সখি বান্দৰ আৰু শিয়ালৰ কাণ্ড | Hokhi Bandor Aru Hiyalor Kando, সাধুৰ সফুৰা পুথিৰ পৰা সংগ্ৰহ, সখি বান্দৰ আৰু শিয়ালৰ কাণ্ড, সাধুকথা, অসমীয়া কাহিনী, সখি বান্দৰ আৰু শিয়ালৰ কাণ্ড, শিশুৰ বাবে কাহিনী
এটা বান্দৰ আৰু এটা শিয়ালে সখি পাতিলে। সদায় দুই বন্ধু একোবাৰ হাবিৰ পৰা ওলাই ফুৰিবলৈ যায়। বাটেদি যোৱা ল’ৰা-ছোৱালীবোৰক দুই বন্ধুৱে খেক্ খেক্ কৰি জোকায় কিন্তু একো অপকাৰ নকৰে। ল’ৰা-ছোৱালীয়েও “বান্দৰ শিয়াল ওলাল” বুলি কৈ পলায়হে একো মাৰ ধৰ কৰিবলৈ নাযায়।
Read Also: বেছিকৈ আশা কৰি ৰামু বিপদত পৰিল | Besikoi Akha Kori Ramu Bipodot Poril
এদিন দুই বন্ধুৱে ফুৰিবলৈ যাওঁতে এজন বুঢ়া মানুহক এটেকেলি গুৰ আৰু এটেকেলি দৈ লৈ যোৱা দেখিলে। বান্দৰ আৰু শিয়ালে বুঢ়াক আগভেটি ধৰি সুধিলে
: ককা ক’লৈ যোৱা ?
: এ বোপাইহত ভাগিনটোৰ বিয়ালৈ যাওঁ।
: টেকেলিতনো কি আনিছা ?
: এটেকেলি গুৰ আৰু এটেকেলি দৈকে লৈছো।
ইসৰাম ককা তুমি বৰ কষ্ট পাইছা আমি দুয়ো টেকেলি দুটা লৈ সহায় কৰি দিওঁ দিয়া।
এইবুলি বুঢ়াৰ হাতৰ পৰা টেকেলি দুটা লৈ বুঢ়াৰ লগে লগে গৈ থাকিল। এখন হাবিৰ ওচৰ পাওতে দুয়োটাই এটা এটা টেকেলি লৈ হাবিলৈ দৌৰ মাৰি সোমাই গ’ল। বুঢ়াই “মোৰ টেকেলি দুটা নিলে ঔ” বুলি চিঞৰিবলৈ ধৰিলে। হাবিলৈ গৈ দুই বন্ধুৱে হেপাঁহ পলুৱাই গুৰ আৰু দৈ খালে। শিয়ালৰ ভাগত পৰিল দৈ আৰু বান্দৰৰ ভাগত পৰিল গুৰৰ টেকেলি। দৈখিনি টেঙা পাই শিয়ালৰ মুখৰ খোৱা চেহেৰা সলনি হৈ পৰিল। বান্দৰে মিঠা পাই গুৰখিনি খাই শেষেই কৰিলে।
শিয়ালৰ পেটে পেটে খং উঠিল-
: “সখি বৰ মিঠানেকি অকণমান দিয়াচোন।”
: এ নায়েই নহয় তলিতে অকণমান আছে নেকি চোৱাচোন।
বান্দৰে এইবুলি টেকেলিটো থেকেচা মাৰি ভাঙি পেলালে। শিয়ালে মনটো মাৰি পেলালে। পেটে পেটে সখি বান্দৰলৈ খঙো উঠিল।
আৰু এদিনৰ কথা বান্দৰ আৰু শিয়াল দুই বন্ধু বাটেদি ফুৰিবলৈ গৈছে। সেইদিনা লগ পালে এজনী বুঢ়ী মানুহ হাতত আছিল দুআসি পকা কল। বান্দৰ আৰু শিয়ালে বুঢ়ীক আগভেটি ধৰি সুধিলে- “আইতা ! ক’লৈ যোৱানো হাতত কলৰ আসি লৈ ?
: মই ছোৱালীৰ ঘৰলৈ যাওঁ। মই ক’লৈ যাওঁ তহতকনো কিয় লাগে ?
: ঔ আই আইতাৰ দেখোন খঙেই উঠিল। আইতা কথাটোহে সুধিছো খং কৰিছানো কিয় ? আমি তোমাক সহায় কৰি দিবলৈহে আহিছো আমিয়েই কলখিনি লৈ দিও দিয়া।
কোৱাৰ লগে লগে বান্দৰে কলখিনি লৈ হাবিৰ মাজৰ গছ এজোপাত উঠি কল খোৱা আৰম্ভ কৰিলে। শিয়ালে বান্দৰৰ পিছে পিছে দৌৰিলে যদিও বান্দৰ গছত উঠি দিলে শিয়াল তলতে বান্দৰলৈ চাই খঙত হতাশাত বহি থাকিল। সখিয়ে তাকো কেইটামান খাবলৈ দিব বুলি আশা কৰি আছিল ওপৰলৈ দিব বুলি চাওঁতে চাওঁতে লোভৰ পানী চকু পানীহে ওলাবলৈ ধৰিলে।
সিফালে খঙত বুঢ়ীও টিঙিৰি তুলা হৈ মেখেলা ডাঙি বান্দৰ শিয়ালৰ পিছে পিছে দৌৰি দৰিব নোৱাৰি উভতি আহিল। বান্দৰে একাসি কল সম্পূৰ্ণকৈ খাই বাকলিখিনিৰে সৈতে আসিটো তললৈ পেলাই ক’লে-
“সখি গৈছে ধৰিবা।”
শিয়ালে থাপ মাৰি ধৰি দেখে যে তাত এটা কলো নাই।
ইতিমধ্যে সিটো আসিৰ কলখিনি খাই ওপৰৰ পৰা বাকলিখিনি পেলাই ক’লে-
“সখি গৈছে ধৰিবা।”
শিয়ালৰ সেইবোৰ সাংঘাতিক খং উঠিল বান্দৰলৈ চাই ক’লে-
“কল খাই বাকলিবোৰ দিলা”
নিজৰ বাটত হুল নিজেই পুতিলা।”
শিয়াল একেবাৰে তাৰপৰা আতৰ হৈ এঠাইত বহি কেনেকৈ বান্দৰৰ ওপৰত কল খাই বাকলি দিয়াৰ প্ৰতিশোধ ল’ব পাৰি তাকে চিন্তা কৰিবলৈ ধৰিলে। তেনেকৈ বহি চিন্তা কৰি থকা দেখি আৰু কেইটামান ধূৰ্ত শিয়াল আহি লগতে বহিল। আটাইকেউটাই গোট খাই বান্দৰৰ ওপৰত কেনেকৈ প্ৰতিশোধ ল’ব পাৰি আলোচনা কৰিবলৈ ধৰিলে।
এদিন হাবিৰ মাজত এজোপা গছত এটা প্ৰকাণ্ড কডো বৰলাৰ বাহ দেখা পালে। তাৰ কাষতে কেইটামান শিয়াল বহি থাকিল। বান্দৰ ফুৰিবলৈ আহি শিয়াল সখিক বহি থকা দেখি সুধিলে-
: “সখি ! তোমালোকে কি কৰিছা ? কিবা বস্তু ভগাই খাইছা নেকি ?
: এ নক’বা আৰু ৰজাৰ ঢোল এটা ৰখি আছো। ৰজাই কোনোবাই বজাই বুলি আমাকে ৰখীয়া কৰি বহুৱাই থ’লে।
বান্দৰে ভাবিলে ৰজাৰ ঢোলতনো কেনেকুৱা শব্দ হয় বজাই চাব পাৰিলে ভাল আছিল, তাকে ভাবি শিয়ালক সুধিলে-
: বন্ধু ! ৰজাৰ ঢোলটোত এবাৰ চাপৰ এটা মাৰিবলৈ দিবানে ?
: নাই নাই আমি ৰজাৰ অবিশ্বাসী হৈ যাম নহয় আমাক দেখোন তেতিয়া এই হাবিত থাকিবলৈকে নিদিব। আমি তোমাক বজাবলৈ দিব নোৱাৰো বন্ধু।
বান্দৰৰ কিন্তু বৰকৈ মন গ’ল ৰজাৰ ঢোলটো এবাৰ বজাই চাবলৈ। শিয়ালক আকৌ বজাবলৈ দিবলৈ অনুৰোধ কৰিলে। শিয়ালে কলখাই বাকলি খাবলৈ দিয়াৰ প্ৰতিশোধ লোৱাৰ সুবিধা এৰি দিব নুখুজিলে- এডাল লাঠী বান্দৰৰ হাতত তুলি দি বান্দৰক ক’লে-
: “সখি এবাৰহে সুবিধা দিলো কিন্তু আৰু নিবিচাৰিবা, এইডালেৰে তুমি কোব এটা মাৰা আমি ৰজাৰ কোনোবা আহে নেকি আতৰৰ পৰা চাই থাকো।”
বান্দৰে লাঠী ডালেৰে বিৰাট শব্দ হোৱাকৈ কডো বাহটোত এটা কোব মাৰি দিলে। কডোৰ বাহত থকা কডোবোৰ খঙত ওলাই বান্দৰক বেৰি ধৰি কামুৰিবলৈ ধৰিলে। বান্দৰ কডোৰ কামাৰত বিষত অতিষ্ঠ হৈ লেবেজান হৈ শুই পৰিল। লাহে লাহে সুস্থ হ’বলৈ ধৰিলে।
সাতদিনমান পিছত আৰু এটা ভালকৈ প্ৰতিশোধ লোৱা ভাব শিয়ালৰ মনত জাগৃত হ’ল। হাবিৰ মাজত এটা প্ৰকাণ্ড খাল শিয়ালে দেখা পালে ভালকৈ চাই দেখিলে যে খালটোৰ এটা পাৰৰ পৰা আনটো পাৰলৈ ডাঠ মকৰাজাল বান্ধি এখন দলং সদৃশ হৈ আছে।
শিয়ালে আৰু দুটামান শিয়ালৰ সৈতে তাৰ পাৰতে বহি খেক্ খেক্ কৈ সিহঁতৰ ভাষাত কিবা আলোচনা কৰি আছে। সেই হাবিতে কেইডালমান কেচা পকা নাচপতিৰে ভৰা গছো আছিল। তালৈ বান্দৰ সদায় নাচপতি খাবলৈ আহে।
বান্দৰ আহি শিয়ালক বহি থকা দেখি সুধিলে-
: সখি ইয়াত আনন্দ মনেৰে বহি কি কৰি আছা ?
এ নক’বা আৰু ৰজাৰ এখন ফুলকটা দলং ৰখি আছো। কোনোবা তাৰ ওপৰেদি পাৰ হৈ যায় নেকি আমাকে চাই থাকিবলৈ দিছে।
বান্দৰ লাহে লাহে নামি আহি দলংখন চালে, সচাকৈ ৰজাৰ ফুলকটা দলংখন বৰ ধুনীয়া, এবাৰ পাৰ হৈ চাব পৰা হ’লে বৰ ভাল আছিল। বান্দৰে দলঙত উঠা ইচ্ছা সামৰিব নোৱাৰি শিয়ালক সুধিলে-
: সখি ! ৰজাই গম নোপোৱাকৈ এবাৰ পাৰ হৈ যাবলৈ দিবানে ?
: নাই নাই কেনেকৈ দিম ? ৰজাৰ আদেশ অমান্য কৰিলে আমি শাস্তিহে পাব লাগিব।
: মাত্ৰ এবাৰ সখি, মাত্ৰ এবাৰ পাৰ হৈ চাওঁ। ৰজাই গমেই নাপাব।
Read Also: Class 9 Assamese Question Answer
বান্দৰে মকৰাজালৰ দলঙৰ ওপৰেদি পাৰ হ’বলৈ ভৰি দিওঁতেই সেই তলত থকা দ খাৱৈটোত পৰি ককবকাবলৈ ধৰিলে। শিয়ালে ক’লে- “সখি কল খাই বাকলি দিয়াৰ এয়েই সুন্দৰ পুৰস্কাৰ।” শিয়ালৰ আনন্দৰ ভাগ সকলো শিয়ালে ল’লে আৰু বান্দৰ স্বৰ্গলৈ যাত্ৰা কৰিলে।
কাকাদেউতা আৰু নাতি লʼৰা আৰু সাধুৰ সফুৰা দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। সখি বান্দৰ আৰু শিয়ালৰ কাণ্ড এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। সখি বান্দৰ আৰু শিয়ালৰ কাণ্ড এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে সখি বান্দৰ আৰু শিয়ালৰ কাণ্ড এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।