ফুৰালুং পূজা | Furalung Puja

ফুৰালুং পূজা | Furalung Puja

টাই সম্প্ৰদায়ৰ কৃষ্টি-সংস্কৃতি, ধৰ্মীয় ৰীতি-নীতি আৰু আচাৰ-ব্যৱহাৰৰ নিদৰ্শন দাঙি ধৰা, বিভিন্ন বৈশিষ্ট্যৰে পৰিপূৰ্ণ উৎসৱটিৰ নামেই হ’ল “ফুৰালুং পূজা”। ফুৰালুং পূজাৰ উৎপত্তি আৰু বিকাশ সম্পৰ্কে বিভিন্নজন পণ্ডিতে বিভিন্ন ধৰণে ইয়াৰ মত আগবঢ়াইছে। অসমীয়া সাহিত্যৰ বিশিষ্ট পণ্ডিত ড° পদ্মেশ্বৰ গগৈ দেৱে ফুৰালুং পূজাই বৌদ্ধ ধৰ্মৰ লোক সকলৰ ঐতিহ্য বহন কৰা পূজা বুলি অভিহিত কৰিছে। গগৈ দেৱে এই মতটো শব্দগত মিল দেখিবলৈ পোৱা কাৰণে হয়তো এই মত আগবঢ়োৱা যেন অনুমান হয়। টাই শব্দ “ফুৰা” বা “ফ্ৰা” মানে হ’ল “বৌদ্ধ”। এই “ফ্ৰা” বা “ফুৰা” শব্দক গণ্য কৰি তেখেতে ফুৰালুং পূজা সম্পৰ্কে আগবঢ়োৱা মতটোক কিন্তু টাই ধৰ্মীয় পণ্ডিত সকলে মানি ল’ব বিচৰা নাই। অসমীয়া সাহিত্যৰ বিশিষ্ট পণ্ডিত, সাহিত্যিক, সমালোচক ড° লীলা গগৈ দেৱেও ফুৰালুং পূজাত বৌদ্ধ ধৰ্মৰ প্ৰভাৱৰ কথা স্বীকাৰ কৰিছে। এই পণ্ডিত সকলৰ মতৰ বিপৰীতে টাইধৰ্মৰ পণ্ডিত সকলে কয় যে, টাই সকলৰ ধৰ্মপুথি “পেঞাকাকা”ৰ গীতবোৰ বৌদ্ধ ধৰ্মৰ গীত নহয়। তেওঁলোকৰ মতে “পেঞাকাকা” ধৰ্ম গ্ৰন্থৰ মতে “ফুৰা” মানে হ’ল পৰম ব্ৰহ্ম অন্তহীন। যাৰ স্বৰূপ গোটেই বিশ্বব্ৰহ্মাণ্ডতেই চিৰপ্ৰৱাহমান ৰূপত ৰৈ আছে। মূলতঃ টাইসকল হ’ল ঈশ্বৰৰ অস্তিত্বত বিশ্বাসী এটা বৃহৎ জাতি। তেওঁলোকে সেয়েহে দৃঢ় ভাৱেৰে কৈছে যে কেতিয়াবা ক’ৰবাত নিৰীশ্বৰবাদৰ প্ৰভাৱ পৰিলেও কিন্তু অসমৰ টাই ৰজাসকলে ফুৰালুং পূজাৰ আৰম্ভণিৰ পৰাই বৌদ্ধ ধৰ্মৰ কোনো কাৰণতেই প্ৰচাৰ আৰু প্ৰসাৰত অৰিহণা যোগোৱা নাছিল।

ফুৰালুং পূজা 2

টাই সকলে পৰম্পৰাগত ভাৱে পালন কৰি অহা ফুৰালুং পূজা মূলত সাত্ত্বিক পূজা। এই পূজাত ব্যৱহাৰ কৰা নৈবেদ্য সমূহ হ’ল- ফল-মূল আৰু ফুল। এই পূজাত যি সমূহ সামগ্ৰী ব্যৱহাৰ হয়, সেই সামগ্ৰী সমূহৰ ঔষধি গুণ-সম্পন্ন বুলি ভবা হয়। পূজাৰ বাবে স্থাপন কৰা বেদীত ধূপ, ধূণা, জ্বলাই তেওঁলোকৰ ধৰ্মপুথি “পেঞাকাকা”ক সেই বেদীত প্ৰতিষ্ঠা কৰা হয়। এই পূজাত কোনো ধৰণৰ বলি-বিধান নিয়ম নাই। তেওঁলোকে পূজাৰ বাবে আমন্ত্ৰণ কৰি অনা পুৰোহিতৰ সন্মুখত এশ-এগছি বন্তি জ্বলাই পৰম ব্ৰহ্মৰ ওচৰত প্ৰাৰ্থনা জনাই পূজাৰ কাম-কাজ আৰম্ভ কৰা দেখা যায়। ফুৰালুং পূজাত ব্যৱহাৰ কৰা সুৰাক ঞিয়া পুলক বা সাগৰীয় সুৰা বোলা হয়। টাই লোক সমাজে এই সুৰাক অফুৰন্ত শক্তিৰ প্ৰতীক হিচাপে প্ৰাচীন কালৰে পৰাই গণ্য কৰি আহিছে।

Read Also: জোনবিল মেলা | Jonbeel Mela

টাই লোক-সমাজে পালন কৰি অহা ফুৰালুং পূজা প্ৰধানত তিনিটা সূত্ৰ বা তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত হৈ আহিছে। এই তিনিটা সূত্ৰক অৰ্থাৎ ফুৰা-তাৰা-আলং ক দৰ্শনৰ প্ৰধান তিনিটা উধান বুলিও গণ্য কৰা হয়। এই ত্ৰি-সূত্ৰ বা ত্ৰি-ত্ত্ব হ’ল অস্তিত্ব সংৰক্ষণ, পুনৰাৱৰ্তন আৰু সৃষ্টিৰ বিকাশ। এই ত্ৰি-ত্ত্বক অতি প্ৰাচীন তত্ব বুলি কোৱা হয়। “পেঞাকাকা”ত উল্লেখ থকামতে তেওঁলোকে নিৰ্বানত বিশ্বাস নকৰে। পেঞাকাকাই নিজেই ঈশ্বৰৰ অস্তিত্ব মানিলৈ মুঠ ৯ টা মানিবলগীয়া বা পালন কৰিবলগীয়া নিৱন্ধ এই ধৰ্মগ্ৰন্থখনত সংযোজিত কৰিছে। তেখেতে উল্লেখ কৰা নাট নিৱন্ধৰ দুটা নিৱন্ধত স্পষ্টভাৱে এনেদৰে কৈছে- কৰ্ম অনুসৰি পুনৰ জন্ম আৰু প্ৰত্যেক জীৱৰ প্ৰতি অহিংসাৰ কথা কৈছে। তেওঁ লিখা বাকী সাতটা নিৱন্ধত বৌদ্ধ ধৰ্মৰ “চ্যাউ চেং” অৰ্থাৎ ভগৱান বা ঈশ্বৰ এক পৰম্বৰমৰূপে সত্য ই এক অক্ষয়, অব্যয়, অলভ্য সত্ত্বা। ইয়াক পূজা কৰাত কোনো আবেগিক ভিত্তি নাই। এই পূজাত আনন্দ কৰা বা নকৰাক লৈ কোনো ধৰণৰ কথা ইয়াত জড়িত নহয়। এই পূজা হ’ল কেৱল পৰমসত্ত্বাক উপলব্ধি কৰা। সৰ্বজগততেই তেওঁৰ সৃষ্টি, স্থিতি আৰু লয় জড়িত হৈ আছে। সেই কাৰণে তেওঁলোকে ত্ৰি-জগতৰ উৰ্ধত স্থান লাভ কৰা “চ্যাউচেং” বা “ফা-তু-চিং-ফৰং-হুম”ৰ মহান অস্তিত্বক মানি লয়। 

ফুৰালুং পূজা 3

এইখিনিতে এটা কথা কৈ থোৱা ভাল হ’ব যে, পেঞাকাকাৰ ত্ৰি-ত্ত্বত বৰ্ণিত মূল ধৰ্মগ্ৰন্থৰ মতৰ বিপৰীতে বুদ্ধ ধৰ্মৰ লগত তুলনা কৰা যুক্তিক বহু টাই পণ্ডিতে যুক্তিৰ আধাৰত প্ৰতিষ্ঠিত মত বুলি কেতিয়াও নাভাবে। কাৰণ টাই সকলৰ “চ্যাউ চেং” সম্পূৰ্ণৰূপে একেশ্বৰবাদী ই কেতিয়াও নিৰীশ্বৰবাদী নহয়। ফুৰালুং পূজাই সকলো মানুহকেই পৰম শক্তিৰ ভাৱৰ সঞ্চাৰ দিব পাৰে। এই পূজাৰ প্ৰৱেশ স্থলীত সমবেত হোৱাত কাৰোৱেই ক’তো বাধা নাই। জাতি-বৰ্ণ, ধৰ্ম, নিৰ্বিশেষে সংকলোৱে এই পূজাত অংশ গ্ৰহণ কৰিব পাৰে।

সাম্প্ৰতিক সময়ত ফুৰালুং পূজাই এক বিশেষ স্থান পাবলৈ সক্ষম হৈছে। কাৰণ এই পূজা মানৱৰ পূজা, একেশ্বৰবাদত বিশ্বাসী পূজা। এই পূজাৰ জৰিয়তে সৰ্বমূলৰ মানুহে পৰমসত্ত্বাক উপলব্ধি কৰিব পাৰে। সেই কাৰণে ফুৰালুং পূজা বৰ্তমান সময়ত মানুহৰ অন্তৰ জয় কৰা এক পৱিত্ৰ উৎসৱ ৰূপে চিনাকি দি মানুহৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিব পাৰিছে।

আমি আশা কৰিছো ফুৰালুং পূজা | Furalung Puja আপোনালোকক সহায় কৰিব। যদি আপোনাৰ ফুৰালুং পূজা সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Leave a Reply