ৰাজমন্ত্ৰী আৰু নাপিতৰ গল্প | Hadhu Kotha, ককাদেউতা আৰু নাতি ল’ৰা সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, ৰাজমন্ত্ৰী আৰু নাপিতৰ গল্প, সাধুকথা, অসমীয়া কাহিনী, ৰাজমন্ত্ৰী আৰু নাপিতৰ গল্প, শিশুৰ বাবে কাহিনী
সত্যকালত চৰাই চিৰিকটি পহু পতং সকলোৱে কথা কব পাৰিছিল , আৰু সিহঁতৰ কথা মানুহে বুজি পাইছিল । সেই কালত এদিন এজন ৰজাই তেওঁৰ বৰ চৰাত বহি থাকোতে দেখিলে যে বৰ চৰাৰ আগ চোতালতে এটা বগা আৰু এটা কলা কাউৰীয়ে কেলকেলাই কথা পাতি আছে । প্ৰথমতে বগা কাউৰীয়ে কলা কাউৰীটোক সুধিলে , “বান্ধ , তোমালোকে ইয়াত কি খাই থাকা ?” কলা কাউৰীয়ে উত্তৰ দিলে , “আমি ধান চাউল , পোক পৰুৱা আদি খাই থাকোঁ ; তোমালোকেনো কি খোৱা ?” বগা কাউৰীয়ে কলে , “আমি সাত সাগৰৰ সিপাৰে থকা মাণিক গছৰ মাণিক খাওঁ ।” ইয়াৰ পিছত কাউৰী দুটা গল । ৰজাই কিন্তু বৰ চৰাৰ পৰা সিহঁতৰ কথা শুনি আছিল । ৰজাই তেতিয়াই পাত্ৰ মন্ত্ৰী আদি সভাসদ সকলক কলে , “তোমালোকৰ ভিতৰত যেয়ে সাত সাগৰৰ সিপাৰৰ পৰা মাণিকৰ গছ আনি মোক দিব পাৰিবা তেওঁক মই মোৰ ঘাই মন্ত্ৰী পাতিম ।” মন্ত্ৰীয়ে কলে , “স্বৰ্গদেৱ , মই কেনেকৈ সাগৰৰ সিপাৰলৈ যাম আৰু মাণিকৰ গছ কত বিচাৰি পাম ? স্বৰ্গদেৱ , সেই কাম মোৰ অসাধ্য ।”
পাত্ৰইও সেই কথাকে কলে । আন আন সভাসদসকলৰ পৰাও ৰজাই তেনেকুৱা উত্তৰকে শুনি কলে , “বাৰু , এতিয়াই নগৰত ঢোল পিটি শুনাই দিয়া হওক যে , যিয়ে মোক সাত সাগৰৰ পাৰৰপৰা মাণিকৰ গছ এজোপা আনি দিব পাৰিব , তাক মই দুকলহ সোণ দিম আৰু মোৰ ঘাই মন্ত্ৰী পাতিম ।” ৰজাৰ হুকুমমতে এই কথা নগৰত জাননী দিয়া হল ; কিন্তু কোনো সেই কামলৈ আগ নাবাঢ়িল ।
সেই নগৰতে এটা সামান্য মানুহৰ দুজনী ঘৈণীয়েক আছিল , বৰজনী এলাগী , সৰুজনী লাগী । এলাগীৰ লৰা এটা ; লাগীৰ লৰা ছটা । এলাগীৰ লৰাটো খোৰা ; লাগীৰ লৰাকেইটা শকত আৱত আৰু নিৰোগী । এলাগী আৰু তাইৰ লৰাটোক লাগী আৰু লাগীৰ লৰাকেইটাই দেখিব নোৱাৰে আৰু খোৱা পিন্ধাত বৰ দুখ দিয়ে । খোৰাৰ বাপেকৰপৰাও খোৰাই আৰু তাৰ মাকে কেতিয়াও মৰম বেথা নাপায় ।
লাগীৰ লৰা ছয়োটাই ৰজাৰ জাননীৰ কথা শুনি ৰজাৰ ওচৰলৈ গৈ আঁঠু লৈ কলে , “স্বৰ্গদেও , আমিয়েই সেই মাণিকৰ গছ আনি দিবলৈ যাব পাৰোঁ , যদি স্বৰ্গদেৱে হুকুম দিয়ে ।” সিহঁতৰ কথা শুনি ৰজাই কলে , মোৰ কোনো আপত্তি নাই ; তহঁতে আনিব পৰা যদি যা । যাবলৈ তহঁতক কি লাগে মোৰ ভঁৰালৰ পৰা লৈ যা ।” ৰজাৰ হুকুম পাই সিহঁতে ৰজাৰ ভঁৰালৰ পৰা বাটত খাবলৈ যি বস্তু লাগে সেইবোৰ লগতে লৈ নাৱত ভৰাই দি মাণিক আনিবলৈ সাগৰেদি যাত্ৰা কৰিলে ।
লাগীৰ পুতেকহঁতে মাণিক আনিবলৈ যোৱা শুনি এলাগীৰ খোৰা পুতেকেও মাকক সুধিলে , “আই , মোৰ ককাইহঁত মাণিক নিবলৈ গৈছে মইও যাওঁ ।” মাকে কলে , “বোপাই , সিহঁত হৈছে ছয় ভাই ককাই , বাপেকৰো অতি মৰমৰ , তই হৈছ এলাগীৰ একোটি পোনা , বাপেৰাও তোক দেখিব নোৱাৰে , ককাইদেৱেৰহঁতেও দেখিব নোৱাৰে । তই কলৈ যাবি মোৰ সোণাই ? মই মাগি খুজি তোক খুৱাই থাকিম , তই কলৈকো যাব নালাগে মোৰ বোপাই । তই ৰজাৰ মন্ত্ৰী হবলৈ আৰু বঁটালৈ আশা কৰি সাত সাগৰৰ পাৰত মাণিক বিচাৰি গৈ কৰবাত মৰি হজি ঢুকাই মোক অনথিনী কৰিব নালাগে মোৰ সোণাই ।” পুতেকে কলে , “নহয় আই , যাওঁ , কামটো কৰিব নালাগে পৰিলেতো একেবাৰে আমাৰ দুখ গুচিবই , নোৱাৰি মৰিলেও মৰিম , তাত নো বেজাৰ কি ? একেইতো বোপায়ে আমাক দেখিব নোৱাৰে । যদি ৰজাৰ কামত গৈ মৰো , তেনেহলে ৰজাই তোমাক পুহিব । সেইদেখি আই , তুমি হকা বাধা নকৰিবা । মোৰ বৰ মন গৈছে । যাওঁ , গৈ এবাৰ চাওঁৱেইচোন বিধাতাই নো আমাৰ কপালখনত সদায় দুখকে লেখিছে নে ?” খোৰাই এইদৰে বৰকৈ মাকক কেৰজেৰকৈ ধৰিলত মাকে এৰাব নোৱাৰি কান্দি কাটি পুতেকক বিদায় দিলে ।
খোৰাই ৰজাৰ আগত আঁঠু লৈ কলেগৈ , “স্বৰ্গদেৱে আজ্ঞা দিলে বন্দীয়েও মাণিকৰ গছ আনিবলৈ যাব পাৰোঁ ।” ৰজাই কলে , “ভাল কথা , যাব খুজিছা যা ; আৰু কি লাগে মোৰ ভঁৰালৰ পৰা লৈ যা ।”
খোৰাই অলপমান খোৱা বস্তু টোপোলা বান্ধি লৈ , ৰজাৰ ঘোঁৰাশালৰ পৰা ঘোঁৰা এটা লবৰ মনেৰে ঘোঁৰাশালত সোমাল ; কিন্তু সি যিমানকৈ ঘোঁৰা চাই ফুৰিছে , এটা ঘোঁৰাও তাৰ চকুত লগা নাই । সি , খিনোৱা আৰু উজুটিতে পৰি মৰা ঘোঁৰা এটা দেখি হঠাৎ তাৰ আগত থমকি ৰল ; কাৰণ ঘোঁৰাটো সি সৰ্বসূলক্ষণীয়া যেন দেখিলে , ঘোঁৰাটোৰ গলধনত চপৰিয়াই খোৰাই মাত লগালে , – “কি আচৰিত কথা । এনে সৰ্বসূলক্ষণীয়া ঘোঁৰাটো এনে উজুটিতে
পৰি মৰা হল কিয় ?” ঘোঁৰাটোৱে মাত লগালে , “ককাই , মোৰ দুখৰ কথা কোনেও নেজানে । মোৰ ভৰিৰ খোৰাৰ তলত সোণৰ শলখা সোমাই আছে , সেইবাবেই মই এনে চেৰেলা হৈ পৰি আছোঁ । তুমি যদি পাৰা , সেই শলখাডাল টানি উলিওৱা, উলিয়ালেই দেখিবা মই কেনেটো হওঁ । আৰু তাকে কৰি মোৰ পিঠিত উঠি তুমি যলৈকে যাব খুজিছা তালৈকে মই তোমাক নিমিষতে লৈ যাম ।” খোৰাই ঘোঁৰাটোৰ কথা শুনি ভৰিটো দাঙি চাই দেখিলে সঁচা তাতে সোণৰ শখলা এডাল সোমাই আছে। সি তেতিয়াই কমাৰৰ ঘৰলৈ গৈ এডাল লোৰ চেপেনা আনি শলখাডাল টান মাৰি উলিয়ালতে ঘোঁৰাটো সুস্থ হৈ টগবগাবলৈ ধৰিলে । খোৰাই দেখি ৰং পাই মাণিকৰ গছ আনিবলৈ ৰজাৰ ওচৰত মেলানি মাগি , সেই ঘোঁৰাটোতে উঠি ছুটি মেলিলে ।
সিফালে খোৰাৰ ককায়েকহঁতে সাগৰেদি গৈ বাটৰ উৰকে পোৱা নাই ; ইফালে খোৰাই বামেদি ঘোঁৰা চেঁকুৰাই গৈ গৈ তিনি দিনৰ মূৰত যমৰজাৰ নগৰ পালে গৈ । তাতে সি দুদিনমান জিৰাবৰ মনেৰে থাকি , যমৰজাৰে সৈতে দেখা শুনা কৰিলে । যমৰজাই ভালে দিনৰেপৰা জীয়েকলৈ দৰা বিচাৰি ফুৰিছিল , কিন্তু কতো সুলক্ষণীয়া দৰা নাপাই মনৰ বেজাৰত চৰাতে মূৰ ঘূৰাই বহি আছিল । এনেতে খোৰা তেওঁৰ আগত ওলালতে তাক সুলক্ষণীয়া দেখি তালৈকে জীয়েকক বিয়া দিলে । জমে জীয়েকক মৰা মানুহ জীয়াই লব পৰা বৰ দি জোঁৱায়েকৰ লগত উলিয়াই দিলে আৰু জোঁৱায়েকে যমৰজাৰ জীয়েকক লগত লৈ যাবলৈ ধৰিলে ।
এইদৰে গৈ থাকোঁতে খোৰা দিনচেৰেকৰ মূৰত কপৌৰজাৰ নগৰত উলালগৈ । তাতে জিৰাবৰ মনেৰে সি দিনদুয়েক থাকোঁতে কপৌৰজাই গম পাই তাক মতাই নিয়াই তালৈ নিজৰ জীয়েকক বিয়া আৰু এহাল কপৌ যৌতুক দিলে । কপৌৰজাৰ জীয়েকে কপৌ হাল লগত লৈ গিৰিয়েকৰ লগত যাবলৈ ধৰিলে ।
কিছুমান দিনৰ মূৰত খোৰা নাগৰজাৰ দেশত উলালগৈ । তাতে সি কিছুমান দিন জিৰাই শতাই থাকোঁতে নাগৰজাৰ চকুত পৰিল । ৰজাই সুলক্ষণীয়া যোগ্য লৰাটো দেখি লৰালৰিকৈ তালৈ জীয়েকক বিয়া দি এহাল নাগ নাগিনী যৌতুকত দি পঠাই দিলে ।
নাগৰজাৰ দেশৰ পৰা গৈ গৈ পাঁচ দিনৰ দিনা খোৰা সৰ্পৰজাৰ দেশত উলালগৈ । সৰ্পৰজাইও এনেটো লৰা হাতত পাই আদৰ সাদৰ কৰি লৈ গৈ খুৱাই বোৱাই নিজৰ জীয়েকক তালৈ বিয়া দি এহাল সৰ্প যৌতুক দিলে । সেইজনী ঘৈণীয়েককো লগত লৈ খোৰা যাবলৈ ধৰিলে ।
গৈ আছে , গৈ আছে , এনেতে খোৰা ঘপহকৰে বিচনী ৰজাৰ মুলুকত উলালগৈ । বিচনী ৰজাইও এনে সুলক্ষণীয়া দৰা দেখি লোভ সামৰিব নোৱাৰি নিজৰ জীয়েকক তালৈ বিয়া দি দুখন বিচনী লগত যৌতুক দিলে ।
এইদৰে পোৱা পাঁচজনী কন্যা লগত লৈ খোৰাই গৈ থাকোঁতে দিনচেৰেকৰ মূৰত শগুণীৰজাৰ আৰ্হি লৈ বৰ ৰংমনেৰে ধুমধাম কৰি নিজৰ জীয়েকক খোৰালৈ বিয়া দিলে আৰু জীয়েকৰ লগত সাগৰৰ সিপাৰৰ মাণিকৰ গছ এজোপা আনি যৌতুক দি জীয়েক জোঁৱায়েকক পঠাই দিলে । লগত মানুহ সৰহ হোৱা দেখি খোৰাই বামেদি তাৰ ঘোঁৰাটো আৰু মানুহবোৰ পঠিয়াই দি ঘৈণীয়েকহঁতক লগত লৈ নাৱেৰে সাগৰেদি উলটি আহিবলৈ ধৰিলে ।
ইফালে খোৰাৰ ককায়েক ছটাই মাণিকৰ গছ বিচাৰি নাপাই , উভতি আহি থাকোঁতে দূৰৰ পৰা খোৰাৰ নাও দেখা পালে । সিহঁতে দেখিলে খোৰাই ছজনী কন্যাৰ সৈতে মহা পয়োভৰেৰে আনন্দ কৰি তোলপাৰ লগাই সাগৰেদি আহিব লাগিছে । সিহঁতে দেখিয়েই বুজিলে যে খোৰাই কৰবাত মাণিকৰ গছ পাই আনিছে । তাকে ভাবি সিহঁত কোৱা মেলা কৰিলে যে , “আমি ছটা গজ হস্তী যেন মতা মানুহক চেৰ পেলাই এতিয়া খোৰাহে মন্ত্ৰী হবলগা হল । সি মন্ত্ৰী হব আৰু আমি তাৰ খাটনি ধৰি ভাত মোকোলাই খাম । ই কথা হবই নোৱাৰে , খোৰাক সাং কৰি থৈ তাৰ হাতৰ পৰা মাণিকৰ গছ আৰু কন্যাবোৰ কাটি লৈ ভাগবাটি লওঁহক আৰু মাণিকৰ গছ ৰজাক দি আমাৰ এটা মন্ত্ৰী হওঁহক ।” সিহঁতে ইয়াকে আচল কৰি সিহঁতৰ নাও খোৰাৰ নাৱৰ ফালে খেৱা দি লৈ আহি ওচৰ পাই মিঠাকৈ মাত লগালে , “সেইটো আমাৰ খোৰা ভাইটি নে ?” তই ইমানবোৰ কন্যা কৰপৰা পালি ? মাণিকৰ গছও আনিছ নেকি ?” খোৰাই উত্তৰ দিলে , “এৰা ককাইটিহঁত ময়েই । মাণিকৰ গছও আনিছো ।” তাৰ পিছত সি কেনেকৈ আহিল , কেনেকৈ কন্যাবিলাক পালে , আৰু মাণিকৰ গছ কেনেকৈ পালে এটাইবোৰ কথা আগৰপৰা গুৰিলৈকে ককায়েকহঁতৰ আগত ভাঙি ছিঙি কলে । এই কথা শুনি সিহঁতে আৰু সোধ পোছ নকৰি নাৱৰ বঠাৰে কোবাই খোৰাক মাৰি সাগৰত পেলাই দিলে । ইয়াকে দেখি যমৰজাৰ জীয়েকে কাবৌ কোকালি কৰি সিহঁতক কলে , যে “আমাৰ গিৰিহঁতক আপোনালোকে মাৰি আমাক ভাগবাটি ললে ভাল কৰিলে ; কিন্তু তেওঁকো আমাৰ স্বামী আছিল এতেকে তেওঁৰ শ টো পানীৰ পৰা তুলি আনি আমাক দিয়ক , আমি লৈ গৈ ঘৰত দিওঁগৈহক ; নহলে বৰ পাপৰ কথাটো হব ।” যমৰজাৰ জীয়েকৰ কথাত সিহঁতৰ মন নুকুমলিলত এটাইকেইজনীয়ে গোটখাই চিঞঁৰি কান্দিবলৈ ধৰিলে আৰু কলে , “যদি আপোনালোকে আমাক শটোও পুৰি মৃতকৰ মুখত পানী এচলু দিবলৈ নিদিয়ে তেন্তে আমাকো লগতে মাৰি পেলাওক ; নহলে , আমি ৰজাৰ আগত এই কথা কৈ দিমগৈহক ।” এই কথা শুনি সিহঁতে ভয় খাই শ টো সাগৰৰপৰা তুলি আনি যমৰজাৰ জীয়েকক দি বুজাই বঢ়াই সান্তনা কৰি নাও বাই গুচি আহিল আৰু যমৰ জীয়েকে শ টো এটা পেৰাত ভৰাই লৈ আহিল ।
Read Also: বৰ চোৰ সাধু | Bor Chur Hadhu Kotha
ছয়োটা ককাই ভায়ে মাণিকৰ গছ আনি ৰজাৰ নগৰত ঘাটত নাও চপালত , ৰজাই বাতৰি শুনি পাত্ৰ মন্ত্ৰী সভাসদ সকলক লগত লৈ সিহঁতক আদৰি নিলেহি । এই বাতৰি নগৰত ফাটি পৰিলত , মাণিকৰ গছ চাবলৈ চাৰিওফালৰ পৰা প্ৰজা আহি ৰজাৰ বৰ চৰা ভৰি পৰিলহি । ৰজাই বৰ চৰাত বহি ছয় ভায়েকক মাণিকৰ গছ উলিয়াই দিবলৈ হুকুম দিলত , সিহঁতে কন্যা কেইজনীক পেৰাটো মেলি গছজোপা উলিয়াই দিবলৈ কলে ; কিন্তু মাণিকৰ গছ থকা পেৰাটো সিহঁতৰ খোৰা ভায়েকৰ বাহিৰে আন কোনেও মেলিব নোৱাৰে । গতিকে , সিহঁত মহা মস্কিলত পৰিল । সিফালে , “গছ উলিয়াই দে , পলম কৰিছ কিয় ?” – বুলি ৰজাই কলে । সিহঁতে ছোৱালীকেইজনীক “হেৰ উলিয়াই নিদিয় কি ? তৎক্ষণাত উলিয়া” – বুলি ডাবি দি কলত যমৰজাৰ জীয়েকে উঠি আহি ৰজাৰ আগত আঁঠু লৈ কলে , “স্বৰ্গদেও , এই মাণিকৰ গছ আৰু আমাক যি বিয়া কৰাই আনিছিল তেওঁক এওঁবিলাকে বাটতে মাৰিলে । মাণিক অনজনা গিৰিহঁতৰ বাহিৰে আমি বা আন কোনেও পাৰে মেলিব নোৱাৰোঁ ; তেওঁহে এই পেৰাটো মেলিব আৰু মাৰিব জানিছিল ।” ৰজাই এই শুনি আচৰিত মানি কলে , “তেন্তে দেখিছোঁ এটা মহা অন্যায় কাণ্ড ঘটিছে । এতিয়া কি হব , কি উপায়েৰে পাৰে মেলা যাব ?” যমৰ জীয়েকে কলে , “স্বৰ্গদেৱ , বেটিয়ে আমাৰ গিৰিহঁতৰ শ টো সেই আনটো পেৰাতে ভৰাই আনিছোঁ । যদি বেটিক হুকুম দিয়ে তেন্তে বেটিয়ে তেওঁক জীয়াই দিব পাৰোঁ ।” এই কথা শুনি ৰজাই আৰু আচৰিত হৈ কলে , “বাৰু দে জীয়াই , মই হুকুম দিছোঁ ।” ৰজাৰ হুকুম পাই যমৰজাৰ জীয়েকে পেৰা এটাৰপৰা গিৰিয়েকৰ মৰা শ টো উলিয়াই , তাৰ ভিতৰত জীৱটো সোমাই দিবলৈ বাপেকক ধ্যান কৰি কোৱাত মৰা গিৰিয়েকে জীৱ পাই উঠি বহিল ; আৰু তেতিয়াই সি পেৰাটো মেলি মাণিকৰ গছজোপা ওলিয়াই দিলে । মাণিকৰ গছজোপা ওলালতে তাৰ সেউতিত ৰজাৰ বৰ চৰা তিৰবিৰাবলৈ ধৰিলে । ৰজাৰ মহা আনন্দ মিলিল ; আৰু ৰাইজে চাৰিওফালৰ পৰা “হৈ ধ্বনি” দিবলৈ ধৰিলে । তাৰ পিছত ৰজাই খোৰাৰ মুখৰপৰা সকলো কথা শুনি তাক ঘাই মন্ত্ৰী পাতিলে , তাৰ হিংসাকুৰীয়া ককায়েকহঁতক হাতীৰে গচকাই মাৰিলে ।
কিছুদিন এইদৰে খোৰা ঘাই মন্ত্ৰী হৈ সুখেৰে থকা এখি , ৰজাৰ নাপিতটোৰ বৰ খিয়াল লাগিল । নাপিতটো ৰজাৰ বৰ খাটনিয়াল আছিল । কেনেকৈ খোৰাক মন্ত্ৰী ভাঙি সি আন এজনক মন্ত্ৰী পতাব , দিনে ৰাতিয়ে তাৰ এইহে চিন্তা হল এদিন সি ৰজাৰ দাড়ি খুৰাই থাকোঁতে ৰজাক লাহেকৈ কলে , “স্বৰ্গদেউ , মাণিকৰ গছ আনি মন্ত্ৰী হোৱাই মন্ত্ৰী নহয় ; মন্ত্ৰীৰ আৰু কাম আছে ।” সি উত্তৰ দিলে , “স্বৰ্গদেও , যিটো মন্ত্ৰীয়ে এদিনৰ ভিতৰতে দুপুৰা মাটিত মাহ সৰিয়হ সিঁচি আকৌ ৰাতিটোৰ ভিতৰতে ডুলিত বেলেগ বেলেগকৈ ভৰাই দিব পাৰে , সিহে আচল মন্ত্ৰী ; আৰু তেনে মানুহহে স্বৰ্গদেওৰ মন্ত্ৰী হবৰ যোগ্য ।”
নাপিতৰ কথা শুনি পিছদিনা ৰজাই মন্ত্ৰীৰ হতুৱাই দুপুৰা মাটিত মাহ সৰিয়হ সিঁচাইদি কলে – “মন্ত্ৰী , যদি তুমি আজি ৰাতিৰ ভিতৰতে আকৌ এই মাহ সৰিয়হবোৰ বুটলি ডুলিত ভৰাই দিব পৰা , তেহে তুমি মোৰ মন্ত্ৰী হৈ থাকিব পাৰিবা , নহলে তোমাক মই কটাম ।” – ৰজাৰ কথা শুনি মন্ত্ৰীয়ে বেজাৰ কৰি ঘৰলৈ গৈ মন মাৰি বহি আছে । এনেতে কপৌৰজাৰ জীয়েকে সুধিলে – “আজি আপোনাৰ নো কি হল ? মন মাৰি বহি আছে কিয় ?” গিৰিয়েকে কলে – “কি কম বেজাৰৰ কথা। আজি ৰাতিটোৰ ভিতৰতে দুপুৰা মাটিৰ মাহ – সৰিয়হ বুটলি আনি ডুলিত ভৰাই দিবলৈ ৰজাই মোক হুকুম দিছে ; নহলে হেনো কাটিব ।” কপৌৰজাৰ জীয়েকে কলে , “ঈষ বৰ কথাটো ! আপুনি বেজাৰ নকৰিব , খাই বৈ শুইথাকক ; মই য়াৰ দিহা কৰিম ।” ঘৈণীয়েকৰ কথা শুনি মন্ত্ৰীৰ অলপ ভাল লাগি তেওঁ খাই বৈ শুই থাকিল । ইপিনে কপৌৰজাৰ জীয়েকে ৰাতি গহীন হলত , তাইৰ যৌতুকৰ কপৌহাল উলিয়াই দি সিহঁতক কলে , “বোপায়ে তহঁতক মোৰ বিপদত তাৰিবলৈ দিছে ; এতিয়া তহঁতে মাহ সৰিয়হবোৰ তুলি ডুলিত ভৰাই দিব লাগে ।
এই কথা শুনি কপৌহাল উৰি গৈ “দেখৰমানে” জতবোৰ কপৌ আছিল এটাইবোৰ তেতিয়াই মাতি আনি সিহঁতৰ হতুৱাই ৰাতিৰ ভিতৰতে মাহ সৰিয়হবোৰ বুটলোৱাকৈ দুলি ভৰোৱাই দিয়ালে । পিছদিনা ৰজাই দেখি আচৰিত ধৰিলে ।
কিছুদিনৰ পিছত নাপিতে আকৌ এদিন ৰজাৰ গা পিটিকি থাকোঁতে জৰাক কলে – “স্বৰ্গদেউ , এই মন্ত্ৰীয়েই মন্ত্ৰী নহয় , মন্ত্ৰীৰ আৰু কাম আছে !” ৰজাই “কি কাম কচোন ?” – বুলি সুধিলে নাপিতে কলে , স্বৰ্গদেউ , যি এৰাতিৰ ভিতৰতে দুপুৰা মাটিত দুটা পুখুৰী খন্দাই নাগ বহুৱাই দিব পাৰে সিহে আচল মন্ত্ৰী ।” এই কথা শুনি ৰজাই মন্ত্ৰীক আগৰদৰে হুকুম দি কলে, “যদি পুখুৰী খন্দাই দিব নোৱাৰা , তেনেহলে তোমাৰ মূৰ যাব ।”
সেই দিনাও মন্ত্ৰীয়ে ঘৰত মূৰ ঘমাই বহি আছে দেখি , নাগৰজাৰ জীয়েকে দেখা পাই , “কি হৈছে ?” – বুলি সুধিলত তেওঁ ৰজাৰ হুকুমৰ কথা কলে । কথাটো শুনি ঘৈণীয়েকে কলে , “এইটো একো টান কথা নহয় ; আপুনি খাই বৈ মহাসুখে শুই থাকক , মই তাৰ ব্যৱস্থা কৰিম ।” ৰাতি গহীন হলত , নাগৰজাৰ জীয়েকে যৌতুকত পোৱা নাগ নাগিনীক কলে , “বোপায়ে মোক বিপদত তাৰিবলৈ তহঁতক মোৰ লগত দিছে । তহঁতে আজি ৰাতিৰ ভিতৰতে এই দুপুৰা মাটিত পুখুৰী দুটা খান্দি তাতে নাগ বহুৱাই দিব লাগিব , নহলে এৰণ নাই ।” নাগৰজাৰ জীয়েকৰ কথা শুনি নাগ নাগিনীয়ে তেতিয়াই “দেশৰ ” নাগ মাতি আনি পুখুৰী খান্দিবলৈ লগাই দিলে ; আৰু ৰাতিৰ ভিতৰতে মাটি দুপুৰাত সিহঁতে দুটা পুখুৰী খানি তাত নাগ পুতি থৈ গুচি গল । পিছদিনা পুৱা ৰজা আৰু নাপিতে পুখুৰী দুটা দেখি বিস্ময় মানিলে ; আৰু এনে দুটা এসাইধ কাম দিওঁ মন্ত্ৰীক হৰুৱাব নোৱাৰি নাপিত বিবুদ্ধি হল ।
ইয়াৰ দিনচেৰেকৰ পিছত আকৌ নাপিতে এটা বুদ্ধি চর্জি ৰজাক কলে , “স্বৰ্গদেউ , স্বৰ্গদেউৰ মন্ত্ৰী এতিয়াও আচল মন্ত্ৰীৰ যোগ্য হব পৰা নাই গৈ ; মন্ত্ৰীৰ আৰু কাম আছে ।” ৰজাই “সেইটো কি কাম ?” – বুলি সুধিলত নাপিতে কলে , “যি মন্ত্ৰীয়ে ৰাতিটোৰ ভিতৰতে এখন সৰ্পৰ নগৰ সজাই দিব পাৰিব সিহে আচল মন্ত্ৰী । নহলে এই মন্ত্রী ফপহুতা মন্ত্ৰী ।” নাপিতৰ কথা শুনি ৰজাই মন্ত্ৰীক মতাই আনি কলে , “তুমি যদি আজি ৰাতিৰ ভিতৰতে মোক এখন সৰ্পৰ নগৰ সজাই দিয়াব পৰা , তেহে তুমি মোৰ মন্ত্ৰী হৈ থাকিব পাৰিবা , নতুবা তোমাক কটাম ।” মন্ত্ৰীয়ে আকৌ এইটো ন বিপদ গাত পৰাহি দেখি দুখে বেজাৰে ঘৰত জুপুকা মাৰি বহি আছেগৈ ; এনেতে সৰ্পৰাজৰ জীয়েকে দেখি “কি হৈছে ?” – বুলি সুধিলত গিৰিয়েকে সেই বিপদৰ কথা কৈ দুখ কৰিবলৈ ধৰিলে । ঘৈণীয়েকে কলে , “এইফেৰা কথাৰ নিমিত্তে আপোনাৰ ইমানটো বেজাৰ ? যাওক আপুনি ভাত পানী খাই মহাসুখে শুই থাককগৈ , মই এই ৰাতিৰ ভিতৰতে আপোনাক সৰ্পৰ নগৰ কেইখন লাগে সজাই দিয়াম ।” ঘৈণীয়েকৰ আশ্বাস বাণী শুনি গিৰীয়েকে ভাত পানী খাই শুই থাকিল । ৰাতি দুপৰ হলত , সৰ্পৰজাৰ জীয়েকে যৌতুকত পোৱা সাপযোৰা জপাৰ পৰা উলিয়াই দি সৰ্পৰ নগৰ এখন সাজি দিবলৈ সিহঁতক কলত , সিহঁতে ততালিকে গৈ লগৰ সাপ এটাইবোৰ মাতি আনিলেগৈ । সিহঁতে বৰ বৰ অজগৰক খুটা চটি পাতিলে , পানীমৰালী আৰু ডাহীক মাৰলী আৰু ৰোৱা পাতিলে । এইদৰে বিধে বিধে সাপেৰেই ঘৰৰপৰা দুৱাৰলৈ , পদূলিৰ পৰা বাটলৈকে সিহঁতে সাজি গোটেইখন সর্পময় কৰি পেলালে ; ৰাতি এডোখৰৰ পৰা সাপৰ ফোঁপাউৰিত ওচৰত মানুহ থাকিব নোৱাৰা হল । সাপৰ ফোঁপাউৰি শুনি ৰজাৰ টোপনি ভাগি গলত , ৰজাই উঠি চাই বিচুৰ্তি হৈ ভয় খাই লৰ মাৰি বৰ ঘৰৰ ভিতৰত সোমালগৈ । তেতিয়া ৰজাই মন্ত্ৰীক মতাই অনাই কলে , “মন্ত্ৰী সৰ্পৰ নগৰ নালাগে , এতিয়াই ভাঙি দিয়া ।” মন্ত্ৰীয়ে সেই কথা সর্পৰাজৰ জীয়েকক কলত , ঘৈণীয়েকে ভিতৰৰপৰা তিনিটা চাপৰি মাৰি দিলত চাপবোৰ দিহাদিহি গুচি গল ; আৰু তেতিয়া ৰজাই বৰ ঘৰৰ ভিতৰৰ পৰা ওলাব পাৰিলে ।
নাপিতে তাৰ বুদ্ধিবোৰ এটা এটাকৈ খটাইও মন্ত্ৰীক একো কৰিব নোৱাৰি বিমোৰত পৰি থাকি কিছুমান দিনৰ অন্তত আৰু এটা বুধি উলিয়ালে । সি মন্ত্ৰীক মাৰিবৰ মনেৰে ৰজাক এদিন কলে , “স্বৰ্গদেউ , আপোনাৰ মন্ত্ৰীয়ে এইবোৰ জিমানকে কৰি দেখুৱাওক , তথাপি সি আপোনাৰ যোগ্যৰ আচল মন্ত্ৰী হব পৰা নাই । যেতিয়া লৈকে সি আপোনাৰ উপৰি পুৰুষৰ চিৰি আঙঠিটো আনি দিম নোৱাৰে তেতিয়ালৈকে সি আচল মন্ত্ৰী হব নোৱাৰে । যি সেই চিৰি আঙঠি আনি দিব পাৰে সিহে আচল মন্ত্ৰী ।” ৰজাই নাপিতৰ কথা শুনি মন্ত্ৰীক মতাই আনি ৰজাৰ উপৰি পুৰুষৰ চিৰি আঙঠি আনিবলৈ হুকুম দি কলে , “আনিব নোৱাৰিলে তোমাৰ প্ৰাণ নাথাকে ।”
ৰজাৰ হুকুম শুনি মন্ত্ৰীয়ে ভাবিলে যে তেওঁৰ আৰু এইবাৰ ৰক্ষা নাই । ঘৰলৈ গৈ তেওঁ মন মাৰি বহি আছে , এনেতে বিচনী ৰজাৰ জীয়েকে তেওঁক সেইদৰে আমন জিমনলৈ থকা দেখি “কি হৈছে ?” – বুলি সুধিলত , তেওঁ কলে , “এইবাৰ জীয়াই থাকিলেহে থকা – আজি ৰজাই তেওঁৰ উপৰি পুৰুষৰ চিৰি আঙঠি আনিবলৈ মোক হুকুম দিছে ; আনি দিব নোৱাৰিলে মোৰ পৰা নাথাকে ।” ঘৈণীয়েকে কলে , “বাৰু যাওক , খোৱা বোৱা কৰকগৈ ; চিৰি – আঙুঠি আনি দিব লাগে , আনি দিয়া যাব ; সি একো টান কাম নহয় ।” ঘৈণীয়েকৰ কথা শুনি মন্ত্ৰীয়ে অলপ উশাহ পাই উঠি খাবলৈ গল ।
ইফালে নাপিতটোৱে ভাবিলে “ই মন্ত্ৰীয়ে নো কেনেকৈ বাৰে বাৰে ইমান আচৰিত কামবোৰ কৰে , চাব লাগিব ।” ইয়াকে নাপিতে ভাবি , ৰাতি মন্ত্ৰীৰ ঘৰলৈ গৈ বাহিৰৰ পৰা বেৰৰ জলঙাইদি জুমি চাই আছিল । ৰাতি গহীন হলত বিচনী ৰজাৰ জীয়েকে যৌতুকত পোৱা বিচনী দুখন উলিয়াই “আজি মোক বিপদত তৰাব লাগিব ” – বুলি বিচনী দুখনৰ আগত কৈ , এখনেৰে গিৰিয়েকৰ গাত বা মাৰি দিলত গিৰিয়েক মৰি থাকিল ; আৰু , ততালিকে , ৰজাৰ উপৰি – পুৰুষৰ ওচৰ পাই , ৰজাই চিৰি আঙুঠিটো খুজিছে বুলি তেওঁলোকৰ আগত কৈ আঙুঠিটো ললে । তাৰ পাছত ঘৈণীয়েকে এখন বিচনীৰে বা মাৰি দিলতে গিৰিয়েকে জীৱ পাই উঠি বহিল । বেৰৰ জলঙাইদি নাপিতে এই কথা দেখি গুচি আহিল ।
পিছদিনা মন্ত্ৰীয়ে ৰজাৰ হাতত চিৰি আঙুঠিটো দি কলে , “স্বৰ্গদেউ , এইয়া চিৰি আঙুঠি চিনি লওক ।” ৰজাই আঙুঠিটো দেখি চিনি পাই , মন্ত্ৰীক শলাগিবলৈ ধৰিলে । সেইদিনা মন্ত্ৰীয়েও নাপিতক মাৰিবৰ বুদ্ধি সাজি ৰজাক কলে , “স্বৰ্গদেউ , এই চিৰি আঙুঠি আনিবলৈ যাওঁতে দেখি আহিলোঁ , যে নাপিতৰ অভাৱত আপোনাৰ উপৰি পুৰুষৰ দাড়ি চুলি আৰু নখবোৰ বৰ দীঘল হৈ পৰিছে । তেখেতসকলে মোক দেখি আপোনাৰ নাপিতটোৰ নাম কাঢ়ি তাক তেখেতসকলৰ ওচৰলৈ পঠিয়াই দিবলৈ কলে ।” ৰজাই মন্ত্ৰীৰ কথা সঁচা বুলি পতিয়াই নাপিতক মতাই অনাই কলে , “মোৰ উপৰি পুৰুষসকলৰ দাড়ি চুলি দীঘল হল । তই আজি ৰাতিয়ে গৈ খুৰাই আহিব লাগে ।” নাপিতে “ভাল স্বৰ্গদেউ ” বুলি তাৰ ঘৰলৈ গল । সি আগদিনা মন্ত্ৰীয়ে দুখন বিচনীৰ সহায়ত পৰলোকৰ পৰা ৰজাৰ উপৰি পুৰুষৰ চিৰি আঙঠি অনা দেখিছিল । সি সেইদেখি সেইটো উজু কাম বুলি ভাবি ৰং মনেৰে কৰিবলৈ আগবাঢ়ি তাৰ ঘৈণীয়েকক সোনকালে ভাত পানী ৰান্ধি দিবলৈ কলে । নাপিতনীয়ে বিচনী দুখন আনি দিলত , নাপিতে তাইক কলে , “বোলে মই ৰজাৰ উপৰি পুৰুষৰ দাড়ি চুলি খুৰাই আহিব লাগে , এতেকে তই এখন বিচনীৰে মোক বিচি দে , দিলেই মৰিম , মৰি তেখেতসকলৰ দাড়ি চুলি খুৰাওঁগৈ আৰু পিছত ইখন বিচনীৰে তই মোক বিচি দিলেই মই জিম ।”
নাপিতৰ কথা শুনি ঘৈণীয়েকে বিচনী এখন কৈ তাক বিচি আছে , কিন্তু সি নমৰে । সি নমৰা দেখি তাই তাৰ উকণীশিৰতে বিচনী নালেৰে মাৰ এটা মাৰি দিলে আৰু একে মাৰতে নাপিত মৰি থাকিল । ইয়াৰ অলপ পৰৰ পিছত নাপিতনীয়ে ইখন বিচনীৰে বিচিবলৈ ধৰিলে । কিন্তু তাই বিচে হে বিচে গিৰিয়েক নিজীয়ে ।
পিছদিনা ৰজাই বিচাৰ কৰিলে , নাপিতে ৰজাৰ উপৰি পুৰুষৰ দাড়ি চুলি খুৰাই আহিল নে নাই ? নাপিতনীয়ে গিৰিয়েকৰ মৰাশটো আগত লৈ বিচনীৰে বিচি আছে , তথাপি গিৰিয়েক নিজীয়ে ! আৰু শটো উখহি ভিম্বাকাৰ দি তাৰপৰা গোন্ধ ওলাবলৈ ধৰিলে । শেহত তাৰ পৰা ইমান গোন্ধ ওলাবলৈ ধৰিলে যে গোন্ধ পাই ৰজাই নাপিতৰ কি হল , তাৰ ঘৰৰ ভিতৰ সোমাই চাবলৈ টেকেলা পঠিয়াই দিলে । টেকেলাই নাপিত মৰি উখহি গোন্ধাই থকা দেখি নাপিতনীক ধৰি আনি ৰজাৰ আগত হাজিৰ কৰিলেহি । ৰজাই তেতিয়াই ঘৈণীয়েকে নাপিতক মাৰিলে বুলি ভাবি তাইকো মৰাই নাপিতৰে সৈতে একেলগে পোতাই থলে সেই দিনাৰ পৰা মন্ত্ৰীয়ে সুখেৰে খাই লৈ কাম কাজ কৰি থাকিল ।
কাকাদেউতা আৰু নাতি লʼৰা আৰু বুঢ়ী আইৰ সাধুৰ দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। ৰাজমন্ত্ৰী আৰু নাপিত এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। ৰাজমন্ত্ৰী আৰু নাপিত এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে। ৰাজমন্ত্ৰী আৰু নাপিত এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।