সাধুকথা: কাঞ্চনী | Hadhu Kotha: Kanchoni

সাধুকথা: কাঞ্চনী | Hadhu Kotha: Kanchoniবুঢ়ী আইৰ সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, সাধুকথা: কাঞ্চনী, সাধুকথা, অসমীয়া কাহিনী, সাধুকথা: কাঞ্চনীশিশুৰ বাবে কাহিনী

এক বনৰ সাতোটা পুতেক আছিল। বুঢ়াই পুতেকহঁতৰ সুখ সন্তোষ দেখিবলৈ নাপালে। পুতেক আটাইকেইটাই থাব-খুটিৰ পৰা হোৱাৰ আগেয়ে বুঢ়া মৰি গ’ল। বুঢ়ীয়ে ছয়োটালৈ ছোৱালী বিয়া কৰাই আনি অলপমান সুখ-সন্তোষৰ মুখ দেখিছিল, কিন্তু তেনেতে ভায়ো মৰিল। মাঝ মৰাৰ পিছত ককায়েকহঁত সাতোওটা মিলা-প্ৰীতিৰে একেলগে আছিল। সিহঁতৰ ভিতৰত নুমলীয়াটো ল’ৰা দেখিবলৈ বৰ মোহলগা আৰু কথাই-বার্তায়ো ভাল আছিল, সেইদেখি ছয়োটা ককায়েকে তাক বৰ মৰম কৰিছিল। ককায়েকহঁতে নিজৰ নিজৰ ঘৈণীয়েকহঁতক সিহঁতৰ ধন-বস্তুৰ গৰাকিনী নাপাতি চতুৰ নুমলীয়া ভায়েককছে গৰাকী পাতিছিল। সেইদেখি বৌরেকহঁতে পেটে পেটে তাক সুমলি দেখিব নোৱৰা হৈছিল৷ মুমলীয়া দেওঁৰেকে কোনো বস্তু উলিয়াই নিদিলে বৌৱেকহঁতে কুটা এগছকো নাপাইছিল আৰু কাকো একো দিব নোৱাৰিছিল। যদিও বৌৱেকহঁতে তাক সুমলি দেখিব নোৱাৰিছিল, তথাপি গিৰীয়েকহঁতৰ ভয়ত কেতিয়াও কোনো কথাতে সিহঁতে তাক হেচটেপ কৰিবই নোৱাৰিছিল।

এইদৰে কিছুকাল যোৱাৰ পিছত, এদিন মাগনী বুঢ়ী এজনী সিহঁতৰ ঘৰলৈ চাউল মাগিবলৈ আহিছিল। নুমলীয়া দেওনেক সেই সময়ত ঘৰত নথকা বাবে বৌৱেকহঁতে মাগনী বুঢ়ীক চাউল এমুঠি দিব নোৱাৰি তাইক ক’লে– “বুঢ়ী বাই, আমাৰ দেওৰ কণ-বোপা ক’ৰবলৈ ওলাই গৈছে, তেওঁ নাহিলে তোক চাউল কোনে উলিয়াই দিব? আমি দিব নোৱাৰোঁ। তেওঁহে সকলো বস্তুৰ গৰাকী।” বুঢ়ীয়ে এই কথা শুনি সিহঁতক ক’লে– “আইৰে আই। এইটো নো কি কথা? তহঁত ছজনী বোৱাৰী ঘৰত ঘৈণীনহৈ মতা ল’ৰাটোহে ধন-বস্তুৰ গৰাকী হল। এনে কথা দেখা-শুনা নাইহে।” সিহঁতে বুঢ়ীক ক’লে– “এৰা বাই, তই নেদেখিলে নুশুনিলেও আমি কুটা এগছৰো গৰাকী নহওঁহঁক, কি কৰিবি। ককায়েকহঁতে সৰু বোপাকহে গৰাকী পাতিছে।” বুঢ়ীয়ে সিহঁতৰ মন বুজি ক’লে—“তহঁতনো ক’ৰ জাধলী তিৰোতা ঐ? তাক গৰাকী ভাঙি তহঁত গৰাকিনী নহৱ কিয়?” সিহঁতে ক’লে– “কেনেকৈ ভাঙিম বুঢ়ী বাই?” বুঢ়ীয়ে ক’লে– “মোৰ বুধি শুন যদি আজিয়েই ভাঙিব পাৰ।” সিহঁতে বুঢ়াৰ কথা শুনি ৰ আগতেৰে বুঢ়ীৰ ওচৰ চাপি আহি বুটকীয় উঠি এটা কোটকোৰা কাঁইট সিহঁতৰ হাহিঁদেখবে উভতি আহিলে, তহঁতৰ এজনীক ওচৰলৈ মাতি আনি তাৰ কণী চা ইলৈ শুকনী চাই থাকোঁতে খকৰে এই কহিটটো তাৰ কাণৰ সঁতাত মাৰি দি কুকুৰ হৈ যা বুলি ক’লেই সি কুকুৰ হৈ গুচি যাব আৰু তহঁত মৰৰ ঘৈণী হৈ গন বস্তুৰ প্ৰবাহিনী হৈ সুখে সন্তোষে থাকিব পাৰিবি।“ইয়াকে কৈ বুঢ়ী গুচি গ’ল। সিহঁতৰ নুমলীয়া দেওৰেক আহিল সিহঁতে বুঢ়ীৰ বুধিমতে তাক ওবণী চাবলৈ লগুৱাই লৈ তাৰ কাণৰ সঁতাত বাঁহটটো মাৰি দি তাক কুকুৰ কৰিলে। সি এটা ভতুৱা কুকুৰ হৈ মনৰ দুখত ঘৰৰ পৰা তেতিয়াই ওলাই গুচি গ’ল। গধূলি ককায়েকহঁতেই আহি ভায়েকক নেদেখি, “বণবোপা ক’লৈ গ’ল?” বুলি ঘৈণীয়েকহঁতক সুধিলে, “আমি ক’ব নোৱাৰোঁ বুলি সিহঁতে উত্তৰ দিলে। ইয়াৰ পিছত ককায়েকহঁতে ভায়েকক অনেক বিচাৰি ক’তো নাপাই বেজাৰ অসন্তোষ কৰি থাকিল।

নুমলীয়া ভায়েকটো কুকুৰ হৈ অনেক দেশ ফুৰি ফুৰি শেহত এখন নগৰত ওলালগৈ। সেই নগৰতে এঘৰ মানুহ আছিল। সিহঁতৰ ল’ৰা-ছোৱালী, মিতিৰ কুটুম কোনো নাছিল। মাথোন গিৰীয়েক আৰু ঘৈণীয়েক। গিৰীয়েকে দিনৌ খাই-বৈ কাম-কাজ বিচাৰি ওলাই যায় আৰু ঘৈণীয়েকে অক’লে তাঁতসূতা বৈ ঘৰৰ বন-বাৰী কৰি থাকে। কুকুৰটো গৈ সিহঁতৰ ঘৰতে চাপিল। ক’ৰবাৰ পৰা কুকুৰটো ঘৰ চপা দেখি পো-পোৱালি নাইকিয়া ৱিৰিহঁতনীয়ে মৰমকৈ তাক এমুঠি পাতৰ ভাত খাবলৈ দিলে আৰু ছেই ছেই চুই চুহ নকৰি তাঁতশালৰ ওচৰতে পৰি থাকিবলৈ দিলে। সিও মৰম পাই তাতে থাকিবলৈ ধৰিলে।

গিৰিহঁতনীয়ে দিনৌ তাঁত বয় আৰু কুকুৰটো ওচৰতে পৰি থাকে। এদিন তাইৰ হাতৰ পৰা এবাৰ মাকোটো সৰি পৰিল তাই কুকুৰটোৰ ফালে চাই ধেমালিতে ক’লে—“তই মোৰ মাকোটো তুলি দিব নোৱাৰনে? অজাৰতীয়া মাকোডল ঘনে ঘনে মোৰ হাতৰ পৰা পৰি যায়, মইনো কিমান চাপৰি আনি থাকিম? মোৰ মাকোটো তুলি মোৰ বোপাই লাগে যদি মোৰ ছোৱালী হ’লে মই তোলৈকে তাইক বিয়া দিম।” মানুহজনীৰ কথা শুনি কুকুৰটোৱে স্বপ্নকৰে মাকোটো তুলি দিলে৷ মানুহজনীয়ে বিচূতি হৈ ভাবিলে– “আও’ কম কুকুৰ নহয়৷ ই মানুহতকৈও গুণী৷ মোৰ কথাটো ই কেনেকৈ বুজিলে ৷ মোৰ ছোৱালীয়ে নায়েই। হোৱা হ’লে এনেটো কুকুৰলৈকে বিয়া দিলেও একো হানি নাছিল।” 

এই কথাৰ কেইমাহমান পিছত ঈশ্বৰৰ ইচ্ছাত মানুহজনীৰ ছোৱালী এজনী উপজিল। বাপেকে মৰম কৰি জীয়েকৰ নাম কাঞ্চনী ৰাখিলে। দিনক দিনে ছোৱালী ডাঙৰ হৈ আহিবলৈ ধৰিলে। তাই ৰূপ-গুণে তমস্কাৰ হ’ল। কুকুৰটোও নিজৰ গুণত দিনকদিনে গিৰিহঁত-গিৰিহঁতৰীৰ বুকুত সোমাই আহিবলৈ ধৰিলে। কাঞ্চনীৰ বিয়া দিবৰ কাল পৰিল, এদিন ঘৈণীয়েকে গিৰীয়েকক সেই মাকো পৰাৰ দিনৰ কথাটো ক’লে– “মোৰ ছোৱালী হলে মই কুকুৰটোলৈ বিয়া দিম বুলি কৈছিলোঁ। সেইবাবেই মোৰ ছোৱালীজনীও হ’ল কিজানি; নাইবা মোৰ পেটত ল’ৰা-ছোৱালীৰ হ’বৰ কোনো আগস্তক নাছিল৷ এতেকে মই মোৰ কথামতে তালৈকে কাঞ্চনীক বিয়া দিম বুলি ভাবিলোঁ, তুমি কি বোলা?” গিৰীয়েক বৰ হোজা আৰু ধাৰ্মিক মানুহ আছিল। সি উত্তৰ দিলে– “যদি তুমি তাৰ আগত তেনেকৈ কৈছিলা, তেনেহলে নিশ্চয় তোমাৰ কথা ৰাখিব লাগিব, নহ’লে আমাক পাপে চুব আৰু সঁচাকৈ ক’বলৈ গ’লে, আমি এনেটো কুকুৰ আগেয়ে কাঁতো দেখাও নাছিলোঁ। সি মানুহতকৈও সাত ছাব। এতেকে মোৰ মনেৰে আমাৰ কাঞ্চনীক তালৈ বিয়া দিয়াটোহে উচিত।” এইবুলি বাপেকে জীয়েকক মাতি আনি সেই কথা ক’লে, জীয়েকে উত্তৰ দিলে– “তোমালোকৰ ইচ্ছামতে চলাটোৱেই হে মোৰ কৰ্তব্য। আয়ে কুকুৰলৈকে যেতিয়া মোক বিয়া দিবলৈ সইত কৰি বান্ধ খাইছে, সেই সইত ৰাখিম।” জীয়েকৰ কথা শুনি মাক-বাপেকে সন্তোষ পাই তাইক কুকুৰলৈকে বিয়া দি দুয়োকো যতন কৰি খুৱাই-বুৱাই ঘৰতে ৰাখিলে।

কাঞ্চনীয়ে বৰ যতনেৰে খুৱাই-বুৱাই অঁতাই পিতাই নিজৰ স্বামী বুলি কুকুৰটোক সেৱা-ভক্তি কৰিবলৈ ধৰিলে, এদিনলৈকো তাইৰ মনত বেজাৰ নালাগিল। ঘৈণীয়েকে কুকুৰটোৰ গা আঁতাই পিতাই ধুই-পখালি চিকণ কৰি দিলেও, অলপ পৰ পিছতে কুকুৰটোৱে গৈ মাটি লৈ গাত ধূলি-মাকতি সানে। এদিন কাঞ্চনীৰ মাকে কাঞ্চনীক ক’লে– “আই চাচোন, তোৰ গিৰীয়েৰৰ গাটো ধূলি-মাকতি লাগি কেনে ক’লা পৰিছে। তাক লৈ যা, নৈত ভালকৈ তাৰ গাটো ঘঁহি-পিহি ধুৱাই লৈ আহগৈ।” মাকৰ কথা শুনি কাঞ্চনীয়ে গিৰীয়েকক লৈ গৈ নৈত জোবোৰাই ভালকৈ তাৰ গা-ভৰি, মূৰ-কাণ ঘঁহি দিওঁতেই এবাৰ তাইৰ হাতটো কুকুৰটোৰ কাণৰ সঁতাত লাগিল, অলপ খহটা যেন পাই ভালকৈ চাই দেখিলে যে তাত এটা কাঁইট পোত আছে। কাঁইটটো দেখি কাঞ্চনীয়ে আঁজুৰি উলিয়ায়। তৎক্ষণাৎ কুকুৰটো শুচি কেঁচা সোণৰ বৰণৰ সুন্দৰ ডেকা ল’ৰা এটা! হ’ল। গিৰীয়েক কুকুৰ গুাঁচ মানুহ হোৱা দেখি তাইৰ আনন্দৰ পাৰ নোহোৱা হ’ল। তেতিয়া গিৰীয়েকে তাইক আগৰ পৰা গুৰিলৈকে সকলো কথা ভাঙি কালে তাই তাক ক’লে যে “মই যদি তোমাক এইদৰে আমাৰ ঘৰলৈ লৈ যাওঁ, তেন্তে মোৰ বোপাই-আই আৰু ওচৰ-চুবুৰীয়া আন মানুহে ভাধিধ ম‍ই কুকুৰটো মাৰি কৰবাৰ ডেকা ল’ৰা এটা লগ লগাই লৈ গৈছোঁ বুলি, তেতিয়াও বৰ বদনামৰ কথা হ’ব আৰু মই আচল কথা ভাঙি ক’লেও কোনেও বিশ্বাস নকৰে। সেইদেখি তোমাৰ কাণৰ সঁতাত আকৌ সেই কাঁইটটো মাৰি দিওঁ, দি তোমাক আগৰ দৰে কুকুৰ কৰি ঘৰলৈ লৈ যাওঁ ঘৰ পাই সকলোৰে আগত তোমাৰ কাণৰ তেল তুল দি চিকুণাই থাকোঁতে যেন হঠাৎ মই সেই কাঁইটটো দেখি এইটো কি বুলি টানি উলিয়াই আনিম আৰু আনিলেই তুমি মানুহ হ’বা আৰু তেতিয়া কোনেও একো ক’ব নোৱাৰে।”ইয়াকে গিৰীয়েকক কৈ কাঞ্চনীয়ে আকৌ সেই কাঁহটডান গিৰীয়েকৰ সঁতাত আগৰ দৰে মাৰি গিৰীয়েকক কুকুৰ কৰি ঘৰলৈ লৈ গুচি আহিল। ঘৰ পাই কাঞ্চনীয়ে মাকক ক’লে– “আই, আই, মই তেওঁক ধুৱাই আনিছোঁ। এতিয়া তেল এটোপা ঘঁহি দিমনে?” মাকে ক’লে কাঞ্চনীয়ে তেল আনি ঘঁহাক ছলতে কুকুৰটোৰ কাণৰ কাঁইটডাল মাকক দেখুৱাই ক’লে “আই, আই, চাহিচোন, এটা বৰ কাঁইট কাণৰ সঁতাত কেনেকৈ সোমাই আছে।” মাকে ক’লে– “সোমাব পাৰেতো মোৰ আই সি য’তে পাই ত’তে শুই ফুৰে। কাঁইটটো টানি উলিয়াই দে।” মাকে এইবুলি কোৱাত কাঞ্চনীয়ে কাঁইটটো উলিয়াই দিলে। আৰু ততালিকে সি কুকুৰ গুচি সুন্দৰ পুৰুষ এটা হ’ল। এই কথা দেখি মাক বাপেকে আৰু ওচৰ-চুবুৰীয়া সকলোবোৰে বিস্ময় মানি তাক কি কথা কি বতৰা বুলি সুধিলে সি সকলোবোৰ ভাঙি পাতি ক’লে। সকলোৱে আচৰিত মানি আনন্দ পালে। কাঞ্চনী আৰু তাইৰ মাক-বাপেকে আনন্দ-বিভোল হৈ জোঁৱায়েকক লৈ মহাসুখেৰে থাকিল।

কুকুৰ এটা গুচি মানুহ হ’ল, এই কথা চাৰিওফালে ওলাই পৰিল ৰজাই শুনিবলৈ পাই কাঞ্চনীক গিৰীয়েকক মতাই নি কি কথা, কি বার্তা বুলি সুধিলে, সি ৰজাক সকলো কথা ক’লে। ৰজাই সন্তোষ পাই তাক তেওঁৰ ঘোঁৰাশাল চাওঁতাৰ বিষয়খন দি ৰাখিলে।

ইকাণ-সিকালকৈ লাহে লাহে গৈ ৰজাৰ কাণত পৰিল গৈ পোশা চাওঁতা-চিতোঁতা বিষয়কজনাৰ ঘৈণীয়েকজনী বৰ গুণী আৰু বৰ শুৱনী দীপ্‌লিপ তিৰোতা৷ ৰজাই ভাবিলে যে এনেজনী তিৰোতা বজাৰহে যোগ্য। এতেকে তাইত আনি মোৰ কুঁৱৰী পাতিম। ইয়াকে ভাবি ৰজাই তেওঁৰ ঘোঁৰাৰ বিষয়াক ক’লে যে সি ঘৈণীয়েকক ৰজাৰ অস্তেষপুৰলৈ পঠিয়াই দিব লাগে। সি ৰজাৰ কথাত কোনোমতে মান্তি নহ’ল। ৰজাই বাৰে বাৰে কৈও ঘোঁৰাৰ বিষয়াক সেই কথাত কোনোমতে মান্তি কৰিব নোৱাৰি তাক বন্দী কৰি থোৱালে। গিৰীয়েকক বন্দী কৰি থৈয়েই ৰজাই ঘৈণীয়েকক কাঞ্চনীৰ ওচৰলৈ নিজে আহি নানা প্ৰকাৰে কাঞ্চনীক তেওঁৰ কুঁৱৰী হ’বলৈ বুজাবলৈ চেষ্টা কৰিলে। কিন্তু তাই একোতে সেই কথাত মান্তি নহ’ল। ৰজা ভোটা হৈ উভতি গৈ ভাবিলে যে গিৰীয়েক জীয়াই থাকে মানে কাঞ্চনীক মোৰ কুঁৱৰী কৰিবলৈ সৈমান কৰাব নোৱাৰোঁ, সেইদেখি তাইৰ গিৰীয়েকক মাৰি পেলাই বাটটো মুকলি কৰি লওঁ। ইয়াকে ভাবি ৰজাই কাঞ্চনীৰ গিৰীয়েকক শালত দিবলৈ হুকুম দিলে।

Read Also: সাধুকথা: দুই বুধিয়ক | Hadhu Kotha: Dui Buddiyok

ৰজাৰ বৰচ’ৰাৰ মুখতে কাঞ্চনীৰ গিৰীয়েকক শালত দিছে। কিন্তু এই কথাৰ কাজনীয়ে তেতিয়াও একো বুজ পোৱা নাই, তাই ৰং মনেৰে ঘৰত জালি তাঁত এখন বৈ আছে। এনে সময়তে এজনী কাউৰীয়ে শালত দিয়া কাঞ্চনীৰ গিৰীয়েকৰ গাৰ পৰা ওলোৱা তেজ খাই ঠেটি ৰঙা কৰি উৰি আহি কাঞ্চনীৰ ওচৰতে পৰি চট্‌ফটাবলৈ ধৰিলে। এবাৰ কাউৰীজনীয়ে মাত লগালে–

“কাঁচনী, কাঁচনী নববি কাঁচনী, জালি তাঁত

এবেলি থ’।

বৰচ’ৰাৰ মুখতে ৰজাই শালত দিছে, 

তাকে চাবলৈকে ব’ল।”

এই কথা শুনি কাঞ্চনীয়ে কাউৰীজনীৰ ফালে চাই তাইৰ ঠোঁটটো ৰঙা দেখি গাত লাই-সৰিয়হ ফুটা যেন পালে। কাঞ্চনীয়ে কাউৰীক সুধিলে–

“কাউৰী, কাউৰী অজাতি কাউৰী

কি খাই বোলালি ঠেটি ?”

কাউৰীয়ে উত্তৰ দিলে–

“কাঁচনী বাই, মই অজাতি কাউৰী,

একো খাই নোবোলাওঁ ঠোঁট।

বৰচ’ৰাৰ মুখতে গিৰীয়েকক শালত দিছে

তেজেৰে বোলালো ঠোঁট ৷”

এই কথা শুনা মাত্রকে কাঞ্চনীয়ে জালি তাঁত এৰি ভিতৰলৈ সোমাই সেন্দুৰৰ ফেটি আৰু বেথা পিন্ধিলে, সকলো অলংকাৰ পাতি পিন্ধিলে আৰু সামাৰণৰ ভাল বিহা-মেখেলাযোৰ পিন্ধি ধাননিৰ মাজেদিয়েই বটি পোনাই লৰি।। ৰজাৰ বৰচ’ৰাৰ ফালে ঢাপলি মেলিলে। ইফালে চাওদাঙে কাচনীৰ গিৰীয়েকক তাৰ ভৰিৰ ফালৰ পৰা কুণ্ডাশালত চেপি আনি থাকোঁতেই গিৰীয়েকে দূৰৰ পৰা কাঞ্চনীক লৰি অহা দেখি বিনাই ক’লে–

“ধাননি ধাননি নাহিবি কাঞ্চনী, 

ধান পাতে কাটিব গা।

মোৰে বিলাই যি হ’বৰ হওকে,

ঘৰলৈ উভতি যা।।”

কাঞ্চনীয়ে লৰি আহি থাকোঁতেই গিৰীয়েকৰ কথা শুনি বিনাই উত্তৰ দিলে–

“কাটিলে কাটকে ধানৰে পাতে গা

তালৈ নকৰো কাণ।

তোমাৰে লগতে হ’ম সয়ন্তৰী,

নাৰাখো দুখুনী প্ৰাণ।”

এইবুলি কাঞ্চনীয়ে গিৰীয়েকৰ ওচৰ পাই দীঘল দি গিৰীয়েকক সেৱা কৰি গিৰীয়েকৰ লগতে শালত মূৰটো সুমাই দিলে। কোনেও তাইক হকা-বাধা কৰিবলৈ সাহ নকৰিলে৷ অলপ পৰৰ পিছতে দুয়োৰে জীৱ দুটিয়ে ভোল দুটা। এৰি গোসাঁইৰ ওচৰলৈ উৰি গ’ল।

ৰজাই এই বাতৰি শুনিলে বেজাৰ কৰি বিনাবলৈ ধৰিলে–

“কাঁচনী যাবৰে শুনিলোহেঁতেন,

ছকুৰি লুৱা দিলোহেঁতেন।

কাঁচনী যাবৰে শুনিলোহেঁতেন, 

দোলায়ে ঘোঁৰায়ে পঠালোহেঁতেন।

কাঁচনী যাবৰে শুনিলোহেঁতেন,

গিৰীয়েকক শালত নিদিলোহেঁতেন।”

শোক কমিলে ৰজাই কাঞ্চনী আৰু তাইৰ গিৰীয়েকক নৈৰ কাষত খৰি দিবলৈ মন্ত্ৰীক হুকুম দিলে– “নৈৰ এপাৰে কাঞ্চনীক আৰু আনপাৰে গিৰীয়েকক খৰি দিয়া। কাঞ্চনীক চন্দন, সৰল, পদ্মা, উৱৈ, গন্ধসৰৈ, ধূপ-ধুনা, ঘিউৰে খৰি দিবা। গিৰীয়েকক চুৱাখুটি, শুকান চুৱাপাত ইত্যাদিৰে খৰি দিবা।”

ৰজাৰ হুকুম মতেই মন্ত্ৰীয়ে কাম কৰিলে। দুয়োৰো চিতাত ধুমধুম কৰে দুকুৰা জুই জ্বলিছে, এনেতে দেখা গ’ল যে দুইৰো চিতাৰ দুইকুৰা জুইৰ আগ দুটা পাৰৰ পৰা দীঘল হৈ আহি নৈৰ মাজতে পাক খাই একেটা হ’ল। সকলোৱে এই কথা শুনি আচৰিত মানিলে। ৰজায়ো পিছত মন্ত্ৰীৰ মুখৰ পৰা এই কথা শুনি আচৰিত হৈ দুইখন মৰিশালিত দুজোপা গছ কই দিবলৈ হুকুম দি ক’লে– “কাঞ্চনীৰ মৰিশালিত আঁহত এজোপা আৰু গিৰীয়েকৰ মৰিশালিত বগছ এজোপা ৰুবা।”

কিছুকালৰ মূৰত দেখা গ’ল যে নৈৰ দুয়োপাৰৰ দুইজোপা গছে ফেৰ ধৰি ডাঙৰ হৈ দুপাৰৰ পৰা হালি আহি ঠিক নৈৰ মাজত মিলি এজোপা হৈ বাঢ়িবলৈ ধৰিলে।

কাকাদেউতা আৰু নাতি লʼৰা আৰু বুঢ়ী আইৰ সাধুৰ দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। সাধুকথা: কাঞ্চনী এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। সাধুকথা: কাঞ্চনী এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে সাধুকথা: কাঞ্চনী এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।

Leave a Reply