সাধুকথা: দুই বুধিয়ক | Hadhu Kotha: Dui Buddiyok, বুঢ়ী আইৰ সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, সাধুকথা: দুই বুধিয়ক, সাধুকথা, অসমীয়া কাহিনী, সাধুকথা: দুই বুধিয়ক, শিশুৰ বাবে কাহিনী
এদিন এটা গজলীয়া ডেকাই এভাৰ কেতুৰি খানি হাটলৈ নি এদা বুলি বেচিবলৈ বুধি পাতিলে; আৰু সেইদৰে সেইদিনাৰ আন এঠাইৰ আন এটা চেঙেলীয়া ডেকায়ো এভাৰ ভোমলতিৰ গুটি পাৰি লৈ জলুক বুলি হাটত বেডিবলৈ কাৰবাৰ কৰি হাতৰৱা হৈ যাবলৈ ধৰিলে। জালুকৰ বেপৰী আৰু এদাৰ বেপৰী দুয়োৰো বাটত ভেটাভেটি হ’ল। কোনে কি বেচিবলৈ লৈ গৈছে “এককাই, বুলি দুয়ো সোধাসুধি কৰি জানিব পাৰি জালুকৰ বেপাৰীয়ে ক’লে– “এ ককাই মোৰ বাৰীত এইবাৰ জালুকেই উপচি হ’ল। আজি এইভাৰ লৈ আহিছোঁ, আধামুলীয়াকৈ পালে দি গুচি যাম।” কোনেনো দুপৰলৈকে খাপ লৈ থাকিবা দেওহে?” তাৰ কথা শুনি এদাৰ বেপাৰীয়ে ভাবিলে, ইয়াক মোৰ কেতুৰিভাৰ দি ইয়াৰ জালুকভাৰ লৈ যাব পাৰিলে ভাল হয়। তাকে ভাবি সি মাত লগালে– “এৰা ভাই, মোৰো সেয়ে হ’ল মোৰ বাৰীতো এইবাৰ এদা উভৈনদী হৈছিল। ময়ো সেইদেখি এইভাৰ লৈ আহিছোঁ, লৰালৰিকৈ বেচি গুচি যাব পাৰিলে ৰক্ষা পাওঁ। বেলি দুপৰলৈকে বহি থকাতকৈ ময়ো পাৰিলে আধামূলীয়াকৈ এদা ভাব দি গুচি যাম বুলি ভাবিছোঁ। “তাৰ কথা শুনি জালুক বেপাৰীয়ে ভাবিলে– “মোৰ ভোমলতিৰ গুটিভাৰ ইয়াক দি ইয়াৰ পৰা এদাভাৰ লৈ যাব পাৰিলেও বেয়া নহয়। ইয়াকে ভাবি সি মাত লগালে– “মোৰ ঘৰতো এদা নাই, চপাৰচেৰেক ময়ো নিব লাগিব হে।” তাৰ কথা শুনি এদাৰ বেপৰীয়ে ক’লে– “মোৰ ঘৰতো জালুক নাই, সেবচেৰেক ময়ো নিম বুলি ভাবিছোঁ।” দুয়ো এইদৰে কথা হোৱাৰ পিছত জালুকৰ বেপাৰীয়ে ক’লে– “ককাই, তুমি যদি এদাভাৰ আধামূলীয়াকৈ দিবলৈ ওলাইছা, ময়ো মোৰ জালুকভাৰ আধামূলীয়াকৈ দিম বুলি ভাবিছোঁ, তেন্তে আমিনো দুয়ো পোনেই সলাই নথওঁ কিয়?” এদা বেপাৰীয়ে এই কথা শুনি ৰং পাই ক’লে– “বেছ কথা, আহা, আমি তাকে কৰোঁ।” এইবুলি এদাৰ বেপাৰীয়ে জালুকভাৰ আৰু জালুকৰ বেপাৰীয়ে এদাভাৰ লৈ দুফালে গুচি গৈ অলপ আঁতৰ হৈ দুয়ো দুয়োকো নেদেখা হ’ল দুয়ো ফিৰিঙতি ভগাদি ভাগিল।
দুয়ো দুইকো ঠগিলোঁ বুলি ভাবি মনে মনে বং পাই ঘৰ পাই দুয়ো নিজৰ নিজৰ ভাৰ মৌল চাই দেখিলে, যে দুয়ো সমান, কোনেও কাকো বলে নোৱাৰিলে। এই ঘটনাৰ ভালেমান দিনৰ পিছত এদিন দৈবাৎ আকৌ সেই হাটতে। দুয়োৰো দেখা হ’ল জালুত ভাৰৰ গৰাকীটোৱে কেতুৰিভাৰৰ গৰাকীটোক “হেৰা একাই, সেইদিনা ভালুকভাৰ কেনে পালা?” বুলি সুধিলে কেতুৰিৰ গৰাকীয়ে ক’লে– “এদাভাৰ যেনে পালা তেনেকুৱাই।” এইদৰে কথা-বার্তা পাতি দুয়ো দুইকো শলাগি ক’লে– “আমি দুয়ো যোৰ হৈছোঁহক, আহা আমি দুয়ো সখি বান্ধোহঁক।” এইবুলি দুয়ো সখি বন্ধাই লগ লাগি লোকক ঠগাই ধন ঘটিবৰ মনেৰে এঠাইলৈ ওলাই গ’ল। দুয়ো গৈ এঘৰ বামুণৰ ঘৰ পালেগৈ। সিহঁতে বামুণক “আমি কাম-কাজ বিচাৰি ফুৰিছোঁ” বুলি ক’লে, বামুণে সিহঁতক নিজৰ ঘৰতে বনুৱা কৰি ৰাখিলে। জালুকৰ বেপাৰীক বামুণে তেওঁৰ কপিলী গাইজনী ৰাখিবলৈ দিলে আৰু এদাৰ বেপাৰীক তুলসীজোপাৰ গুৰিত পানী দিবলৈ। লগালে। বামুণৰ কপিলী গাইজনী বৰ দুষ্ট আৰু চুৰণী; তাইক জালুক বেপাৰীয়ে। এখম্ভেকো এৰি দিব নোৱাৰে। দিলেই তাই লৰি গৈ লোকৰ বাৰীত সোমাই শাক-পাচলি, ধান-চাউল খাই আধা কৰে। তুলসীজোপাও এনে আকলীয়া যে তাৰ গুৰিত যিমানেই পানী দিয়া যায়, সেই পানী থিতাতে নাইকিয়া হয়। সিটোৱে গৰু ৰখি ইটোৱে তুলসীজোপাৰ গুৰিত পানী দি হাইৰাণ, দুয়ো ওৰে দিনটো সেই কাম দুটা কৰি সুৰ্তিকে নোপোৱা হ’ল। সেইদেখি দুয়ো পেটে পেটে ভাবিলে যে সিহঁতৰ বন দুটা সাল-সলনি কৰি দুয়ো দুইকো ঠগিব।
ইয়াকে ভাবি এদিন গৰখীয়াই পানী আনি দিওঁতাক সুধিলে– “সখি, তোমাৰ কামটো কেনে? মই হ’লৈ মোৰটো বৰ সুখৰ পাইছোঁ। গাইজনী হাবিলৈ খেদি দিওঁ আৰু মই ফক্তি মাৰি ওৰে দিনটো গছৰ তলত শুই থাকোঁ। গধুলি হ’লেই গাইজনী খেদি আনি গোহালিত বান্ধি থৈ দিওঁ।”তাৰ কথা শুনি পানী দিওঁতাই ক’লে– “মোৰটো কাম একোৱেই নহয় বুলিব লাগে; দিনটোৰ ভিতৰত এঘটি বা দুঘটি পানী আনি তুলসীৰ গুৰিত দিওঁ আৰু তাৰ পিছত দিনৰ দিনটো শোৱা-বহা, যেই কৰা সেই।” দুয়োৰো কথা দুয়ো শুনি গৰখীয়াই পানী দিওঁতাৰ কাম আৰু পানী দিওঁতাই গৰখীয়াৰ কাম কৰি চাবলৈ মন কৰি পিছদিনা দুয়ো সাল-সলনি কৰি ল’লে৷ গধূলি দুয়োৰে দেখা হ’ল, গৰখীয়াই পানী দিওঁতাই উত্তৰ দিলে– “তুমি যেনে পালা?” ইয়াৰ পিছত দুয়ো দুয়োকো শলাগি ক’লে– “যে তই তুলসীজোপাৰ গুৰিত ইমানবোৰ পানী দিয়া যায়, সেই পানীবোৰ থিতাতে কলৈ শুনহ মায়া লাগি। ইয়াকে দুয়ো পাখি, বাতি বামুণ শুলে, কোৰ এখন আমি তুলসীজোপা খানি তুলি চাই দেখিলেমে তাৰ তলতে পাঁচহাতমা দ এটা ডাঙৰ গতি আছে। আলুক বেপাৰীক এদা বেপাৰীয়ে ক’লে– “সখি, তুমি নামি চোৱাগৈ গাঁতটোত কি আছেy” আলুক বেপাৰী নামি গৈ দেখিলে যে গাঁতটোৰ তলিত কেবাকলহো বাপ আছে। সি লৰালৰিকৈ গাঁতৰ পৰা উঠি আহি সেই কথা ইটোক ক’লে. দুয়ো তেতিয়াই সিহঁতৰ গাৰ বৰকাপোৰ দুখনৰ দুটা ডাঙৰ মোলা সাঁলে। এদাৰ বেপাৰীয়ে জালুকৰ বেপাৰীক ক’লে– “সখি, তুমি এটা মোনা লৈ গাঁতলৈ নামি যোৱা আৰু সেই মোনাত এমোনা ৰূপ ওবাই গাঁতৰ ওপৰলৈ তুলি দিবা। তাৰ পিছত ইটো মোনাও মই পেলাই দিম। আকৌ তাত তুমি ৰূপ ভৰাই তুলি দিবা।” এইদৰে আলটি আলুক বেপাৰীয়ে এমোনা ৰূপ গাঁতৰ তলিৰ পৰা ওপৰলৈ দিলে, এদা বেপাৰীয়ে সেইটো তুলি লৈ সিটো মোনা গাঁতৰ ভিতৰত পেলাই দিলে। জালুক বেপাৰীয়ে ভাবিলে, যদি এই মোনাটোসি তুলি অকলৈ ৰূপবোৰ ল’বৰ মনেৰে মই গতিৰ পৰা উঠাৰ আগেয়ে লৰালৰিকৈ সি মাটি দি মোক পুতি পেলায়, তেন্তে কথাৰ ওৰেই পৰিব। সেইদেখি জালুক বেপাৰীয়ে বুধি কৰি পিছৰ মোনাটো অলপ ৰূপ ভৰাই, তাতে নিজেই সোমাই সখিয়েক মাত লগালে– “সখি, এই মোনাটো তুমি টানি তোলা, বৰ গধুৰ, মই অক’লে নোৱাৰিম।” এই কথা শুনিয়েই এদাৰ বেপাৰীয়ে সেই মোনাটোও টানি তুলিলে আৰু জালুক বেপাৰীয়ে ভবা কথাকে থিতাতে কৰিলে। গাঁততে জালুক বেপাৰীক পুতি থকৰ মনেৰে সি ধুম্ধামকৈ গাঁতৰ পাৰৰ মাটি গাঁতত পেলাই দি, তাক গাঁতত পুতিলোঁ বুলি ভাবি ভাৰ কৰি মোনা দুটা লৈ নিজৰ ঘৰমুৱা হৈ গুচি গ’ল। সেইদেখি সি অলপ জিৰাবৰ মনেৰে বাটৰ এঠাইত এজোপা গছৰ তলতে ভাৰখন থৈ বহিল। বৰ কষ্ট কৰা বাবে তাৰ পিয়াহো লাগিল, সেইদেখি সি ভাৰখন তাতে এৰি বাটৰ কাষৰে পুখুৰী এটাত পানী খাবলৈ নামিল। সি যেই পুখুৰীত নামিল, ইফালে মোনাৰ ভিতৰৰ পৰা সখিয়েক লাহেকৈ ওলাই ভাৰখন লৈ সাউত্কৰে পলাল সি পানী খাই উভতি আহি দেখে যে ভাৰখন নাই ৷ তেতিয়াহে সি বুজিলে যে তাৰ সখিয়েকে বুধিৰ ছলিলে। “মই বুজিবই নোৱাৰিলোঁ যে কটাৰ পো মোনাতে মোৰ কান্ধত উঠি আহিছিল।” এইবুলি ইস্ ইস্ আস্ আস্কৈ বেজাৰ কৰি ঘৰ পালেগৈ।
Read Also: সাধুকথা: লখিমী তিৰোতা | Lokhimi Tiruta Hadhu Kotha
বহুত দিনৰ মূৰত আকৌ এদিন দুই সখিয়েকৰ দেখাদেখি হ’ল জালুক বেপাৰীয়ে ক’লে– “সখি, তুমি মোক ভাল গাঁততে পুতি থৈ আহিছিলা ?” ইটোৱে উত্তৰ দিলে– “যোৱাহে, তুমি ৰূপগালো নিলা, মোৰ কান্ধতো উঠি আহিলা।” এইদৰে দুয়ো আলাপ কৰি আকৌ খস্তেকতে মহামিত্ৰ হৈ পৰিল। এদা বেপাৰীটোৰ কিন্তু মনৰ পৰা বেজাৰ নগ’ল যে জালুক বেপাৰী তাৰ কান্ধত উঠিল। ইয়াৰ কিছুদিনৰ পিছত এদা বেপাৰীয়ে এদিন বুধি এটা সাজি তাৰ ঘৈণীয়েকক ক’লে যে “মই শোৱা পাটীয়ে শুই থাকোঁ, তই মোৰ মূৰে-গায়ে কাপোৰ এখন দি মোক ঢাকি মই মৰিলোঁ বুলি বহি বহি কান্দ আৰু এটা মানুহ লৰুৱাই সখিৰ ওচৰলৈ পঠিয়াই বাতৰি দে যে মই মৰিলোঁ। সি যেতিয়া আহি পাবহি, তেতিয়া তাক কবি, মৰিবৰ সময়ত মই তোক বিশেষকৈ গৈছোঁ যে মোক যেন আনে নুছুই কেৱল মোৰ মৰমৰ সখিয়েহে ছোৱে আৰু সখিয়েহে কান্ধত তুলি পুৰিবলৈ লৈ যায়।” তাৰ ঘৈণীয়েকে সেইদৰেই সকলো ক’লে, জালুক বেপাৰী সখিয়েকে সকলো কথা শুনি কথাটো ফাকি বুলি বুজিলে আৰু মিছাকৈ কান্দি চকুপানী উলিয়াই সথিয়েকৰ ঘৈণীয়েকক ক’লে– “মোৰ সখিসেই যেতিয়া গ’ল, আমাৰ সকলো শূন্য হ’ল। এই ঘৰ, এই বাৰী, এইবোৰ কোনে খাব, কেলৈ লাগিছে?” সেইবোৰ দেখিলে সখিলৈ মনত পৰি ধম্ধম্ কৰে আমাৰ বুকুত জুইহে জ্বলিব!” এইবুলি সি মিছাকৈয়ে বুকুত ভুকুৱাই কান্দি-কাটি দাখন লৈ গৈ বাৰীত সোমাই জালুক, পাণ, টেঙা আদি লাগতিয়াল গছবোৰ ঘপ্ ঘৃপ্ কৰে কাটি খাস্তাং কৰিলে। তাৰ পিছত মৰা সখিয়েকৰ ওচৰলৈ আহি তাৰ ঘৈণীয়েকক ক’লে– “মই অক’লে মোৰ সখিক বলে নোৱাৰিম; সেইদেখি দোছোৱাকৈ কাটি এছোৱা এছোৱাকৈ মৰিশালিলৈ লৈ যাওঁ।” এইবুলি সি মিছামিচিকৈ টোৱাই-ভিৰাই দাখন জোকাৰি কোব মাৰিব খোজোতেই ভয়ত এদাৰ বেপাৰী একেচাবেই উঠি বহিল। তেতিয়া দুয়ো হাঁহিবলৈ ধৰিলে৷ এদাৰ বেপাৰীয়ে ক’লে– “সখি, হৈছে, আৰু নালাগে। মই তোমাৰ কান্ধত উঠিব নোৱাৰিলোঁ লাভৰ ভিতৰত মোৰ বাৰীৰ গছ-গছনিবোৰ গ’ল; মোতকৈ তোমাৰ বুধি বেছি।”
কাকাদেউতা আৰু নাতি লʼৰা আৰু বুঢ়ী আইৰ সাধুৰ দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। সাধুকথা: দুই বুধিয়ক এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। সাধুকথা: দুই বুধিয়ক এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে সাধুকথা: দুই বুধিয়ক এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।