সাধুকথা: গঙাটোপ | Gonatup Hadhu Kotha

সাধুকথা: গঙাটোপ | Gonatup Hadhu Kotha, বুঢ়ী আইৰ সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, সাধুকথা: গঙাটোপ, সাধুকথা, অসমীয়া কাহিনী, সাধুকথা: গঙাটোপশিশুৰ বাবে কাহিনী

এদিন মাছবোৰ গোট খাই, মাছ খোৱা জন্তুবোৰৰ সৈতে ৰণ দিবলৈ থিৰ কৰিবৰ নিমিত্তে মেল-মৰা বিলৰ ভগা ডুবিতে দুপৰীয়া মেল পাতিলে। সেই ‘_ মেললৈ ৰৌ, বাহু, শ’ল, বৰালি, কাৱৈ, গৰেকৈ আদি কৰি ফুল-ডঁৰিকনালৈকে সকলোবোৰ মাছ আহিল। সমজুবাসকল গোট খালে, টপামূৰীয়া বুঢ়া গৰৈকে সকলোৱে সেইদিনাৰ মেলখনৰ বৰমূৰীয়া পাতিলে আৰু লৰবৰ চেঙেলীক পাচনীৰ ভাৰ দিলে। পাচনীয়ে গঙাটোপক মেলখননো কিয় পতা হৈছে সমজুবাসকলক ভালকৈ বুজাই দিবলৈ ক’লে গঙাটোপে হাতযোৰ কৰি ক’বলৈ ধৰিলে—“ৰাইজসকল ! মই আজি আপোনালোকৰ ভৰিৰ ধূলি মূৰত লৈ আমাৰ পাচনী চেঙেলী ককাইৰ আজ্ঞামতে আষাৰচেৰেক কথা ক’ব খুজিছোঁ। যদি মোৰ কথাত কিবা স্বৰূপে কেনা লাগে, মই ল’ৰামতি মূৰুখ বুলি মোৰ জগৰ নধৰি সকলো দায়-দোষ মৰিষণ কৰিব যেন। আপোনাসকলৰ চৰণত মোৰ ! এয়ে তুতি।-

“সকলো জন্তুৰ ভিতৰত আমাক ঘাইকৈ মানুহ নামৰ জনস্তুবোৰে বৰকৈ হিংসা বৈৰিতা কৰে। সিহঁতে আমাক জাল, পল, জুলুকি, পাঁডৰি, চেপা, ঠুহা ! ._ আদি নানা যন্তুৰে ধৰি তপত তেলুত আৰু পকা আঙঠাত পেলাই ভাজি, পুৰি পাতত দি, খৰিকাত দি, সিজাই, পকাই খায়। কিন্তু এটা কথা ৰাইজে মন কৰি = চাব যে সিহঁতে যদিও আমাক এইদৰে ধৰি নানা শাস্তি দি খায়, তথাপি সিহঁতক 

‘_ আন আন পণু জাতিৰ গোলাম কৰিহে ্ীশ্বৰে চৰ্জি পঠিয়াইছে। আপোনালোকে 

মানুহ নামৰ এই জন্তুবোৰৰ ঘৰেপতি চাই ফুৰকগৈ; দেখিব—সিহঁতে গৰু,ম’ই, ঘোঁৰা, ছাগলী আদিৰ কিদৰে গোলামী কৰিব লাগিছে। গৰু, ঘোঁৰাক সিহঁতে খাবলৈ দিছে ঘাঁহ, শুবলৈ খেৰ পাৰি দিছে, থাকিবলৈ ঘৰ সাজি দিছে। গৰু, ঘোঁৰা, ছাগলীৰ গোবৰ আৰু লাদপৰ্যন্ত এই বহতীয়াবোৰে উকটি চাফ কৰিছে।” 

Read Also: দীঘল ঠেঙীয়াৰ সাধু | Dighol Theniya Hadhu Kotha

“ৰাইজসকল! একপ্রকাৰে চাবলৈ গ’লৈ এই মানুহ জাতিটো আগৰ কালৰ গৰু-পোৱালি আছিল যেন মনে ধৰে; কিয়নো, সিহঁতে গৰুৰ গাখীৰ খায়। গণু জাতিৰ ভ ভ৩ ৩ দেখা যায় যে মাকৰ গাখীৰ খাইহে পোৱালি ডাঙৰ হ’ব পাৰে৷ কুটীঅইৰসাধু 

এইবোৰ কথা ভালকৈ ভাবি চালে মানুহ জাতিটো বুজিব গাৰি। এতেকে এনে গৰু মানুহক আমি টিলিকতে বধ কৰি আইধা কৰিব পাৰিমহঁক।” 

“ৰাইজসকল! মই মূৰুখমতি ল’ৰা। মানুহৰ বিষয়ে সকলোবোৰ কথা মই ভালকৈ জুকিয়াই লৈ ভাঙি-পাতি আপোনাসকলৰ আগত ক’ব পৰা নাই। মোৰ মাহী গেদ্‌গেদী এই মেললৈ কিয় আজি অহ্‌| নাই ক’ব নোৱাবোঁ। তেওঁ ইয়াত থকাহেঁতেন, জন্তুৰ ভিতৰত কুলাধম এই মানুহবোৰৰ বিষয়ে আৰু ভালকৈ বৰ্ণাই আপোনাসকলৰ আগত ক’ব পাৰিলেহেঁতেন আৰু সিহঁতক কেনেকৈ মাৰিব পাৰি, কি গুণ, কি বেৱস্থা সকলোবোৰ বহলাই ক’ব পাৰিলেহেঁতেন কাৰণ, তেওঁৰ মুখখনি বহল। সেই মুখখনিৰেই মোৰ গেদ্‌গেদী মাহীয়ে আগৰ কালত কুৰুক্ষেত্ৰৰ যুঁজত ওঠৰ অক্ষৌহিনী সৈন্যৰ ভিতৰত অক’লে এক অঙ্ষৌহিনী গিলিছিল বুলি শুনিছোঁ।এতেকে তেওঁক বেগতে মতাই আনি মোৰ কথাৰ প্রমাণ লওঁক।” 

গঙাটোপৰ কথা শুনি তেতিয়াই মেলৰ বৰমূৰীয়া গৰৈয়ে চেঙেলী পাচনীক ছকুম দিলে যে গেদ্‌গেদী বাইক এতিয়াই অনাব লাগে। তংক্ষণাৎ পাচনীয়ে গৰৈচিৰিকা এটাক গেদ্‌গেদীৰ ঘৰলৈ লৰুৱাই পঠিয়াই দিলে। গৰৈয়ে গেদ্‌গেদীৰ ওচুৰ পাই মাত লগালে–

“গেদ্‌গেদী বাই! গেদ্‌গেদী বাই! 

সবাহলৈ যায়নে নেযায়?” 

গৰৈৰ কথা শুনি গেদ্‌গেদীৰ টিকৃচিবিব্টিখংউঠিল। দেদ্‌গৌীয়েগৰৈক জোকোৰা মাৰি উত্তৰ দিলে–“বন্দী টভংমৰা! পাৱালি খোৱা! নেযাওঁ যা! এই উত্তৰ শুনি গৰৈয়ে অপমান পাই উভতি আহি সমজুৱাসকলক জনালে গঙাটোপে নিজেই মাহীয়েকক মাতিবলৈ, মেলৰ বৰগৰাকী বৰমূৰীয়া গৰৈৰ অনুমতি লৈ লৰ ধৰিলে। গেদ্‌গেদী বায়ে যদিও গৰৈচিৰিকাৰ আগত খং কৰি মেললৈ নেযাওঁ বুলিছিল,তথাপি ৰাইজৰ হুকুম পেলাব নেপায় বুলি ভাবি কাছিপাৰি, সেন্দুৰৰ ফৌটৰেথা লৈ ওলাইছিল। এনেতে গঙাটোপ ওলালহি। গঙাটোপে মাত লগালে–

“কাঞ্চনমতী আই, কাঞ্চনমতী আই। 

সবাহলৈ যায়নে নেযায়?” 

গঙাটোপৰ সম্বন্ধটো শুনিয়েই গেদ্‌গেদীৰ মূৰৰ পৰা খং শৰ্মা গলাবলৈ তৎ নেপালে। হৰিষতে গেদ্‌গেদীয়ে উত্তৰ দিলে– “এৰা, ভালেহে জানে ভালৰ মোল। 

আমাৰ গঙাধৰ বোপা নে কোন।।” 

“ব’লা গঙাই বোপা, যাওঁ ব’লা।” মাহীয়েকৰ মুখৰ শলাগনি আমাৰ গঙাই বোপাই দুই কাণৰ বিন্ধাইদি হে হো কৰে যেতিয়াই সোমাবলৈ ধৰিলে, গঙাই ৷ বোপা আনন্দত উত্ৰাৱল হৈ পৰিল। আগেয়ে তেওঁক সেইদৰে কোনেও শলাগ শুনা নাছিল। সেইদেখি তেওঁ হাতেৰে স্বৰ্গখন ঢুকি পোৱা যেন লাগি গপত ওফন্দি পৰিল। মাহীয়েকৰ কথাষাৰ গঙাটোপে মনত যিমান পাগুলিবলৈ ধৰিলে সিমানে তেওঁৰ পেটটো ওফন্দিবলৈ ধৰিলে। ওফন্দা পেটটো -খোজেপতি ওফোন্দাই ওফোন্দাই খোজকাঢ়ি আহি গঙাটোপ যেতিয়া সবাহৰ ওচৰ পালেহি, হঠাৎ পানীহিলৈ ফুটাদি শব্দ কৰি তেওঁৰ পেটটো ফুটি থাকিল। গঙাটোপৰ পেট ফুটাৰ শব্দটো হিলৈৰ শব্দ যে হৈ ওলোৱাত সমজুৱাসকলে ভয় খাই 

দিহাদিহি পলাই পত্ৰং দিলে।

কাকাদেউতা আৰু নাতি লʼৰা আৰু বুঢ়ী আইৰ সাধুৰ দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। সাধুকথা: গঙাটোপ এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। সাধুকথা: গঙাটোপ এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে সাধুকথা: গঙাটোপ এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।

Leave a Reply