খ্ৰীষ্টমাছ বা বৰদিন | Christmas

খ্ৰীষ্টমাছ বা বৰদিন | Christmas

সমগ্ৰ বিশ্বত যিমানবোৰ জাতি, ধৰ্ম, সম্প্ৰদায় আছে সকলোৰে একো একোটা বিশেষ ধৰ্মীয় উৎসৱ বা সংস্কৃতি আছে। উদাহৰণ স্বৰূপে হিন্দুৰ পূজা, অসমীয়াৰ বিহু, মিচিঙৰ আলি-আই-লৃগাং, কাৰ্বি সকলৰ ৰং-কেৰ, বড়োসকলৰ খেৰাই পূজা, খাচিয়াৰ নংক্ৰেম, মুছলমান সকলৰ ঈদ্ আদি এনেধৰণৰ উৎসৱ।

 খ্ৰীষ্টানসকলৰ ধৰ্মীয় উৎসৱটিৰ নাম হ’ল খ্ৰীষ্টমাছ বা বৰদিন। এই উৎসৱটি সমগ্ৰ বিশ্বতে ডিচেম্বৰ মাহৰ ২৫ তাৰিখে পালন কৰা হয়। এই দিনটোত খ্ৰীষ্টান ধৰ্মৰ প্ৰৱৰ্তক যীশুৰ জন্মৰ দিন বুলি ধৰি লোৱা হয়। আচলতে যীশুৰ জন্মৰ সঠিক তাৰিখ আজিলৈকে জানিব পৰা নাযায়। সেই কাৰণে মিচৰৰ গিৰ্জাসমূহত জানুৱাৰী মাহৰ ৬ তাৰিখটোহে যীশুৰ জন্মদিন বুলি ধৰি লৈ এই উৎসৱ পালন কৰাৰ নিয়ম আছিল। এইবোৰ যিয়েই নহওক ২৫ ডিচেম্বৰ তাৰিখটোকেই সকলোৱে যীশুৰ জন্মদিন বুলি মানি লৈছে। এইখিনিতে এটা কথা জানি থোৱাটো ভাল হ’ব- “গুড্ ফ্ৰাইডে” মানে কি? গুড্ ফ্ৰাইডে হ’ল- যীশুখ্ৰীষ্টৰ মৃত্যু দিৱস।

খ্ৰীষ্টমাছ বা বৰদিন 2

খ্ৰীষ্টমাছক চমুকৈ “X-Mass” বুলি কোৱা হয়। গ্ৰীক্ ভাষাত “X” আখৰটো “Christ” আখৰটো প্ৰথম আখৰ, সেই কাৰণে “Christ” নামৰ প্ৰথম গ্ৰীক্ আখৰটোৰে খ্ৰীষ্টমাছ “X-Mass” উৎসৱ বুলিও কোৱা হয়।

সাম্প্ৰতিক সময় যদিও গোটেই বিশ্বৰ সকলো খ্ৰীষ্টানেই খ্ৰীষ্টৰ জন্মদিন হিচাপে ইয়াক পালন কৰে তথাপিও ইয়াৰ লগত সংগতি ৰাখি পূৰ্বৰ কিছুমান ধৰ্মৰ পৰা সম্পূৰ্ণ মুক্ত কিছুমান সাংস্কৃতিক অনুষ্ঠানো পালন কৰা হয়।

প্ৰথম অৱস্থাত খ্ৰীষ্টমাছ উৎসৱ হেনো খেতিয়কৰ উৎসৱ আছিল। ঠিক অসমীয়া মাঘ মাহৰ ভোগালী বিহুৰ নিচিনাহে । ঐতিহাসিক দিশৰ পৰা জানিব পাৰি যে, ২৭৪ খ্ৰীষ্টাব্দত সম্ৰাট অৰেলিয়ানৰ দিনত ৰোমনগৰবাসীসকলে ইয়াক অজেয় সূৰ্য-দেৱতাৰ পূজা হিচাপেহে পালন কৰা হৈছিল। কাৰণ সেইদিনাৰ পৰাই সূৰ্যৰ উত্তৰায়ন আৰম্ভ হৈছিল। তদুপৰি ইতিহাসত উল্লেখ আছে যে ৩৬৬ খ্ৰীষ্টাব্দত ৰোম দেশত পোন প্ৰথমে খ্ৰীষ্টমাছ উৎসৱ পালন কৰা হৈছিল বুলি জানিব পাৰি। সেই সময়ৰ পৰাই ক্ৰমান্বয়ে সমগ্ৰ ইউৰোপতেই খ্ৰীষ্টমাছ উৎসৱ বিয়পিবলৈ আৰম্ভ কৰে।

এইখিনিতে এটা কথা জানি থোৱা ভাল হ’ব যে, খ্ৰীষ্টান ধৰ্মৰ প্ৰধান শাখা “পিউৰিটান” আদিয়ে আজিও খ্ৰীষ্টান ধৰ্ম পালনৰ খ্ৰীষ্টমাছ উৎসৱৰ বিৰোধিতা কৰে। তেওঁ লোকৰ মতে এই উৎসৱ পালনৰ দ্বাৰা এফালৰ পৰা মূৰ্তি-পূজাকে সমৰ্থন জনোৱা হয়।

খ্ৰীষ্টমাছ বা বৰদিন 3

যীশুখ্ৰীষ্টৰ ধৰ্মীয় উৎসৱ দেশে দেশে পালন কৰাৰ কিছুমান নিজা বৈশিষ্ট্যও মন কৰিবলগীয়া। সাম্প্ৰতিক সময়ত বৰদিন বা খ্ৰীষ্টমাছ উৎসৱত সম্ভাষণ জনোৱাটো এই উৎসৱৰ এক আন্তৰ্জাতিক নিয়মত পৰিণত হৈ পৰিছে। বৰ্তমান ইংলেণ্ড, আমেৰিকা, ৰোম আদি দেশৰ ডাক-বিভাগে মাহ দিয়েক আগৰ পৰাই “Greetings Card” অৰ্থাৎ “সম্ভাষণ কাকত” মজুত কৰি ৰাখে। কিছুমান দেশত আকৌ “ফাৰ” নামৰ গছৰ ডাল এটা ধুনীয়াকৈ সজাই তাত নানান ধৰণৰ ৰং সানি ধেমালি আৰু আনন্দ কৰে। এনেদৰে “ফাৰ” গছৰ ডালটোক সজোৱা কাৰ্যক বোলা হয়, “খ্ৰীষ্টমাছ ট্ৰি” বা “বৰদিনৰ গছ”। আকৌ কিছুমান ঠাইত বৰদিনক উপলক্ষ হিচাপে লৈ “মেজি” বা “yule log” জ্বলোৱা হয়। কিছুমান ঠাইত আকৌ ঘৰৰ দুৱাৰ মুখত “মিচিলটো” (Misletoe) নামৰ এবিধ কপৌ জাতীয় গছৰ ঠেঙুলি আৰি দিয়া হয়। খ্ৰীষ্টান ধৰ্মৰ লোক সকলৰ বিশ্বাস মতে এইবিধ গছক শান্তিৰ প্ৰতীক বুলি ধৰা হয়। এই উৎসৱত সৰু সৰু ল’ৰা-ছোৱালীক বিভিন্ন ধৰণৰ উপহাৰ দিয়াটো এই উৎসৱৰ বিশেষ নিয়ম বুলি ধৰা হয়। এইবোৰ কাৰণতেই যীশুখ্ৰীষ্টৰ ধৰ্মীয় অনুষ্ঠানে সাৰ্বজনীন উৎসৱৰ ৰূপ লাভ কৰিবলৈ সক্ষম হৈছে।

Read Also: মহৰম | Muharram

যীশুখ্ৰীষ্টই সমগ্ৰ জগততেই প্ৰেম, ভাতৃত্ব, ক্ষমা আদিৰ মহৎ আদৰ্শৰ বাণী বিলাইছিল। খ্ৰীষ্টমাছ বা বৰদিন উৎসৱে মানুহক প্ৰেম, ভাতৃত্ববোধ, ক্ষমা-দয়া আদি গুণ-সমূহৰ কথা মানুহক সোৱৰাই দি মানুহক মহৎ আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত কৰি আহিছে তাত আমাৰ অকণো সন্দেহ নাই।

আমি আশা কৰিছো খ্ৰীষ্টমাছ বা বৰদিন | Christmas আপোনালোকক সহায় কৰিব। যদি আপোনাৰ খ্ৰীষ্টমাছ বা বৰদিন সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Leave a Reply