হজৰত মহম্মদ | Hazrat Mohammad, সাধুৰ সফুৰা পুথিৰ পৰা সংগ্ৰহ, হজৰত মহম্মদ, সাধুকথা, অসমীয়া কাহিনী, হজৰত মহম্মদ, শিশুৰ বাবে কাহিনী
হজৰত মহম্মদ আছিল ভগৱানৰ দূত। তেওঁ ইছলাম ধৰ্ম প্ৰবৰ্তন কৰিছিল।
পৃথিৱীত বহুত বেলেগ বেলেগ ধৰ্মৰ মানুহ আছে। সকলোৰে ধৰ্মবিলাক বেলেগ বেলেগ হ’লেও প্ৰকৃততে মূল ভগৱান এজনেই। তেওঁক সকলো ধৰ্মৰ লোক সকলে বেলেগ বেলেগ নামেৰে পূজা-অৰ্চনা কৰে।
হজৰত মহম্মদে ইছলাম ধৰ্ম প্ৰচাৰ কৰিবলৈ পৃথিৱীলৈ দূত হৈ আহিছিল। তেওঁ সকলোকে সত্য কথা ক’বলৈ আদেশ দিছিল। তেওঁ বুজাইছিল যে- “মানুহে একান্ত মনেৰে ভগৱানক প্ৰাৰ্থনা কৰিব লাগে, কেতিয়াও কাৰো অপকাৰ কৰিব নালাগে, সকলোকে প্ৰেমপূৰ্ণ মিঠা মাতেৰে ব্যৱহাৰ কৰিব লাগে। তেতিয়াহে ভগৱানৰ আশীৰ্বাদ লাভ কৰিব পাৰিব।”
Read Also: কুজী বুঢ়ী বা মাৰলী হ’ল | Kuji Budhi Ba Maroli Hol
এইখিনি কথাকে মানুহৰ মাজত প্ৰচাৰ কৰিবলৈ আহোতে বহুত মানুহে তেওঁক ধৰ্ম প্ৰচাৰ কৰিবলৈ অহা বুলি ভালো পাইছিল কিছুমানে বেয়াও পাইছিল। বহুত মানুহে হিংসাও কৰিছিল। হিংসা কৰিলেও মহম্মদৰ কিমান সহ্য গুণ আছিল শুনাচোন-
মহম্মদৰ সজ উপদেশবিলাক শুনি ভাল পোৱা মানুহ দিনে দিনে বাঢ়িবলৈ ধৰিলে। তাকে দেখি এগৰাকী আৰবদেশৰ মহিলাৰ বৰ হিংসা লাগিল। মহম্মদক দেখিলেই তেওঁৰ খঙে মূৰৰ চুলিৰ আগ পাইগৈ।
সেই মহিলাগৰাকীৰ ঘৰৰ কাষেদি মহম্মদ সদায় মছজিদত প্ৰাৰ্থনা কৰিবলৈ যাব লগা হৈছিল।
মহিলা গৰাকীয়ে সদায় দেখি থাকে, দেখিলেই তেওঁৰ খং উঠে আৰু কেনেকৈ তেওঁক মজা দিব পাৰি তাকে ভাবিবলৈ ধৰে।
এদিন মহম্মদ সদায় যোৱা সেই বাটেদি গৈ থাকোতে মহিলা গৰাকীয়ে তেওঁৰ ঘৰৰ ওপৰ তলাৰ পৰা ঘৰ ঝাৰু দিয়া জাবৰবিলাক গোটাই মহম্মদ বাটেদি যাওঁতে মূৰত ঢালি দিবলৈ সাজু হ’ল।
মহম্মদ মছজিদলৈ যাওঁতে মহিলাগৰাকীয়ে জাবৰ বিলাক মহম্মদৰ মূৰৰ ওপৰত পৰাকৈ দলিয়াই দি লুকাই দিলে। মহম্মদে একো নোকোৱাকৈ জাবৰবোৰ গাৰপৰা জোকাৰি গুছাই যাবলৈ ধৰিলে। মানুহগৰাকীয়ে হিংসা পূৰণ কৰিবলৈ সেই বেয়া কামটো কৰি অকণো বেয়া পোৱা নাছিল। তাৰ সলনি আনন্দহে পাইছিল আৰু পিছৰদিনাও সেই কামটোকে কৰিবলৈ সাজু হৈ আছিল। কেইবাদিনো তেওঁ জাবৰবিলাক গোটাই থৈ মহম্মদ যোৱা দেখিলে মূৰত পৰাকৈ ঢালি দি লুকাই দিয়ে। মহম্মদেও লেতেৰাবিলাক জোকাৰি তেওঁৰ দৈনন্দিন প্ৰাৰ্থনা গৃহলৈ গৈ থাকে। মহম্মদে একো খং নকৰাকৈ গৈ থকা দেখিও বুঢ়ীৰ খং উঠে। মহম্মদে সদায় সহ্য কৰি একো নোকোৱাকৈ গৈ থকাত মহিলাগৰাকীৰ খং আৰু বাঢ়িবলৈ ধৰিলে।
এসপ্তাহমান এইদৰে যোৱাৰ পিছত এদিন মহম্মদে দেখিলে যে তেওঁৰ মূৰত দেখোন ওপৰৰ পৰা জাবৰ পৰা নাই। মহম্মদ সেই বেয়া কাম কৰা মানুহগৰাকীক কোনো দিনেই দেখা নাই তেওঁ জাবৰবিলাক ছটিয়াই নিজে লুকাই দিয়ে।
সেইদিনা মূৰত জাবৰ নপৰাত মহম্মদৰ চিন্তা লাগিল, তেওঁ ভাবিলে এইদৰে সদায় জাবৰবোৰ পেলোৱা দেখি তেওঁক ভাল পোৱা মানুহবিলাকে কিবা অপকাৰ কৰিলে নেকি ! মাৰধৰো কৰিব পাৰে।
এইদৰে ভাবি মহম্মদ লাহে লাহে চিৰিয়েদি ঘৰটোৰ ওপৰলৈ উঠি গ’ল। ঘৰটোৰ আধা বন্ধ কৰা দুৱাৰখনত কেইটামান টোকৰ মাৰিলে। ভিতৰৰ পৰা এগৰাকী মহিলাই ক’লে- কোন ? আহা আহা সোমাই আহা।”
মহম্মদ সোমাই গৈ দেখিলে এগৰাকী বৃদ্ধা মহিলা কেকাই-গোঠাই বিচনাতে পৰি আছে। মহম্মদে সন্মানেৰে মৰমেৰে সুধিলে- “আই ! কি হৈছে ? কিবা অসুখ নেকি ?”
: হয় বোপাই, বৰ কষ্ট পাইছো পানী এটোপ দিবলৈও কোনো নাই। নিজেই কষ্ট কৰি উঠি যাব লগা হৈছে।
মহম্মদে বুঢ়ী মহিলাগৰাকীক এগিলাচ পানী আনি ওচৰতে দিলে। ঔষধ অলপো আনি দিব লাগিব বুলি ভাবি মহম্মদ ওলাই গ’ল।
পিছৰদিনা হাতত ঔষধৰ বটল এটা আনি এপালি পানীৰ লগত মহিলাগৰাকীক খুৱাই দিলে। ভাল হৈ যাব বুলি সান্তনা দি মহম্মদ ওলাই গ’ল।
চাৰিদিনমান সদায় মছজিদলৈ যাওঁতে বুঢ়ীৰ ওচৰলৈ গৈ খবৰ এটা লৈ যায়। লাহে লাহে বুঢ়ী সুস্থ হৈ উঠিল, বুঢ়ী মহম্মদৰ ব্যৱহাৰত বৰ সন্তোষ পালে। তেওঁ নিজে নিজে মহম্মদক কৰা বেয়া ব্যৱহাৰৰ বাবে অনুতপ্ত হ’ল। মহম্মদক ক’লে-
: বোপাই ! সচাকৈ তুমি ঈশ্বৰৰে দূত। মইহে তোমাৰ ওচৰত পাপী। মই তোমাক কৰা দুস্কাৰ্যৰ বাবে বৰ অনুতপ্ত হৈছো। মোক বাৰু ভগৱানে ক্ষমা কৰিবনে ? অনুগ্ৰহ কৰি মোকো কেইটামান সজ উপদেশ দিয়াচোন যি কৰিলে ভগৱানেও মোক দোষৰ বাবে ক্ষমা কৰিব।
: আই ! তুমি নিজকে ইমান দোষী বুলি কিয় ভাবিছা ? বেয়া ভাব মনলৈ আহিলেই ভগৱানৰ আশীৰ্বাদ বিচাৰি প্ৰাৰ্থনা কৰিবা। তেওঁ তোমাক সকলো সময়তে কৃপা কৰি ভাল পথ দেখুৱাই থাকিব। সত্য, দয়া, ক্ষমা, মিঠা মাত, সজ ব্যৱহাৰ এইবিলাক থকা অন্তৰতে ভগৱান বাস কৰি থাকে। মানুহকে ভগৱান বুলি যদি ভাবিব পাৰা তেতিয়াই ভগৱানৰ কৃপা লাভ কৰিব পাৰিবা।
Read Also: Class 9 Assamese Question Answer
বুঢ়ী মহিলাগৰাকীৰ দুচকুৱেদি চকুপানী বৈ আহিল আৰু মহম্মদক সচাকৈ দেবদূত বুলি মানিবলৈ ধৰিলে।
কাকাদেউতা আৰু নাতি লʼৰা আৰু সাধুৰ সফুৰা দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। হজৰত মহম্মদ এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। হজৰত মহম্মদ এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে হজৰত মহম্মদ এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।