এটা শিঙৰা মাছৰ কথা | Eta Hingora Masor Hadhu Kotha, বুঢ়ী আইৰ সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, এটা শিঙৰা মাছৰ কথা, সাধুকথা, অসমীয়া কাহিনী, এটা শিঙৰা মাছৰ কথা, শিশুৰ বাবে কাহিনী
এদিন এটা দুখীয়া মানুহে জকাই বাবলৈ গৈ দিনৰ দিনটো জকাই বালে, কিন্তু এটা শিঙৰা মাছৰ বাহিৰে সি একো নাপালে। শেহত সি তাকে ঘৰলৈ নি খাবৰ মনেৰে বাছিবলৈ ধৰোঁতে শিঙৰাই মাত লগালে– “ককাই, মই শিঙৰাৰ ৰজা; তই মোক নেখাবি, মই সদায় তোৰ গৰুটো ৰথি দিম।” মানুহটোৱে শিঙৰাৰ কথা শুনি তাক নেখাই, পিছদিনা দুপৰীয়া শিঙৰাক খুৱাই-বুৱাই তাৰ গৰুটো চৰাবলৈ পঠিয়াই দিলে। শিঙৰাই গৰুটোৰ টিকাত উঠি নিজৰ মুখৰ কাইটেৰে খুচি খুটি তাক পথাৰলৈ লৈ গৈ চৰাবলৈ ধৰিলে। এইদৰে বহুদিন গ’ল। এদিন শিঙৰাই গৰুটো চৰাবৰ নিমিত্তে অৰণ্যৰ ফাললৈ লৈ গৈ অৰণ্যত এটা মুখ মেলি পৰি থকা ৰাক্ষস দেখিবলৈ পালে। ৰাক্ষসে গৰুটো দেখি আনন্দ মনেৰে উঠি ধৰিবলৈ যাওঁতেই শিঙৰাই তাক বাধা দি ক’’লে–“হেৰ ৰাক্ষস, ব ৰ,তই মোক দেখা নাই নেকি? যদি তই মোক বলে পাৰ, তেহে মোৰ গৰু চুবি,নহ’লৈ তোৰ ফালে আজি আধ্যা।” ৰাক্ষসে সেই অকণমান শিঙৰাটোৰ এনে মটমটনি দেখি হাঁহি, তাক মোহৰি মাৰিবৰ মন কৰি হাতেৰে ধৰোঁতেই শিঙৰাই তাৰ হাতত বিহ-কাঁইটেৰে বিন্ধি দিলে। তেতিয়াই ৰাক্ষসৰ হাতখনত চেংচেঙনি ভকভকনি উঠিল। ৰাক্ষসে সহিব নোৱাৰি, “তোক যিহকে লাগে তাকে মই দিম, তেওঁ মোক তই এৰি দে ওঁ।”
Read Also: সাধুকথা: সৰব্জান | Sorbojan Hadhu Kotha
এই বুলি কোৱাত শিঙৰাই ক’লে–“যদি তোক এৰি দিব লাগে, তেনেহ’লে মোক কি দিবি আগেয়ে দে।” ৰাক্ষসে পেটৰ পৰা এটা সোণৰ আঙঠি উলিয়াই দি ক’লে– “এই আঙঠিটো কলাপাত এখনত থৈ ভালমতে সেৱা-শুশ্ৰাষা কৰিলেই আঙঠিটোৰ গুণত তোৰ ঘৰ-দুৱাৰ সকলোবোৰ সোণৰ হৈ পৰিব আৰু সোণ-ৰূপেৰে ঠাহ খাব।” শিঙৰাই ৰাক্ষসৰ এই শুনি তাক বিন্ধিবলৈ এৰি দি আঙঠিটো লৈ গৰুটো খেদাই খেদাই আনি ঘৰ পালেহি৷ ঘৰ পাই সি গিৰিহঁতৰ হাতত আঙঠিটো দি সকলো কথা ভাঙি-পাতি ক’লে গিৰিহঁতে ৰং মনেৰে, শিঙৰাই কোৱামতে আঙঠিটো কলাপাত এখনত থৈ সেৱা কৰাত তাৰ ঘৰ-বাৰী সকলোবোৰ সোণৰ হৈ পৰিল আৰু সোণ-ৰূপেৰে ঘৰ উপচি পৰিল। গিৰিহঁতে তেতিয়াই শিঙৰাৰ লগত নিজৰ জীয়েকক কেঁচা পাণ, কেঁচা তামোল-কাটি বিয়া দিলে। এইদৰে বহুদিন গ’ল। এদিন শিঙৰাই মনে মনে নৈৰ ঘাটত মোটটো থৈ মানুহ হৈ গা ধুবলৈ ধৰোঁতে শিঙৰাৰ ঘৈণীয়েকে দেখি লৰালৰিকৈ মোটটো আনি জুইত পুৰি পেলোৱাত শিঙৰা গুচি সি বৰ থুলন্তৰ পুৰুষ হৈ পৰিল। তেতিয়া এটাইখন মহা আনন্দেৰে ৰজাৰ দৰে থাকিবলৈ ধৰিলে।
ছালত পৰিল ফেঁচা।
মোৰ সাধুকথা মিছা।।
তামোলে মেলিলে ডাবি।
কোনে ক’লৈ যাবি।
Read Also: সাধুকথা: নুমলীয়া পো | Numoliya Pu Hadhu Kotha
Read Also: সাধুকথা: গঙাটোপ | Gonatup Hadhu Kotha
Read Also: দীঘল ঠেঙীয়াৰ সাধু | Dighol Theniya Hadhu Kotha
কাকাদেউতা আৰু নাতি লʼৰা আৰু বুঢ়ী আইৰ সাধুৰ দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। এটা শিঙৰা মাছৰ কথা এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। এটা শিঙৰা মাছৰ কথা এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে এটা শিঙৰা মাছৰ কথা এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।