চাণক্য নীতি Part 7 | Chanakya Neeti
কোনো ধনহীন ব্যক্তিক কেতিয়াও হীন বুলি ভবা একেবাৰে উচিত নহয়। সেইজন ব্যক্তি যদি বিদ্বান হয় তেনেহ’লে তেওঁ বিশাল ধনী ব্যক্তিতকৈ শ্ৰেষ্ঠ। কিন্তু মূৰ্খ ব্যক্তি ধনবান হ’লেও তেওঁক হীন বুলি ভাবিব লাগে। কাৰণ তেওঁ সকলো বস্তুতে হীন।
বান্ধব
(ক) সত্য মাতা পিতা জ্ঞানং ধৰ্মো ভ্ৰাতা দয়া সখা।
শান্তি: পত্নী ক্ষমাপুত্ৰ: ষড়েতে মম বান্ধবা:।।
সত্য হ’ল আমাৰ মাতৃ, জ্ঞান হ’ল আমাৰ পিতৃ, ধৰ্মই হ’ল আমাৰ ভ্ৰাতৃ, দয়া আমাৰ বন্ধু, শান্তি আমাৰ পত্নী আৰু ক্ষমা আমাৰ পুত্ৰতুল্য। এই ছটা গুণ হ’ল আমাৰ বান্ধব। অতএব এই ছটা গুণ নিজৰ গাত ৰাখিবা।
(খ) ব্যালাশ্ৰয়াপি বিফলাপি সকণ্টকাপি,
বক্ৰাপি পংকসহিতাপি দুৰাসদাপি।
গন্ধেন বন্ধুৰপি কেতকি সৰ্বজন্তো
ৰেকো গুণ: খলু নি তে সমস্ত দোযান।।
কেতেকীফুলৰ মাজত সৰ্প অৱস্থান কৰে। কেতেকীৰ ফুলো কোনো কামত নাই। এই গছ অলপ বেকা বেকী হৈ থাকে। তাত কাইটো থাকে। কেতেকী গছ সাধাৰণতে নৰ্দমাৰ বোকাত জন্মে (দলনি) তথাপিও কেতেকী ফুলৰ গোন্ধত সকলো আকৃষ্ট হয়। কেতেকীৰ অসংখ্য দোষ থাকিলেও তাৰ সুগন্ধই সকলোকে আকৃষ্ট কৰে। সেইধৰণে বহুদোষৰ মাজত এটাও যদি মহান গুণ বৰ্তমান থাকে তেতিয়াহ’লে তাৰ সকলো দোষ নষ্ট হৈ যায়।
(গ) গুণৈৰুত্তমতাং যান্তি নোচ্চৈৰাসন সংস্থিতৈ:।
প্ৰাপ্তাদশিখৰোচ্ছহপি কিং কাকো গৰুড়ায়তে।।
গুণৰ দ্বাৰা মানুহ ডাঙৰ হয়। কাৰো কোনো গুণ নাথাকিলে তেওঁ কোনোদিনে ডাঙৰ হ’ব নোৱাৰে। কোনো উচ্চস্থানত বহুৱালেও তেওঁ কোনোদিন ডাঙৰ হৈ নাযায়। যেনেকৈ প্ৰাসাদৰ সৰ্বোচ্চ চূড়াত কাউৰী বহিলে তাক কোনোৱে কোনোদিন গৰুড় চৰাই বুলি নকয়।
(ঘ) পৰমস্ত গুণ যস্ত নিৰ্গুণহপি গুণো ভবেৎ।
ইন্দ্ৰোহপি নঘুতাং যাতি স্বয়ং প্ৰখ্যাপিতৈৰ্গুণৈ:।।
গুণবান ব্যক্তিয়ে কেতিয়াও আত্মপ্ৰশংসা কৰা উচিত নহয়। নিজ গুণ বখানিলে দেৱৰাজ ইন্দ্ৰৰো সন্মান নষ্ট হয়। তাতে সামান্য মানুহটো দূৰৰ কথা। যাৰ প্ৰশংসা আনে কৰে তেওঁকেই প্ৰকৃত গুণী বুলি কোৱা হয়।
বুদ্ধিহীন
দানাৰ্থিনো মধুকৰা যদি কৰ্ণতালৈ
দৰীকৃতা কৰিবৰেণ
তসৈব গণ্ডযুগ মণ্ডন হানিৰেব
ভঙ্গা পূৰ্ণবিকচ পদ্মবনে বসন্তি।।
হাতীয়ে যেনেকৈ নিজৰ মদমত্ততাত অন্ধ হৈ কাণৰ ওচৰত গুঞ্জন কৰি থকা ভোমোৰাক খেদায় থাকে, তাৰ ফলত ভোমোৰাৰ কোনো ক্ষতি নহয়, হাতীৰ গণ্ডস্থলেই অশোভনীয় হয়। তেতিয়া ভোমোৰা পদ্মবনলৈ গুচি যায়। এই ধৰণে যদি কোনো ব্যক্তিয়ে কোনো গুণী ব্যক্তিক সন্মান বা আদৰ নকৰে তাতে গুণী ব্যক্তিৰ কোনো ক্ষতি নহয় গুণীৰ আদৰ বা সন্মান কৰোতা অনেক মানুহ পোৱা যায়। কিন্তু মূৰ্খই কোনোদিন গুণী লোকক নাপাব। গুণীয়েহে গুণীজনক সংগ পাব পাৰে।
নিত্যকৰ্ম
প্ৰাত: দ্যূতপ্ৰসঙ্গেন মধ্যাহ্ন স্ত্ৰী প্ৰসঙ্গত:।
ৰাত্ৰৌ চৌৰপ্ৰসঙ্গেন কালো গচ্ছতি ধীমতাম্।।
জ্ঞানী আৰু বিদ্বানসকলে প্ৰাত:কালত ধৰ্মকথা, মহাভাৰত আদি অধ্যয়ন কৰে। তাৰ ফলত জুৱা, ছলকপতাদী প্ৰভৃতি বেয়া কাৰ্য সম্বন্ধে আৰু তাৰ ফল সম্বন্ধে জানিব পাৰে। মধ্যাহ্নত স্ত্ৰীপ্ৰসংগ অৰ্থাৎ ৰামায়ণ অধ্যয়ন কৰে। ৰামায়ণ গ্ৰন্থত ৰাবনৰ স্ত্ৰীৰ প্ৰতি আসক্তিৰ বৰ্ণনা আৰু তাৰ কুফলৰ বিষয় আছে, এই বিষয়ত জ্ঞান বা উপদেশ লাভ হয়। ইন্দ্ৰিয়ৰ দাস হ’লে কি ফল হ’ব সেয়াও জানিব পাৰি। নিশাভাগত মহাপুৰুষসকলে কৃষ্ণকথা আলোচনা কৰে। তাৰ পৰা কৃষ্ণৰ ছল-চাতুৰী আৰু ৰাজনৈতিক জ্ঞান লাভ হয়। এই সকলোবোৰ মহাপুৰুষ সকলৰ নিত্যকৰ্ম। তেওঁলোকে শাস্ত্ৰ পুৰাণৰ বাহিৰে একোকে গ্ৰহণ নকৰে।
সৎসংগ
(ক) দৰ্শন ধ্যান সংস্পৰ্শৈমৎসী কূৰ্মী চ পক্ষিনী।
শিশু পালয়তে নিত্য তথা সজ্জন সংগতি।।
এই জগতত মাছ, কাছ আৰু পক্ষীসকলে নিজে নিজে নিজৰ সন্তানসকলক পালন কৰে। তদনুৰূপে সৎসংগে মানুহক প্ৰকৃত মানুহ কৰি গঢ়ি তোলে।
(খ) সাধুমন্তে নিৰ্বতন্তে পুত্ৰ: মিত্ৰানি বান্ধবা:।
যেচ তৈ: সহ গন্তৰস্তদ্ধধাস্তকৃতাং কুলম্।।
সাধাৰণতে দেখা যায় যে সংসাৰৰ অধিকাংশ মানুহে পুত্ৰ, মিত্ৰ আৰু ভাতৃ প্ৰভৃতিক সাধুমহাত্মা আৰু বিদ্বানসকলৰ সংসৰ্গৰ পৰা দূৰত ৰাখিবলৈ চেষ্টা কৰে। যিসকল দূৰত থাকে তেওঁলোকে সংসাৰৰ কুল অপবিত্ৰ কৰে আৰু যিসকল পৰিয়ালৰ লোক সাধুসঙ্গত থাকে তেওঁলোকৰ কুল পবিত্র হয়।
(গ) সংসাৰ কুড় বৃক্ষস্য দ্বে ফলে হ্যমৃতোপমে।
সুভাষিতাং চ সুস্বাদু: সঙ্গতি সজ্জনে জনে।।
এই সংসাৰৰূপী বৃক্ষৰ দুটা ফল অমৃততুল্য। তাৰে এটা হ’ল মিঠা আৰু সত্য কথা কোৱা আৰু আনটো হ’ল সাধু ব্যক্তিৰ সংসৰ্গত অৱস্থান কৰা। সাধুসংগ নহ’লে মানুহৰ জীৱন সাৰ্থক নহয়।
(ঘ) মনুষ্য দেহ দুৰ্লভ দেহিনাং ক্ষণ ভঙ্গুৰ।
তত্ৰাপি দুৰ্লভ মন্যে বৈকুণ্ঠ প্ৰিয়দৰ্শনম্।।
মানুহৰ দেহ ধাৰণ কৰা অতি দুৰ্লভ। মানুহৰ দেহ ক্ষণভঙ্গুৰ অৰ্থাৎ ক্ষণস্থায়ী- অনিত্য। তাৰ তুলনাত অতীব দুৰ্লভ হ’ল শ্ৰীহৰিৰ ভক্ত অৰ্থাৎ সাধু ব্যক্তিক দৰ্শন কৰা।
অৰ্থোপাৰ্জন
(ক) উপৰ্জিতানাং বিত্তানাং ত্যাগ এব হি ৰক্ষণম্।
তড়াগোদৰ সংস্থানাং পৰিবাহ ইবাম্ভসাম্।।
কোনো পুখুৰীৰ পানী সদায় পৰিস্কাৰ কৰি ৰাখিবলৈ হ’লে সেই পানী প্ৰবাহিত কৰি ৰখা উচিত। কোনো প্ৰকাৰে জল যদি একস্থানত আৱদ্ধ থাকে তেনেহ’লে সেই পানী দুৰ্গন্ধ হৈ পৰে। সেইধৰণে ত্যাগ কৰাৰ কাৰণে বিশেষ শিক্ষাৰ প্ৰয়োজন আছে। নতুবা সেই সঞ্চিত অৰ্থৰ অপকাৰিতা মানুহৰ ওপৰত দেখা দিয়ে। অৰ্থাৎ মানুহে সৎকৰ্মত অৰ্থ ব্যয় কৰা উচিত। এয়ে হ’ল অৰ্থ ৰক্ষাৰ সকলোতকৈ ডাঙৰ উপায়।
(খ) বিত্ত দেহি গুণান্বিতেষু মতিমান্নান্যত্ৰ দেহি কচিৎ।
প্ৰাপ্ত কৰিনিৰ্থনৰ্জনং ধনচাং মাধুৰ্য্য যুক্ত সদা।।
জীবা: স্থাবৰ জঙ্গমাশ্চ সকলা সংজীব্য ভূমণ্ডলং।
ভূয়: পশ্য: তদৈব কোটিগুণিতাং গচ্ছন্তম্ভোনিধিম্।।
হে বুদ্ধিমান। ধন গুণী ব্যক্তি সকলক দান কৰা উচিত। নিৰ্গুণ লোকক ধন দান নকৰিবা। ডাৱৰে যেনেকৈ সাগৰৰ পৰা জললৈ মধুৰ জল বৰ্ষণ কৰে তাৰ ফলত পৃথিৱীৰ সমস্ত প্ৰাণী জীৱিত থাকে। আকৌ সেই জল কোটিগুণ অধিক হৈ সমুদ্ৰলৈ গুচি যায়। সেই ধৰণে গুণীজনক অৰ্থদান কৰিলে সকলোৰে মঙ্গল হয়। পুনৰ সেই অৰ্থ দাতাৰ ওচৰলৈ ঘুৰি আহে।
বদগুণ
(ক) কচৈলিনং দন্তমলোপধাৰিনং
বহ্বাশিনং নিষ্ঠুৰ ভাষিতাং।
সূৰ্যোদয়ে চাস্তমিতে শয়ানং
বিমুঞ্চতে শ্ৰীষাদি চক্ৰানি:।।
অপৰিস্কাৰ বস্ত্ৰ পৰিধান কৰা, যাৰ দাতবোৰ অপৰিস্কাৰ, অধিক আহাৰকাৰী, কৰ্কশ ভাষা কওতা, সূৰ্য উদয়ৰ পৰা অস্তলৈকে যি বিছনাত শুই থাকে, সেইসকল মানুহক লক্ষ্মীয়ে ত্যাগ কৰে। সুতৰাং লক্ষ্মী লাভ কৰিবলৈ হ’লে সেই সকলোবোৰ বদগুণ অৱশ্যে পৰিত্যাগ কৰিব লাগিব।
(খ) অনাগত বিধাতা চ প্ৰত্যুৎপন্নমতিস্তথা।
স্বাধেতি সুখ মেষেতে যদবিয্যো বিনশ্যতি।।
অনাগত বাধা-বিপত্তিৰ লগত যি ব্যক্তিয়ে দৃঢ়তাৰে মোকাবিলা কৰে, সেই সময়ত যাৰ বুদ্ধিয়ে ঠিকমতে কাম কৰে, সেই ধৰণৰ ব্যক্তিয়ে সমস্ত বাধা-বিঘিনি পাৰ হৈ যাব পাৰে। সেইসকল ব্যক্তি সুখী হয়। কিন্তু যি ব্যক্তিয়ে ভাগ্যৰ দোহাইদি বহি থাকে নিজে আৰু একো নকৰে, ভাগ্যত যি আছে সেয়ে হ’ব আৰু ভাগ্যত যি আছিল সেয়ে হৈছে বুলি ভাবি মনে মনে বহি থাকে তেওঁ কেতিয়াও উন্নতি কৰিব নোৱাৰে। তেওঁৰ জীৱন বৃথাই যায়। অতএব কেতিয়াবা দুখ আহিলেও ধৈৰ্য হেৰুৱা উচিত নহয়।
(গ) মাংসভক্ষৈ: সুৰাপানৈ: মূৰ্খশ্চাস্ত্ৰ বিৰ্জতৈ:।
পশুভি: পুৰুষাকাৰৈ ক্ৰান্তাস্তি চ মেদিনী।।
মাংসহাৰী, সুৰাপানকাৰী আৰু মূৰ্খ ব্যক্তিক পশুৰ সমান বুলি ভবা উচিত। কাৰণ এই তিনি ব্যক্তিয়েই হৈছে পশুৰ সমতুল্য। তেওঁলোকৰ শৰীৰ মানুহৰ দৰে কিন্তু সেইসকল নৰপশু পৃথিৱীৰ বোজা বুলি জানিবা।
(ঘ) হস্তৌ দানবৰ্জিতৌ শ্ৰুটিং পুটৌ সাৰস্বতদ্ৰোহিনৌ,
নেত্ৰে সাধু বিলোক ৰহিতে পাদৌন তীৰ্থ গতৌ।
অন্যায়াৰ্জিতবিত্তপূত্তপূৰ্ণমদৰং গৰ্বেন তুঙ্গ শিৰৌ,
ৰে ৰে ব্ৰুবুক মুঞ্চ মুঞ্চ সহসা নীচং সুনিন্দ বপু:।।
নিজৰ হাতেৰে যি ব্যক্তিয়ে দান নকৰে, নিজ কাণেৰে কোনো ধৰ্মজ্ঞানৰ কথা নুশুনে, চকুৰে কোনো সাধু মহাত্মাৰ দৰ্শন নকৰে, চৰণ যুগলৰদ্বাৰা কোনো তীৰ্থ ভ্ৰমণ নকৰে। অন্যায়ভাৱে উপাৰ্জিত ধনেৰে নিজৰ পেট ভৰায়, নিজে দম্ভ আৰু অহংকাৰত মত্ত হৈ থাকে, সেই ব্যক্তি সম্পূৰ্ণ শৃগাল পশু সদৃশ। সেই ধৰণৰ পশুৰ জীৱন জীয়াই থকা সমাজৰ কলংকস্বৰূপ। শীঘ্ৰে সেই দেহ ত্যাগ কৰা উচিত।
(ঙ) মেসাং শ্ৰীমদযশোদাসূত পদকমলে ভক্তিৰ্নাস্তি নৰানাং।
যেসাং মাভীৰ কন্যা প্ৰিয়গুণকথনে নানুৰক্তা চ জিহ্বা।।
যেসাং শ্ৰীকৃষ্ণ লীলাললিতৰস কথা সাদৰো নৈব কথৈ,
ধিক্ তাং ধিক তাং কথয়সি পিতৰং কীৰ্ত্তনস্থমৃদঙ্গম্।।
যশোদানন্দন ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি যাৰ ভক্তি মতি নাই, যি মানুহে আভীৰ কন্যা অৰ্থাৎ শ্ৰীৰাধাৰ গুণানুকীৰ্তন নকৰে, যি ব্যক্তিৰ কৃষ্ণলীলা শুনিবলৈ আগ্ৰহ নাই, সংকীৰ্তনকালত মৃদঙ্গই সেইসকল ব্যক্তিক বাৰংবাৰ ধিক্কাৰ দিয়ে। তেওঁক অসংখ্যবোৰ ধিক্কাৰ।
(চ) স জীবতি গুণা যস্য যস্য ধৰ্ম স জীবতি।
গুণ ধৰ্ম বিহীনস্য জীবিতাং নিষ্প্ৰয়োজনম্।।
যি মানব গুণবান আৰু যি পুণ্যকাম কৰি গৈ আছে তেওঁকেই জীৱিত বুলি জানিবা। যি ব্যক্তিৰ গুণ নাই, সি ধৰ্ম বা পুণ্য কৰ্ম নকৰে, তেওঁলোক বাচি থকাৰ কোনো অধিকাৰ নাই। সেই ধৰণৰ ব্যক্তি বাচি থাকিলে তেওঁক জীৱন্মৃত বুলি কোৱা হয়।
(ছ) তক্ষকস্য বিসং দন্তে মক্ষিকায়া মুখে বিষম্।
বৃশ্চিকস্য বিসং পুচ্ছে সৰ্বাঙ্গে দুৰ্জনে বিষম্।।
সাপৰ দাতত কেৱল বিষ থাকে, মাখিৰ মুখত বিষ থাকে, বৃশ্চিকৰ বিষ থাকে তাৰ নেজত কিন্তু দুষ্টলোকৰ সমগ্ৰ শৰীৰত বিষ থাকে, সেয়ে সি বিষধৰ। সেই কাৰণে সৰ্বদা দুষ্ট ব্যক্তিৰ সংগ ত্যাগ কৰা উচিত।
(জ) ন ধ্যাতাং পদমীশ্চৰস্য বিধিবৎ সংসাৰ বিচ্ছিতয়ে,
স্বৰ্গদ্বাৰ কপাটপাটনপটু: ধৰ্মোহপি নোপাৰ্জিত:।
নাৰী পীনপয়োধৰ যুগলং স্বপ্নেহপি নালিঙ্গিতাং,
নাতু: কেবলমেব যৌবনচ্ছেদকুঠাৰো বয়ম্।।
মোক্ষ প্ৰাপ্তিৰ কাৰণে যি ব্যক্তিয়ে পৰমাত্মাৰ ধ্যান নকৰে, যি ব্যক্তিয়ে স্ত্ৰীৰ স্তন আলিংগন বা সম্ভোগ নকৰে, সেই ধৰণৰ ব্যক্তিৰ জীৱন বৃথা, সন্তান জন্ম দি যেনেদৰে মাকৰ যৌৱন নষ্ট হয় কিন্তু গুণবান সন্তান জন্ম দি মাকৰ আনন্দৰ সীমা নাথাকে। সেইধৰণে যি ব্যক্তিয়ে মোক্ষলাভৰ চেষ্টা নকৰে, ধৰ্ম কৰ্ম নকৰে সেইধৰণৰ মানুহ মাতৃৰ যৌবন নষ্টকাৰী কুঠাৰ স্বৰূপ। সেই ধৰণৰ সন্তান জন্ম দি মাতৃ কেতিয়াও সুখী হ’ব নোৱাৰে।
(ঝ) ন নিৰ্মিতা কেন ন দৃষ্টপূৰ্বা
ন শ্ৰুয়তে হেমময়ী কুৰংগী।
তথাহপি তৃষ্ণা ৰঘুনন্দনস্য,
বিনাশকালে বিপৰীত বুদ্ধি:।।
সোণৰ হৰিণ নহয়। কোনেও সেইটো তৈয়াৰ কৰিবও নোৱাৰে। ইতিপূৰ্বে কোনেও তাক চকুৰেও দেখা নাছিল। তথাপি ৰঘুবৰ ৰামচন্দ্ৰ লোভৰ বশৱৰ্তী হৈ সীতাৰ মনোৰঞ্জন কৰিবলৈ সোণৰ মায়া মৃগৰ পিছত দৌৰি গ’ল। সেয়ে কোৱা হয় বিনাশকালে বিপৰীত বুদ্ধি মনৰ মাজত আহি প্ৰভাৱ পেলায়।
ছয় ইন্দ্ৰিয়
মামৈবাংশো জীবলোকে জীবভূত: সনাতন।
মম: ষষ্ঠানীদ্ৰিয়ানি প্ৰকৃতিস্থানী কৰ্ষতি।।
এই বদ্ধ জগতৰ জীৱসমূহ আমাৰ অতিশয় ক্ষুদ্ৰাতিক্ষুদ্ৰ অংশ। কিন্তু বদ্ধ জীৱনৰ কাৰণে তেওঁলোক মনৰ সৈতে ছটা ইন্দ্ৰিয়ৰ সহায়ত কঠোৰ সংগ্ৰাম কৰিছে। এই কথা ভগৱান শ্ৰীকৃষ্ণই গীতাত কৈছে।
বৈষ্ণৱ
(ক) পিতৃভক্তা মাতৃভক্তা জ্ঞাতি-পোষণ তৎপৰা:।
ধৰ্মোপদেশিনা যে চ জ্ঞেয়ান্তে বৈষ্ণবা জনা:।।
পিতৃ-মাতৃভক্ত, জ্ঞাতি পালনকাৰী আৰু ধৰ্ম উপদেশ দান কৰি ব্যক্তিসকলেই বৈষ্ণৱ বুলি গণ্য হয়।
(খ) বেদবিদ্যানুৰক্তা মে দ্বিজ ভক্তিৰতা: সদা।
নপুংসকা পৰস্ত্ৰীষু জ্ঞেয়ান্তে বৈষ্ণবা: জনা:।।
বেদ বিদ্যাত অনুৰক্ত, দ্বিজভক্তি পৰায়ণ আৰু নপুংসকৰ নিচিনা যিসকল পৰস্ৰীতে অনাসক্ত সেই সকলেই
বৈষ্ণৱ।
(গ) শালগ্ৰাম-শিলা যেসাং গৃহে বসতি সৰ্বদা।
শাস্ত্ৰ ভাগবতঞ্চৈব জ্ঞেয়ান্তে বৈষ্ণবা জনা:।।
যি সকল ব্যক্তিৰ ঘৰত শালগ্ৰাম শিলা বিৰাজিত, যি সকলৰ ঘৰত ভাগবৰ্তাদি শাস্ত্ৰ থাকে তেওঁলোকেই বৈষ্ণৱ।
(ঘ) তড়াগ গ্ৰাম-কৰ্তাব: কন্যাদান প্ৰদাশ্চ যে।
সেবন্তে স্বগুৰু: যে চ জ্ঞেয়ান্তে বৈষ্ণবা জনা:।।
যিসকল ব্যক্তিয়ে পুখুৰী আদি জলাশয় খনন কৰে, নিৰাশ্ৰয়ক আশ্ৰয়দান কৰে, সৎপাত্ৰত কন্যাদান কৰে, গুৰুৰ সেৱা কৰে, তেওঁলোকেই বৈষ্ণৱতুল্য বুলি জানিবা।
(ঙ) গঙ্গাস্নান পৰা যে চ গঙ্গানাম পৰায়ণ:
গঙ্গা মাহাত্ম্য বক্তাৰো বিজ্ঞেয়ান্তে চ বৈষ্ণবা:।।
নিতৌ গঙ্গাস্নান আৰু নিতৌ গঙ্গাৰ মাহাত্ম্য যি সকলে পাঠ কৰে তেওঁলোকেই বৈষ্ণৱ।
(চ) একাদশী ব্ৰতাং যে চ ভক্তিভাবেন কুৰ্বতে।
গায়ন্তি মম নামানি জ্ঞেয়ান্তে বৈষ্ণবা জনা:।।
যি সকল ব্যক্তিয়ে ভক্তি সহকাৰে একাদশী ব্ৰত পালন কৰে আৰু শ্ৰীহৰিৰ নাম কীৰ্তন কৰে তেওঁলোকেই বৈষ্ণৱ।
(ছ) তুলসী মূল মৃত্তিশ্চ তিলকানি নয়ন্তি মে।
তুলসী কাষ্ঠ পকৈশ্চ বিজ্ঞেয়া বৈষ্ণবা জনা:।।
যি সকল ব্যক্তিয়ে তুলসীগছৰ গুৰিত থকা মৃত্তিকা দ্বাৰা তিলক ধাৰণ কৰে অথবা তুলসী কাঠ ঘৰ্ষণ কৰা বোকা দ্বাৰা তিলক কৰে তেওঁলোকেই পৰম বৈষ্ণৱ।
তুলসী মাহাত্ম্য
(ক) ধাৰয়ন্তি ন যে মালাং হৈতুকা: পাপ বুদ্ধয়:।
নৰকান্ন নিবৰ্তন্তে দগ্ধা কোপাগ্নিনা হৰে:।।
যি সকল ব্যক্তিয়ে তুলসীমালা ধাৰণ কৰাৰ আৱশ্যকতা কি এই সকল কাৰণ দেখুৱাই বা অনিচ্ছা দেখুৱাই মালা ধাৰণ নকৰে সেইসকল পাপবুদ্ধি ব্যক্তি অনন্ত নৰক ভোগ কৰে আৰু শ্ৰীহৰিৰ কোপানলত দগ্ধ হয়।
(খ) তুলসী কাষ্ঠ মালান্ত প্ৰেতৰাজস্য দূতিকা:।
দৃষ্টা নশ্যন্তি দূৰেন বাতোদ্ধৃতাং যথাদলম্।।
যি সকল ব্যক্তিয়ে তুলসীমালা ধাৰণ কৰে তেওঁক দেখি যমদূতসকল বায়ুয়ে উৰুৱাই নিয়া গছপাতৰ দৰে সেই ঠাইৰ পৰা পলায়ন কৰে।
(গ) তুলসী কাষ্ঠ সম্ভূতাং যে মালা বহতে নৰ:।
ফলং যচ্ছতি দৈত্যাৰি: প্ৰত্যসং দ্বাৰকাদ্ভবম্।।
যি ব্যক্তিয়ে তুলসী কাঠেৰে বনোৱা মালা ধাৰণ কৰে, স্বয়ং শ্ৰীহৰিয়ে তেওঁক নিত্য দ্বাৰকা বাসৰ ফল প্ৰদান কৰি থাকে।
নৃত্য কৰি পূজা কৰা
নৃত্য দত্তা তথাপ্নোতি ৰুদ্ৰলোকম্ সংশয়:।
স্বয়ং নৃত্যেন সম্পূজ্য তস্যৈ বানুচৰ ভবেৎ।।
শ্ৰীভগৱানৰ সমুখত নৃত্যকৰা স্বাস্থ্যসন্মত। আনৰ দ্বাৰা নৃত্যকৰালে যি জনে নৃত্যকৰায় তেওঁৰ ৰুদ্ৰলোক প্ৰাপ্ত হয়। যি ভক্তই স্বয়ং নৃত্য কৰি ঈশ্বৰৰ পূজা কৰে সেই ভক্ত শ্ৰীভগৱানৰ অনুচৰ হৈ থাকে।
Read Also: চাণক্য নীতি Part 6 | Chanakya Neeti Part – 6 In Assamese
ধৰ্মকথা
(ক) হৰে: সংকীৰ্তন পূণ্য মহাপাতক নাশনম্।
সৰ্বকাম প্ৰদং লোকেহ্যপবৰ্গ ফলপ্ৰদম্।।
শ্ৰীহৰিৰ নাম সংকীৰ্ত্তন অতি পুণ্যময় আৰু মহাপাপ নাশকাৰী। এই মহাপুণ্যময় কীৰ্ত্তন সৰ্বমঙ্গল ফলপ্ৰদ। লগতে এই নাম অৱশ্যে মুক্তিদায়ক। নামত ৰুচি হ’লে প্ৰেমৰ উদয় আৰু শ্ৰীহৰিত প্ৰেম হ’লে হৰিক পোৱা সহজ হৈ পৰে।
(খ) একং দেব্যা ৰবৌ সপ্ত ত্ৰীনি কুৰ্য্যাদবিনয়কে।
চত্বাৰি কেশবে কুৰ্য্যাৎ শিবেশ্চাৰ্ধ প্ৰদক্ষিণম্।।
শ্ৰীদেৱতাক এবাৰ, সূৰ্যক সাতবাৰ, গনেশক তিনিবাৰ, বিষ্ণুক চাৰিবাৰ, শিৱক আঠবাৰ প্ৰদক্ষিণ কৰিব লাগে।
(গ) স্ববামে প্ৰণমেদ্বিষু দক্ষিণে শক্তি শংকৰৌ।
প্ৰণমেচ্চ গুৰুৰগ্ৰে চান্যথা নিষ্ফলং ভবেৎ।।
বিষ্ণুক নিজৰ বাওঁফালে, শক্তি আৰু মহাদেৱৰ সোফালে আৰু গুৰুক নিজৰ অগ্ৰভাগত ৰাখি প্ৰণাম কৰিব। অন্যথায় প্ৰণাম কৰা নিষ্ফল হয়।
(ঘ) একাদশী ব্ৰতাং নাম সৰ্বকাম ফলপ্ৰদম্।
কৰ্তব্য সৰ্বদা বিপ্ৰৈৰ্বিষ্ণুপ্ৰীতি কাৰণম্।।
একাদশী নামৰ ব্ৰত সৰ্বকাম ফলপ্ৰদ। শ্ৰীবিষ্ণুৰ প্ৰীতিলাভৰ কাৰণে বিপ্ৰসকলে এই ব্ৰত কৰা একান্ত কৰ্তব্য।
(ঙ) যানি কানি চ পাপানি ব্ৰহ্মহত্যা সমানি চ।
অন্নমাশ্ৰিত্য তিষ্ঠতি সংপ্ৰান্তে হৰিবাসৰে।।
একাদশীত ব্ৰহ্মহত্যাদি যিমানবোৰ পাপ সকলো অন্নত আশ্ৰয় কৰি থাকে। উক্ত দিনত অন্নাদি আহাৰ কৰিলে উক্ত সৰ্বপ্ৰকাৰ পাপ গ্ৰহণ কৰা হয়।
(চ) বিধবা যা ভবেন্নাৰী ভুঞ্জিতৈকাদশী দিনে।
তস্যান্ত সুকৃতাং নশ্যেদ্ ভ্ৰূনহত্যা দিনে দিনে।।
বিধবা নাৰীয়ে একাদশীত আহাৰ কৰিলে তেওঁৰ সকলোপ্ৰকাৰ সুকৃতি নষ্ট হয় আৰু প্ৰতিদিন তেওঁৰ ভ্ৰুণহত্যা পাপৰ অপৰাধ হয়।
(ছ) তিল মুদগাদৃতে শষ্য সমী গোধূম কোদ্ৰবা:।
চনকং দৈবধানঞ্চ এতে ক্ষাৰ গণা: স্মৃতা:।
তিল, মূগ আদি দাইলজাতিয় শস্য উৰহী, গম, লাউ, বুতমাহ আদি সাৰজাতীয় দ্ৰব্য বুলি চিহ্নিত। সেইকাৰণে এই সকলোবোৰ দ্ৰব্য হাবিষ্যান্নত বৰ্জনীয়।
(জ) অষ্টৈতান্য ব্ৰতাঘ্নানি আপোমলুং ফলং পয়:।
হবিব্ৰাহ্মণ কাম্যা চ গুৰোৰ্বচন মৌষধম্।।
ফলমূল, জল, গৰুঘিউ, ব্ৰাহ্মণ বাক্য কামনা গুৰুৰ বাক্য আৰু ঔষধ এই আঠোটা দ্ৰব্য ব্ৰত উপবাসতো গ্ৰহণ কৰিব পাৰি। এইবিলাকে ব্ৰত ভঙ্গ নকৰে।
(ঝ) এতে চাংশকলা: পুংস কৃষ্ণন্ত ভগবান্ স্বয়ম্।
ইদ্ৰাৰিব্যাকুলং মুড়ায়ান্ত যুগে যুগে।।
আন দেৱতাগণৰ মাজত কোনো কোনো পুৰুষোত্তম শ্ৰীগুৰুৰ স্বয়ং অংশ কোনো কোনো আকৌ অংশাবশেষ অবতাৰ। সেইসকল অবতাৰে প্ৰত্যেক যুগতে বিশ্বজগত যেতিয়া দৈত্যদ্বাৰা পীড়িত হয়, তেতিয়া দৈত্যৰ দ্বাৰা উপদ্ৰুত হোৱা জগতক নিৰুদ্বেগ অৰ্থাৎ উদ্ধাৰ কৰে। কিন্তু বজেদ্ৰনন্দন শ্ৰীকৃষ্ণ পূৰ্ণব্ৰহ্ম স্বয়ং ভগৱান।
(ঞ) কৃষ্ণনাম জগদ্বন্ধু জগদ্বীজং গুনং পৰম্।
বিশ্বাধাৰং কৃষ্ণনামং জগতাং পাবনং পৰম্।।
কৃষ্ণ জগতৰ বন্ধু। জগতৰ বীজ আৰু পৰম গুণযুক্ত। বিশ্বৰ আধাৰ কৃষ্ণনাম জগতৰ পৰম পাবন স্বৰূপ।
(ট) গোবিন্দ নাম সদৃশ ন ত্যাগো ন ব্ৰতাং মূলে।
ন সংকল্প নাপি শৌচং ন পুণ্য ন ফলং তথা।।
গোবিন্দ নামৰ সমান ত্যাগ অৰ্থাৎ দান আৰু বেলেগ নাই। সংকল্প নাই, শৌচ অৰ্থাৎ সুচিতা নাই আৰু পুন্যফলো নাই।
(ঠ) গো-কোটি দানং গ্ৰহণে খগস্য।
প্ৰয়াগ গঙ্গাম্বু হি কল্পবাস:।।
যজ্ঞাযুতাং মেৰু সুবৰ্ণ দানং।
গোবিন্দ কীৰ্ত্তন সমং ন শতাশৈ:।।
গ্রহণৰ সময়ত কোটি গোদান কৰিলে, প্ৰয়োগৰ গঙ্গাজলত কল্পকাল ধৰি বাস কৰিলে, অযুত সংখ্যক যজ্ঞানুষ্ঠান কৰিলে, মেৰু সদৃশ সুবৰ্ণ দান কৰিলেও গোবিন্দ নামকীৰ্তনৰ শতাংশৰো এক অংশ স্বৰূপ নহয়।
(ড) স্বকীয় ঋদয়ে ধ্যায়েৎ শ্ৰীকৃষ্ণ চৰণাম্বুজ।
ভূতশুদ্ধি মিমাং প্ৰাহু: সৰ্বাগম বিশাৰদা:।।
নিজৰ ঋদয়ৰ ভিতৰত শ্ৰীকৃষ্ণৰ পদযুগল ধ্যান কৰিলেই চিত্তশুদ্ধি আৰু ভূতশুদ্ধি হয়।২৪৪।
(ঢ) প্ৰাৰ্তমূত্ৰপুৰীষাভ্যা মধ্যাহ্নে ক্ষুৎপিপাসয়া।
তৃপ্তা: কামেন বাধ্যন্তে চান্তে বা নিশি নিদ্ৰয়া।।
প্ৰভাতকালত মানবগণে যি ধৰণে মলমূত্ৰ ত্যাগ কৰি মধ্যাহ্ন সময়ত ভোক আৰু পিয়াহত কাতৰ হৈ ভোজন কৰি তৃপ্ত হয় আৰু ৰাত্ৰিকালত নিদ্ৰা যায়, পশুবিলাকেও তদনুৰূপ কৰে। কাজেই মানবৰ সৈতে সিহঁতৰ প্ৰভেদ কি? একমাত্ৰ তত্ত্বজ্ঞান সংঞ্চাৰ হ’লেই পশুৰ পৰা পৃথক হোৱা যায়।
(ণ) নাদবিন্দু সহস্ৰানি জীবকোটি শতানি চ।
সৰ্বঞ্চ ভস্মনিধৃতাং যত্ৰ দেব নিৰঞ্জন:।।
অসং ব্ৰহ্মেতি নিয়তো মোক্ষহেতুৰ্মহাত্মানাম্।।
সহস্ৰ সহস্ৰ নাদবিন্দু আৰু শতকোটি জীৱ দগ্ধীভূত হৈ নিৰঞ্জন ব্ৰহ্মত লয়প্ৰাপ্ত হৈ আছে। কাজেই “ময়ে ব্ৰহ্ম” যাৰ এই জ্ঞান জন্মিছে সেই ব্যক্তিয়ে মুক্তি লাভ কৰিব পাৰে।
(ত) তীৰ্থানি তোয়ৰূপাণি দেবান্ পাষাণ মৃন্ময়ান্।
যোগিনো ন প্ৰপদ্যন্তে আত্ম ধ্যান পৰায়ণা:।।
যি সকল আত্মধ্যান পৰায়ণ তেওঁলোকৰ দেহাভ্যন্তৰত কাশী প্ৰভৃতি নিখিল তীৰ্থ আৰু নাৰায়ণ প্ৰভৃতি যাৱতীয় দেৱতা সকল অধিষ্ঠিত। কাজেই তেওঁলোকে জলৰূপী তীৰ্থ পৰিভ্ৰমণ বা পাষানাদিময় প্ৰতিমা পূজা কৰি নাথাকে।
(থ) সৰ্বত্ৰাবস্থিতাং শান্ত ন প্ৰপশ্যেৰ্জনাৰ্দনম্।
জ্ঞানচক্ষু বিহিনত্বদন্ধ: সূৰ্য্যোমিবোদিতম্।।
পূৰ্ণ শান্তস্বৰূপ দেবাদেব জনাৰ্দন সকলো স্থানতে বিদ্যমান হৈ থাকে। কিন্তু যেনেকৈ দিবাকৰ সকলো স্থানত সমভাৱে উদিত হৈ থাকিলেও অন্ধ ব্যক্তিয়ে তাক দেখা নাপায় সেইধৰণে অজ্ঞানাবৃত মূঢ় মানবে জ্ঞাননেত্ৰৰ অভাৱত সেই সৰ্বব্যাপী জনাৰ্দনক দেখিবলৈ সক্ষম নহয়।
জীৱন মুক্তি
(ক) জীব: শিব: সৰ্বমেব: ভূতে ভূতে ব্যবস্থিত:।
এবমেবাভিপশ্যন্তি জীবন্মুক্ত: স উচ্যতে।।
পৰমব্ৰহ্ম চৈতন্য সচ্চিদানন্দৰূপত দেহৰ সৰ্বত্ৰ বিৰাজমান হৈ আছে। সেয়ে জীৱ শিৱস্বৰূপ। যিসকল ব্যক্তিয়ে এইভাৱে পৰমাত্মাক সৰ্বস্থানত অবলোকন কৰে, তেওঁকেই প্ৰকৃত জীৱমুক্ত বুলি কোৱা হয়।
(খ) অনাদিবৰ্তি ভূতানাং জীব: শিবো ন হন্যতে।
নিৰ্বেৰ: সৰ্বভূতানাং জীবন্মুক্ত: স উচ্যতে।।
স্বয়ং শিৱস্বৰূপ হ’ল জীৱাত্মা, যি সৰ্বভূতত বিয়পি আছে। অবিনাশী আৰু সকলোৰে মিত্ৰস্বৰূপ। এই ধৰণৰ যি ব্যক্তিৰ জ্ঞানোদয় হৈছে তেওঁকেই জীৱমুক্ত বুলি জানিবা।
(গ) শিব শক্তি মমাত্মানৌ পিণ্ড ব্ৰহ্মাণ্ড মেব চ।
চিদাকাশ ঋদং মোহো জীবন্মুক্ত স উচ্চতে।।
যেনেদৰে শিৱ আৰু শক্তিৰ আত্মা একে সেইধৰণে আমাৰ দেহ আৰু মন এক আৰু শৰীৰৰূপ ক্ষুদ্ৰ ব্ৰহ্মাণ্ড আৰু চৰাচৰাত্মক ব্ৰহ্মাণ্ড এই উভয়েই এক পদাৰ্থ, অতএব চিদাকাশত ময়েই একমাত্ৰ পৰমাত্মা, এইধৰণৰ জ্ঞান যি পাইছে আৰু এইধৰণৰ জ্ঞানসঞ্চাৰৰ দ্বাৰা যাৰ মোহাদি নাইকিয়া হৈছে তেৱেঁই হৈছে জীৱমুক্ত, ইয়াত সন্দেহ নাই।
(ঘ) মন এবং বিদু: প্ৰাজ্ঞা: সিদ্ধাসিদ্ধান্ত এব চ।
যদা দৃঢ় তদা মোক্ষো জীবন্মূক্ত: স উচ্চতে।।
একমাত্ৰ মনকে পণ্ডিতসকলে শুভাশুভৰ কাৰণ বুলি নিৰ্দেশ দিছে। মন যেতিয়া চিদানন্দৰূপী ব্ৰহ্মত লীন হৈ থাকে তেতিয়াহে জীৱন মোক্ষ প্ৰাপ্ত হয়। এই বিষয়ত যি অভিজ্ঞ তেওঁকেই জীৱমুক্ত বুলি জানিবা।
(ঙ) শুক্ৰশোনিত যোগেন দেহোহয়ং ভৌতিক: স্মৃত:।
বাল্যে বালক ৰূপোহসৌ যৌবনে যুবক: পুন:।।
এই যে দৃশ্যমান স্থল শৰীৰ ই পিতামাতা ভূক্ত অন্নৰ পৰিনামৰূপ শুক্ৰ আৰু শোণিত সংযোগত জন্মান্তৰীণ কৰ্মবীজৰ অনুসাৰে পুঞ্জীভূত মহাভূতৰ পৰা উদ্ভূত। এই ভৌতিক দেহ বাল্যকালত বালকৰূপে অৱস্থান কৰি থাকে। যৌৱনকালত পৰিণত হৈ যুৱকৰূপ ধাৰণ কৰে।
(চ) ধৰ্মাধৰ্মো মনশ্চৈব পঞ্চভূতানি যানি চ।
ইন্দ্ৰিয়ানি চ পঞ্চৈব যশ্চান্যা: পঞ্চ দেবতা:।।
তাশ্চব মনশ: সৰ্বে নিত্যমেবাভিমানত:।
জীবেন সহগচ্ছন্তি যাবত্তত্ত্ব ন বিন্দতি।।
যেতিয়ালৈকে জীৱই আত্মাক প্ৰত্যক্ষ কৰিব নোৱাৰে সেই পৰ্যন্ত তাৰ ভৌতিকত্ব বিনাশপ্ৰাপ্ত নহয়। সুতৰাং ধৰ্মাধৰ্মৰূপ অদৃষ্ট, পঞ্চভূতৰ সত্ত্বাত্মক মন ইন্দ্ৰিয়সমূহ আৰু তদধিষ্ঠাদৃত দেৱতা, তেওঁলোক সকলোৱে অভিমানহেতু লিঙ্গ দেহোপধিক জীৱৰ সৈতে প্ৰস্থান কৰে। দৰাচলতে লিঙ্গদেহত যি প্ৰকৃতিসিদ্ধ অভিমান আছে, সেই অভিমানে মুক্তিক বিঘ্নিত কৰে। তত্ত্বজ্ঞানৰ উদয় হ’লে সেই অভিমানস্বৰূপ অন্ধকাৰ বিনাশপ্ৰাপ্ত হ’লে ইন্দ্ৰিয়সমূহ স্ব-স্ব কাৰণে লয় পায়। সুতৰাং যেনেদৰে অভিমানস্বৰূপ অহংকাৰ বিনাশপ্ৰাপ্ত হয় তেনেদৰে তাৰ লগত ধৰ্মাধৰ্ম অদৃষ্টও বিনাশপ্ৰাপ্ত হয়।
Read Also: Assam Board Solutions
আমি আশা কৰিছো চাণক্য নীতি Part 7 | Chanakya Neeti Part – 7 In Assamese আপোনালোকক সহায় কৰিব। যদি আপোনাৰ চাণক্য নীতি Part 7 সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।