি ঘৰ বৰ চহকী মানুহৰ কুল পুৰোহিত , সেইঘৰ মানুহৰ ঘৰত বৰ কুলক্ষণ এটা সোমালহি । তাৰ ফলত সেই মানুহঘৰ এতিয়া অতি শীঘ্ৰে উজাৰ হয় । সেই কুলক্ষণটো বুঢ়াৰ সৰুজনী বোৱাৰীয়েক । যায় বৰ কুলক্ষণী শাখিনি গজমুৰীয়ানী তিৰোতা । তাই মানুহঘৰ খাবলৈহে আহিছে ; সোনকালে তাইক নাতৰালে এনেঘৰ মানুহৰ এতিয়া জয় পাতে ক্ষয় হব ।” বুঢ়াই বামুণক সুধিলে , “তেখেতেনো ইয়াৰ এটা উপায় নিদিয়ে নে ?”  বামুণে কলে , “এটা উপায় দিছে , যদি আপুনি কৰিব পাৰে । কিন্তু বৰ টান কাম ।” বুঢ়াই কলে , “কৰিম কোৱা ।” বামুণে কলে – “তেওঁ কলে , যদি বুঢ়াই বোৱাৰীয়েকক কটাই পেলাব পাৰে , তেনেহলে ঘৰখন ৰক্ষা পৰিব , নহলে সৰ্বনাশ !” এই কথা শুনি বুঢ়াই ভালেখিনি পৰ টলকা মাৰি থাকি , মনতে এনেক কথা গপী গুণী থাকি মাত লগালে , “কি কৰিম , ঘৰখন ৰক্ষা কৰাটোৱেইহে মোৰ উচিত । এটাৰ লগতে ঘৰে ঘৰোৱাহ যোৱাতো উচিত নহয় । ঘৰে ঘৰোৱাহৰ নিমিত্তে লাগিলে এটা যোৱাটোৱেই ভাল ।” – এইবুলি বুঢ়াই পুতেকহঁতক মতাই আনি পুৰোহিত বামুণে দেখা সপোনৰ কথা কলে । বাপেকৰ কথা শুনি পুতেখহঁতেও অনেক ভাবি চিন্তি সৰু বোৱাৰীয়েকক কটাই ঘৰখন ৰক্ষা কৰাটোকেই থিৰ কৰিলে; আৰু সেই কামৰ ভাৰ সিহঁতে সৰু বোৱাৰীয়েকৰ গিৰিয়েক সৰু ভায়েকৰ হাতত দিলে । বুঢ়াৰ সৰু পুতেকটো বৰ হোজা আৰু বাপেক আৰু ককায়েকহঁতৰ বাধ্য আছিল । সেইদেখি সি আপোন হাতেৰে ঘৈণীয়েকক কাটিবলৈ মান্তি হল । 

বুঢ়াৰ সৰু পুতেকে ঘৈণীয়েকক কাটিবলৈ , তাই নেদেখাকৈ দিনতে দা এখন ধাৰাই শোৱাপাটিৰ গাৰুৰ তলত থৈ দিলে । ৰাতি খাই বৈ গিৰিয়েক ঘৈণীয়েক পাটিত শুলে । ঘৈণীয়েকৰ টোপনি আহিল । গিৰিয়েকে ৰাতি দুপৰত উঠি লাহেকৈ গাৰুৰ তলৰপৰা দাখন উলিয়াই লৈ ঘৈণীয়েকৰ ডিঙিত কোব মাৰি দিব খুজোঁতেই , শুৱনি ঘৰটোৱে মাত লগালে – “হে হে নাকাটিবা !  হে হে নাকাটিবা ! হে হে নাকাটিবা !” তিনিবাৰ ঘৰটোৱে এইদৰে মাতিলত গিৰিয়েকে আচৰিত হৈ ঘৈণীয়েকক নাকাটি , দাখন গাৰুৰ তলতে আকৌ সুমুৱাই থৈ শুই থাকিল । 

ৰাতি তিনিপৰমানত আকৌ টোপনি ভাগিল । সি আকৌ লাহেকৈ উঠি দাখন লৈ টোপনিত লালকাল ঘৈণীয়েকৰ ডিঙিত কোব মাৰিবলৈ দাঙিলে , এনেতে ওচৰতে জ্বলি থকা চাকিটোৱে মাত লগালে – “হেৰ নাকাটিবি ! নাকাটিবি ! নাকাটিবি !” এইবাৰ ঘৈণীয়েকে সাৰ পাই চকু মেলিলে । তাই দেখিলে , গিৰিয়েকৰ হাতত চোকা কপিদাখন জিলিকি আছে । কি কৰা ? কি কৰা ?” – বুলি ঘপকৰে শোৱাপাটিৰ পৰা উঠি গিৰিয়েকৰ হাতত ধৰিলে । গিৰিয়েকে উত্তৰ দিলে – “তোক কাটিবলৈ ধৰিছিলোঁ । দুবাৰ । প্ৰথমবাৰ ঘৰটোৱে হাত দিলতহে থমকি ৰলোঁ ।” ঘৈণীয়েকে কলে , “মোৰ অপৰাধ কি ?” গিৰিয়েকে উত্তৰ দিলে , “একো অপৰাধ কৰা নাই , কিন্তু বোপাই আৰু ককাইহঁতে তোক কাটিবলৈ মোক হুকুম দিয়াৰ বাবেহে কাটিব খুজিছিলোঁ ।” ইয়াৰ পিছত ঘৈণীয়েকে গিৰিয়েকৰ হাতৰ পৰা দাখন কাঢ়ি নি তাক সুধি সকলো কথা জানি লৈ কলে , “আপুনি মোক নাকাটিব । মই নিৰ্দোষী মই কেতিয়াও কুলক্ষণী নহওঁ । পুৰোহিত বামুণৰ উপাৰ্জনৰ বাটত মই কাঁইট হৈছোঁ দেখি সি চক্ৰান্ত কৰি মিছাকৈয়ে মোৰ শহুৰ আৰু জেঠালহঁতক এইদৰে বুজাই মোক বধি তাৰ বাট মোকোলাই লবলৈ চেষ্টা কৰিছে । আপুনিও আচল কথাটো নুবুজিহে এনে অন্যায় কামটো কৰি পাপীয়া হবলৈ গৈছিল । মোক কাটিব নালাগে ; আহক আমি এই ঘৰৰ পৰা ওলাই গুচি যাওঁগৈহক । তেওঁলোকে সুখেৰে খাই মেলি থাকক ।” ঘৈণীয়েকৰ কথাত গিৰিয়েক মান্তি হলত , তেতিয়াই দুয়ো সেই ঘৰৰ পৰা ওলাই গুচি গল । ঘৈণীয়েকে লগত এডাল জৰী আৰু এখন জালৰ বাহিৰে আন একো লোৱা নাছিল । 

গিৰিয়েক ঘৈণীয়েক দুয়ো গৈ এখন অটব্য অৰণ্যত সোমালগৈ । গোটেই দিনটো ফুৰি ফুৰি দুয়োৰো বৰ ভাগৰ লাগিছিল । ঘৈণীয়েকে সগৰ্ভা আছিল , সেইদেখি তাই এজোপা গছৰ তপত বহিলগৈ । ঈশ্বৰৰ ইচ্ছাত তাইৰ তেতিয়াই তাতে প্ৰসৱ বেদনা হলে আৰু তাই এটি লৰা প্ৰসৱ কৰিলে । লৰাটি প্ৰসৱ হোৱাৰ পিছত তাইৰ বৰকৈ পিয়াহ লাগিল । তাই গিৰিয়েকক কলে , “মোৰ অণ্ঠ কণ্ঠ শুকাই গৈছে , মোক পানী এটোপা আনি দিয়ক ।” গিৰিয়েকে ওচৰত পানী বিচাৰি নাপাই এজোপা গছত উঠি চাৰিওফালে চাই দেখিলে যে বহুত দূৰত বিল এখন আছে । বিলখন দেখিবলৈ পাই সি ঘৈণীয়েকক কলে , “সৌফাপে দূৰত এখন বিল দেখিবলৈ পাইছোঁ ; যাওঁ তাৰেই পানী লৈ আহোঁগৈ । – এইবুলি সি ঘৈণীয়েকক তাতে এৰি পানী আনিবলৈ গল । কিছুমান বেলিৰ মূৰত সি বিলখন পাই দেখিলে যে তাত এটা তিনি ঠোঁটিয়া চৰাই আছে । সেই চৰাইটোৱে তাক দেখি কলে – “তিনি ঠোঁটেৰে মাছ খাওঁ , কিৰূপে জীও ?” চৰাইটোৰ এই কথা শুনি সেই মানুহটোৱে ভাবিলে যে ই এটা প্ৰাণীয়ে যদি তিনি ঠোঁটেৰে মাছ খাইও জীয়াই থাকিব নোৱাৰে তেনেহলে আমি আজি দুটাৰ ঠাইত তিনিটা হলো , আমি নো তিনিটা কেনেকৈ জীম ? ইয়াকে ভাবি সি আৰু তাৰপৰা উভতি নাহি সেই পিনেই গুচি গল । গৈ এখন দেশ পাই সি এক বামুণৰ ঘৰত হালোৱা হৈ ৰলগৈ । 

ইফালে ঘৈণীয়েকে গাৰ বিচেষ্টাত গছৰ তলত পানী পানী কৰি গিৰিয়েকলৈ বাট চাই আমনি লাগি , গিৰিয়েক বহুত পৰতো উভতি নহা দেখি , কেঁচুৱা কোলাত লৈ নিজেই লাহে লাহে গিৰিয়েকে যোৱা বাটেদি যাব ধৰিলে । গৈ সেই বিলখন পাই দেখিলে যে তাত তিনি ঠোঁটিয়া চৰাই এটা আছে । তাইক চৰাইটোৱে দেখা মাত্ৰকে মাত লগালে – “তিনি ঠোঁটেৰে মাছ খাওঁ, কিৰূপে জীও ?” – এইবুলি তিনিবাৰ চৰাইটোৱে মাতিলত সেই কথা শুনি ঘৈণীয়েকে বুজিলে যে তাইৰ অজলা গিৰিয়েকে এই চৰাইটোৰ এনেকুৱা কথা শুনিহে তিনিটা প্ৰাণী পুহিবৰ ভয়ত কৰিবালৈ গুচি গল । ইয়াকে ভাবি তাই শোক কৰি , সেই বিলৰে চলুচেৰেক পানী খাই , তাতে গা পা ধুই অলপ জিৰাই শতাই লৈ তাইৰ লগত থকা জালখনেৰে সেই চৰাইটো ধৰি লৈ লাহে লাহে তাৰপৰা গুচি গল । তাই দুখে কষ্টে গৈ গৈ এক ৰজাৰ মালিনীৰ ঘৰ পালেগৈ । মালিনীয়ে তাইৰ দুখ পতিয়াই নিৰাশ্ৰয়ক আশ্ৰয় দি তাইক নিজৰ ঘৰতে মৰম বেথা কৰি ৰাখিলে ।

Read Also: কণ আৰু মন সাধুকথা | Kon Aru Mon Hadhu Kotha

একদিনাপ্ৰতি লৰাৰ মাকে মালিনীক কলে , “বাই , মই কিমাননো তোমাৰ ঘৰত বহি বহি খাম ? আজিৰপৰা মই নগৰত খুজি মাগিয়েই চাউল একো মুঠি আনিমগৈ ।” – এইবুলি তাই মাগিবলৈ ওলাই গল । তাইৰ লৰাটো তেতিয়া বহিব পৰা হৈছিল । সেইদেখি তাই লৰাটোক মালিনীৰ ওচৰত বহুৱাই থৈ , মালিনীক কৈ গল – “বাই , মোৰ লৰাটো চাবা ।” মাক গলত , লৰাটোৱে হাতেৰে খুচৰি খুচৰি মাটি খাবলৈ ধৰিলে । এনেতে লৰাটোৰ ফালে মালিনীৰ এবাৰ চকু পৰিলত মালিনীয়ে দেখিলে যে সি যিবোৰ মাটি মুখৰপৰা উলিয়াই দিছে সেইবোৰ একোচেকুৰা সোণ হৈ উলিয়াইছে । মালিনীয়ে এই কথা দেখি আচৰিত হল । তাই ভাবিলে “এইটো তো বঢ়িয়া কথা – লৰাটো যদি সদায় মই মোৰ লগত ৰাখি থওঁ তেন্তে মই সদায় এইদৰে তাৰপৰা সোণ পাম । তাৰ মাক আজি আছে , কাইলৈ নাই ; এতেকে লৰাটো ৰাখি থব লাগিল ।” ইয়াকে ভাবি মালিনীয়ে লৰাটোক কোলাত লৈ বৰকৈ মৰম কৰি গুড় চেলেকাবলৈ ধৰিলে । গুড় চেলেকিবলৈ পাই লৰাটোৱে মালিনীৰ কোলাৰ পৰা ননমাই হল । এনেতে লৰাটোৰ মাক ওলালহি । মাকে লৰাটোক মালিনীৰ কোলাৰপৰা লবলৈ হাত মেলিলত সি মাকৰ কোলালৈ নহাই হল । কোনোমতেই মাকে লৰাটো মালিনীৰ কোলাৰপৰা আনিব নোৱাৰিলে ; আৰু মালিনীয়ে তেনে হোৱা দেখি ছল পাই তাৰ মাকক ডহ ডহীয়াকৈ কলে যে “এইটো মোৰহে লৰা , তোৰ নহয় ।” লৰাটোৰ নিমিত্তে লাহে লাহে মালিনীৰ আৰু লৰাৰ মাজত বৰ দ্বন্দ্ব লাগিল । মালিনীয়ে বোলে সেইটো তাইৰ নিজৰ লৰা আৰু লৰাৰ আচল মাক নিৰূপায় হৈ সেই দেশৰ ৰজাৰ ওচৰ পালেগৈ আৰু তাই ৰজাৰ আগত মালিনীৰ ওপৰত গোচৰ তৰিলে । ৰজাই পাত্ৰ মন্ত্ৰী সভাসদসকলেৰে সৈতে বৰ চৰাত বহি গোচৰ সুধি একোকে ঠিক কৰিব নোৱাৰি বিমোৰত পৰিল । অন্তত মন্ত্ৰীয়ে কলে , “স্বৰ্গদেউ , এটা কাম কৰা যাওক । লৰাটো সিহঁতৰ আগতে বহুৱাই দিয়া হওক । লৰাটো দেখি দুইজনীৰ ভিতৰৰ যিজনীৰে পিয়াহ ওলাব সেইজনীয়েই তাৰ আচল মাক ।” মন্ত্ৰীৰ কথামতে কৰা হলত দেখা গল লৰাটোৰ আচল মাকৰ পিয়াহ ওলাই তাইৰ বুকুৰ সাত তৰপ কাপোৰ তিতি গৈছে আৰু মালিনীৰ কাপোৰ শুকান । ইয়াকে দেখি ৰজাই তেতিয়া আচল মাকক লৰাটো দি দিলে । মাকে হেৰোৱা মাণিক পুতেকক পাই ৰজাৰ আশীৰ্বাদ দি গুচি গল আৰু সেই নগৰৰে এঘৰ মানুহৰ ঘৰত আশ্ৰয় লৈ থাকিলগৈ ।

এইদৰে কিছুকাল যোৱাৰ পিছত সেই নগৰৰ ৰজা ঢুকাল । ৰজাৰ লৰা নাছিল ;  সেইদেখি পাত্ৰ মন্ত্ৰীসকলে ৰজা পাতিবলৈ ৰজাৰ যোগ্য সুলক্ষণীয়া লৰা এটা বিচাৰিবলৈ ধৰি সেই লৰাটোকে তেনে যেনে দেখি আনি সিংহাসনত বহুৱাই ৰজা পাতি সেৱা কৰিলে ; আৰু মাককো নি ৰজাঘৰত থলে । লৰাটোৰ নাম সোণ – বৰিষ ৰজা হল ।

একেদিনাপ্ৰতি সোণ – বৰিষ ৰজাই মাকক সুধিলে , “আই , মোৰ নো বোপাই নাই নে ?” মাকে উত্তৰ দিলে , “আছিল , কিন্তু তেওঁ কলৈ গল কব নোৱাৰোঁ – এইবুলি মাকে পুতেকৰ আগত তেওঁলোকৰ আগৰপৰা গুৰিলৈকে সকলো বৃত্তান্ত কলে । মাকে সোণ – বৰিষ ৰজাক কলে , “তুমি এটা পুখুৰী খনাওঁ বুলি ৰাজ্যত জাননী দি কোৱা যে , যি পুখুৰী খানিবলৈ আহিব , মানুহটোৱে প্ৰতি ১০ অনাকৈ পইচা আৰু এমহাকৈ সোণ দিয়া যাব। ”  ৰাজমাওৰ কথামতে সোণ – বৰিষ ৰজাই জাননী দিলত অনেক পুখুৰী খানিবলৈ আহিল । ৰজাৰ মাকে পুখুৰীৰ পাৰতে সেই তিনি ঠোঁটিয়া চৰাইটো বন্ধাই থৈ কটোৱালক কলে “যি এই চৰাইটোৰ মাত শুনি কোৰৰ নালত মোৰ থৈ বেজাৰ কৰিব তাকে মোৰ ওচৰলৈ ধৰি লৈ আহিবি ।”

যি বামুণৰ ঘৰত সোণ – বৰিষৰ বাপেকে হালোৱা হৈ আছিল সেই বামুণে ৰজাই পুখুৰী খনোৱা আৰু খানিবলৈ গলে পইচা আৰু সোণ দিয়া কথা শুনি তেওঁৰ হালোৱাটোকো পুখুৰী খানিবলৈ পঠিয়াই দিলে  । সেই হালোৱাই পুখুৰী খানিবলৈ আহি তাতে সেই তিনি ঠোঁটিয়া চৰাইটো দেখি আৰু তাৰ মাত শুনি তাৰ আগৰ কথা মনত পৰি কোৰৰ নালত মূৰ দি বেজাৰ কৰিবলৈ ধৰিলত ৰজাৰ কটোৱালে তাক ধৰি আনি ৰাজমাওৰ আগত দিলেহি । ৰজাৰ মাকে তাক দেখিয়েই চিনি পায় তাক ভিতৰলৈ নি ভাত পানী খুৱাই নিজৰ চিনাকি দি সকলো কথা কলত , সি আনন্দতে কান্দি পেলালে । ৰজাৰ মাকে তেতিয়া গিৰিয়েকক কলে , “মোক কুলক্ষণী বুলি কাটিবলৈ তোমাক লগাই দিয়াসকলৰ এতিয়া বিচাৰ লোৱা ।”

ইয়াৰ পিছত সোণ – বৰিষ উঠি ৰজা হৈ বাপেকক তেওঁ বহি ৰজা পাতিলে , আৰু আগৰ ঘৰত মানুহৰ বিচাৰ খোচাৰ কৰি ইয়াকে পালে যে সকলো ধ্বংস হ মৰি হজি  ঢুকাল – মাত্ৰ ককায়েক এটা আছে । বাপেকৰ ককায়েকক সোণ – বৰিষে অনাই নিজৰ লগতে ভালকৈ ৰাখিলে আৰু সেই পুৰোহিত বামুণ আৰু গণকক ধৰাই আনি শূলত দিয়ালে ।

কাকাদেউতা আৰু নাতি লʼৰা আৰু বুঢ়ী আইৰ সাধুৰ দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। সোণ – বৰিষ ৰজাৰ সাধু এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। সোণ – বৰিষ ৰজাৰ সাধু এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে। সোণ – বৰিষ ৰজাৰ সাধু এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।

Leave a Reply