ঢোঁৰাকাউৰী আৰু টিপচী চৰাইৰ সাধু | Dhurakauri Aru Tipochi Chorai, বুঢ়ী আইৰ সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, ঢোঁৰাকাউৰী আৰু টিপচী চৰাইৰ সাধু, সাধুকথা, অসমীয়া কাহিনী, ঢোঁৰাকাউৰী আৰু টিপচী চৰাইৰ সাধু, শিশুৰ বাবে কাহিনী
এক বোলে ঢোঁৰাকাউৰী আৰু টিপচী চৰাই আছিল। সিহঁত দুয়ো সখি বন্ধালে। এদিন দুয়ো একেলগে এজোপা গছৰ তলত বহি আছিল। এনেতে দেখিলে যে এজনী বুঢ়ীয়ে ধান সিজাই চোতালত মেলি দিছে। ঢোঁৰাকাউৰী টিপচীক ক’লে– “সখি সখি, চোৱাচোন, সেই বুঢ়ীজনীয়ে সিজোৱা ধান ৰ’দত মেলি দিছে, এথাপ মাৰি আমি আনোহঁক আহা৷ ” টিপচীয়েও “এৰা আনোহঁক আহা” বুলি মাত দিলে ঢোঁৰাকাউৰী ক’লে– “কিন্তু সখি এটা কথা, মই ঠোঁটত যিমান ধান আনিম তুমিও যদি সিমান আনিব নোৱাৰা তেনেহ’লে মই তোমাক আৰু তুমি যিমান আনিবা ময়ো যদি সিমান আনিব নোৱাৰোঁ তেন্তে তুমি মোক খাবা!” ঢোঁৰাকাউৰী কথা শুনি টিপচীয়ে ভাবিলে– “মইতো তাতকৈ বেছি ধান একে থাপতে আনিব নোৱাৰিমেই; সেইদেখি বুজিছোঁ সি মোক খাবলৈ বুদ্ধি পাতিছে। বাৰু দেখাই যাওঁকচোন, সি মোক কেনেকৈ খায়।” ইয়াকে ভাবি টিপচীয়ে উত্তৰ দিলে–“বাৰু সখি সেয়ে হওক।” ঢোঁৰাকাউৰী ক’লে– “তেন্তেতুমি আগেয়ে থাপ মাৰিআনা ৷” টিপচীয়ে উত্তৰ দিলে– নহয় সখি, তুমি আগেয়ে আনা !” কাউৰীয়ে ক’লে– “তুমিহে আগ হ’ব লাগে, মই তোমাৰ পিছতহে!” এই কথা শুনি টিপচীয়ে তাৰ এখুদমান ঠোটেৰে থাপ মাৰি এঠোট ধান আনিলে; কিন্তু সি নিচেই তাকৰ। তাৰ পিছত ঢোঁৰাকাউৰী থাপ মাৰি ইমান ধান আনিলে যে টিপচীয়ে অনা ধানতকৈ সি অনেক গুণে সৰহ। ঢোঁৰাকাউৰীয়ে ধান আনিয়েই মাত লগালে– “সখি, মই এতিয়া তোমাক খাব পাওঁ।” টিপচীয়ে উত্তৰ দিলে– “নিশ্চয় পৌৱা, সেইদেখি তুমি মোক খাবা, কিন্তু তাৰ আগেয়ে তুমি মোৰ এটা কথা ৰাখিব লাগিব– তুমি সততে মৰাশ খাঁই ফুৰা, সেইবাবে তোমাৰ ঠোটটোত বৰ বেয়া গোন্ধ; তুমি অনুগ্ৰহ কৰি তোমাৰ ঠোঁটটো সাগৰৰ পানীত ধুই মোক খোৱা।” ঢোঁৰাকাউৰী– “বাৰু সখি, তোমাৰ কথা ৰাখিম, মই এতিয়া মোৰ ঠোটটো সাগৰৰ পানীত ধুই আহোঁগৈ” বুলি কৈ উৰি গৈ সাগৰৰ কাষ পাই সাগৰক মাতিলে–‘সাগৰ ককাই অ’ সাগৰ ককাই!” সাগৰে উত্তৰ দিলে–“কি কৈছে?” ঢোঁৰাকাউৰীয়ে ক’লে–
“দে পানী পখালো ঠোট।
ভোজন কৰে| টিপচী গোট।।”
সাগৰে উত্তৰ দিলে– “কিহতকৈ দিম? যদি কিবা এটা পাৱ দিব পাৰ৷ তেন্তে দিব পাৰোঁ।”
সাগৰৰ কথা শুনি কাউৰীয়ে টেকেলি এটা বিচাৰি কুমাৰৰ ঘৰলৈ গ’ল। কুমাৰক মাত লগালে–‘কুমাৰ ককাই, কুমাৰ ককাই, ঘৰত আছেনে ?” কুমাৰে উত্তৰ দিলে– “আছোঁ, কিবা কৈছে ? ” কাউৰীয়ে ক’লে–
“দে টেকেলি, তোলো পানী, পখালো ঠোট।
ভোজন কৰোঁ টিপচী গোট।।”
কুমাৰে ক’লে– “মোৰ ঘৰত গঢ়া টেকেলি নাই। যদি অলপমান মাটি আনি দিব পাৰা তেন্তে মই টেকেলি এটি গঢ়ি দিব পাৰোঁ।” কুমাৰৰ কথা শুনি কাউৰীয়ে মাটিৰ ওচৰলৈ গৈ মাটিক ক’লে-
“দে মাটি, দিওঁ কুমাৰক, গঢ়ক টেকেলি,
তোলো পানী, পখালো ঠোট।
ভোজন কৰোঁ টিপচী গোট।।”
মাটিয়ে উত্তৰ দিলে– “মই নিজে কেনেকৈ দিম? যদি কিবা উপায়েৰে খান্দি নিব পাৰা নিয়া।”
মাটিৰ সমিধান পাই কাউৰীয়ে ম’হৰ ওচৰ পালেগৈ। সি ম’হক মাত লগালে–
“দে শিং, খান্দো মাটি।
দিওঁ কুমাৰক, গঢ়ক ঘটি
তোলো পানী, পখালোঁ ঠোট।
ভোজন কৰোঁ টিপচী গোট।।”
ম’হে উত্তৰ দিলে– “মই নিজে মোৰ শিং কেনেকৈ দিম ? যদি কিবা উপায়ে নিব পাৰা নিয়া।”
ম’হৰ কথা শুনি কাউৰীয়ে গৈ কুকুৰৰ ওচৰ পাই কুকুৰক ক’লে–
“মাৰ ম’হ নিওঁ শিং, খান্দো মাটি,
দিওঁ কুমাৰক গঢ়ক ঘটি।
তোলো পানী, পখালো ঠোট।
ভোজন কৰোঁ টিপচী গোট।।”
কুকুৰে উত্তৰ দিলে–“‘আজি ভালেমান দিন মই গাখীৰ খাবলৈ পোৱা নাই, সেইদেখি মোৰ গাৰ বল কমি গৈছে। তুমি যদি মোক গাখীৰ বুৱাব পাৰা তেণ্তে মই ম’হ মাৰি দিব পাৰোঁ।”
এই কথা শুনি কাউৰীয়ে গাইৰ ওচৰলৈ গৈ গাইক ক’’লে–
“দে গাখীৰ, খুৱাওঁ কুকুৰক,
বান্ধক বাল, মাৰক ম’হ।
নিওঁ শিং, খান্দো মাটি।
দিওঁ কুমাৰক গঢ়ক ঘটি।
তোলোঁ পানী, পথালো ঠোট।
ভোজন কৰোঁ টিপচী গোট।।
” গায়ে উত্তৰ দিলে—“মই বুঢ়ী হৈছোঁ; ভালেমান দিন ভালকৈ ঘাঁহ খাবলৈ পোৱা নাই। তুমি যদি মোক ভালকৈ এসোপা ঘাঁহ খাবলৈ আনি দিব পাৰা, তেন্তে মই তোমাক যিমান গাখীৰ লাগে সিমান দিম।
” গাইৰ উত্তৰ শুনি কাউৰীয়ে ঘাঁহৰ ওচৰলৈ গৈ ঘাঁহক ক’লে–
“দে ঘাঁহ, খুৱাওঁ গাইক, ওলাওক গাখীৰ,
খুৱাওঁ কুকুৰক, বান্ধক বল, মাৰক ম’হ,
নিওঁ শিং, খান্দো মাটি।
দিওঁ কুমাৰক, গঢ়ক ঘটি।।
তোলো পানী, পখালো ঠোট।
ভোজন কৰোঁ টিপচী গোট।।”
Read Also: ঔকুঁৱৰীৰ গল্প | Ou Kunwari Hadhu Kotha
ঘাঁহে উত্তৰ দিলে-“মই কেনেকৈ ঘাঁহ দিম? যদি কাটি নিব পাৰা নিয়া!” ঘাঁহৰ কথা শুনি কাউৰী কমাৰৰ ঘৰ পালেগৈ। বাহিৰৰ পৰা কাউৰীয়ে কমাৰক মাত লগালে–“কমাৰ কা, কমাৰ কাই, ঘৰত আছেনে ?” কমাৰে উত্তৰ দিলে– “আছোঁ, কাউৰী ভাই, কি সকামত বা আহিলা ? ” কাউৰীয়ে উত্তৰ দিলে–
“দে খন্তি, কাটো ঘাঁহ, খুৱাওঁ গৰুক, ‘
ওলাওক গাখীৰ, খুৱাওঁ কুকুৰক, বান্ধক বল,
মাৰক ম’হ।
নিওঁ শিং, খান্দো মাটি।
দিওঁ কুমাৰক, গঢ়ক ঘটি।।
তোলোঁ পানী, পখালো ঠোট।
ভোজন কৰোঁ টিপচী গোট।।”
কমাৰে লে– ” মোৰ জুইকুৰা নুমাই গ’ল; ঘদি মোক জুই অলপ দিব পাৰা, তেন্তে মই এতিয়াই খন্তি এখন গঢ়ি দিব পাৰোঁ।”
কাউৰীয়ে কমাৰৰ কথা শুনি চাৰিওফালে চাই দেখিলে যে সাগৰৰ সিপাৰে এঠাইত জুইৰ ধোঁৱা ওলাইছে। দেখিয়েই সি উৰি গৈ সিপাৰ পাই এজনী বুঢ়ীয়ে ধান সিজাই থকা দেখিলে। বুঢ়ীৰ ওচৰ চাপি কাউৰীয়ে ক’লে–“আই মোক অলপ জুই দিব প’ৰানে ?” বুঢ়ীয়ে উত্তৰ দিলে– “কিহতকৈ দিব ?” কাউৰীয়ে ক’লে– “মোৰ ডৌকাৰ ভিতৰতে বান্ধি দিয়া।” বুঢ়ীয়ে তাকে কৰিলে। কাউৰীয়ে জুইৰ আঙঠাৰ টোপোলাটো ডৌকাত বান্ধি লৈ সাগৰৰ ওপৰেদি উঠি জই থাকোতে তাও বতাহ লাগি জ্বলি উঠি ডৌকা পুথি গ’ল সি মাজ সাগৰত পৰি বুৰি মৰিল৷ ইফালে গিপচী চৰায়ে মনে মনে কাউৰীৰ পিছে পিছে আহি আগ পৰা গুৰিলৈকে এইবোৰ লক্ষ্য কৰি আছিল। শষত কাউৰীৰ এনে মৃত্যু দেখি সি সন্তোষ পাই এজে’পা গছৰ ডালৰ পৰা উৰি আন এজোপা গছৰ ডালত পৰিলগৈ ৷ আৰু মোৰ কাপোৰ-কানি ক’লা হ’ল ময়ো গুচি আহিলোঁ ৷
ঢ়েঁকীয়াই মেলিলে ঠোৰ।
মে’ৰ কৃঘ”ৰ পৰিল ওৰ।।
তামোলে মেলিলে ডাবি।
কোন কলৈ যাবি ৷।
কলা মেকুৰীৰ বগা কণ।
ডাকি বোলে ৰাম ৰায় ৷৷’
কাকাদেউতা আৰু নাতি লʼৰা আৰু বুঢ়ী আইৰ সাধুৰ দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। ঢোঁৰাকাউৰী আৰু টিপচী চৰাইৰ সাধু এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। ঢোঁৰাকাউৰী আৰু টিপচী চৰাইৰ সাধু এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে ঢোঁৰাকাউৰী আৰু টিপচী চৰাইৰ সাধু এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।