এক হাতী আৰু ফেঁচাৰ কথা | Eta Hathi Aru Fechar Kotha

এক হাতী আৰু ফেঁচাৰ কথা | Eta Hathi Aru Fechar Kotha, ককাদেউতা আৰু নাতি ল’ৰা সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, এক হাতী আৰু ফেঁচাৰ কথা, সাধুকথা, অসমীয়া কাহিনী, এক হাতী আৰু ফেঁচাৰ কথাশিশুৰ বাবে কাহিনী

এখন নদীৰ কাষত ফেঁচাই এজোপা গছৰ খোৰোঙত বাহ লৈ আছিল । সেই গছৰ তলেদি গজেন্দ্ৰ নামেৰে এক হাতীয়ে সদায় পানী খাবলৈ অহা যোৱা কৰিছিল । বৈবাৎ এদিন ফেঁচাই বাহ লোৱা গছজোপা পানীত হালি পৰিল । ফেঁচাই একো উপায় নাপাই হাতীৰে সৈতে সখী বন্ধাই সেই গছডাল পোন কৰি ললে । সেই দিনৰেপৰা ফেঁচা আৰু হাতী দুয়ো দুয়োৰো মহামিত্ৰ হল । এদিন পাৰ্বতীৰ বাঘে সামাজিক দেখিলে যে সি গজেন্দ্ৰ হাতীৰ মূৰটো খাইছে । স্বপ্নৰ ফলৰ কথা বাঘে মহাদেৱক সুধাত মহাদেৱে বাঘক কলে , “স্বপ্নত দেখিছ যেতিয়া , তই গজেন্দ্ৰৰ মূৰটো খাব পাৰ । যা খা গৈ ।” বাঘে মহাদেৱক কথা শুনি সেই নদীৰ কষলৈ গৈ হাতীলৈ ৰৈ আছে । সিফালৰপৰা হাতী পানী খাবলৈ আহিলত বাঘে হাতীক কলে,  “ককাই ,আজি তোৰ মূৰটো সমাজিকত খাইছিলোঁ , পিছে দিঠকতো খাব পায় নে বুলি মই মহাদেৱক সুধাত মহাদেৱ মোক খাবলৈ আজ্ঞা দিছে , এতেকে এতিয়া মই তোক খাওঁ । তই কি কৰ কৰি ল বেগতে ।” বাঘৰ কথা শুনি হাতীৰ মহা ভয় হল আৰু সি একো নামাতি ৰৈ থাকিল ।

ফেঁচাই সখীয়েকৰ ভয় এখি বাঘক কলে , “বাৰু মহাদেৱে যদি তোমাক খাবলৈ দিছে খাবা ,  তাত কোনো কথা নাই , কিন্তু কথাটো সঁচা নে মিছা আমি এবাৰ মহাদেৱক সুধি লওঁ । এতেকে বলা আমি তিনিও মহাদেৱৰ ওচৰলৈ যাওঁ ।” বাঘ ফেঁচাৰ কথাত সন্মত হলত তিনিও মহাদেৱৰ ওচৰলৈ বুলি বাট বুলিবলৈ ধৰিলে । কিন্তু ফেঁচাই সিহঁতক পাছ পেলাই আগেয়ে গৈ মহাদেৱৰ আগত পৰি টোপনিৰ ভাও জুৰি তাৰ মূৰটো নচুৱাবলৈ ধৰিলে । মহাদেৱে “ফেঁচাৰ কি হৈছে ” বুলি সুধাত ফেঁচাই চকমক খাই সাৰ পোৱা যেন দেখুৱাই কলে , “প্ৰভু , মই এতিয়াই স্বপ্নত পাৰ্বতীক বিয়া কৰিইছিলোঁ ; পাছে দিঠকতো বিয়া কৰাবলৈ পাম নে নাপাম ?” মহাদেৱে কলে , “স্বপ্নত পালি বুলিয়েই পাবি নে ? নেপায় ।” ফেঁচাই কলে , “কিয় , তেনেহলে বাঘে নো কেনেকৈ স্বপ্নত গজেন্দ্ৰক খোৱা দেখি দিঠকত খাবলৈ পালে ?” মহাদেৱে কলে , ‘অ’ বাঘেও গজেন্দ্ৰক খাব নোৱাৰে ।” এনেতে হাতী আৰু বাঘ আহি ওলালহি । বাঘে হাতীক খাব নোপোৱা শুনি বিমৰ্ষ হৈ ৰল , হাতীয়ে ফেঁচাৰ সৈতে ৰং মনেৰে গুচি আহিল ।

Read Also: ৰাক্ষস পণ্ডিতৰ কাহিনী | Rakhyokh Ponditor Kahini

কাকাদেউতা আৰু নাতি লʼৰা আৰু বুঢ়ী আইৰ সাধুৰ দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। এক হাতী আৰু ফেঁচাৰ কথা এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। এক হাতী আৰু ফেঁচাৰ কথা এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে। এক হাতী আৰু ফেঁচাৰ কথা এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।

Read Also: বামুণ আৰু বামুণীৰ কাহিনী | Bamun Aru Bamunir Hadhu Kotha

Read Also: কণা আৰু কুঁজাৰ কাহিনী | Kona Aru Kuja

Read Also: কৰুৱা চৰাই আৰু বামুণৰ সাধু | Koruwa Sorai Aru Bamunor Hadhu

Read Also: কথাবাহী বুঢ়া সাধু | Kothabahi Burha Hadhu Kotha

Leave a Reply