সাধুকথা: বুদ্ধিমান কাউৰী | Hadhu Kotha: Buddhiman Kaouri, সাধুৰ সফুৰা পুথিৰ পৰা সংগ্ৰহ, সাধুকথা: বুদ্ধিমান কাউৰী, সাধুকথা, অসমীয়া কাহিনী, সাধুকথা: বুদ্ধিমান কাউৰী, শিশুৰ বাবে কাহিনী
পুৰণি কালত হাবি জংঘলেৰে ভৰা এটা পাহাৰত এটা বয়সীয়াল অজগৰ সাপ বাস কৰিছিল। সি ভোক লাগিলেই পাহাৰৰ ওপৰৰ পৰা নামি আহে আৰু তলত চৰিবলৈ অহা গৰু পোৱালি, ছাগলীবোৰ তপৰ তপৰকৈ গিলি পেট পেলাই পৰি থাকেগৈ। এইদৰে অজগৰে আৰামত জীৱন কটাই আছে। সেই পাহাৰতে এটা জ্ঞানী দয়ালু ঢোৰা কাউৰী আছিল। সদায় পাহাৰৰ তললৈ চৰিবলৈ অহা গৰু ছাগলীৰ পোৱালিবোৰ অজগৰটোৱে খোৱা দেখি তাৰ বৰ বেয়া লাগিল।
এদিন অজগৰটোৰ ওচৰলৈ কাউৰীটো গৈ ক’লে-
: “তই বাৰু সদায় ভগৱানে সংসাৰলৈ পঠোৱা গৰু ছাগলীবোৰ যে ধৰি খাই পেট ভৰাব তোৰ অকণো বেয়া নালাগেনে ? সিহতৰোতো মাক আছে। তোৰ নাই নেকি ? তোৰ এই পাপৰ ফল ভূগিবই লাগিব।”
অজগৰে কেৰাহিকৈ ঢোৰা কাউৰীলৈ চাই ক’লে-
: সৰু সুৰা বস্তুৰে মোৰ দেখোন পেটেই নভৰে। ভোক লাগিলে নাখালেও নহয়, চাচোন মোৰ পেটটো কিমান ডাঙৰ ? ভোকৰ সময়ত দয়া মমতাৰ কথা মনলৈ নাহে জান ? তোৰ পেটটো একেবাৰে সৰু অকণমান বস্তু খায়েই পেটটো ভৰাব পাৰ মইতো নোৱাৰো। তই কি দয়া মমতা ভা লগা বেয়া লগাৰ কথা বুজাবলৈ আহিছ ? তোকো মই একে উশাহতে খাই পেলাব পাৰো।
Read Also: Class 9 Assamese Question Answer
কাউৰীয়ে অজগৰৰ কথা শুনি ভয়তে কা কা বুলি উৰি গৈ ওচৰৰে শিমলু গছ জোপাৰ ওপৰত উঠি অজগৰক জোকাবলৈ ধৰিলে। পেট পেলাই পৰি থকা গেৰেলা অজগৰে চকু টিপিয়াই পৰি থাকিল।
কাউৰীয়ে মনে মনে বহি কেনেকৈ অজগৰক এশিকনী দিব পাৰি ভাবিবলৈ ধৰিলে।
ওচৰতে এখন ডাঠ হাবিৰে ভৰা এটা পাহাৰ আছিল। তাতে এজাক বনৰীয়া হাতী বাস কৰে। ঢোৰা কাউৰী উৰি উৰি গৈ হাতীৰ জাকটোৰ মাজৰ দতাল হাতীটো বহি থকা দেখি কাউৰী তাৰ ওচৰ পালেগৈ। কাউৰীয়ে হাতীৰ ওচৰ চাপি ডাঙৰ ডাঙৰকৈ কা কা বুলি চিয়ৰিলে। হাতী ঘোৰ টোপনিত মগ্ন। কাউৰী লাহেকৈ হাতীৰ পিঠিত উঠি ল’লে। হাতীয়ে সাৰ পাই কিবা মহ-ডাহে কামুৰিবলৈ আহিছে বুলি কাণখন লৰাই দিলে। কাউৰীয়ে হাতীৰ কাণৰ বতাহ পাই বৰ আৰাম পালে আৰু লাহে লাহে পাখীদুখন মেলি আৰাম কৰি বহি ল’লে।
লাহে লাহে হাতীৰ টোপনি ভাগিল। কাউৰী হাতীৰ পিঠিৰ পৰা নামি সন্মুখলৈ আহি ক’লে-
“বৰদেউতা ! তোমাৰ পৰা এটা বুদ্ধি বিচাৰি তোমাৰ ওচৰলৈ আহিছো।
: কি বুদ্ধিনো লগা হ’ল কেনেকৈ সহায় কৰিব পাৰো কোৱাচোন। তোমালোকক কোনোবাই অপকাৰ কৰিছে নেকি ?
ঢোৰা কাউৰীয়ে এটা চকু টিপ মাৰি সেপ ঢুকি লৈ ক’লে-
: আমাক একো কৰা নাই আমাৰ সৌ পাহাৰটোতে বাসস্থান। তাত বিৰাট অজগৰ সাপ থাকে। সি সদায় পাহাৰটোৰ নামনিত চৰিবলৈ অহা গৰু পোৱালি ছাগলীবোৰ ধৰি গোটে গোটে গিলি লৰিব নোৱাৰা হৈ পৰি থাকে। সেই বিলাক হজম হ’লেই পাহাৰৰ ওচৰলৈ উঠি যায়। সদায় তাৰ এনে নিৰ্মম কাণ্ড দেখি আমি সহ্য কৰিব নোৱাৰি তাক কেনেকৈ এশিকনী দিয়া হয় তাৰে বুদ্ধি বিচাৰি তোমাৰ কাষলৈ আহিছো।
: তুমি সদায় দেখি আছা বেয়া লগাটো স্বাভাৱিক। মোৰ শুনিয়েই বেয়া লাগিছে ৰ’বা এটা উপায় চিন্তা কৰিব লাগিব।
সেই সময়তে ফুৰিবলৈ যোৱা হাতীবোৰ আহি গোট খালে। গোটেই হাতীৰ জাকটো দেখি ঢোৰা কাউৰী গৈ গছৰ ডালত উঠিলগৈ।
লাহে লাহে সন্ধিয়া হৈ আহিবলৈ ধৰিলে। বাকী জন্তুবোৰ যেনে বাঘ, ভালুক, সিংহ, শিয়াল আদি আহি নিজৰ নিজৰ বাসগৃহত গোট খালেহি। দতাল হাতীয়ে সকলোকে মাতি আনি এখন সভা পাতি ঢোৰা কাউৰীয়ে কোৱা কথাখিনি জনালে। অজগৰক কেনেকৈ কি কৰা হয় তাৰে আলোচনা চলিল। চিন্তা কৰি বাঘ আৰু সিংহয় হাতীৰ আগত ব্যক্ত কৰিলে যে সিহতি অজগৰক ধ্বংস কৰা কাৰ্য্য বিচাৰি পাইছে। বাঘে ক’লে- “মই মোৰ হাতোৰাৰে অজগৰৰ গাত এনেকুৱা আচোৰ বহুৱাম অজগৰৰ ছাল ফাটি ঘা লাগি বিষত অজগৰ উঠিব নোৱাৰা হৈ থাকিব।”
সিংহই ক’লে- “আমি দুয়ো দুফালৰ পৰা তাক আকুহিব নোৱাৰিলে সি সহজে অলৰ-অচৰ হ’ব নোৱাৰিব।” বাঘক ক’লে- তুমি যদি নেজৰ পৰা আকোহা মুখেৰে তোমাকো গিলি থ’ব পাৰে আৰু মূৰৰ ফালৰ পৰা আকুহিলে তোমাক নেজডালেৰে পাক মাৰি ধৰিব পাৰে গতিকে আমি দুয়ো মিলি যদি কামটো কৰো তেতিয়াহে ফল ধৰিব। তুমি মূৰৰ ফালৰ পৰা মই ভৰিৰ ফালৰ পৰা আকুহিব পাৰিলে সি আৰু লৰচৰ কৰিব নোৱাৰা হৈ পৰিব।
হাতীয়ে বাকী বিলাককো কেনোবাই বেলেগ বুদ্ধি ভাবিছে নেকি সুধিলে। শিয়ালে ভয়তে অজগৰৰ কাষ চপাৰ কথা ক’বই নোৱাৰিলে। ঢোৰা কাউৰী আহি সভাত উপস্থিত হৈ ক’লে-
: বৰদেউতা ! মই সকলোতকৈ সৰু হ’লেও এটা বুদ্ধি ভাবিছো। মোৰ লগত পাটি কাউৰী আৰু শিয়ালে সহায় কৰিলে ভাল হয়।
: কোৱাচোন তুমিনো কি বুদ্ধি ভাবিছা যিটো কৰিলে অজগৰৰ দৰ্প চুৰ্ণ হয়।
: বাঘ আৰু সিংহই যিটো বুদ্ধি খটুৱাব খুজিছে, সেই বুদ্ধিত অজগৰ নমৰিবও পাৰে সেই বাবে মই ভবা বুদ্ধিটোকে কও শুনাচোন।
Read Also: কুকুৰৰ সততাৰ কাহিনী | Kukuror Hototar Kahini
শিয়ালে এটা মৰা হৰিণা আনি দিয়ক, মই পাটি কাউৰীক কৈ দুটা বৰশী গোটাম মৰা হৰিণাটোৰ মুখতে দুটা বৰশী ভৰাই দিম। বাঘে সিংহই আকোহাৰ পিছত বিষত উঠিব নোৱাৰা হৈ পৰি থকা অৱস্থাত মৰা হৰিণটো ভালুকে থৈ আহিব আৰু আনন্দত অজগৰে হৰিণাটো খোৱা আৰম্ভ কৰিব। হৰিণাৰ মুখত থকা বৰশীয়ে অজগৰৰ ডিঙিত বিন্ধি ধৰিলে সি আৰু জীয়াই থকাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে।”
সকলোৱে কাউৰীৰ বুদ্ধিত বা: বা: জনালে। পিছৰ দিনা অজগৰ ধ্বংস কাৰ্য্য আৰম্ভ কৰিলে। গৰু ছাগলীৰ পোৱালি খাই ঢোল যেন পেটলৈ অজগৰৰ টোপনি। শিয়াল মৰা হৰিণা বিচাৰি ওলাল। কাউৰীয়ে নদীত বৰশী বোৱা মানুহৰ পৰা দুটা বৰশী গোটালে। শিয়ালেও এটা মৰা হৰিণা চোচোৰাই চোচোৰাই আনি গোটালে। দেখিয়েই গছৰ ডালৰ পৰা কাউৰীয়ে আনন্দত গাবলৈ ধৰিলে-
শিয়ালে হৰিণা আনে চা চা চা
অজগৰৰ যমৰজা বা: বা: বা: ।
কাউৰীয়ে বৰশীৰ কাইট লৈ গছৰ পৰা নামি আহিল। শিয়ালৰ যোগেদি মৰা হৰিণাটোৰ মুখত বৰশী কাইট দুটা ভৰালে।
সকলো পশু-পক্ষী গোট খাই ওচৰ চাপি চাবলৈ আহিল। গৰু ছাগলী যদিও বাঘ সিংহই খায় তথাপি নিষ্ঠুৰতা সময়ত সংযম কৰা শক্তিও নথকা নহয়। অজগৰক মাৰিব পাৰিলে যেন সকলোৱে শান্তি পাব।
শেষত ভালুকে মৰা হৰিণাটো চেচোৰাই মনে মনে শুই থকা অজগৰৰ মুখৰ আগত থৈ আহিলগৈ। অলপ পৰৰ পিছত অজগৰে সাৰ পাই তাৰ বৰ আনন্দ লাগিল। অতি আনন্দেৰে হৰিণাটোক নেজৰ ফালৰ পৰা গিলি যাবলৈ ধৰিলে। সকলো পশু-পক্ষীয়ে আতৰৰ পৰা শেষত কি হয়গৈ চাই থাকিবলৈ ধৰিলে। যেতিয়াই হৰিণাৰ মুখখন অজগৰৰ মুখত সোমালে সকলোৱে নিজৰ নিজৰ ভাষাত আনন্দত চিয়ৰিবলৈ ধৰিলে। হৰিণৰ ডিঙিৰ ভিতৰৰ বৰশীৰ কাইট গৈ অজগৰৰ ডিঙিত বিন্ধিবলৈ ধৰিলে। অলপ সময় ছটফটাই তেজ বমি কৰি শেষ নিশ্বাস ত্যাগ কৰিলে।
বাঘে-সিংহই তাকে দেখি কথা পাতিছে- সিংহই বাঘক ক’লে-
: “বন্ধু আমিও সাবধান হ’বৰ হ’ল। গৰু, ছাগলী, হৰিণা আদি আমিওতো খাই ভাল পাও। এতিয়া যি দেখিছো সকলোৰে সমূহীয়া প্ৰচেষ্টাত কেতিয়াবা আমাৰো প্ৰাণ বায়ু যাব।
বাঘে “হয় বন্ধু” বুলি শলাগিলে আৰু সকলো পশু-পক্ষীৰ লগত আনন্দৰ ভাগ ল’বলৈ আগবাঢ়িল। এচকুৱা কাউৰী বাইদেউক সকলোৱে জয়ৰ মালা পিন্ধাই সম্ভাষণ জনালে। কাউৰীক সম্ভাষণ জনোৱা এটি গীতো গালে-
আঠু কাঢ়ি লৈ হাতীয়ে নাচিলে
সিংহই গালে গান।
বাঘে গুজৰিলে পাহাৰ কপাই
ভালুকে ধৰিলে তান।।
আনন্দত শিয়ালে ৰাওচালি জুৰিলে
কাউৰীয়ে কা-কা।
অকলে যি কাম কৰিব নোৱাৰি
মিলিজুলি কৰিলো চা।।
কাকাদেউতা আৰু নাতি লʼৰা আৰু সাধুৰ সফুৰা দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। সাধুকথা: বুদ্ধিমান কাউৰী এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। সাধুকথা: বুদ্ধিমান কাউৰী এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে সাধুকথা: বুদ্ধিমান কাউৰী এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।