সাধুকথা: এটা বলী মানুহ | Hadhu Kotha: Eta Boli Manuh, বুঢ়ী আইৰ সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, সাধুকথা: এটা বলী মানুহ, সাধুকথা, অসমীয়া কাহিনী, সাধুকথা: এটা বলী মানুহ, শিশুৰ বাবে কাহিনী
এখন ৰাজ্যত এটা বৰ ডাঙৰ হাতী আৰু এটা বাঘ আছিল। সিহঁত দুয়োৰো উপদ্ৰৱত মানুহে তত্মৎ এৰিছিল। বহুত যত্ন কৰিও ৰজাই সেই বাঘ আৰু হাতী মাৰবি নেৱাৰি গোটেই ৰাজ্যতে ঢোল পিটি শুনাই দিলে বোলে যেয়ে এই হাতী আৰু বাঘটো মাৰিব পাৰিব, তাক বহুত পুৰস্কাৰ দিয়া হ’’ব। এই কথা শুনি বহুত মানুহে বাঘ আৰু হাতী মাৰিবলৈ যত্ন কৰিবলৈ ধৰিলে, কিন্তু মাৰিব নোৱাৰিলে৷ দৈবাৎ এদিন পিঠাগুড়িৰ লগত বিষ সানি লৈ সেই ৰাজ্যৰ ফালে যাওঁতে এজোপা গছৰ তলত সেই টোপোলাটো থৈ ওচৰৰে নৈ এখনত পানী খাবলৈ গৈছিল। সেই সময়তে দুষ্ট হাতীটোৱে আহি সেই পিঠাগুড়িবোৰ খাই পেলালে। যেতিয়াই বিহ সনা পিঠাগুড়িবোৰ খালে, তেতিয়াই গাত বিষ লাগি হাতীটো মৰি থাকিল। এই কথা ৰজাই খবৰ পাই হাতীটো কোনে মাৰিলে বুলি বিচাৰ কৰোৱাত সেই বিষ অনা মানুহটোক ৰজাৰ ওচৰলৈ লৈ যোৱা হ’ল।সি কেনেকৈ হাতীটো মাৰিলে বুলি তাক ৰজাই সুধিলে সি ক’লে– “মই হাতীটো একে ভুকুৱেই মাৰিলোঁ।
ৰজাই বৰ সন্তোষ পাই তাক অনেক ধন কি ক’লে– “মোৰ ৰাজ্যত আৰু এটা বৰ দুষ্ট বাঘ আছে, যদি তই সেই বাঘটোও মাৰিব পাৰ, তেন্তে তোক মই আৰু ধন-বস্তু দিম।” সি ক’লে বোলে “স্বৰ্গদেউ! সেই বাঘটোও মই মাৰিব পাৰিম।” এইবুলি কোৱাত ৰজাই ক’লে– “তই পৰহিলৈ বাঘটো মাৰিব লাগিব।” মানুহটোৱে শলাগি শলাগি আহি তাৰ থকা ঠাই পাই চিন্তা কৰিবলৈ ধৰিলে-“সি কেনেকৈ সেই বাঘটো মাৰিব পাৰে।” যেতিয়া বাঘ মৰাৰ দিন পৰিলহি, সি কিছুমান ডোল আৰু এটা ঢেঁকীথোৰা লৈ ভয় ভয়কৈ হাবিত সোমালগৈ। সেই হাবিতে এজোপা ডাঙৰ গছ আছিল। সি গৈ সেই গছৰ ওপৰত উঠি কেকে-কা-কা বুলি মিছামিছাকৈ গান গাই আছে আৰু চৰাইবিলাকে সেই গছজোপাৰ পাতে পাতে পৰি কোঢ়াল কৰি আছে। তাকে গুনি বাঘে সেই গছৰ ওচজৰলৈ আহি মানুহটোক সুধিলে– “ককাই তই চৰাইবিলাকক কি শিকাইছ?” সেই মানুহটোৱে ক’লে বোলে “ভাই! মই সিহঁতক গান শিকাইছোঁ।” তেতিয়া বাঘে ক’লে– “ককাই, মোকো তেনেকুৱা গান শিকাব পাৰিবি জানো ?” মানুহটোৱে ক’লে– “তই হৈছ বাঘ, মই হৈছোঁ নৰমনিচ, তই মোক খাবি নহয় ?; তেতিয়া বাঘে ক’লে– “মই সইত সইত তিনি সইত খাই কৈছোঁ, মই তোক নাখাওঁ তই মোক তেনেকুৱা গান শিকা।”
Read Also: এটা শিঙৰা মাছৰ কথা | Eta Hingora Masor Hadhu Kotha
বাঘৰ কথা শুনি মানুহটোৱে গছৰ পৰা নামি আহি বাঘৰ ভৰি চাৰিখন গোটাই খুবমতে বান্ধি পেলাই ঢেঁকীথোৰাটোৰে তাক মাৰিবলৈ ধৰিলে। মাৰত তৎ নেপাই বাঘে ক’লে–“ককাই, মই আৰু গান নিশিকোঁ, মোক এৰি দে।” মানুহটোৱে ক’লে–“ভালকৈ শিক, নিশিকিবি!” এইদৰে মাৰি থাকোঁতেই বাঘ মৰিল। সি সেই বাঘটো আনি ৰজাক দেখুৱাই! দিলে। তেতিয়া ৰজাই বৰ ৰং মনেৰে তাক ক’লে বোলে–“আজি তোমাৰ সৈতে যুঁজিবলৈ এটা বলী মানুহ আনি দিম, তুমি সেই মানুহটোক জিকিব পাৰা যদি, তোমাক আৰু ধন-বস্তু দিম।” এইবুলি কৈ এটা বলী মানুহ আনি ৰাতি তাৰ লগত ৰজাই শুৱাই থ’লে। ৰাতি মানুহটোৱে বলী মানুহটোক ক’লে বোলে– “ভাই, মই একেটা ভুকুতে এটা হাতী মাৰিছোঁ আৰু এটা ডাঙৰ বাঘ মাৰিছোঁ, ‘ তই মোৰ লগত কেনেকৈ যুঁজ কৰিবি? তই এতিয়া ভৰ বয়সত মোৰ লগত যুঁজি মৰিবলৈ আহিছনে?” এইবুলি কোৱাত সেই মানুহটো ভয়ত ৰাতিয়েই পলাই গ’ল। পিছে পুৱা ৰজাৰ বলী মানুহটো ৰজাই বিচাৰি নাপাই বাঘ মৰা বলী মানুহটোক বহুত ধন-বস্তু দি বিদায় দিলে আৰু তেতিয়াৰ পৰা হাতী আৰু বাঘৰ উপদ্ৰৱ গুচি নিৰাপদে ৰাজ্য চলাবলৈ ধৰিলে। কঁঠালে পেলালে মুচি! মই আহিলোঁ গুচি।
কাকাদেউতা আৰু নাতি লʼৰা আৰু বুঢ়ী আইৰ সাধুৰ দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। সাধুকথা: এটা বলী মানুহ এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। সাধুকথা: এটা বলী মানুহ এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে সাধুকথা: এটা বলী মানুহ এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।