দেউল উৎসৱ | Deul Festival
দেউল উৎসৱ বিশেষকৈ নামনি অসমৰ বিভিন্ন ঠাইত পৰম্পৰাগত ভাৱে অনুষ্ঠিত কৰা এক জনপ্ৰিয় কৃষি উৎসৱ। নামনি অসমৰ বৰপেটাৰ দেউল উৎসৱ আৰু বিভিন্ন ঠাইত অনুষ্ঠিত কৰা এই উৎসৱৰ যথেষ্ট পাৰ্থক্য আছে। বৰপেটা জিলাৰ দৌল উৎসৱৰ বাহিৰে বাকী ঠাইবোৰত অনুষ্ঠিত কৰা এই উৎসৱটোত বাঁহ ৰোপণ পৰ্বটোক যথেষ্ট গুৰুত্ব সহকাৰে লোৱা দেখিবলৈ পোৱা যায়। নামনি অসমৰ দৰং জিলাৰ বিভিন্ন স্থানত এই উৎসৱ দেখিবলৈ পোৱা যায়। দেউল উৎসৱ অনুষ্ঠিত কৰা হয় বহাগ মাহত।

দেউল উৎসৱ উদযাপন কৰাৰ মূল অংগ কেইবাটাও। এই উৎসৱৰ প্ৰথম আৰু প্ৰধান অংগ হ’ল মেষ দাহ। “মেষ” মানে হৈছে অসুৰ। দেউল উৎসৱৰ আগদিনা মেষ দাহ অৰ্থাৎ অসুৰ দাহ কৰা হয়। কৃষি প্ৰধান ৰাইজে সম্ভৱত অপায় অমংগল দূৰ কৰি এই পৃথিৱী যেন শস্যৰে সুজলা-সুফলা হৈ পৰে সেই উদ্দেশ্যে আগত ৰাখি এই কাৰ্য্য সমাপন কৰে। মেষ দানৰ পিচদিনা নিৰ্দিষ্ট স্থানত দেউল উৎসৱৰ সিংহাসন স্থাপন কৰা হয়। এই সিংহাসন মাটিৰে সাত খলপীয়া কৰি গঢ়া হয়। সিংহাসন স্থাপন কৰা ঠাইখিনিক পৱিত্ৰ স্থান ৰূপে গণ্য কৰা হয়। দেউল উৎসৱৰ দিনাখন সিংহাসনৰ চাৰিওটা দিশত চাৰিডাল বাহ ৰোপণ কৰা হয় আৰু চাৰিওডাল বাহৰ ওপৰত চাৰিখন মঙ্গল সূচক বস্ত্ৰ ওলোমাই দিয়া হয়। এই উৎসৱৰ পূজাৰ বাবে নামঘৰত থকা বিষ্ণু মূৰ্তি উলিয়াই আনি বা কৃষ্ণ মূৰ্তিক উলিয়াই আনি সাতখলপীয়া সিংহাসনৰ ওপৰত স্থাপন কৰা হয়। বিষ্ণু বা কৃষ্ণ মূৰ্তিক স্থাপন কৰিবৰ সময়ত থলুৱা কৃষ্টি, সংস্কৃতিৰ এক অপূৰ্ব সমন্বয় দেখিবলৈ পোৱা যায়। ঢোল, পেপা, তাল, টকা, কালি আদি সহিতে গীত, নৃত্যৰে এক ৰজন জনাই যোৱা পৰিৱেশৰ সৃষ্টি হয়। মহিলাসকলে মঙ্গল উৰুলি ধ্বনি দিয়ে। ওজাপালি সকলে নাম কীৰ্ত্তন কৰে, ঢুলীয়া সকলে ভাওনা কৰে। ইয়াৰ মূৰ্তিক সিংহাসনত স্থাপন কৰাৰ আগতে কোনো কোনো ঠাইত মানুহৰ ঘৰৰ সন্মুখেদি মূৰ্তিক শোভাযাত্ৰা কৰি লৈ যোৱা হয়। তেনেকৈ মূৰ্তিক শোভাযাত্ৰা কৰি লৈ প্ৰতিঘৰ মানুহেই ধূপ-ধূনা বন্তি জ্বলাই সেৱা জনায়। দেউল উৎসৱৰ মূৰ্তি স্থাপনৰ যি পৰিৱেশ আচলতে সেই পৰিৱেশ অতি মোহনীয় আৰু অতি আকৰ্ষণীয়।
দেউল উৎসৱৰ লগত জড়িত মেষ দাহ প্ৰথাৰ বিষয়ে ইতিহাসত পোৱা নাযায় যদিও এই প্ৰথাই যে আদিম উৰ্বৰতা কৃষি কাৰ্যৰ লগত জড়িত সেই কথাটো অনুমান কৰিব পাৰি। মেষদাহ প্ৰথাক এই উৎসৱত অশুভ প্ৰতীক বুলি গণ্য কৰাত যথেষ্টখিনি অসুবিধা আছে। কাৰণ এই প্ৰথাৰ দ্বাৰা গৃহৰ অমংগল দূৰ কৰিবৰ কাৰণে প্ৰিয় বস্তু ত্যাগ কৰাৰ লক্ষণহে ইয়াত বিদ্যমান হৈ আছে। এই উৎসৱৰ প্ৰধান উদ্দেশ্যটোৱেই হ’ল সমাজৰ, গাওঁৰ অপায় অমংগল দূৰ কৰি বছৰটো সুখ আৰু সমৃদ্ধিৰে ভৰাই তোলা।
Read Also: দূর্গা পূজা | Durga Puja
দেউল উৎসৱক কেন্দ্ৰ কৰিয়েই সেই স্থানবোৰত স্থানীয় বা থলুৱা উৎপাদিত সামগ্ৰীৰে মেলা পতা হয়। উদাহৰণস্বৰূপে কমাৰ, কুমাৰ, কহাৰ, তাতী আদি থলুৱা শিল্পীয়ে নিৰ্মাণ কৰা সামগ্ৰীবোৰ এই মেলাত বিক্ৰী কৰা হয় তদুপৰি থলুৱা কৃষক সকলৰ উৎপাদিত সামগ্ৰীবোৰো কৃষক ৰাইজে এই মেলা সমূহত বিক্ৰী কৰে।
দেউল উৎসৱৰ লগত ভঠেলি উৎসৱৰ মাজত ভালেখিনি মিল দেখিবলৈ পোৱা যায়। ভঠেলি উৎসৱৰ বাঁহ পূজাৰ লগত দেউল উৎসৱৰ বাঁহ পোতা কাৰ্যৰ মিল আছে। ইয়াৰ বিপৰীতে ভঠেলি উৎসৱত ব্যৱহাৰ কৰা বাহক দৰা-কইনাৰ ৰূপতহে ব্যৱহাৰ হয়। আনহাতে দেউল উৎসৱত ব্যৱহাৰ কৰা বাহ চাৰিডালে দেউল উৎসৱৰ সিংহাসন স্থাপনৰ পৱিত্ৰ ঠাইখিনিৰহে নিৰ্দেশ কৰে।

ব’হাগ মাহৰ আৰম্ভণিৰ পৰা অনুষ্ঠিত হোৱা দেউল উৎসৱ সমূহে থলুৱা কৃষ্টি-সংস্কৃতি সমূহক ধৰি ৰখাৰ এক সুন্দৰ পৰিৱেশ দি আহিছে। তদুপৰি কৃষি প্ৰধান ৰাইজৰ কৃষক সকলক নতুন নতুন কৃষি-কৰ্মৰ লগত জড়িত হ’বলৈ এই উৎসৱে প্ৰেৰণা যোগাই আহিছে। সেই কাৰণে বহুলোকে দেউল উৎসৱক কৃষকৰ প্ৰেৰণাৰ প্ৰতীক বুলিও ক’ব বিচাৰে।
আমি আশা কৰিছো দেউল উৎসৱ | Deul Festival আপোনালোকক সহায় কৰিব। যদি আপোনাৰ দেউল উৎসৱ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।