দীঘল ঠেঙীয়াৰ সাধু | Dighol Theniya Hadhu Kotha, বুঢ়ী আইৰ সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, দীঘল ঠেঙীয়াৰ সাধু, সাধুকথা, অসমীয়া কাহিনী, দীঘল ঠেঙীয়াৰ সাধু, শিশুৰ বাবে কাহিনী
এজনী বুঢ়ী আছিল। তাই এজাক গৰু ৰাখি গাখীৰ বেচি কোনোমতে টুকটুন্টাক্টাক্কৈ খাই আছিল। তাই শোৱা ঘৰটো বৰ পুৰণি। তাৰ চালৰ খেৰবোৰ উৱঁলি গৈছে দেখি উৰুখি বৰষুণত পানী পৰে। এদিন ডাৱৰীয়া ৰাতি তাই খাই বৈ উঠি শুবলৈ ধৰোঁতে “এ প্রভু, দীঘলঠেঙীয়াই নেপায় যেন” এইবুলি চাঙত উঠি শুই থাকিল।
সেইদিনা ৰাতি এটা চোৰে বুঢ়ীৰ গৰু এটা চুৰ কৰি নিবলৈ বুলি আহি গোহলিৰ কাষতে বহি, বুঢ়ী শুবলৈ বাট চাই আছিল। এটা বাঘেও বুঢ়ীৰ গৰু খাবলৈ মন কৰি এধাৰে-মুন্ধাৰে মনে মনে আহি গোহালিৰ গৰুজাকৰ মাজত সোমাই বুঢ়ী শুবলৈ বাট চাই আছিল। বাঘ আৰু চোৰ দুয়ো বুঢ়ীয়ে কোৱা সেই কথাষাৰ শুনিলে। কিন্তু দীঘলঠেঙীয়া মানে কি সিহঁতে বুজিব নোৱাৰি ভাবিবলৈ ধৰিলে– “দীঘলঠেঙীয়াটো বা কি?”
Read Also: বুঢ়া – বুঢ়ী আৰু শিয়ালৰ সাধু | Budha – Budhi Aru Hiyalor Hadhu Kotha
বুঢ়ীৰ ভাত-ঘুমতি আহিল। চোৰে গৰু চুৰ কৰিবলৈ গোহালিত সোমাল। চোৰে ভাবিলে, “কোনটো গৰু ভাল কোনটো গৰু বেয়া,এন্ধাৰে-মুন্ধাৰে কেনেকৈ চিনিম? এতেকে যিটো গৰুৱে তাৰ টিকাত হাত দিলেই জঁপিয়াই উঠিব সেইটোৱেই নিশ্চয় চেঙা আৰু ভাল হ’ব। ” ইয়াকে সি থিৰ কৰি এটা এটাকৈ গৰুবোবৰ টিকাত হাত ফুৰাবলৈ ধৰিলে। সেইদৰে সি হাত ফুৰাই চাই ফুৰোঁতে বাঘটোখৎ টিকাত হাত পৰিল বাঘটো জঁপিয়াই উঠিল। চোৰে ভাবিলে– “এইটো বৰ কাটন গৰু, ইয়াকে নিব লাগিল।” ইয়াকে ভাবি সি বাঘটোৰ নেজডাল পকাই দি ত|ক খেদি লৈ যাব খোজোঁতেই বাঘে ভাবিলে– “এইটো বুঢ়ীয়ে কোৱা দীঘল ঠেঙীয়াইহে মোক পালে।” এই ভাবি বাঘে আকৌ জাঁপ মাৰি উঠিল। চোৰে ভাবিলে, “ই কম গৰু নহয়, ইয়াৰ পিঠিত নুঠিলে ইয়াক লৈ যাব নোৱাৰিম।” ইয়াকে ভাবি চোৰ জাঁপ মাৰি বাঘৰ পিঠিত উঠিলে বাঘে ঠিক তাক দীঘল ঠেঙীয়াই ভালকৈয়ে পালে বুলি থিৰ কৰি গোহালিৰ পৰা ওলাই চেকুৰি লৰ মাৰিলে। চোৰেও গৰুটোৰ কেৰামতালি দেখি বুজিলে, “সি গৰু নহয়, কিবা দীঘল ঠেঙীয়াহে । আজি মোক সঁচাকৈয়ে দীঘল ঠেঙীয়াইহে পালে।” দুয়ো দুইকো দীঘল ঠেঙীয়া ভাবি ভয়ত তত্মৎ এৰিলে।
চোৰক পিঠিত লৈ বাঘে ঢাপলি মেলি হাবিত সোমাবলৈ ধৰোঁতেই চোৰে মৰো-জীওঁকৈ বাঘৰ গলধনটো মোকোটাই ধৰিলে। তেতিয়া বাঘে ভাবিলে-“অ’ই দীঘল ঠেঙীয়া নহয়, ঘাৰ-মোকোটোৱাহে।” বাঘে ভয়ত আৰু বেগেৰে লৰ দিবলৈ ধৰিলে। চোৰে বাঘক ঘাৰ মোকোটায়ো ৰাখিব নোৱাৰি শেহত বাঘৰ নেণ্ডৰত হাত পৰিল বাঘৰ লৰ আৰু চৰিল। লৰৰ কোবত চোৰটো বাঘৰ পিঠিত আৰু ৰ’ব নোৱাৰি বাগৰি মাটিত পৰিল। কিন্তু সি বাঘৰ নেগুৰডাল মুঠিতে পেঁপা কাঢ়ি ৰ’ল। বাঘ লব মাৰি সাৰিল। সি হাবিৰ ভিতৰ পাই অলপ উশাহ লৈ ভাবিলে, তাক ঘাৰ মোকোটোৱাই নহয়, পেঁপাকঢ়াইহে পাইছিল। ইফালে চোৰে হাতৰ নেগুৰডাল পিটিকি জিটিকি চাই যে সেইডাল গৰুৰকি আন জন্তুৰ নেজ নহয়, বাঘৰহে নেজ। তেতিয়াহে তাৰ বৰ ভয় লাগিবলৈ ধৰিলে। ৰাতি তেতিয়া ভালেমান আছিল। সেইদেখি সি ৰাতিটোৰ বাকীডোখৰ কটাবলৈ ওচৰৰে ওখ আমগছ এজোপাত উঠিল।
ইফালে বাঘে হাবিত সোমাই তাক পেঁপা-কঢ়াই পোৱা কথা তাৰ লগৰীয়া ভাই-বন্ধুহঁতক ক’লে, সিহঁতে’গুণি-গাঁথি থিৰ কৰিলে যে “এইটো বৰ লাজৰ কথা হ’ল। সিহঁত বনৰ ৰজা; এতেকে সিহঁতৰ লগৰীয়া ভাই ৰজা এজনক পেঁপাকঢ়াই এনে লঘু-লাঞ্জন| কৰিব, ই বৰ অসহনীয় কথা ৷ ইয়াৰ প্ৰতিকাৰ নকৰিলে পেঁপা-কঢ়াই পোৱা সেই বাঘটোৰ মাথোন নেজডালহে গৈছে, সিহঁতৰ কিন্তু অপমানত নাক-কাণ সোপাই যাব আৰু তাৰ বাহিৰেও পেঁপাকঢ়া বুলি যদি কোনো জন্তু সিহঁততকৈ বলী হৈ ওলায়, তেন্তে সিহঁত ৰজাৰ শাৰীৰ পৰা গৈ খৰিভাৰী, পানী ভাৰীৰ পৰিবগৈ।” সেইদেখি সকলোবোৰ বাঘে লৰালৰিকৈ মেল পাতি ইয়াকে আলচ কৰিলে যে অলপো পলম নকৰি তেতিয়াই সিহঁতে পেঁপাকঢ়াৰ বিৰূদ্ধে যুদ্ধ যাত্ৰী কৰি যোৱাটো উচিত।
দুকুৰিমান বাঘে পেঁপাকঢ়াক বিচাৰি চলাথ লগালে, কিন্তু কতো সিহঁতে পেঁপাকঢ়াক নেদেখিলে। শেহত এটা বাঘৰ চকু সেই আমজোপাৰ আগত পৰিল সি পেঁপাকঢ়াক তাত বহি থকা দেখিলে। সেইটো পেঁপাকঢ়া বুলি আঙুলিয়াই দেখুৱালে এটাইবোৰ বাঘে একেবাৰে হাঁওৰি মাৰি উঠিল। কিছুপৰ সিহঁতে ভাবিচিন্তি বুধি এটা সাজিলে। পেঁপাকঢ়াক ঢুকি পাবলৈ সিহঁতে এটাৰ পিঠিত এটা, আকৌ সেইটোৰ পিঠিত আন এটা সেইদৰে উঠি ওখ হৈ গ’ল। চোৰে ভাবিনে এতিয়া সৰ্বনাশ। এতিয়াহে বিপাঙে মৰিলোঁ। তৎক্ষণাৎ চোৰেও এটা বুধি উলিয়ালে। সি দেখিলে যে নিচেই তলত পেপাকঢ়াই পোৱা সেই বাঘটো। সেই নেগুৰখঁৰা বাঘটোক চোৰটোৱে গলগলীয়া মাতেৰে মাত লগালে “খঁৰা চাবি, চাবি চাবি।” খঁৰা বাঘে ভাবিলে “আকৌ পেঁপাকঢ়াই আনবোৰক এৰি মোকহে ধৰে নেকি?” ইয়াকে ভাবি সি সূৰ্তি-বুধি হেৰুৱাই হাবিৰ ফালে লৰ ধৰিলে। সি তেনে কৰিলে, তাৰ পিঠিত এটা এটাকৈ উঠি ওখ হৈ যোৱা আটাইবোৰ বাঘ ঠল ঠল কৰে মাটিত সৰি পৰিল। সিহঁতেও “আমাকো ‘পঁপাকঢ়াই পালে” বুলি ভাবি বৰকৈ ভয় খাই তৰা-নৰা ছিঙি লৰি হাবিলৈ পলাই গুচি গ’ল।
চোৰে ৰাতিটো তাতে থাকি ৰাতিপুৱাতে গছৰ পৰা নামি তাৰ ঘৰলৈ গুচি আহিল আৰু তেতিয়াৰে পৰা সি আৰু চুৰ নকৰে বুলি শপত খালে।
কাকাদেউতা আৰু নাতি লʼৰা আৰু বুঢ়ী আইৰ সাধুৰ দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। দীঘল ঠেঙীয়াৰ সাধু এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। দীঘল ঠেঙীয়াৰ সাধু এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে দীঘল ঠেঙীয়াৰ সাধু এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।