সাধুকথা: চম্পাৱতী | Chompaboti Hadhu Kotha, বুঢ়ী আইৰ সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, সাধুকথা: চম্পাৱতী, সাধুকথা, অসমীয়া কাহিনী, সাধুকথা: চম্পাৱতী, শিশুৰ বাবে কাহিনী
এসময়ত এঠাইত এজনী বৰ ধনী মানুহ আছিল। তেওঁৰ দুজনী ঘৈণীয়েক আছিল। ডাঙৰজনী লাগী আৰু সৰজনী এলাগী। লাগীজনীৰো এজনী ছোৱালী হৈছিল আৰু এলাগীজনীৰো এজনী ছোৱালী হৈছিল। লাগী তিৰোতাৰ কথা শুনি গিৰীয়েকে সৰুজনীক তাইৰ জীয়েকেৰে সৈতে চুৱাপাতনিত থাকিবলৈ এটি পঁজা ঘৰ সজাই দিলে। এলাগীয়ে দুখ-কষ্টেৰে জীয়েকক লৈ খুজি-মাগি খাই ঘৰতে থাকিবলৈ ধৰলে। এলাগীৰ জীয়েকৰ নাম চম্পাৱতী। এদিন বাপেকে চম্পাৱতীক পকা ধান ৰখিবলৈ হুকুম দিলে। চম্পাৱতীয়ে সদায় ধাননিৰ মাজত টঙিৰ ওপৰত উঠি চৰাই খেদাই থাকে। এইদৰে বহুদিন গৈছে এদিন চম্পাৱতীয়ে ধান ৰখিবলৈ গৈ চিঙিৰ ওপৰত উঠি–
“হুৰ হৰ বতা চৰাই,
মোৰ ধান নাখাবি তোক দিম গোটেকৰাই।”
বুলি কওঁতেই ওচৰৰ হাবিৰ মাজৰ পৰা কোনোবাই উত্তৰ দিলে–
“ধানো খাম চাউলো খাম।
চম্পাৱতীক বিয়া কৰি ঘৰলৈ যাম।।”
চম্পাৱতীয়ে এইবোৰ কথা শুনি কেউফালে মানুহ দুনুহ চাই কাকো নেদেখি বিচূৰ্তি হ’ল। তাৰ পিছত গধুলিপৰত ধান ৰখি উভতি আহি চম্পাই মাকৰ আগত সেইদিনাৰ সেই কথা ক’ল। পিছদিনা মাকে চম্পাৰ কথা সঁচা নে মিছা জানিবৰ নিমিত্তে চম্পাৰ লগতে ধাননিৰ মাজলৈ গ’ল আৰু মাকে ক’বলৈ দিয়াত চম্পাই ক’বলৈ ধৰিলে–
“হুৰ হুৰ বতা চৰাই,
মোৰ ধান নাখাবি তোক দিম গোটেকৰাই।”
ইয়াৰ উত্তৰত হাবিৰ মাজৰ পৰা কোনোবাই মাত লগালে–
“ধানো খাম চাউলো খাম।
চম্পাৱতীক বিয়া কৰি ঘৰলৈ যাম।।”
মাকে এই কথা শুনি বিচুতি হ’ল আৰু এবাৰ মাকে চম্পাক আগৰদৰে মাতিবলৈ দিয়াত, চম্পাৱতীয়ে মতাত পুনৰ হাবিৰ পৰা আগৰ দৰেই কোনোবাই উত্তৰ দিলে। তেতিয়া মাক-জীয়েকে দুয়ো ঘৰলৈ উভতি আহিল। এলাগীয়ে গিৰীয়েকক সকলো কথা ক’লে। গিৰীয়েকে এলাগীক, চম্পাক আৰু ওচৰ চুবুৰীয়া মানুহ গোটাচেৰেকক লগত লৈ ধাননীলৈ গৈ চম্পাক সেইদৰে মাতিবলৈ দিয়াত চম্পাই আগৰদৰে মতাত ওচৰৰ হাবিৰ পৰা আগৰ দৰে উত্তৰ পালে। সকলো মানুহে কোনে মাতিছে বুলি চাবলৈ হাবিৰ মাজলৈ সোমাই গ’ল, কিন্তু কাকো নেদেখিলে। তাৰ পিছত চম্পাৰ বাপেকে হাবিৰ ফালে চাই মাত লগালে– যদি সঁচাকৈয়ে তোমাক চম্পাৱতীক লাগে, তেনেহ’লে তুমি যেই কি নোহোৱা ওলাই আহা, সত্যে সত্যে মই তিনি সইত খাই কৈছোঁ চম্পাৱতীক তোমালৈ বিয়া দিম।” এই কথা শুনি হাবিৰ মাজৰ পৰা এটা বৰ ডাঙৰ অজগৰ সাপ ওলাই আহিল। সাপটো দেখি সকলো মানুহ ভয়ত পলাবলৈ ধৰাত চম্পাৰ বাপেতে সিহঁতক নপলাবলৈ সৈ সাহ দিলে একে ঠাইতে সকলোটি থূপ খালে। তাৰ পিছত সি অজগৰক মাতি তাৰ ঘৰলৈ নিলে। এলাগী আৰু জীয়েক দুয়ো ডিঙিত ধৰাধৰিকৈ কান্দিবলৈ ধৰিলে; এলাগীয়ে জীয়েকক অজগৰেৰে সৈতে বিয়া নিদিবলৈ গিৰীয়েকক কাকৃতি কৰিবলৈ ধৰিলে হয়, কিন্তু লাগীৰ কথা শুনি গিৰীয়েকে তালৈ কাণ নকৰি কেঁচা পাণ, কেঁচা তামোল কাটি সাপলৈ চম্পাক বিয়া দি এটা সুকীয়া ঘৰত মাক, জীয়েক, জোঁৱায়েকক থাকিবলৈ ঠাই দিলে৷
সেইদিনা লাগীৰ আৰু আনন্দৰ সীমা নাই যে আজি ৰাতি চম্পাৱতীক অজগৰে খাই পেলাব। অজগৰক চম্পাৱতীৰে সৈতে একেটা খোটালিত ৰাতি থাকিবলৈ দিয়া হ’ল। চম্পাৱতীয়েও তাইক আজি অজগৰে গিলিব ভাবি ঈশ্বৰৰ চৰণত শৰণ লৈ শোকে বেজাৰে পৰি থাকিল। পিছদিনা মাকে ৰাতিপুৱাই লৰালৰিকৈ উঠি চম্পাৱতীক ঘৰলৈ গৈ দেখে যে চম্পাৱতীৰ গা সোণৰ অলংকাৰ-পাতিয়ে জমকাব লাগিছে আৰু তাইৰ গা গোটেইটো সোণময় হৈ আছে, কিন্তু অজগৰ আৰু তাত নাই। মাকে চম্পাৱতীক জগালে তাই সাৰ পাই, নিজৰ গাত সোণৰ অলংকাৰ-পাতি ভৰি থকা দেখি তাইৰ আনন্দত পাৰ নোহোৱা হ’ল। ইফালে চম্পাৰ বাপেকে লাগীক লগত লৈ চম্পাৱতীক অজগৰে গিলিলে ভাবি চাবলৈ আহি দেখে যে চম্পাৱতীৰ গা সোণৰ অলংকাৰেৰে জক্মকাব লাগিছে। দেখিয়েই দুয়ো বিচূৰ্তি হ’ল। চম্পাৱতীৰ এনে হোৱা দেখি লাগীৰ হিংসা লাগি তেতিয়াই গিৰীয়েকক নিজৰ জীয়েকৰ নিমিত্তে এটা অজগৰ আনিবলৈ কুতুৰিবলৈ ধৰিলে। গিৰীয়েকেও ঘৈণীয়েকৰ কথা শুনি লগত কিছুমান মানুহ লৈ ঘোৰ অৰণ্যলৈ গৈ বিচাৰি এটা অজগৰ সাপ ধৰি ঘৰলৈ লৈ আহিল। কেঁচা পাণ, কেঁচা তামোল কাটি লাগীয়েও অজগৰেৰে সৈতে জীয়েকক বিয়া দিলে। চম্পাৱতীক শুবলৈ দিয়াৰ দৰে লাগীয়েও নিজৰ জীয়েকক লগত শুবলৈ দিলে৷ লাগীৰ আনন্দৰ সীমা নাই, আজি জীয়েকে সোণৰ নতুন নতুন অলংকাৰ পিন্ধিবলৈ পাব বুলি। আনন্দত মাজ ৰাতি নুশুই জীয়েকে শোৱা খোটালিৰ কাষতে বহি আছিল। ইফালে ৰাতি অজগৰ সাপে লাগীৰ জীয়েকক তাইৰ ভৰিৰ ফালৰ পৰা গিলিবলৈ ধৰিলে। জীয়েকে মাকক ভিতৰৰ পা ক’লে–
আই মোৰ ভৰি কুটেকুটায়।
বাহিৰৰ পৰা মাকে ক’লে—
“আই মোৰ জোঁৱায়ে নেপুৰ পিন্ধায়।”
লাহে লাহে আজগৰে গিলি
আনি কঁকাল পালেগৈ।
জীয়েকে ক’লে–
“আই মোৰ কঁকাল কুটেকুটায়।”
মাকে ক’লে—
“আই মোৰ জোঁৱায়ে মেখেলা পিন্ধায়।”
তাৰপিছত অঙ্গগৰে গিলি যেতিয়া বুকু পালেগৈ জীয়েকে মাত লগালে–
মাকে উত্তৰ দিলে—
“আই মোৰ জোঁৱায়ে বিহা পিন্ধায়।”
তাৰ পিছত অজগৰে গিলি ডিঙি পালে জীয়েকে মাতিলে– “আই মোৰ ডিঙি কুটেকুটায়।”
মাকে উত্তৰ দিলে–
“আই মোৰ জোঁৱায়ে মণি পিন্ধায়।”
লাহে লাহে অজগৰে গিলি মূৰ পালে জীয়েকৰ আৰু মাত নাইকিয়া হ’ল। মাকে ভাবিলে– “মোৰ জীয়ে অলংকাৰ-পাতি পাই আনন্দত টোপনি গৈছে।” ইয়াকে ভাবি মাকেও বং মনেৰে শুই থাকিল। ৰাতিপুৱা মাকে টোপনিৰ পৰা উঠি আনন্দ মনেৰে গৈ দেখে যে জীয়েক নাই, অজগৰটোহে খাই গেলো হৈ পৰি আছে। তেতিয়া তাই কথাটো বুজিব পাৰি হুৰাওৰাৱে কান্দিবলৈ ধৰিলে। কান্দোন শুনি গিৰীয়েকে ওলাই আহি কি হ’ল বুলি সোধাত ঘৈণীয়েকে সকলো কথা ক’লে, সি ঢাচ্কৰে মাটিত পৰিল । এলাগী আৰু চম্পাৱতীয়েও কান্দিবলৈ ধৰিলে ৷ গাঁৱৰ সকলো মানুহ আহি গিৰীয়েক ঘৈণীয়েকক নিন্দি অঙ্গগৰৰ পেট ফালি জীয়েকক উলিয়াই শটো খৰি দিলে। ইয়াৰ পিছত গিৰীয়েকে আৰু লাগীয়ে এলাগী আৰু চম্পাৱতীক সমূলি দেখিব নোৱৰা হ’ল। দিনে-ৰাতিয়ে কেনেকৈ মাক-জীয়েকক মাৰিব পাৰিব ইয়াকেহে সিহঁতে ভাবিবলৈ ধৰিলে। এদিন বাতি দুয়ো হাতত তৰোৱাল লৈ মাক-জীয়েকক কাটিবলৈ যাওঁতেই চম্পাৱতীক বিয়া কৰোৱা অজগৰটোৱে হঠাৎ ওলাই আহি দুয়োকো গিলি থৈ চম্পাৱতীক আৰু মাকক টোপনিতে দাঙি লৈ এখন অৰণ্যৰ মাজৰ এটা ভাল পকী ঘৰত ঘলেগৈ৷ পিছদিনা মাক আৰু জীয়েকে উঠি অচিনাকী ঠাই দেখি ভয়ত কান্দিবলৈ ধৰিলে। সাপে ক’লে– “ইয়াত তোমালোকৰ একো ভয় নাই, মইহে তোমালোকক ইয়ালৈ লৈ আহিলোঁ।” এইবুলি কৈ নিশাৰ ঘটনাটোৰ কথা সি ক’বলৈ ধৰিলে। তাৰ কথা শেষ হ’ল মাক আৰু জীয়েকে অজগৰক শলাগি তাতে ৰং মনেৰে থাকিল। সেই অৰণ্যৰ ঘৰতে মাক-জীয়েক আৰু অজগৰ সুখেৰে খাই-বৈ থাকিবলৈ ধৰিলে। তাতে থাকোঁতে হঠাৎ এদিন মাকৰ জ্বৰ হৈ মৃত্যু হ’ল।
Read Also: সাধুকথা: তীখৰ আৰু চুটিবাই | Tikhor Aru Chutibai Hadhu Kotha
অজগৰে আৰু জীয়েকে শোক কৰি কান্দি-কাটি মাকৰ সৎকাৰ কৰিলে৷ ইয়াৰ কিছুদিনৰ পিছত অজগৰ ফুৰিবলৈ ওলাই গ’ল অকস্মাত এজনী বুঢ়ী আহি সেই ঘৰত ওলালহি। চম্পাৱতীয়ে বহুদিন মানুহৰ মুখ দেখা নাছিল। সেইবাবে বুঢ়ীক দেখি আনন্দ মনেৰে আস্তবেস্তকৈ বহিবলৈ দি ক’ৰ মানুহ, ক’লৈ আহিছে বুলি সোধাত, বুঢ়ীয়ে ক’লে– “আই, তুমি অজগৰ সাপক পতিৰূপে পাইছা, সেইজন এজন দেৱতা। তেওঁ সদায় নিশা তোমাক চিকুটি বাকুটি সাৰ নোপোৱা দেখিলে সাপৰ মোটটো সলাই থৈ দেৱতাৰ ৰূপ ধৰি স্বৰ্গলৈ গুচি যায় আৰু তাতে দেৱতাবিলাকৰে সৈতে কথা পাতি থাকেগৈ। আই যদি তোমাৰ অজগৰক তুমি দেৱতাৰূপে পাবলৈ আশা কৰা, তেনেহ’লে আজি ৰাতি তুমি সাৰে থাকি চিকুটা-বাকোহা কৰিলে একো গম নোপোৱা দেখুৱাই টোপনিৰ ভাও জুৰি থাকিবা ৷ তেওঁ তোমাৰ টোপনি ভালকৈ আহিছে ভাবি সাপৰ মোটটো সলাই থৈ দেৱতাৰ লগত কথা পাতিবলৈ যাব, ইফালে তুমি উঠি সেই মোটটো তুঁহজুইত পুৰি পেলাবা। মোটটো পুৰি পেলোৱা মাত্ৰকতে তেওঁৰ গাৰ পোৰণিত থাকিব নোৱাৰি দেৱতাৰ মাজৰ পৰা গুচি আহি দেৱতা হৈয়েই তোমাৰ ওচৰ পাবহি। তেতিয়া তুমি লৰালৰিকৈ বিচনীৰ তেওঁক বিচি শুবলৈ দিবা আৰু লাহে লাহে তেওঁৰ টোপনি আহিব। ৰাতিপুৱালেই তুমি উঠি সেই থুলণ্ডৰ পুৰুষজনৰ ভালকৈ সেৱা-সৎকাৰ কৰি মালা দি বৰিবা। তেৱেঁই তোমাৰ অজগৰ স্বামী।” চম্পাৱতীয়ে বুঢ়ীৰ কথাত আনন্দিত হৈ তাইক এচক ৰূপ আৰু এচক সোণ দি বিদায় দিলে আৰু নিশা বুঢ়ীয়ে কোৱামতে সব্জলো কৰাত এজন থুলন্তৰ পুৰুষ দেখিবলৈ পাই তেওঁৰ ভৰিত পৰি সেৱা কৰিলে। ইয়াৰ পিছত দুয়ো মনৰ সুখেৰে দিনৰ পিছত দিন কটাবলৈ ধৰিলে৷ এদিন গিৰীয়েক ফুৰিবলৈ যাওঁতে সেই বুঢ়ী আকৌ ওলালহি। চম্পাৱতীয়ে বুঢ়ীক বুধি সুধিলে বুঢ়ীয়ে এবাৰ ভুলনা কৰি ক’বলৈ ধৰিলে– “আই, তোমাৰ ভালৰ নিমিত্তে দু-আষাৰমান কথা ক’বলৈ আহিছোঁ। তুমি কাইলৈ দুপৰীয়া তেওঁক তোমাৰ সৈতে একেখন কাহীতে ভাত খাবলৈ ক’বা। তেওঁ তোমাৰ কথামতে তোমাৰ লগতে যেতিয়া খাবলৈ বহিব তেতিয়া তুমিও অলপো সংকোচ নকৰি তেওঁৰ লগতে খাবা। এইদৰে খালে আগতকৈও তেওঁৰ মৰম তোমালৈ বেছি হ’ব আৰু তেওঁ তোমাক এৰি থাকিব নোৱাৰিব। খাই-বৈ উঠি ক’বা যে আজি মই ভাত খাই থাকোঁতেই আপোনাৰ মুখতে অনেক গাঁও দেখাদি দেখিলোঁ। এতেকে মোক ভালকৈ মুখ মেলি গোটেই পৃথিৱী দেখুৱাওক। সেই কথাত তোমাৰ ওপৰত খং কৰি পানীত পৰি ক’ব যে মোক লাগে নে পৃথিৱী চাবলৈ লাগে? তেতিয়া তুমি পৃথিৱী চাও বুলি ক’বা। তোমাক তেতিয়া মুখ মেলি গোটেইখন পৃথিৱী দেখুৱাই পানীত বুৰ মাৰিব– মোক আৰু ছবছৰ পিছত দেখা পাৰা বুলি ক’ব। কিন্তু সেই কথাত তুমি অলপো নিপিছলি নৈৰ পাৰত বহি থাকিবা; দেখিবা অলপ পৰৰ পিছত তেওঁ আকৌ তোমাৰ ওচৰলৈ আহিব। চম্পাৱতীয়ে এই কথাত আনন্দিত হৈ ৰং মনেৰে বুঢ়ীক আগৰ দৰে সোণ এচৰুৱে, ৰূপ এচৰুৱে দি বিদায় দিলে। বুঢ়ীয়ে নিজৰ অভিপ্রায় সিদ্ধি হ’বৰ আগন্তুক দেখি হৰ্ষি মনেৰে ঘৰলৈ উলটি গ’ল। চম্পাৱতীয়ে বুঢ়ীয়ে কোৱামতে পিছদিনা একেখন কাঁহীতে গিৰীয়েকেৰে সৈতে খাবলৈ বহিল। গিৰিয়েকে “তোমাৰ মতিগতি লাহে লাহে বেয়া হৈছে” বুলি কৈ সেই কাঁহীতে খালে। খাই-বৈ উঠিলে চম্পাৱতীয়ে বুঢ়ীয়ে কোৱামতে “আপোনাৰ লগত আজি ভাত খাওঁতে আপোনাৰ মুখৰ ভিতৰত অনেক গাওঁ থকাৰ নিচিনা দেখিলোঁ। আপোনাৰ মুখখন মেলি তাত কি আছে মোক দেখুৱাওকচোন।” বুলি ক’লে গিৰীয়েকে চম্পাক ক’লে– “তেনেহ’লে মোক আৰু তুমি দেখা নোপোৱা।” চম্পাবতী তেতিয়াও নুশুনাত অগত্যা তেওঁ নৈলৈ গৈ আকৌ এবাৰ চম্পাক ক’লে–
“মৰম চম্পা ঐ।
কোৱা থিৰে কৰি, মোক লাগে নে পৃথিৱী চাৱা?”
চম্পাৱতীয়ে ক’লে–
“চৰণে ধৰিছোঁ, কাকুতি কৰিছোঁ, দেউতা ঐ।
তোমাকো লাগে পৃথিৱীও চাম।”
গিৰীয়েক মুখখন মেলি চম্পাক পৃথিৱী দেখুৱাই এটি সোণৰ আঙঠি দি ক’বলৈ ধৰিলে– “মৰমৰ চম্পা, যি বুঢ়ীৰ কথা শুনি তুমি ইয়াকে কৰিলা, সেইজনী বুঢ়ী মোৰ আইৰ এজনী বেটী৷ মোৰ আই এজনী ৰাক্ষসী। তেওঁ মোক আন এজনী ছোৱালী বিয়া কৰিবলৈ কোৱাত মই নকৰি তোমাক বিয়া কৰিলোঁ, যাতে তেওঁ তোমাক মোৰ লগৰ পৰা আঁতৰ কৰি লৈ গৈ এঠাইত খাব পাৰে, সেই চক্ৰাস্ত কৰিহে বুঢ়ীয়ে তোমাক ছলনা কৰিলে। তোমাক আয়ে খালে মই সেই ছোৱালীজনী বিয়া কৰিবলৈ বাধ্য হ’ব লাগিব। এতেকে যি হ’ল হ’ল, তোমাক মোৰ এই সোণৰ আঙঠিটো দিলাঁ, এই আঙঠিটো ভালকৈ ৰাখিবা। এইটো তোমাৰ হাতত থাকিলে আয়েহে নেলাগে, ৰাক্ষস- ৰাক্ষসী বা হিংসৃক জন্তুৱেও তোমাক খাব নোৱাৰে। এই আঙঠিটো তুমি লগৰ পৰা এৰিলেই তোমাৰ মহা বিপদ মিলিব বুলি জানিবা আৰু এটি কথা, এই আঙঠিটোৰ গুণতেই তুমি মোক ছবছৰৰ পিছত মোৰ ৰাক্ষসী আইৰ ঘৰতে দেখা পাবা। এতিয়া মোৰ প্ৰতিজ্ঞা মতে মই আহিলোঁ। সাৱধান, আঙঠিটো যেন নেহেৰায়।” এইবুলি কৈ চম্পাৰ গিৰীয়েকে পানীত বুৰ মাৰিলে। চম্পাৱতীয়ে তেতিয়াহে সকলো কথা বুজিব পাৰি কান্দিবলৈ ধৰিলে। তাৰ পিছত সেই ঘৰ-বাৰী এৰি আঙঠিটোকে বুকুত বান্ধি লৈ অৰণ্যে অৰণ্যে কান্দি কান্দি ফুৰিবলৈ ধৰিলে। চম্পাৱতীৰ গিৰীয়েকৰ মাক ৰাক্ষসীয়ে চম্পাক খাবৰ নিমিত্তে নানা ভেশছন কৰিলে, নানা চেলু বিচাৰিলে, কিন্তু আঙঠিটোৰ গুণত একো প্ৰকাৰে চম্পাৰ ওচৰকে চাপিব নোৱাৰিলে। এইদৰে আজি-কালিকৈ চম্পাৱতীক গিৰীয়েকে এৰি যোৱা ছবছৰ সোমালহি। এদিন চম্পাই অকস্মাৎ গিৰীয়েকক দেখি লৰি গৈ গিৰীয়েকৰ ভৰি দুটাত সাবট মাৰি ধৰিলেগৈ। গিৰীয়েকেও চম্পাক দেখি আনন্দত কান্দি পেলালে আৰু তাত দুয়ো থাকি সুখে সন্তোষেৰে দিন কটাবলৈ ধৰিলে।
ইফালে ৰাক্ষসী মাকৰ বোৱাৰীয়েকক অহা দেখি বৰ খং উঠিল আৰু বোৱাৰীয়েকক তাই খাবলৈ নান চেলু বিচাৰিবলৈ ধৰিলে। চম্পাৱতীয়ে গিৰীয়েকৰ ওচৰ পোৱা মাত্ৰকতে তাইৰ হাতৰ আঙঠিটো নাইকিয়া হ’ল। তথাপি পুতেক থকাত ৰাক্ষসীয়ে চম্পাক খাব নোৱাৰি, এদিন মনে মনে গিৰীয়েকে নজনাকৈ ৰাক্ষসীয়ে এখন চিঠিত– “মোৰ ঘাই শত্রু গৈছে, মাৰি-কাটি সকলোৱে খাই, মোলৈকো এভাগ মত্তহদি পঠিয়াবা।” বুলি লেখি চম্পাৱতীৰ হাততে সেই চিঠিখন দি এঘৰলৈ চম্পাৱতীক পঠিয়াই দিলে। চম্পাৱতীয়ে শাহুৱেকৰ আজ্ঞামতে গিৰীয়েকে নজনাকৈ লৰি চিঠিখন দি আহিবলৈ গৈছে। এনেতে গিৰীয়েকে সকলো কথা বুজিব পাৰি লৰালৰিকৈ গৈ চম্পাৱতীক পাছৰ পৰা মাত লগালে–
“মৰমৰ চম্পা ঐ।
ইমান বেগ দি নেলাগে যাব;
ক্ষন্তেক ৰোৱাচোন ঐ।”
চম্পাৱতীয়ে গিৰীয়েকৰ কথা শুনি ৰ’ল, গিৰীয়েকে চম্পাৱতীৰ হাতৰ পৰা চিঠিখন কাঢ়ি নি পঢ়ি অঁতাই খঙত বলিয়া হৈ চম্পাক আঁকোৱালি মাৰি ধৰি তেতিয়াই ঘৰলৈ গৈ মাকক সোধ-পোছ নোহোৱাকৈ চোকা তৰোৱালেৰে কাটি দোছোৱা কৰিলে। তাৰ পিছত দুয়ো সেই ঘৰ-বাৰী আৰু ৰাক্ষসৰ গাওঁ এৰি এখন সুকীয়াকৈ নগৰ পাতি মনৰ সুখেৰে সেই নগৰতে খাই-বৈ থাকিল ।
কাকাদেউতা আৰু নাতি লʼৰা আৰু বুঢ়ী আইৰ সাধুৰ দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। সাধুকথা: চম্পাৱতী এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। সাধুকথা: চম্পাৱতী এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে সাধুকথা: চম্পাৱতী এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।