দেৱালী | Diwali

দেৱালী | Diwali

অসমত অতি ধূম-ধামেৰে পালন কৰা অনুষ্ঠানটিৰ নামেই হ’ল দীপান্বিতা বা দেৱালী। অসমৰ গাওঁ অঞ্চলবোৰতকৈ নগৰ-চহৰ অঞ্চলত এই উৎসৱক বৰ ব্যয়বহুল ৰূপত অনুষ্ঠিত কৰা দেখিবলৈ পোৱা যায়। এই উৎসৱ বিশেষকৈ দুদিনীয়াকৈ পালন কৰা হয়। এই উৎসৱ পালন কৰা হয় আহিন মাহৰ কৃষ্ণ পক্ষৰ মৰ-আউসীৰ নিশা। এই দিনটোক কালীপূজাৰ দিন হিচাপে লোৱা হয়। এই দিনাখন অসমৰ বহু ঠাইত অতি ধূম-ধামেৰে কালীপূজা অনুষ্ঠিত কৰা হয়।

তদুপৰি বিভিন্ন ঠাইত এই পূজাৰ দিনা বহু পৰিয়ালে ঘৰৰ আগ-চোতালৰ পূব ফালে তুলসী গছৰ পুলি ৰোপন কৰি তুলসী পূজাও কৰা দেখিবলৈ পোৱা যায়। দীপান্বিতা বা দেৱালী উৎসৱ পালন কৰোঁতে কোনো ধৰণৰ পূজাৰী, পুৰোহিত, তন্ত্ৰ-মন্ত আদিৰ প্ৰয়োজন নাই। এইফালৰ পৰা এই উৎসৱ সম্পূৰ্ণভাৱে মুক্ত। কেৱল এই উৎসৱ পালন কৰোঁতে নিজৰ নিজৰ পদূলিত কলগছ বা কল-পুলি পুতি সেই কল-গছত মাটিৰ চাকি জ্বলাবৰ বাবে ব্যৱস্থা কৰা হয় সাজ-লগা গধূলিৰ সময়ত কল-গছত মাটিৰ চাকি জ্বলাবলৈ কৰা ব্যৱস্থা বোৰৰ কোনো ধৰণৰ ধৰা-বন্ধা নিয়ম নাই। যাৰ-যেনেদৰে মন যায় ঠিক তেনে ধৰণেই ইয়াত চাকি জ্বলোৱাৰ ব্যৱস্থা কৰিব পাৰে। পোহৰৰ উৎসৱ হিচাপে আগৰ দিনত মাটিৰ চাকিবোৰত মিঠাতেল ঢালি শলিতা জ্বলাই চৌদিশ পোহৰাই তোলা হৈছিল। সাম্প্ৰতিক সময়ত মাটিৰ চাকিৰ উপৰিও মমবাতি জ্বলাই আৰু কিছুমানে নানাৰঙী বিজুলী বাতিৰ চমকেৰেও এই উৎসৱত পোহৰৰ সম্ভাৰ বিলায়।

দেৱালী 2

দীপান্বিতা বা দেৱালী উৎসৱৰ লগত পুৰণি কালৰে পৰাই নানান ধৰণৰ কাহিনী জড়িত হৈ আছে। এই কাহিনী সমূহৰ ভিতৰত এটা কাহিনীৰ পৰা আমি জানিব পাৰোঁ যে, অসুৰ শক্তিৰ লগত যুজি জয়লাভ কৰি আনন্দত যি উৎসৱ পালন কৰা হয়, সাধাৰণতে সেই উৎসৱৰ নামেই হ’ল দীপান্বিতা বা দেৱালী। ওপৰত “অসুৰ” শব্দৰে “অন্ধকাৰ” বুজাইছে আৰু “জয়লাভ” শব্দৰে “জ্ঞান” আৰু “পোহৰ” বুজাব বিচৰা হৈছে। আমি তেনেহ’লে এই ফালৰ পৰা নি:সন্দেহে ক’ব পাৰোঁ- “আন্ধাৰ নাশ কৰি পোহৰ আৰু জ্ঞানৰ সম্ভাৰ দিব পৰা উৎসৱেই হ’ল দীপান্বিতা বা দেৱালী”। আমাৰ লোক সমাজত পৰম্পৰা অনুযায়ী কাহিনী এটা এই উৎসৱৰ লগত জড়িত হৈ আহিছে সেইটো হ’ল- নৰকাসুৰ বধৰ কাহিনীৰ লগত। দক্ষিণ ভাৰতৰ লোকসকলে এই উৎসৱত দশাননৰ মূৰ্তি দাহ কৰাটো তেওঁলোকৰ অসুৰ বিনাশী এক মহা-উৎসৱ। ইয়াৰ বিপৰীতে আমাৰ কামৰূপৰ লোক-সমাজখনে এই উৎসৱক নৰকবিনাশী বা অসুৰ বিনাশী উৎসৱ হিচাপেহে যে পালন কৰি আহিছে তাকো আমি ক’ব পাৰোঁ।

দীপান্বিতা বা দেৱালী উৎসৱৰ লগত যে অতি প্ৰাচীন কালৰে পৰা কৃষি উৎসৱৰ লগত এক সম্পৰ্ক আছে, তাকো আমি নুই কৰিব নোৱাৰোঁ। কাৰণ, দীপান্বিতা বা দেৱালীৰ দিনা ধাননি পথাৰত, তুলসীৰ তলত ঘৰৰ পদূলিত বন্তি জ্বলোৱা হয়। সাধাৰণতে এই উৎসৱৰ এই সময়টোতে শস্যৰ ছই ধৰাৰ আগে আগে পোক-পৰুৱাবোৰৰ উপদ্ৰৱ বাঢ়িবলৈ লয়। কৃষি প্ৰধান অসমৰ মূল ধানখেতি বোৰত এই সময়টোত ধানৰ ঠোকবোৰ ওলাবলৈ আৰম্ভ কৰে আৰু ঠিক তেনে এক সময়তে পথাৰৰ সকলোবোৰ পোক-পৰুৱা বিনাশ বা ধ্বংস হ’বৰ কাৰণে বন্তি জ্বলোৱা হয়। সেই ফালৰ পৰা আমি ক’ব পাৰোঁ যে এই উৎসৱ কৃষি-কৰ্মৰ লগত জড়িত এক মহা-আনন্দৰ উৎসৱহে মাথোন।

Read Also: লক্ষ্মী পূজা | Lakshmi Puja

দীপান্বিতা বা দেৱালী উৎসৱত নানান ধৰণৰ আতচবাজী পুতলা বোমা, নানান ধৰণৰ বাৰুদেৰে অৰ্থাৎ বিষাক্ত দ্ৰব্যৰে নিৰ্মিত কৰা সামগ্ৰী আদিৰ ব্যৱহাৰ কৰি আনন্দ-উল্লাস কৰা দেখা যায়। এইবোৰ যে এই উৎসৱবোৰত কৰিব লাগিব তাৰ কোনো নিয়ম আজিলৈকে ক’তো দেখিবলৈ পোৱা নাই। এইবোৰ দেখাক-দেখি কৰি অহাহে নিয়ম। এই কাৰ্যবোৰৰ ফলত উপকাৰতকৈ মানুহ আৰু প্ৰকৃতিৰ অপকাৰহে হয়। যিবোৰ কাৰ্যৰ দ্বাৰা মানুহ আৰু প্ৰকৃতিৰ উপকাৰ সাধন হয় তেনে উৎসৱহে লোক সমাজৰ বাবে প্ৰয়োজনীয়। দেৱালী উৎসৱৰ নামত কৰি অহা এইবোৰ কাৰ্য সাম্প্ৰতিক সময়ত মানুহ আৰু প্ৰকৃতিৰ বাবে অশুভ লক্ষণহে কঢ়িয়াই আনিছে। গতিকে অসুৰ বিনাশী উৎসৱটো কীট-পতংগৰূপী অসুৰবিনাশী কৰ্মলৈ ৰূপান্তৰিত হোৱাত আশ্চৰ্যান্বিত হ’বলগীয়া একো নাই। এইবোৰ দৃষ্টিকোণৰ পৰা এই উৎসৱ যে কৃষি উৎসৱ হিচাপে তাৎপৰ্য বহন কৰি আহিছে তাত আমাৰ অলপো সন্দেহ নাই।

দেৱালী 3

দীপান্বিতা বা দেৱালী বা দীপালী উৎসৱত অসমৰ কৃষি প্ৰধান ৰাইজে ধাননি পথাৰৰ মাজত নানান ধৰণৰ বন্তি জ্বলায়। আকৌ কিছুমান লোকে নানান ধৰণৰ আকাশ-বন্তি প্ৰজ্বলন কৰে। অসমৰ লোক-সমাজখনে কাতি-বিহুৰ দিনাখনো আকাশ-বন্তি প্ৰজ্বলন কৰা দেখিবলৈ পোৱা যায়। এই সকলোবোৰ কাৰ্যৰ মূলতেই  হ’ল কৃষি-কাৰ্যৰ মঙ্গল কামনা কৰা। কৃষি কাৰ্যৰ মঙ্গল কামনাৰে অন্ন উৎপাদন বৃদ্ধিৰ লগতে পোহৰৰ জয়-যাত্ৰাক মূল পদক্ষেপ লোৱা এই উৎসৱটিৰ তাৎপৰ্য সেয়েহে অতি মন কৰিবলগীয়া। সেয়েহে এই উৎসৱটিক অতি প্ৰাচীন কালতেই কৃষি উৎসৱক মূল কেন্দ্ৰ হিচাপে লৈ সাৰ্বজনীন পোহৰৰ উৎসৱলৈ যেন ৰূপান্তৰিত কৰা হৈছে। মুঠৰ ওপৰত এই উৎসৱটিয়ে মানুহৰ মাজত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে।

আমি আশা কৰিছো দেৱালী | Diwali আপোনালোকক সহায় কৰিব। যদি আপোনাৰ দেৱালী সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Leave a Reply