ঈদ্ | Eid
“ঈদ্” শব্দটো আৰবী ভাষাৰ শব্দ। “ঈদ”ৰ অৰ্থ হ’ল মনক খচি কৰা বা মনক আনন্দ দিয়া। এই “ঈদ” মুছলমান সকলে পালন কৰা পৰ্ব। প্ৰকৃততে ঈদক দান আৰু মিলনৰ পৰ্ব বুলিও ক’ব পাৰি। ঈদত ধনীসকলে দুখীয়াক দান-দক্ষিণা কৰে, যাতে সকলোৱে এই ঈদৰ দিনা শুচি আৰু আনন্দমতে সকলোৱে একেলগে হৈ পৱিত্ৰ ঈদৰ পৰ্ব আনন্দ আৰু শুচি মনেৰে পালন কৰিব পাৰে। যাতে ঈদৰ দিনাখন কোনো মুছলমান মানুহেই অন্ন আৰু বস্ত্ৰৰ কাৰণে অভাৱ অনুভৱ নকৰিবৰ বাবেই ধনী সকলে অতি উৎসাহেৰে দুখীয়া সকলক দান-দক্ষিণা কৰে। সেই কাৰণে ঈদক পৱিত্ৰ মিলনানন্দৰ উৎসৱ বুলিও কোৱা হয়। এই ঈদ্ উৎসৱ সাধাৰণতে দুটা। এটা হ’ল “ঈদ্-উল-ফিটৰ্” যাক আমি সাধাৰণতে ৰোজাৰ ঈদ্ বুলি কও আৰু আনটো হ’ল “ঈদ্-উজ্-জহা” বা বকৰ্ ঈদ্।
“ঈদ্-উল-ফিটৰ্” বা “ৰোজাৰ ঈদ্”
“ঈদ্” শব্দটো যিধৰণে আৰৱী শব্দ “ফিটৰ্” শব্দটোও আৰবী শব্দ। মুছলমান সকলৰ মূল শাস্ত্ৰৰ বিধানমতে এই উৎসৱৰ দিনাখন প্ৰত্যেক মুছলমান, অৰ্থাৎ পুৰুষ-মহিলা উভয়ে এদিনৰ আহাৰৰ সমপৰিমাণৰ টকা নাইবা মূল খাদ্য অৰ্থাৎ ঘেহু আদি দুখীয়া-নিছলাক শুচি মনে দান কৰিব লাগে। এই দান কৰা প্ৰথাটোকেই “ফিটৰ” বুলি কোৱা হয়। “ঈদ্-উল-ফিটৰ্” শব্দৰ অৰ্থ হ’ল শুচি মতে দান কৰি আনন্দ লাভ কৰা।

ইছলাম ধৰ্মৰ লোকসকলে বছৰটোক গণনা কৰে চান্দ্ৰমাহ হিচাপে। এক চান্দ্ৰমাহ হ’ল- এক শুক্লা প্ৰতিপদৰ পৰা এক অমাৱস্যালৈকে হোৱা এটা মাহকে চান্দ্ৰমাহ বোলে। চাবান, ৰমজান, চাৱাল, হিলকদ্, হিলহজ আদি একো একোটা চান্দ্ৰমাহ। এই চান্দ্ৰমাহৰ ভিতৰত মুছলমান সকলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু পৱিত্ৰ চান্দ্ৰমাহটোৰ নামেই হ’ল “ৰমজান” মাহ। ৰমজান মাহৰ শেষৰ সপ্তাহত হজৰত মহম্মদে হিৰা পৰ্বতৰ গুহাত ধ্যান কৰি থাকোঁতে আল্লাৰ বাণী শুনিবলৈ পাইছিল। হজৰত মহম্মদে আল্লাৰ সেই বাণী জনসাধাৰণক শুনাইছিল। হজৰত মহম্মদৰ মুখেৰে ব্যক্ত হোৱা আল্লাৰ এই বাণীয়েই হ’ল মুছলমান সকলৰ মূলধৰ্মগ্ৰন্থ “কোৰাণ শ্বৰীফ”। “ৰমজান” মাহটো হ’ল কোৰাণ শ্বৰীফ আৰ্বিভাৱ হোৱা মাহ। সেই কাৰণে মুছলমান সকলে এই মাহটো উপবাসে থাকি সংযমিত হৈ থাকে। “ৰমজান” মাহটোত উপবাসে থকা কাৰ্যটোকে “ৰোজা” ৰখা বোলে। ঠিক এনেদৰে এমাহ ৰোজা ৰাখি পিচৰ চাৱাল মাহৰ প্ৰথম জোন দেখা দিয়াৰ দিনা দুখীয়া-নিছলাক ফিটৰ্ আদায় দি শুচি আৰু আনন্দমনে মুছলমান ভাইসকলে ঈদগাহ ময়দানত একত্ৰিত হৈ কান্ধত কান্ধ মিলাই “ঈদ্-উল-ফিটৰ্”ৰ দুই ৰাকাত “ওৱাজিব্” নামাজ পঢ়ে। ঈদৰ নামাজ শেষ হোৱাৰ পিছত সকলোৱে মিলা-প্ৰীতিৰে ইজনে-সিজনক সাৱটি ধৰি ঈদ্ মোবাৰক যাচে আৰু শ্ৰদ্ধা-ভক্তি ভাৱত সকলোৱে মিলি পৰম মহা আনন্দ লাভ কৰে।
Read Also: Class 10 Assamese Question Answer
“ঈদ্-উল-ফিটৰ্”ৰ তাৎপৰ্য আৰু গুৰুত্ব অতি মহান। এই উৎসৱে মানুহক সংযম, ভাতৃত্ব, সমাজবাদ, মানৱতাবাদ, একাগ্ৰচিত্ত মন, মৰম-দয়া আদিবোৰ শিকায়। এই উৎসৱৰ প্ৰধান উদ্দেশ্য আৰু লক্ষ্য হ’ল- “মহান আল্লাৰ ওচৰত একান্ত বিশ্বাস স্থাপন কৰা।” সেই কাৰণে মুছলমান ভাই সকলে একেলগে গায়-
“মোৰ মনত ভিন ভাৱ নাই অ’ আল্লা
মোৰ মনত ভিন ভাৱ নাই।
হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান
মোৰ মনত ভিন ভাৱ নাই………..।”
ঈদ-উজ্-জহা” বা “বকৰ্ ঈদ্
“ঈদ্-উল-ফিটৰ্”ৰ নিচিনা “ঈদ্-উজ্-জহা”ও সমগ্র বিশ্বৰ মুছলমান ধৰ্মাৱলম্বী লোক সকলৰ এটা পৱিত্ৰ আনন্দৰ উৎসৱ। এই ঈদৰ দিনটোত বিশ্বৰ বিভিন্ন ঠাইৰ পৰা হজযাত্ৰীসকল গৈ সেইদিনা আৰৱৰ “আৰ্ফা” নামৰ বৃহৎ মুকলি ঠাইত একেলগ হৈ একেলগে নামাজ পঢ়ি অন্তৰ পৱিত্ৰ কৰে। সেই ঠাইত সকলোৱে মিলি উদাৰ ভাতৃত্ব ভাৱত উদ্বুদ্ধ হয়। তদুপৰি এই ঈদৰ দিনটোত বিশ্বৰ সকলো মছজিদৰ প্ৰাঙ্গনৰ সন্মুখৰ মুকলি ঠাইত “ঈদ্-উজ-জহা”ৰ নামাজ পঢ়ি অন্তৰ পৱিত্ৰ হ’বলৈ, বিশ্বৰ মানুহক শান্তিত ৰাখিবলৈ সকলোৱে আল্লাৰ ওচৰত “দোৱা” অৰ্থাৎ “প্ৰাৰ্থনা” জনায়।
Read Also: আলি আই লৃগাং উৎসৱ | Ali – Ai – ligang Festival
“ঈদ্-উজ্-জহা” উৎসৱ হিলহজ মাহৰ দহ তাৰিখে পালন কৰা হয়। আৰৱী বছৰৰ শেষৰ মাহটোৰ নামেই হ’ল “হিলহজ”। হজৰত মহম্মদৰ পূৰ্ব-পুৰুষ হজৰত ইব্ৰাহিম খলিল্ উল্লাহৰ অতি মৰমৰ পুত্ৰক “কোৰবাণী” কৰিবলৈ ওলোৱা ঘটনাৰ স্মৃতি স্বৰূপে এই উৎসৱ পালন কৰা হয়।

ইব্ৰাহিম খলিল্ উল্লাহ্ কোৰাণত উল্লেখ থকা এগৰাকী আল্লাৰ দূত বা নবী আছিল। আল্লাই সপোনত এদিনাখন আদেশ দিয়ে যে তেওঁ নিজৰ অতি মৰমৰ কনিষ্ঠ পুত্ৰ ইছমাইলক আল্লাৰ নামত কোৰবাণী কৰিব লাগে। সপোনত পোৱা আল্লাৰ আদেশ মতে হজৰত ইব্ৰাহিম খলিল্ উল্লাহে নিজৰ মৰমৰ পুত্ৰ ইছমাইলক কোৰবাণী কৰিবলৈ গলত চুৰি চলালে। ঠিক তেনেকুৱা মূহুৰ্ততে আল্লাৰ পৰা আদেশ আহিল- “ইব্ৰাহিম তুমি ধন্য। ধন্য, তোমাৰ মোৰ প্ৰতি অৰ্থাৎ আল্লাৰ প্ৰতি থকা প্ৰেম। তুমি মোৰ পৰীক্ষাত উত্তীৰ্ণ হ’লা। এতিয়া ইছমাইলৰ পৰিৱৰ্তে তুমি এটা ডুম্বা বা ছাগলী কোৰবাণী কৰা।” মহান আল্লাই এই কোৰবাণীৰ জৰিয়তে ইব্ৰাহিমৰ ত্যাগৰ পৰীক্ষাহে লৈছিল। আল্লাৰ এই ত্যাগৰ পৰীক্ষাত ইব্ৰাহিম সম্পূৰ্ণৰূপে উত্তীৰ্ণ হৈছিল, আল্লাৰ এই ত্যাগৰ পৰীক্ষাত ইব্ৰাহিম সম্পূৰ্ণৰূপে উত্তীৰ্ণ হৈছিল, সেয়েহে তেওঁ আল্লাৰ ওচৰত ধন্য হ’ব পাৰিছিল।
সমগ্র বিশ্বৰ মুছলমান সকলে ইব্ৰাহিমৰ এই ত্যাগৰ কাহিনী সুৱৰি বা স্মৰণ কৰি এই উৎসৱৰ দিনাখন সাম্প্ৰতিক সময়তো আল্লাৰ নামত উট, ডুম্বা, ছাগলী, গৰু আদি কোৰবাণী কৰি এই সংসাৰৰ মায়া-মোহৰ পৰা মুক্তি পাবলৈ মহান কৰুণাময় আল্লাৰ ওচৰত দোৱা বা প্ৰাৰ্থনা জনায়। প্ৰকৃততে এই উৎসৱ হ’ল ত্যাগৰ উৎসৱ। পৃথিৱীৰ মানৱ সমাজে আল্লাৰ বা ঈশ্বৰৰ অনুগ্ৰহ হ’লে আমি আমাৰ অতিকৈ মৰমৰ পুত্ৰ আৰু প্ৰিয়তমজনৰ মায়া-মোহকো ত্যাগ কৰিব পাৰিব লাগিব। তেতিয়াহে এই উৎসৱৰ মূল কৰ্ম সফল হ’ব। এই উৎসৱৰ মূল তাৎপৰ্য এয়াই।
আমি আশা কৰিছো ঈদ্ | Eid আপোনালোকক সহায় কৰিব। যদি আপোনাৰ ঈদ্ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।