চমাংকান উৎসৱ | Chomangkan Festival
কাৰ্বি জনজাতীয় লোকসকলৰ প্ৰধান উৎসৱটিৰ নামেই হ’ল ছমাংকান। ছমাংকান উৎসৱ হ’ল মূলতঃ মৃতকৰ উৎসৱ। ছমাংকান উৎসৱটিক যদিহে শব্দগতভাৱে চোৱা যায়, তেতিয়াহ’লে আমি ক’ব পাৰো যে ছমাংকান হ’ল এটা খাছি নৃত্য। আচলতে ছমাংকান নৃত্যৰ লগত খাছি সকলৰ কোনো ধৰণৰ সম্পৰ্ক নাই, কাৰ্বি সকলৰহে ছমাংকান নৃত্যৰ লগত সম্পৰ্ক আছে। কাৰ্বি সমাজৰ ছমাংকান উৎসৱত খাছি আৰু জয়ন্তীয়া সকলৰ সাজ পাৰ, নৃত্য-গীত আদিৰ প্ৰভাৱ যে আছে তাক অনুমান কৰিব পাৰি। কিছুমান পণ্ডিতে মতপোষণ কৰিছে যে, আৰম্ভণিতে এই মৃতকৰ উৎসৱটিৰ নাম আছিল “আৰলেং কাৰহি” পিচতহে খাছি সকলৰ প্ৰভাৱত এই নামটো “ছমাংকান” হয়।
কাৰ্বি সমাজখনত আদি অৱস্থাৰে পৰা এটা নিয়ম চলি আহিছিল, যদিহে তেওঁলোকৰ সমাজৰ কোনো মানুহৰ মৃত্যু হয়, তেতিয়াহ’লে মৃতকৰ আত্মীয়সকল আহি নোপোৱা পৰ্যন্ত তেওঁলোকে শৱদেহ ৰাখি থয়। যেতিয়া সকলো আত্মীয় মানুহ আহি পায়, তেতিয়া তেওঁলোকে তেওঁলোকৰ নিয়ম অনুযায়ী শৱদেহ সৎকাৰ কৰি হাড়বোৰ মাটিত পুতি থয়। এইটো হ’ল কাৰ্বি সমাজৰ শৱদেহ সৎকাৰ কৰা নিয়ম। এই শৱদেহ সৎকাৰ কৰা কাৰ্য সমাপন হোৱাৰ পিছত তেওঁলোকে ছমাংকান কাৰ্য কৰিবই লাগিব। এইটো তেওঁলোকৰ সমাজৰ ধৰা-বন্ধা নিয়ম।
ছমাংকান উৎসৱ কাৰ্বিসকলৰ অতি গুৰুত্বপূৰ্ণ আৰু মৰ্য্যদাশীল ব্যয়বহুল উৎসৱ। ছমাংকান উৎসৱক মুঠতে তিনিটা ভাগত ভাগ কৰি এই উৎসৱ সম্পন্ন কৰা হয়।

কাৰ্বি সমাজৰ ধনী-দুখীয়া সকলো শ্ৰেণীৰ মানুহেই মৃতকৰ উৎসৱ হিচাপে ছমাংকান উৎসৱ পাতে। ধনী লোকসকলে সম্পন্ন কৰা ছমাংকান উৎসৱক হাৰ্ণে ছমাংকান বোলা হয়। এই উৎসৱ মৰ্যদা সহকাৰে পালন কৰিবলৈ হ’লে, বেছি পৰিমাণৰ চাউল, চাউলৰ পৰা প্ৰস্তুত কৰা মদ, গাহৰিৰ মাংস, ৰঙা চাহ আদিৰ প্ৰয়োজন হয়। তদুপৰি দূৰণিবটীয়া আলহী বিলাকক থাকিবলৈ ঠাই দিব লাগিব। সকলোকে আপ্যায়ন কৰিব লাগিব।
ছমাংকান উৎসৱত দুগৰাকী মহিলাই প্ৰধান ভূমিকা পালন কৰে। এগৰাকীক কাৰ্বি ভাষাত “উছেপি” বুলি কোৱা হয়। “উছেপি” হ’ল কাৰ্বি ৰীতি-নীতি মানি চলা বয়সীয়া বৃত্তিশীল কান্দনী (weeper) মহিলা। আনগৰাকী মহিলাই সুন্দৰ সুৰ লগাই শোক-গীত বিলাক গায় যায়। ছমাংকান উৎসৱত যি উছেপীক দায়িত্ব দিয়া হ’ব, সেই উছেপিয়ে ছমাংকানৰ ৰীতি-নীতিবিলাক জনাটো দৰকাৰ। তদুপৰি মৃতকৰ বাবে আগবঢ়োৱা খাদ্য প্ৰস্তুত কৰণ আৰু সেইবোৰ কি ধৰণে উচৰ্গা কৰিব সেই ৰীতি-নীতিবোৰো উছেপিয়ে জানিব লাগিব।
Read Also: সৰস্বতী পূজা | Saraswati Puja
উছেপিৰ পিচতে ছমাংকান উৎসৱৰ দুই গুৰুত্বপূৰ্ণ ব্যক্তি হ’ল দুইহুদি। দুইহুদিৰ প্ৰধান কাম দুটা। এটা হুদিৰ কাম হ’ল উৎসৱৰ ৰীতি-নীতি আৰু পৰ্যায় সমূহ ৰক্ষা কৰা আৰু আনজনৰ কাম হ’ল বাদ্যৰ দিশ সম্পৰ্কে চোৱা-চিতা কৰা যাক কোৱা হয় এই উৎসৱৰ ওজা ঢুলীয়া।
কাৰ্বি লোকসকলে এই উৎসৱ পালন কৰোঁতে গাঁৱৰ সীমাৰ বাহিৰত পালন কৰে। গাঁৱৰ সীমাৰ বাহিৰত এই উৎসৱ পালন কৰিবলৈ বৰ্গ আকৃতিৰ এটা পুখুৰী খন্দা হয়। পুখুৰীটোৰ চাৰিওটা কোণত চাৰিডাল জাম্বেল্লি আথান পুতি দিয়া হয়। তদুপৰি ছমাংকানৰ নৈবেদ্য ৰখা শিলচটাৰ কাষত জাম্বেল্লি আথান আৰু এডাল পোতা হয়। এই পাচটা খুটাৰ বাহিৰেও এটা বাহৰ সু-সজ্জিত খুটা পোতা হয়। এই বাহৰ খুটাটোৰ একেবাৰে ওপৰৰ অংশত গছৰ পাতেৰে এটা টুপ সজা হয়। সেই টুপটোপ একোছা বাহৰ কাঠী তীৰ্যকভাৱে গুজি দিয়া হয়। মৃতকৰ আত্মাৰ প্ৰতীক হিচাপে তাত কাউৰীমণি ওলোমাই দিয়া হয়।

ছমাংকান উৎসৱত উছেপিয়ে কান্দাৰ উপৰিও গীতো গায়। ছমাংকানৰ প্ৰথম তিনিদিন গোৱা গীতবোৰক “কাপাত্ৰৰ” বোলে। এই “কাপাত্ৰৰ” গীতবোৰৰ কিছুমান যৌন-প্ৰধান মূলক। মৃত্যুৰ বিষাদক জয় কৰি নতুন জন্মৰ আশাৰে এই যৌনগীত ছমাংকান উৎসৱত প্ৰৱেশ কৰিছে বুলি অনুমান কৰিব পাৰি।
মৃতকৰ তিনিদিন হৈ যোৱাৰ পিছত চতুৰ্থ দিনা মৃতকৰ প্ৰতীক হিচাপে খেৰৰ মূৰ্তি এটা বনাই দাহ কৰা হয়। দাহ কৰাৰ পিচদিনাখন ৰাতিপুৱা গৃহস্থৰ চোতালত মাছিৰা ক’হিৰ বা কাৰ্বি লোক সকলৰ সৃষ্টি তত্ব গোৱা হয়। এই সৃষ্টি তত্বত মানুহৰ অস্তিত্বৰ আৰম্ভণিৰ পৰা বিকাশৰ স্তৰ সমূহ ব্যাখ্যা কৰা হয়।ছমাংকান উৎসৱত উছেপিয়ে গোৱা গীত আছিল-
“হে বিগত আত্মা
আমি তোমাক যাচিছো এই উৎসৱৰ
বিশেষ খাদ্য আৰু পানীয়,
আৰু আমি তোমাক
সন্মান জনাইছো নৃত্যৰে।
অনুগ্ৰহ কৰি জীৱিত সকলৰ মাজলৈ আহা
আৰু আমাৰ মাজত বাস কৰা।”
আমি আশা কৰিছো ছমাংকান উৎসৱ | Chomangkan Festival আপোনালোকক সহায় কৰিব। যদি আপোনাৰ ছমাংকান উৎসৱ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।