ছট পূজা | Chhath Puja

ছট পূজা | Chhath Puja

ভাৰতৰ উত্তৰ প্ৰদেশ আৰু বিহাৰ ৰাজ্যত মহা আড়ম্বৰপূৰ্ণভাৱে পালন কৰা উৎসৱটিৰ নামেই হ’ল “ছট পূজা”। বৰ্তমান সময়ত অসমতো বাস কৰা হিন্দীভাষী লোকসকলে এই পূজা পালন কৰা দেখা যায়। এই পূজা কাতি মাহৰ শুক্লা ষষ্ঠী তিথিত পালন কৰা হয়। এই পূজাত তিৰোতা সকলৰ ভূমিকা গুৰুত্বপূৰ্ণ। কাতি মাহৰ শুক্লা চতুৰ্থীৰেপৰা ষঠ পূজাৰ ব্ৰত আৰম্ভ কৰে। এই দিনা প্ৰত্যেকে গা-পা ধুই আহাৰ গ্ৰহণ কৰে। পঞ্চমীৰ দিনা গা-পা ধুই গোটেই দিনটো উপবাসে কটায়। আনকি গোটেই দিনটোত এটুপি পানিও নাখায়। যেতিয়া ৰাতি হয় তেতিয়া মাথোন লাউৰ তৰকাৰী আৰু ভাতত গুড়লৈ উপবাস ভাঙে। উপবাস ভাঙোতে যি লাউৰ তৰকাৰী বনোৱা হয়, সেই তৰকাৰীত নহৰু আৰু পিয়াঁজ দিয়াটো নিষেধ। ষষ্ঠীৰ দিনা ৰাতিপুৱাৰে পৰা সন্ধিয়া সময়লৈকে এই পূজা কৰা ভকতসকলে মুখত এটুপি পানী নিদিয়াকৈ উপবাসে থাকে। গধূলি সময়ত সূৰ্য অস্ত যোৱাৰ লগে লগে এই পূজা পালন কৰা পুৰুষ-মহিলা সকলে গা-পা ধুই পূজাৰ সামগ্ৰী সমূহ লৈ কোনো নদ-নদী, নিজৰা, জলাশয় আদিলৈ লৈ যায়। ষঠ পূজাৰ বাবে লৈ যোৱা সামগ্ৰী সমূহৰ ভিতৰত মুঠতে থকা পাচবিধ সামগ্ৰী হ’ল- মধুৰীআম, কল, আপেল, নেমু আৰু শৰীফা। তদুপৰি আৰু বিভিন্ন ফল লগত লৈ যোৱা হয়। এই ফল সমূহৰ লগত আদা, হালধিৰ পাত, মূলা আদি থকাটোও নিয়ম। সুগন্ধি হিচাপে চন্দন আৰু ধূপ ব্যৱহাৰ কৰে। এই সামগ্ৰী সমূহৰ সৈতে গধূলি সময়ত পূজাৰ বাবে তৈয়াৰ কৰা বেদীৰ তলত এনেদৰে গায়-

       বাতহি পুচেলা বতহিয়া। ই বহজি কেকৰা কে জাই।

       অন্ধৰ হোখুৰে বতহিয়া। ই বহগী ষঠী মাইয়া কে জাই।।

ছট পূজা 2

গধূলি সময়ত তিৰোতা সকলে গীত গাই গাই হাতত বন্তি জ্বলাই লৈ নদীৰ ঘাটলৈ যায়। জ্বলাই লোৱা চাকিৰ চৌদিশে থাকে বিভিন্ন পূজাৰ সম্ভাৰ। গধূলি সূৰ্য অস্ত যোৱাৰ আগে আগে এৱা গাখীৰ আৰু ফলেৰে ষট দেৱতাক আৰাধনা কৰা ৰীতি পুৰণি কালৰে পৰাই চলি আহিছে। এনেদৰে পূজা কৰি ঘৰলৈ উভতি আহি ষট দেৱতালৈ আগবঢ়োৱা উপাচাৰ সমূহলৈ আহি ঘৰৰ ভিতৰত সোমায়। যিসকল তিৰোতাই এই পূজাত অংশ লয়, তেওঁলোকে সেই দিনা ৰাতি উপবাসে থাকে। উপবাস থকা সময়ত যদিও পিয়াহ লাগে তথাপিও এটুপি পানী নাখায়, এইটো নিয়ম। আনকি “ঢোক” গিলাটোও নিষেধ।  এই উপবাস ৰাতিপুৱা চাৰি বজাত ভাঙে। গধূলি সময়ত তিৰোতা সকলে গীত গাই-গাই পূজা কৰা ঠাইলৈ গৈ সেই স্থানত ধূপ-দীপ জ্বলাই তেওঁ লোকে এনেদৰে গায়-

                  হাত কে দলিয়া লে লে।

                  মালিন ৰৱাড় ৰে।

                  উগনা উদতি মল।

                  অৰঘ দি জাই।।

সূৰ্যোদয়ৰ পিচত পুৰোহিতে মন্ত্ৰ মাতে আৰু ভক্ত সকলে এৱা গাখীৰ আৰু ফল হাতত লৈ সূৰ্যৰ পিনে ঠিয়দি ষট দেৱতালৈ নিবেদন কৰে। এই কাৰ্য শেষ হোৱাৰ পিছত পুৰুষ মহিলা অৰ্থাৎ যি সকলে এই পূজা পালন কৰে তেওঁলোক নিজৰ নিজৰ ঘৰলৈ ঘূৰি আহে আৰু নিজৰ পছন্দ অনুসৰি অন্নজল গ্ৰহণ কৰে। ষঠ পূজা এনেদৰে উদযাপন কৰা হয়।

ছট পূজা 3

ষঠ পূজাৰ উৎপত্তি সম্পৰ্কে বিভিন্ন জনে বিভিন্ন ধৰণে মত আগবঢ়াইছে যদিও ই মূলতঃ সূৰ্যক কৰা পৰ্বহে। এই পূজাৰ মাধ্যমেৰে ভক্ত সকলৰ মনৰ আশা-আকাংক্ষা আৰু গভীৰ বিশ্বাস সুন্দৰকৈ প্ৰতিফলিত হোৱা দেখিবলৈ পোৱা যায়। সূৰ্য পূজাৰ জৰিয়তে সূৰ্যৰ উত্তাপত সকলোবোৰ বেয়া বস্তু ধ্বংস হয় বুলি এই পূজা কৰা ভক্ত সকলে পুৰণি কালৰে পৰাই বিশ্বাস কৰি আহিছে। এই পূজাৰ জৰিয়তে সূৰ্যক সেৱা জনাই ভক্ত সকলে মনৰ দুখ আতৰ কৰে আৰু আনন্দৰে জীৱন নিৰ্বাহ কৰে। এইবোৰৰ উপৰিও এই পূজা সম্পৰ্কে এটি লোক-বিশ্বাস প্ৰচলিত হৈ আহিছে- “এই পূজা নিষ্ঠাৰে পালন কৰা লোকসকলৰ পাৰ্থিৱ জগতত কোনো ধৰণৰ সমস্যা নহয়। এই পূজা কৰা মানুহৰ সকলো আশা আকাংক্ষা পূৰ্ণ হয়।”

Read Also: আঠ – মঙলা উৎসৱ | Ath – Mangla Festival

মুঠতে ক’বলৈ গ’লে ষট পূজা হ’ল সূৰ্য দেৱতাৰ পূজা। এই পূজাই জগতৰ সকলো দুখ হৰণ কৰি কলুষ কলিমা দূৰ কৰি মানুহৰ মনত সুখ-শান্তি আৰু আনন্দৰ বীজ যে ৰোপণ কৰিছে, তাক আমি উপলব্ধি কৰিব পাৰোঁ।

আমি আশা কৰিছো ছট পূজা | Chhath Puja আপোনালোকক সহায় কৰিব। যদি আপোনাৰ ছট পূজা সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Leave a Reply