গৌৰাংগ তাতী আৰু পৰী | Gourango Tati Aru Pori

গৌৰাংগ তাতী আৰু পৰী | Gourango Tati Aru Pori, সাধুৰ সফুৰা পুথিৰ পৰা সংগ্ৰহ, গৌৰাংগ তাতী আৰু পৰী, সাধুকথা, অসমীয়া কাহিনী, গৌৰাংগ তাতী আৰু পৰীশিশুৰ বাবে কাহিনী

এসময়ত এখন গাৱত গৌৰাংগ তাতী নামেৰে এজন তাতী আছিল। বৰ ধুনীয়া ধুনীয়া কাপোৰ শালত বৈ বিক্ৰী কৰি সেই টকাৰে পেট প্ৰবৰ্তাইছিল। ঘৈণীয়েক ল’ৰা-ছোৱালীৰ সৈতে অতি সুখেৰে আনন্দেৰে দিন কটাইছিল। 

এদিন হঠাতে তাত বৈ থাকোতে গৌৰাংগৰ শালখন মাজতে ভঙি থাকিল। গৌৰাংগৰ হাহাকাৰ অৱস্থা হ’ল। কিমান দিনলৈ কাপোৰ বোৱা বন্ধ হৈ থাকে ঠিক নাই। কাৰণ সেই শালখনৰ মেৰামতিৰ বাবে যিডাল কাঠৰ আৱশ্যক সেইডাল গছ পোৱা বৰ কঠিন। য’তে-ত’তে পোৱা নাযায়। 

হাবিত তেনেকুৱা শালৰ বাবে উপযুক্ত কাঠ বা পায়নে নাপায় তাৰো ঠিক নাই। গৌৰাংগৰ লগতে ঘৰৰ সকলোৰে মনবোৰ বেয়া হৈ যাবলৈ ধৰিলে, যিহেতু সেই শালখনেই আছিল গৌৰাংগৰ পৰিয়ালৰ ভৰণ-পোষণৰ ঘাই পথ।

এদিন পুৱাই খাই বৈ শালখনৰ মেৰামতিৰ বাবে উপযুক্ত কাঠৰ গছ বিচাৰি হাবিলৈ গ’ল। গোটেই দিনটো ঘূৰি ঘূৰি ক’তো তেনে গছৰ সন্ধান নাপালে। গধূলি সময়ত বিমুখ মনেৰে ঘৰলৈ উভতি থোকোতে এজোপ গছৰ ওপৰত গৌৰাংগৰ চকু পৰিল। গছজোপা দীঘল ঠাল-ঠেঙুলী থকা, কিন্তু গা-গছডাল সমান আৰু নিয়মীয়া শকত আছিল। আনন্দমনেৰে গৌৰাংগ সেই গছজোপাৰ কাষলৈ গৈ ভালদৰে গোটেই গছজোপা নিৰিক্ষণ কৰিলে। গছজোপা কটাৰ মনোভাবেৰে তেওঁ কুঠাৰখন ডাঙি লওতেই কি হ’ল শুনাচোন-এজনী সৰু ছোৱালীৰ মাত এটা গছজোপাৰ পৰা অহা শুনিলে।

Read Also: হজৰত মহম্মদ | Hazrat Mohammad

: নাকাটিবা নাকাটিবা মোৰ গছজোপা তুমি কাটিব খুজিছা কিয় ? নাকাটিবা তুমি এই গছজোপা কাটিলে মই ক’ত থাকিম। বহুতদিন এই গছজোপাতে মই বাস কৰি আহিছো। গৌৰাংগ ! মোক নিৰাশ্ৰয় নকৰিবা।

গৌৰাংগই চাৰিওফালে চাই কুঠাৰখন হাতৰপৰা নমাই থ’লে। ভালদৰে চাই দেখিলে সেই গছজোপাৰ ডালতে এজনী বৰ ধুনীয়া ছোৱালী বহি কান্দি কান্দি গৌৰাংগক কথাখিনি কৈ আছে। ছোৱালী নহয় তাই আচলতে অপেশ্বৰী পৰীকন্যা। বৰ ধুনীয়া বগা সাজেৰে সজ্জিত বগা ছোৱালীজনী দেখি গৌৰাংগ থৰ হৈ গ’ল আৰু ক’লে-

: মই বৰ বিপদত পৰিছো কন্যা ! মোৰ শালত কাপোৰ বৈ উপাৰ্জন কৰাই একমাত্ৰ পথ, সেই শালখনেই ভাঙি থাকিল। তাৰে মেৰামতিৰ উপযুক্ত এইডাল গছ দেখি মই কাটি নিবলৈ আহিছো। গোটেই হাবিখনতে উপযুক্ত কাঠ বিচাৰি নাপালো। মাত্ৰ এইজোপাহে শালখনৰ মেৰামতিৰ কামত আহিব। 

গতিকে মই তোমাৰ অনুৰোধ ৰাখিব নোৱাৰিম। গছজোপা কাটিবই লাগিব মা। এইবুলি কুঠাৰখন দাঙি লওতে পৰীজনীয়ে উচুপি উচুপি কান্দিবলৈ ধৰি গৌৰাংগক ক’লে-

: “মোক ৰক্ষা কৰা গৌৰাংগ ! তাৰ পৰিৱৰ্তেতে তুমি যি বিচাৰা মই তাকেই দিম।”গৌৰাংগই ভাবিলে অপেশ্বৰীয়ে যেতিয়া কৈছে যি খোজো তাকেই দিব, এইটো বৰ মূল্যবান পুৰস্কাৰ হ’ব। ময়ো এইটো চলতে ভাল কিবাটো আদায় কৰি ল’ব পাৰিম। কিন্তু কি বিচাৰো ঘৰতো পৰিবাৰৰ লগত আলোচনা কৰি লোৱাই ভাল হ’ব। এইবুলি ভাবি গৌৰাংগই পৰীক ক’লে-

: পৰীকন্যা ! মই বাৰু আজি ঘৰলৈ গৈ পৰিবাৰৰ লগত কি বিচাৰো বুলি আলোচনা কৰি আহিব পাৰোনে ? পৰীয়ে ক’লে-

: যোৱা আজি আলোচনা কৰি কালিলৈ আহিবা। তুমি যি বিচাৰা মই তাকেই দিম গছজোপা কাটি মোক আশ্ৰয়হীন নকৰিবা।

গৌৰাংগই হাঁহি হাঁহি কিবা কিবি ভাবি কান্ধত কুঠাৰখন লৈ ঘৰলৈ যাত্ৰা কৰিলে। বাটতে আৰু এটা ঘটনা ঘটিল। গৌৰাংগৰ চিনাকি শম্ভুনাথ মচিয়াৰক বাটতে লগ পালে। শম্ভুৱে সুধিলে-

: কি হ’ল গৌৰাংগ হাতত কুঠাৰখন লৈ ক’ৰপৰা আহিলা ? ভালে কুশলে আছানে বহুতদিন লগ পোৱা নাই।

গৌৰাংগই শম্ভুৰ ওচৰলৈ গৈ শালখন ভঙাৰ কথাৰ পৰা আৰম্ভ কৰি হাবিত গছ কাটিবলৈ গৈ পৰীৰ লগত হোৱা কথা-বতৰালৈকে গোটেই কথাবোৰ অবগত কৰিলে।শম্ভুৱে ক’লে-

: বৰ ভাল সুবিধা পাইছা, ইচ্ছা কেইটা বা বিচৰা বস্তুকেইটা ভাবি চিন্তি বিচাৰিবা। মই এটা বুদ্ধি দিব খুজিছো।

গৌৰাংগই ক’লে- হয় হয় ভাবি চিন্তিয়েই খুজিব লাগিব। মই ঘৰতো পৰিবাৰৰ লগত আলোচনা কৰি আহোগৈ বুলি ভাবিছো।

: ৰ’বা ৰ’বা শুনাচোন পৰিবাৰৰ কথামতে খুজিলে ঠগ খোৱাৰ সম্ভাৱনাই বেছি। মই এটা বুদ্ধি দিও শুনা- তুমি তোমাৰ নিজৰ এখন ৰাজ্য বিচাৰা সেই ৰাজ্যৰ তুমি হ’ব ৰজা, মই হ’ম মন্ত্ৰী আৰু তোমাৰ পৰিবাৰ হ’ব ৰাণী। আমি বৰ সুখেৰে আনন্দেৰে ৰাজ অট্টালিকাত বাস কৰি জীৱন কটাব পাৰিম। আমাৰ লগত লগুৱা-লিকচৌৰে ভৰি থাকিব। তোমাৰ পৰিবাৰ ধুনীয়া বেশভূষা-আ-অলঙ্কাৰেৰে ৰাণী হৈ থাকিব। বন্ধু বঢ়িয়া হ’ব নেকি ভাবি চোৱাচোন।

গৌৰাংগই কথাটো শুনি বৰ আনন্দ পালে আৰু তাকেই বিচাৰিব বুলি মনটো ঠিক কৰি ল’লে। ৰং মনেৰে ঘৰলৈ আগবাঢ়িল। ঘৰ গৈ পাই পৰিবাৰৰ আগত গোটেই দিনটোৰ ঘটনাবোৰ ক’লেগৈ। পৰিবাৰে শুনি অলপপৰ তলকা মাৰি বহি থাকিল। তাৰ পিছত লাহেকৈ গৌৰাংগক ক’লে-

: তুমি এটা কাম কৰা। তুমি শালত কাপোৰ বৈ বিক্ৰী কৰা উপাৰ্জনৰ বাট মোকোলাই আমাক পোহপাল দি আছা এতিয়া তুমি পিছফালে এটামূৰ আৰু দুখন হাত বিচাৰা। তেতিয়া তুমি আগফালে পিছফালে দুয়োফালে কাপোৰ বব পাৰিবা আৰু তোমাৰ উপাৰ্জনো বেছি হ’ব।

গৌৰাংগৰ মনৰ পৰা শম্ভুৱে কোৱা কথা তল পৰিল আৰু ঘৈণীয়েকে কোৱা কথা মনত সোমাল। সেইটোৱেই বৰ ভাল হ’ব বুলি ভাবি ৰাতিটো কটাই পুৱাই জা-জলপান খাই হাবিলৈ যাত্ৰা কৰিলে। গৈ গৈ সেই পৰী থকা গছজোপাৰ ওচৰ পালেগৈ। পৰী ক’ত আছে গৌৰাংগই চাৰিওফালে চাবলৈ ধৰিলে। পৰীক নেদেখি ভাবিলে মই ভাবি থকা কথাবোৰ মিছা হ’ল নেকি ? পৰী দেখোন নাইকিয়া হ’ল ! আকৌ চাৰিওফালে চকু ফুৰাই দেখিলে গছৰ ডালত ধুনীয়া বগা সাজ পাৰেৰে বগা ফুলৰ মালাৰে সজ্জিত হৈ বহি আছে। গৌৰাংগক দেখা পাই পৰীয়ে মাত লগালে-

: গৌৰাংগ আহিছা ? কি ইচ্ছা কৰিছা কোৱা তুমি যিহকে খোজা মই তাকে দি তোমাক সন্তুষ্ট কৰিম।

গৌৰাংগই ঘৈণীয়েকে কোৱাৰ দৰে পিছফালে এটা মূৰ আৰু দুখন হাত লাগে বুলি পৰীৰ আগত ক’লে। পৰীয়ে হ’ব বুলি কৈ দিয়াৰ লগে লগে গৌৰাংগৰ পিছফালে এটা মূৰ আৰু দুখন হাত লাগি গ’ল। আনন্দত গৌৰাংগৰ মন উথলি উঠিল।

আগফালে পিছফালে দুখন শালত কাপোৰ বব পাৰিব, দুটা মূৰ আৰু হাত চাৰিখন জোকাৰি জোকাৰি ঘৰলৈ উভতিল।

গধূলি হও হও হওতেই চাৰিখন হাত আৰু দুটা মূৰৰ গৌৰাংগক দেখি গাঁৱৰ সকলো মানুহৰ মাজত চিঞৰ-বাখৰ লাগিল। এইটো কি ওলাল অ’ পলা পলা বুলি ল’ৰা বুঢ়া সকলো গাঁৱৰ পৰা পলাবলৈ আৰম্ভ কৰিলে। গৈ শেষত গাওখন জন-শূন্য হৈ পৰিল। গৌৰাংগই নিজকে ৰাক্ষস যেন অনুভৱ কৰি সেই মূৰ আৰু হাত ঘূৰাই দিবলৈ পৰীক বিচাৰি হাবিলৈ দৌৰিলে কিন্তু গোটেই হাবিখন ঘূৰি পৰীক ক’তো বিচাৰি নাপালে।

Read Also: Class 9 Assamese Question Answer

গৌৰাংগই ঘৈণীয়েকৰ বেছিকৈ আশা কৰা বুদ্ধিটো শুনিব নালাগিছিল।তেওঁক বাটত লগ পোৱা বন্ধু মুচিয়াৰ জনে কৈছিলেই যে ঘৈণীয়েকৰ কথামতে বস্তু খুজিলে ঠগ খাব। গৌৰাংগই ভাবিলে চাৰিখন হাতেৰে কাপোৰ বৈ বেছি বেছিকৈ টকা উপাৰ্জন কৰিব পাৰিব।অতি বেছি আশাকৰিলেই বহুত বিপদৰ সন্মুখীন হ’ব লগা হয়।

কাকাদেউতা আৰু নাতি লʼৰা আৰু সাধুৰ সফুৰা দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। গৌৰাংগ তাতী আৰু পৰী এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। গৌৰাংগ তাতী আৰু পৰী এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে গৌৰাংগ তাতী আৰু পৰী এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।

Leave a Reply