সাধুকথা: আইতাৰ মৰমৰ কলপিঠা | Hadhu kotha: Aitar Moromor Kolpitha

সাধুকথা: আইতাৰ মৰমৰ কলপিঠা | Hadhu kotha: Aitar Moromor Kolpitha, সাধুৰ সফুৰা পুথিৰ পৰা সংগ্ৰহ, সাধুকথা: আইতাৰ মৰমৰ কলপিঠা, সাধুকথা, অসমীয়া কাহিনী, সাধুকথা: আইতাৰ মৰমৰ কলপিঠাশিশুৰ বাবে কাহিনী

পুৰণি কালত এখন গাৱত এহাল বৰ মৰমিয়াল বুঢ়া-বুঢ়ী আছিল। ল’ৰা- ছোৱালী সকলোৱে তেওঁলোকক খুব ভাল পাইছিল। বৰ মৰমেৰে ককা আইতা বুলি মাতিছিল। বুঢ়া-বুঢ়ীৰ কোনো সন্তান নাছিল। গাঁৱৰ সৰু সৰু ল’ৰা-ছোৱালীবোৰক তেওঁলোকৰ চোতালত খেলিবলৈ আহিলে বৰ মৰম আদৰ কৰি সিহতক বাৰীৰ ফলমূল আনি খাবলৈ দিয়ে। ককা-আইতাৰ বাৰীত কল, নাৰিকল, ৰবাব টেঙা, লেতেকু, পনিয়ল, আম, জাম, মধুৰীয়াম, আমলখি আদিৰে বাৰীখন ভৰি থাকে।

ককা-আইতাৰ চোতালত খেলিবলৈ অহা ওচৰ চুবুৰীৰ ল’ৰা-ছোৱালীয়ে বতৰৰ যি ফল হেপাঁহ পলুৱাই খাই আনন্দ কৰে। তেওঁলোকৰ চোতালখন সৰু সুৰা এখন পথাৰ। তাতে জুম পাতি পাতি ল’ৰা-ছোৱালীয়ে খেলা কৰিব পাৰে। কোনোবাই খেলে ‘লুকা-ভাকু’, কোনোবাই ‘হাইগুদু-নুগুদো’, কোনোবাই পাৰ-পানী, কোনোবাই ৰুমাল চুৰি এইবিলাক খেলা কৰিবলৈ সদায় আবেলি সময়ত ককা-আইতাৰ চোতালত ল’ৰা-ছোৱালী গোট খোৱা দৈনন্দিন তালিকাত পৰিণত হৈছিল।

Read Also: সাধুকথা: বুদ্ধিমান কাউৰী | Hadhu Kotha: Buddhiman Kaouri

বুঢ়া-বুঢ়ীৰ পথাৰখন শিশুসকলৰ ৰং-ধেমালীৰে মুখৰিত হৈ থাকে।

ককাই এদিন পথাৰখনৰ এটা চুকত দুজনী ছোৱালীয়ে কৰা খেলা এটা চাই বৰ মুগ্ধ হৈছিল। দুজনী ছোৱালীয়ে মুখামুখিকৈ বহি হাত দুখনৰ তলুৱা দুখন মাটিত পেলাই লৈছিল। এজনীয়ে গাইছিল এইদৰে-

           উকুলি মুকুলি দুকুলি কাহী

           আদৌ দৌ ডোমৰ দাহী,

            আম পাতে জাম খায়

            কঠাল পাতে সুহুৰীয়াই

            কি কি চৰাইৰ কি কি নাও

            সোণৰ চৰাই বঠা বাওঁ।

            মুজুল মুজুল কঠাল পাত 

            এইখন এৰি এইখন কাট।

যিখন হাতত কাট শব্দটো পৰে সেই খন ভাঙি সিজনীয়ে তাইৰ হাতখন পাতি দিয়ে। কাট শব্দৰ লগে লগে চাই থকা সকলৰ চিঞৰ-বাখৰ আৰম্ভ হয়। 

ককা-আইতাই খেলৰ শেষত সকলোকে বাৰীৰ পৰা আনি থোৱা বতৰৰ ফলমূল খাবলৈ দি আনন্দ পায়।

এদিন কেইটামান ল’ৰা-ছোৱালীয়ে কৈ গ’ল-

: আইতা আমাক কালিলৈ কলপিঠা খুৱাবা দেই।

: বাচাহত খুৱাম বাৰু, আহিবিহক, পিছে মোৰ এটা বস্তু নাই সেইটো নহ’লে পিঠা সোৱাদেই নহ’ব।

: কি আইতা ? আমি আনি দিম কোৱা।

: গুড়, গুড় হ’লেহে পিঠাখন সোৱাদ হ’ব।আটাইকেইটাই চিয়ৰি ক’লে-

: আইতা আমি গুড় আনি দিম আপোনাৰ হাতৰ কলপিঠা খামেই। 

পিছৰ দিনা আইতাই শিশুহতলৈ কলপিঠা কৰিবলৈ ঢেকীত চাউল গুৰি কৰিলে। ককাই ঢেঁকী দিলে আইতাই চালি পিঠাগুৰি কৰিলে। ৰাতিপুৱা ল’ৰা তিনিজনে গুড়ৰ টেপোলা আইতালৈ লৈ আহোতে বাটতে এটা বান্দৰে গছৰ পৰা জাপ মাৰি আহি এটা গুড়ৰ টোপোলা এজনৰ হাতৰ পৰা লৈ গছৰ ওপৰলৈ উঠি তৃপ্তিৰে খালেগৈ। বাকিকিটা ল’ৰাই দৌৰি পলাই আইতাক গুড়খিনি দিলেগৈ। বান্দৰে যে বাটতে থপিয়াই এটা টোপোলা লৈ গ’ল তাকো জনালে। আইতাই বৰ দুখ পালে। দুপৰীয়া ভাত খাই বুঢ়া-বুঢ়ীয়ে অকণমান জিৰণি লৈ মৰমৰ নাতিহতলৈ কলপিঠা কৰিবলৈ আৰম্ভ কৰিলে। আইতাই তিনিখৰাহী কলপিঠা সেকি ল’ৰা-ছোৱালীবিলাক অহালৈ বাট চাই বহিল।

আবেলি ল’ৰা-ছোৱালীবিলাকে পথাৰত গোট খাই নিজৰ নিজৰ মন পচন্দৰ খেলা জুমপাতি খেলিবলৈ আৰম্ভ কৰিলে। সেইদিনা হাঁহি-ফুৰ্তি অলপ বেছিকৈ কৰিছিল কাৰণ শেষত আইতাৰ কলপিঠা খাবলৈ পাব।

সোনকালে খেলা সামৰি আইতাৰ ঘৰৰ কাষত আটাইবিলাক গোট খালে। তাৰে এজন ল’ৰাই পদ্যৰ সুৰত সকলোকে লগাই গাবলৈ দিলে-

      “আইতা অ’ আইতা আমি খাম পিঠা,

      মৰমৰ আইতাৰ মাতষাৰো মিঠা।

      ককা আৰু আইতা একেলগে আহা,

      দুখৰাহী পিঠা লৈ পিৰালীতে বহা।

      নাতিহতে পিঠা খাব আইতাই দিব,

      নাহিহতে আনন্দৰ লহৰ তুলিব।”

ককা-আইতাই শুনি পাৰে মানে হাহিবলৈ ধৰিলে। দুয়ো দুটা পিঠাৰ খৰাহী লৈ সিহঁতৰ মাজলৈ আহিল। দুটামানৰ নাকেৰে সেঙুন বৈ অহা দেখি আইতাই আচলেৰে মুচি চাফা কৰি পিঠা খাবলৈ দিলে।

আটাইবিলাক ল’ৰা-ছোৱালীয়ে বৰ তৃপ্তিৰে কলপিঠা খালে।

পিছৰ দিনাও সদায় গোট খোৱাৰ দৰে চোতালত খেলিবলৈ ল’ৰা-ছোৱালী আহিল। খেলি থাকোতে মন কৰিলে “আইতা দেখোন আজি আমাৰ ওচৰলৈ অহা নাই কি হ’ল !”

আইতা ! আইতা ! বুলি মাতি মাতি কেইটামান ল’ৰা-ছোৱালী ভিতৰলৈ গৈ দেখিলে আইতা বিচনাত পৰি আছে ককা ওচৰতে বহি আছে।

: ককা ! আইতাৰ কি হৈছে ?

: বাচাহত আইতাৰৰ ৰাতিৰ পৰাই জ্বৰ উঠিছে, গাৰ বিষ হৈছে অ’।

: ককা ! আপুনি উঠক আমি আইতাৰ মূৰ পিটিকি দিওঁ।

ককা উঠি দিলে- দুটাই আইতাৰ ভৰি পিটিকি দিলে ছোৱালী দুজনীয়ে মূৰটো মহাৰি দিলে।আইতাই মাত লগালে-

: বোপাহত তহতি মোক শুশ্ৰূষা কৰিব নালাগে মই কালিলৈকে ভাল হৈ উঠিম সাধাৰণ জ্বৰহে হৈছে।

: আইতা আপোনাক খেলাৰ সময়ত নেদেখিলে আমাৰ খেলিবৰ মন নাযায়। সোনকালে ভাল হওক।

কেইটামান ল’ৰা-ছোৱালীয়ে পথাৰতে গোট খাই প্ৰাৰ্থনা কৰিলে।

“ভগৱান ! আমাৰ আইতাক সোনকালে ভাল কৰি দিয়া। আইতা আমাৰ সকলোৰে বৰ মৰমৰ।”

কোনোবা ল’ৰা-ছোৱালীয়ে পিছদিনা মাকক খুজি মৰমৰ আইতাকলৈ গাখীৰ আনি খুৱাই থৈ গ’ল, কোনোবাই ডালিম গুটি ওচৰত দি থৈ গ’ল, আটাইবিলাকে সেইদিনা আইতাৰ আমনি হ’ব বুলি খেলিবলৈও আগ নাবাঢ়িল। খবৰ কৰিবলৈহে আহিল।

ককাই বাৰীৰ পৰী ৰবাব টেঙা আনি কাটি সকলোকে খাবলৈ দিলে। ল’ৰা- ছোৱালীয়ে তাৰে অকণ অকণ আইতাকো খুৱালে।

লাহে লাহে মৰমৰ আইতাজনী ভাল হৈ উঠিল। ভগৱানে কণ কণ মইনাহতৰ প্ৰাৰ্থনাত সন্তুষ্ট হ’ল। ওচৰ চুবুৰীৰ ঘৰৰ মাতৃসকলো আইতাৰ ঘৰলৈ আহি হাঁহি ফুৰ্তিৰে কথা পাতিবলৈ বৰ ভাল পায়।

এগৰাকীয়ে সুধিলে-

“মাহী গাটো অলপ ভাল পাইছেনে ? আমাৰ ল’ৰাহতে আপোনাৰ মৰমতে ইয়াত খেলিবলৈ আহে, আপুনি কালি বোলে বৰ সুন্দৰ কলপিঠা খুৱালে ?

: এ সেইটোনো কি কথা, ল’ৰা-ছোৱালীয়ে ভালপোৱা বস্তু ভাল লগা মানুহকহে খোজে সিহতি কিবা এটা বস্তু তৃপ্তিৰে খোৱা দেখিলে বৰ ভাল লাগে জানা ?

Read Also: Class 9 Assamese Question Answer

মইনাহত মৰম চেনেহ শ্ৰদ্ধা ভক্তি আৰু ভগৱানৰ ওপৰত বিশ্বাস সৰুৰে পৰাই অন্তৰত স্থাপন কৰি সজ চৰিত্ৰবান হৈ অমৰ হৈ থাকিবলৈ যত্ন কৰিবাহক।

কাকাদেউতা আৰু নাতি লʼৰা আৰু সাধুৰ সফুৰা দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। সাধুকথা: আইতাৰ মৰমৰ কলপিঠা এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। সাধুকথা: আইতাৰ মৰমৰ কলপিঠা এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে সাধুকথা: আইতাৰ মৰমৰ কলপিঠা এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।

Leave a Reply