দূর্গা পূজা | Durga Puja
আমাৰ দেশ ভাৰতত যিমানবোৰ উৎসৱ পালন কৰা হয়, তাৰ ভিতৰত দূর্গাপূজা হৈছে অন্যতম। দূর্গা পূজা শৰৎকালত অনুষ্ঠিত হয় বাবে ইয়াক শাৰদীয় পূজা বুলিও কোৱা হয়। এই পূজাৰ উৎসৱটোক বিভিন্নজনে শাৰদীয় উৎসৱ বুলিও অভিহিত কৰিছে। শৰৎকালৰ লগত এই উৎসৱৰ এক ওতঃপ্ৰোত সম্বন্ধ আছে বাবেই এই সময়টোত প্ৰকৃতিক ভালপোৱা মানুহে শৰতৰ ৰূপ গুণৰ বৰ্ণনা কৰি আহিছে। কাৰণ এই সময়ছোৱাত বাৰিষাৰ আকাশৰ পৰা কলা ডাৱৰ আতৰি আকাশ হৈ পৰে নিৰ্মল। বাৰিষাৰ বোকা-পানীৰে ভৰি থকা পৃথিৱীখন শুকাই হৈ পৰে সুন্দৰ আৰু জাতিস্কাৰ। এই সময়ছোৱাতে পৃথিৱীখনক নানাৰঙী ফুলে শেৱালি, পদুম, ভেটফুল আদিয়ে সজাই তোলে। বাৰিষা কালত মৰহি যোৱা দুৱৰিবনবোৰে আকৌ গজালি মেলি পুনৰ সেউজীয়া আৰু সজীৱ হৈ উঠে। তাতে আকৌ নিয়ৰৰ টোপাল পৰি মুকুতা জিলিকাদি জিলিকি থাকে। এনেকুৱা মনোৰম প্ৰকৃতিৰ ৰূপৰ লগত মানুহৰ মনবোৰো হৈ পৰে নিটোল, আমেজপূৰ্ণ আৰু মুকলি। এনেকুৱা সময়তে মানুহে আদিম যুগৰ পৰা পালন কৰি আহিছে শাৰদীয় দূর্গা পূজা।

মা দেৱী দুৰ্গা প্ৰাণদায়িনী, অন্নদায়িনী, দেৱীস্বৰূপা আৰু মাতৃস্বৰূপা বৈদিক যুগৰ পৰা মা দুৰ্গা দেৱীক মানুহে এক অনন্ত সম্ভাৱনাৰে অনন্ত শক্তিৰে যৌৱনময়ী নাৰী মূৰ্তি ৰূপে পালন কৰি আহিছে। দূর্গাপূজাক এফালে মাতৃপূজা আৰু আনফালে ইয়াক পৃথিৱী পূজা বুলিও কোৱা হয়। ইয়াৰ কাৰণ হ’ল এই পৃথিৱীখনক আমি মাতৃজ্ঞান কৰোঁ, সেইফালৰ পৰা আমি পৃথিৱীক দেৱী বুলি ক’ব পাৰোঁ।
Read Also: খ্ৰীষ্টমাছ বা বৰদিন | Christmas
দেৱী দুৰ্গাৰ মূল উৎস দুই শক্তি, প্ৰাণদায়িনী আৰু ৰক্ষাকাৰিণী বা সংহাৰ কাৰিণী। মা দেৱী দুৰ্গা মূলতঃ শক্তিৰ উপাসনা দেৱী। শাৰদীয় দুৰ্গা পূজাৰ সময়ত শৰৎকালৰ শস্যৰে ভৰপূৰ হৈ থাকে। এই শস্যবোৰ হৈছে মানুহৰ জীয়াই থকাৰ সম্বল। এক প্ৰকাৰ এই শস্যবোৰক মানুহৰ প্ৰাণ বুলিও ক’ব পাৰি। মা-দেৱী দুৰ্গাই এই শস্যসমূহ ৰক্ষা কৰি আমাক জীয়াই থকাৰ হাবিয়াস দিয়ে কাৰণেই দেৱী দুৰ্গাক প্ৰাণদায়িনী বুলি কোৱা হয়।
মানুহৰ মাজত থকা ব্যাধি, ত্ৰাস, সংকট আৰু আসুৰিক শক্তিসমূহ মা দেৱী দুৰ্গাই সংসাৰ কৰে আৰু মানুহক সকলো বিপদৰ পৰা ৰক্ষা কৰে বাবেই দেৱী দুৰ্গা সংহাৰকাৰিণী আৰু ৰক্ষাকাৰিণী।

দেৱী দুৰ্গাৰ সোফালে থাকে ধন-সম্পদৰ গৰাকী লক্ষ্মী দেৱী। এই লক্ষ্মীদেৱী হৈছে মানুহৰ ভাগ্য নিয়ন্তা দেৱী। দুৰ্গাৰ বাওঁফালে থাকে বগা সাজ পিন্ধা বাগ্ দেৱী বীণাপানি। বীণাপানি হ’ল আমাৰ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী। মানুহৰ সৰ্বদিশত সিদ্ধি লাভৰ পথ দিওতা গণেশ আৰু কাৰ্তিক মা দেৱী দুৰ্গাৰ গণেশ থাকে সোফালে আৰু কাৰ্তিক থাকে বাওঁফালে। কাৰ্তিক হ’ল সমূহ দেৱতাগণৰ সেনাপতি। মা দেৱী দুৰ্গাই এখন ভৰি সিংহৰ ওপৰ দি থাকে আৰু আনখন ভৰি মহিষাসুৰক দমন কৰি অসুৰৰ বুকুত ত্ৰিশূল বহুৱাই জগতৰ পৰা সকলো আসুৰিক শক্তিকে যেন সংহাৰ কৰিছে। এইবোৰ কাৰণতেই দেৱী দুৰ্গাক বহুভূজা, অস্ত্ৰধাৰিণী, মহিষমৰ্দিনী দেৱী বুলিও কোৱা হয়।
শাৰদীয় দুৰ্গাপূজা শুক্লা ষষ্ঠীৰ দিনাখনৰ পৰাই দেৱীৰ পূজা-অৰ্চনা আৰম্ভ হয়। ষষ্ঠীৰ দিনাখনেই বেদীত প্ৰতিমা প্ৰতিষ্ঠা কৰা হয়। দেৱীক প্ৰতিষ্ঠা কৰি দেৱীৰ বোধন কাৰ্য সমাধা কৰি পূজাৰীয়ে আৱাহন, অধিবাস আদি কৰে। ষষ্ঠীৰ কাৰ্য সমাধা হোৱাৰ পিছত সপ্তমী, অষ্টমী আৰু নৱমী পূজা মহা ধূম-ধামেৰে চলে। মানুহৰ মনবোৰো আনন্দত ভৰপূৰ হৈ থাকে। সকলোৱে পূজা থলীলৈ নতুন কাপোৰ পিন্ধি ভক্তি ভাৱেৰে দেৱী দৰ্শন কৰে আৰু সকলোৱে দেৱীক প্ৰণিপাত জনায় আশীৰ্বাদ বিচাৰে। পূজাৰ বেদীত পুৰোহিতে দেৱীক সন্তুষ্ট কৰিবৰ কাৰণে মন্ত্ৰ উচ্চাৰণ কৰি পূজা থলীক এক গভীৰ মাত্ৰা দান কৰে। শঙ্খ-ঘণ্টা, ডবা-কাহ, উৰুলি আৰু মঙ্গল ধ্বনিয়ে পূজা স্থলীত এক পৱিত্ৰ পৰিৱেশৰ সৃষ্টি কৰে। পূজাস্থলীৰ বেদীত দেৱীৰ বাবে আগবঢ়োৱা ফুল, তুলসী, বেলপাত, কৰ্পূৰ, তামোল, মাহ-প্ৰসাদ, ধূপ-ধূণা লগতে বিভিন্ন ফল দেৱীলৈ আগবঢ়ায় মানুহবোৰে মনলৈ পৱিত্ৰতা আনে। তদুপৰি দেৱী দুৰ্গালৈ মানুহে দান-দক্ষিণা আগবঢ়ায়ো মনৰ পৱিত্ৰতা আনে। এনেদৰে মানুহবোৰ ষষ্ঠীৰ পৰা নৱমীলৈ ব্যস্ত হৈ পৰে।

নৱমী শেষ হোৱাৰ পিচতে দশমী আহে। দশমী হ’ল বিজয়াৰ দিন। দশমীৰ দিনাখন দেৱীক বিসৰ্জন দিয়া হয়। দশমীৰ দিনাখন মা দেৱী দুৰ্গাৰ মূৰ্তি আগত লৈ উৎসৱপ্ৰিয় মানুহে “দেৱী দুৰ্গা মা কী? জয়।” ধ্বনিৰে শোভাযাত্ৰা আৰম্ভ কৰে। সকলোৱে নাচি-বাগি, নাম-গুণ-গাই মঙ্গল ধ্বনি দি দেৱীক বিসৰ্জন দিয়ে। দেৱীক বিসৰ্জন দিয়াৰ লগে লগে মানুহৰ মনত আনন্দৰ অন্ত পৰে আৰু লগে লগে উৎসৱৰো সামৰণি পৰে। শেষত দেৱী দুৰ্গাক সকলোৱে প্ৰণিপাত জনায়।
সাম্প্ৰতিক সময়ত দুৰ্গা পূজা, উৎসৱটি এক সাৰ্বজনীন উৎসৱলৈ পৰিণত হৈ উঠিছে। সকলো মানুহেই এই পূজাত অংশ গ্ৰহণ কৰি একেলগে আনন্দ উল্লাস কৰে। ইজনে-সিজনক ভাতৃত্বভাৱেৰে সকলোৱে আদৰি লয়। এই উৎসৱে যেন ভাৰতৰ ভিন্ন জাতিৰ মাজত থকা হিংসা, বিদ্বেষ, ঘৃণা, কপটতা আদিবোৰ মানুহৰ মনৰ পৰা আতৰাই লৈ যায়। এই উৎসৱ সমূহৰ জৰিয়তে আমি আমাৰ প্ৰকৃত ভাৰতীয়ৰ পৰিচয় দাঙি ধৰিব পাৰিব লাগিব। ভিন্নতাৰে নহয় একতাৰেহে।
আমি আশা কৰিছো দূর্গা পূজা | Durga Puja আপোনালোকক সহায় কৰিব। যদি আপোনাৰ দূর্গা পূজা সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।