চাণক্য নীতি Part 6 | Chanakya Neeti Part – 6 In Assamese

চাণক্য নীতি Part 6 | Chanakya Neeti

জীবন্ত মৃতবন্মন্যে দেহিনং ধৰ্মবৰ্জিতম্।

মৃত্যো ধৰ্মেন সংযুক্তো দীৰ্ঘজীবি ন সংশয়।

ধৰ্মহীন ব্যক্তিক জীৱন্মৃত বুলি জানিবা। ধৰ্মপৰায়ণ ব্যক্তি মৃত হ’লেও তেওঁ যে দীৰ্ঘজীৱি ইয়াত কোনো সন্দেহ নাই।

আহাৰ বিহাৰ ভয় মৈথুনাঞ্চ

               সামান্যম্ এতদ পশুৰ্ভিনৰানাম্।

ধৰ্মহি তেষ অধিক বিশেষ

              ধৰ্মেন হীনা পশুভি সামানা:।

আহাৰ-বিহাৰ স্ত্ৰীসংগ কৰি সন্তান উৎপন্ন মানুহ আৰু পশু উভয়ে কৰি থাকে। মানুহৰ ধৰ্মচাৰণৰ ক্ষমতা আছে কিন্তু পশুৰ সেই ক্ষমতা নাই। অতএব যি মানুহে ধৰ্মচাৰণ নকৰে পশু আৰু তেওঁৰ মাজত কোনো প্ৰাৰ্থক্য নাথাকে, কাৰণ ধৰ্মচাৰণ সৰ্বশ্ৰেষ্ঠ কৰ্তব্য।

কৰ্মফল

(ক) যথা ধেনু সহস্ৰেষু বৎসো গচ্ছতি মাতৰম্।

      তথা যচ্চ কৃটং কৰ্ম কৰ্তাৰমনুগচ্ছতি।

হাজাৰ হাজাৰ গাই গৰুৰ মাজত গৰু পোৱালিটোৱে ঠিকমতে তাৰ মাকৰ ওচৰলৈ যায়। সেইধৰণে যি কৰ্ম সম্পাদন হৈছে সেয়া কৰ্মকৰ্তাৰ পিছে পিছে যায় অৰ্থাৎ মানুহে ভাল-বেয়া যি কামেই নকৰক কিয় তাৰ ভাল-বেয়া ফল কৰ্ম কৰোতাই ভোগ কৰিব লগা হয়। এইটোৱেই হৈছে প্ৰকৃতিৰ চিৰন্তন নীতি।

(খ) স্বয়ং কৰ্ম কৰোত্যাত্মা স্বয়ং তৎফলমশ্নুতে।

      স্বয়ং ভ্ৰমতি সংসাৰে স্বয়ং তস্মাশ্বিমুচ্যতে।

মানুহে নিজেই কাম কৰে। কামৰ ওপৰত তেওঁৰ ভাল-বেয়া ফলাফল লাভ হৈ থাকে। সেই ফল লাভৰ কাৰণে তেওঁক সংসাৰলৈ বাৰে বাৰে আহিব লগাত পৰে। আকৌ বাৰে বাৰে যাব লগাত পৰে অৰ্থাৎ জন্ম হ’লেই মৃত্যু হ’ব। এই জন্মত ভাল কাম কৰিলে পৰজন্মত সুখ আৰু পাপ কাম কৰিলে পৰজন্মত দুখ পাবলৈ আছে। বাৰে বাৰে এই জন্ম-মৃত্যুৰ চক্ৰ সংসাৰত অবিৰত ধাৰাত চলি আহিছে। সকলো জীৱৰ কাৰণে এই সংসাৰ চক্ৰাধীন। ভগবদভক্তিৰূপ প্ৰকৃত জ্ঞানচক্ষু খোল খালে তেতিয়াহে এই নিদাৰুণ সংসাৰৰ পৰা মুক্তি লাভ হয়।

(গ) জন্মজন্মনি চাভ্যস্ত দানমধ্যয়নং তপ:।

      তেনৈবাভ্যাস যোগেন দেহী বাহ্যভসতে।

বহু জন্ম-জন্মান্তৰ ধৰি মানুহে দান, অধ্যয়ন আৰু তপস্যা কৰিলে তেতিয়াহে মানুহ দানী হয়, জ্ঞানী আৰু তপস্বী হয়, এটা জন্মত এই সকলো গুণ আহৰিত নহয়। কেইবাটাও জন্মৰ অভ্যাসৰ ফলত মানুহৰ এই গুণসমূহ অনায়াসে প্ৰাপ্ত হয়।

   ভাগ্য

(ক) আয়ু কৰ্মঞ্চ বিত্তঞ্চ বিদ্যা নিধনমেব চ।

      পঞ্চৈ তানি হি সৃজ্যন্তে গৰ্ভস্থস্যৈব দেহিন:।

আয়ু, কৰ্ম, বিদ্যা, বিত্ত আৰু মৃত্যু- এই পাচোটা তেতিয়াই প্ৰাণীসকলৰ ভাগ্যত লিখিত হৈ থাকে, যেতিয়া তেওঁলোক ভূমিষ্ঠ হোৱাৰ পূৰ্বে মাতৃগৰ্ভত অৱস্থান কৰি থাকে। সেয়ে এই বিধাতাৰ লেখন কোনেও খণ্ডন কৰিব নোৱাৰে। তথাপি জন্ম লৈ কৰ্মফল হিচাবে সেয়া পৰিৱৰ্তিত হ’ব পাৰে।

(খ) ভাগ্য কৰোতি ৰাজানং ৰাজানং ৰংকমেব চ।

      ধনীনং নিৰ্ধনং চৈব নিৰ্ধনং ধনীনাং বিধি।

ভাগ্য মহাশক্তিমান। ভাগ্যৰ ইমান ক্ষমতা যে মুহূৰ্ততে এজনক ৰজা কৰি দিব পাৰে আকৌ ৰজাক ভিক্ষাৰী কৰি দিব পাৰে। কোনোবা প্ৰকাৰে ভাগ্য বিপৰ্যয় হ’লে এজন বিত্তবান মানুহক নিমিষতে নিৰ্ধন কৰি দিব পাৰে। সেইদৰে এজন নিৰ্ধন পুৰুষক ধনবান কৰি দিব পাৰে।

(গ) পত্ৰ নৈব যদা কৰীৰবিটপে দোষো বসন্তস্য কিম্।

      নীলোৎকোহপ্যবলোকায়তে যদি দিবা সূৰ্য্যস্য কিং দূষনম্।। 

      বৰ্ষা নৈব পতন্তি চাতকমুখে মেঘস্য কিং দূষনম্।

      যৎপূর্ববং বিধিনা ললাট লিখিতাং তন্মাৰ্জিতাং ক: ক্ষম: ।

বসন্তকালত বৃক্ষত যদি কুহিপাত নোলায় তেনেহ’লে বসন্তৰ কি দোষ ? ফেচাই দিনৰ বেলাত একো দেখা নেপায় বুলি সৰ্যক দোষাৰোপ কৰি কি লাভ ? চাতক চৰাইৰ মুখত যদি বৰ্ষাৰ শীতল পানী নপৰে তেনেহ’লে বৰ্ষাক দোষাৰোপ কৰিব পাৰি জানো ? অতএব ভাগ্য হিচাবে প্ৰথমতে কপালত যি লিখা হৈছে সেয়া কোনেও খণ্ডন কৰিবলৈ সক্ষম নহয়।

(ঘ) ইসিতাং মনসা: সৰ্ব কস্য সম্পদ্যতে সুখম্।

      দৈবায়ত্ব যতো সৰ্ব তস্মাদ্ সন্তোষ মাশ্ৰয়েৎ।

 মনুষ্যকুলত এনেকুৱা কোনো মানুহ নাই যাৰ সকলো কামনা-বাসনা পূৰ্ণ হৈছে। তেওঁৰ মনোমতসকলো সুখ যেনেকৈ পোৱা নাই সেইদৰে দু:খ নিবিচৰাকৈ পাইছে। সুখ আৰু দুখ ভাগ্যৰ অধীন, কোনো মানুহৰ অধীন নহয়। অতএব যি নিজৰ নহয় বা নিজৰ কৰতলগত নহয় তাৰ কাৰণে দুখিত হোৱা উচিত নহয়। জ্ঞানী আৰু বুদ্ধিমান ব্যক্তিসকল সুখ আৰু দুখ সকলো অৱস্থাতে সন্তুষ্ট থাকে। এয়ে কাম্য।

আত্মকল্যাণ

যাবৎ স্বাস্থ্যো হ্যয়ং দেহ: তাবন্মৃত্যুশ্চ দুৰত:।

তাবদাত্মহিতাং কুৰ্য্যাদ্ প্ৰাণান্তে কিং কৰিষ্যতি।।

শৰীৰ যেতিয়ালৈকে সুস্থ থাকিব তেতিয়ালৈকে মৃত্যু ভয় পৰ্যন্ত নাথাকে। সেয়ে সুস্থ থকা সময়তে আত্মা আৰু পৰমাত্মাক চিনি আৰু ভালদৰে জ্ঞানৰ দ্বাৰা জানিলৈ আত্মকল্যাণ কৰি ল’ব লাগে। কাৰণ শেষ বয়সত আৰু একো কৰিবলৈ নাথাকে। মৃত্যুৰ পাছত আৰু একো কৰাও নাযায়।

সত্য

সত্যেন ধাৰ্য্যতে পৃথিৱী সত্যেন তপতে ৰবি:।

সত্যেন ব্যাতি বায়ুশ্চ সৰ্ব সত্যে প্ৰতিষ্ঠিতম্।।

একমাত্ৰ সত্যই হ’ল পৰমাত্মা। এই পৃথিৱী সম্পূৰ্ণ সত্যৰ ওপৰত প্ৰতিষ্ঠিত কাৰণেই সূৰ্য আৰু বায়ু নিজৰ নিজৰ যথাযথ কৰ্তব্য সাধন কৰি আহিছে। সত্যৰ কাৰণেই সমগ্ৰ পৃথিৱীয়ে কাম কৰি গৈছে। সত্যই হৈছে বিশ্বৰ আধাৰ।

হীনতা

তাদৃশী জায়তে বুদ্ধিব্যবসায়োহপি তাদৃশ:।

সহায়াস্তাদৃশা: এব যাদৃশী ভবিতব্যতা।।

যেতিয়া কোনো মানুহৰ ভাগ্যত সময় আহি যায় তেতিয়া তেওঁৰ বুদ্ধি শুভ হয়। স্বকীয় কাৰ্যত অনুকুলতা লাভ কৰে। সেই সময়ত তেওঁৰ সাহাৰ্যাৰ্থে বহুলোক আহি যায়। আকৌ কাৰোবাৰ সময় বেয়া হ’লে বুদ্ধিভ্ৰশ হয়। যাৰ ফলত সেই ব্যক্তিয়ে বিপৰীত কাৰ্যসমূহ কৰে। আৰু কোনোবা সাহাৰ্যাৰ্থে অহা দূৰৰ কথা যিমানবোৰ দুৰ্জন প্ৰকৃতিৰ বন্ধুবৰ্গ আহি পয়মাল ঘটায়।

মুক্তি

(ক) মুক্তিমিচ্ছসি চেত্তাৎ বিষয়ান বিষবৎ ত্যজ।

      ক্ষমাহৰ্জখদৰাশৌচং সত্য পীযুষবৎ পিয়।

কোনো মানুহে যদি মোক্ষলাভ কৰিবলৈ বিচাৰে তেনেহ’লে সৰ্বপ্ৰথমে তেওঁ ইন্দ্ৰিয়সমূহক বিষবৎ বুলি ভাবি ত্যাগ কৰিব লাগিব। তেওঁ সকলো কামনা-বাসনা, বেয়াদোষ ত্যাগ কৰিব লাগিব। লগে লগে ক্ষমা দয়া প্ৰভৃতি গুণসমূহ গ্ৰহণ কৰিব লাগিব। সৰ্বদা সত্যপথত থাকিব লাগিব। এইভাৱে আত্মাক পবিত্ৰ কৰিব লাগিব, তেতিয়া মোক্ষলাভ অৱশ্যে হ’ব।

(খ) বন্ধনায় বিষয়াসংগ মুক্তৈনিৰ্বিষয়ং মন:।

      মন এব মনুষ্যানাং কাৰনং বন্ধমোক্ষয়ো:।

অসৎ বা কু-চিন্তাত মন:সংযোগ কৰিলে বন্ধনদশা উপস্থিত হয়। এইবোৰৰ পৰা মনক আতৰাই আনিলেই মোক্ষদশা অহা নিশ্চিত। অতএব মনদ্বাৰা বন্ধন আৰু মনদ্বাৰা মুক্তি লাভ হয়। মন পবিত্ৰ নকৰিলে গঙ্গা লাভ নহয়।

সমাধি

দেহাৰ্ভিমামগতিতে জ্ঞানেন পৰমাত্মন:।

যত্ৰযত্ৰ মনো যাতি তত্ৰ তত্ৰ সমাধয়:।

পৰমাত্মাক সাধকে যেতিয়া জানিব পাৰে তেতিয়া তেওঁৰ সংসাৰৰ কোনো বস্তুতে মন নবহে। তেতিয়া তেওঁ নিজৰ শৰীৰ পৰ্যন্ত নিজৰ বুলি জ্ঞান নকৰে। এই ধৰণৰ জ্ঞানহ’লে সাধক যথাৰ্থভাৱে সমাধি প্ৰাপ্ত হৈ থাকে।

বৈৰাগ্য

ধৰ্মস্থানে শ্মশানে চ ৰোগিনাং যা মতিৰ্ভবেৎ।

সা সৰ্বদৈব তিষ্ঠেচ্চৎ কে ন মুচ্যেৎ বন্ধনাৎ।

ধৰ্মকথা শ্ৰৱণ কৰাৰ পাছত, শ্মশান আৰু ৰোগীক দৰ্শন কৰি যি বৈৰাগ্যভাব আহে, সেই বৈৰাগ্যভাব যদি মনত ঠিক ধৰণে স্থায়ী কৰি ৰাখিব পাৰি তেনেহ’লে সমস্ত বন্ধনদশা মুক্ত হৈ বৈৰাগ্য লাভ কৰিব পৰা যায়। অৱশ্যে এই ক্ষেত্ৰত বহু জনমৰ সাধনাৰ ফলস্বৰূপ কাম কৰি থাকে।

একমাত্ৰ পথ

যদিচ্ছসি বশীকৰ্তু জগদেকেন কৰ্মশা:।

 পৰাপবাদশাস্ত্ৰেভ্যো গাং চৰন্তি নিবাৰয়:।

সমস্ত সংসাৰক বশ কৰাৰ একমাত্ৰ উপায় হ’ল- নিজৰ কথা ঠিক ৰখা। কাকো কোনো প্ৰকাৰ কটু কথা নোকোৱা। যদিও হঠাতে মুখলৈ কোনো ৰুঢ় বাক্য আহিও যায় লগে লগে সংযত হৈ পৰিব লাগে। ইয়াৰ বাহিৰে সংসাৰক বশ কৰাৰ আৰু কোনো উপায় নাই।

আত্মজ্ঞান

যস্য চিন্ত দ্ৰবীভূতাং কৃপয়া সৰ্বজন্তষু।

তস্য জ্ঞানেন মোক্ষেণ কিং জটা ভস্মলেপনৈ:।

যি মানুহৰ ঋদৈয়ত সকলো প্ৰকাৰ মনুষ্য পক্ষী আদি জীৱজন্তৰ কাৰণে অগাধ দয়া প্ৰেম, ভালপোৱা ভাব থাকে তেৱেঁই প্ৰকৃত মানুহ স্বৰূপে অভিহিত। সেই তত্ত্বজ্ঞানীৰ আত্মজ্ঞানৰ, মোক্ষৰ, জটাৰ, ভস্মসনাৰ, ফোঁট চন্দন আদিৰ কোনো প্ৰয়োজন নাথাকে।

মহাকীৰ্তি

(ক) অস্মাকং মধুদানয়পৰহিতাং নষ্ট তিৰাৎ সংচিতাং।

      নিৰ্বাণাদিতি নষ্টপাদযুগলং ঘৰ্ষত্যামী মক্ষিকা:।

মহান পুৰুষসকলক ভোজ্য পদাৰ্থ অৰ্থাৎ খাদ্য আৰু অৰ্থ দান কৰা উচিত। সঞ্চয় কৰা উচিত নহয়। কৰ্ণ আৰু বলিৰজাৰ কীৰ্তি সকলোৰে জ্ঞাত। আমাৰ বহুদিনৰ পৰা সঞ্চিত অৰ্থ যাক আমি ভোগ কৰিব নোৱাৰো, নষ্ট হৈ যায়। সেইবোৰ দান কৰা পূণ্যৰ কাম।

(খ) আৰ্তেষু বিপ্ৰেষু দয়াস্বিতশ্চেচ্ছুদ্ধেন য স্বল্পমপৈতি দানম্।

      অনন্তপায়ম্ সমপৈতি দানং যদ্দীয়তে তন্ন লভেদ্ দ্বিজেভ্য।

বিদ্বান মহাপুৰুষসকলক, দু:খীসকলক, অনাথক যি ব্যক্তিয়ে সামান্য কিবাও দান কৰে লগে লগে উপকাৰ নাপালেও তাৰ দ্বাৰা তেওঁৰ মহাপূণ্য লাভ হৈ থাকে। সেই পূণ্যবলত তেওঁৰ প্ৰদত্ত দানদ্ৰব্য হাজাৰগুণ বৰ্দ্ধিত হৈ পুনৰায় তেওঁৰ ওচৰলৈকে ঘুৰি আহে।

Read also: চাণক্য নীতি Part 4 | Chanakya Neeti

সৎপাত্ৰত দান

(ক) ক্ষীয়ন্তে সৰ্বদানানি যজ্ঞহোম বলি ক্ৰিয়া।

      ন ক্ষীয়ন্তে পাত্ৰদানম্ ভয়ং সৰ্বদেহিনাম্।।

যাৰ যি একান্ত প্ৰয়োজন তেওঁলোকক সেয়া দান কৰা উচিত। কাৰণ তেওঁলোক হ’ল যোগ্য পাত্ৰ। অপাত্ৰত দান কৰিলে পূণ্য নষ্ট হৈ যায়। কিন্তু উপযুক্ত পাত্ৰত দান অৰ্থাৎ যাৰ একান্ত প্ৰয়োজন তেওঁক দানকৰা, বা কাৰোবাৰ জীৱন ৰক্ষাৰ্থে অভয় দান কৰা প্ৰভৃতিৰ ফল কোনোকালে বিনাশ প্ৰাপ্ত নহয়।

(খ) সন্তোষস্ত্ৰিষু কৰ্তব্য: স্বদাৰে ভোজনে ধনে।

      ত্ৰিষুশ্চৈব ন কৰ্তব্যোহধ্যায়নে জপদানয়ো:।

তিনিটা বিষয়ে সন্তোষ বিধান কৰা কৰ্তব্য। যেনে নিজৰ স্ত্ৰীক সন্তোষ বিধান, আহাৰত সন্তোষ বিধান, অৰ্থৰ ফালৰপৰা সন্তোষ বিধান। এই তিনি বিষয়ত সন্তোষ বিধান কৰিব। কিন্তু আন তিনি বিষয়ত সন্তোষ বিধান বাঞ্জনীয় নহয় অথবা শেষ কৰা অনুচিত। সেই তিনিটা হ’ল- অধ্যয়ন, জপ আৰু ধ্যান।

মন্ত্ৰ

নান্নোদক সমং দানং ন হি যদ্বাৰ্দশী সমা।

ন গায়ত্ৰা: পৰো মন্ত্ৰো ন মাতুৰ্দেবতাং পৰম।

অন্ন আৰু জলদানৰ সমান আৰু কোনো দান নাই। দ্বাদশীৰ সমান পূণ্য তিথি আৰু বেলেগ নাই। গায়ত্ৰীতকৈ আৰু কোনো ডাঙৰ মন্ত্ৰ নাই। সেইদৰে মাকতকৈ ডাঙৰ আৰু কোনো দেৱতা নাই।

স্ত্ৰীলোক বিষয়ক

(ক) সা ভাৰ্য্যা যা শুচিদক্ষা সা ভাৰ্য্যা যা পতিব্ৰতা।

      সা ভাৰ্য্যা যা পতিব্ৰতা সা ভাৰ্য্যা সত্যবাদিনী।।

যি পত্নীৰ আচৰণ পবিত্ৰ, যি পতিব্ৰতা আৰু সুদক্ষ গৃহিনী, যি নিজ পতিৰ লগত সচা প্ৰেম কৰে, তেওঁৰ কোনো কপটতা নাথাকে। স্বামীৰ আগত কোনো মিছা কথা নকয়। তেওঁকেই উপযুক্ত পত্নী বোলা যায়। যিসকল স্ত্ৰীৰ এইবোৰ গুণ নাথাকে তেওঁলোকক পত্নী বোলা নাযায়। তেওঁলোক পত্নীৰ অযোগ্য।

(খ) পত্যুৰাজ্ঞা বিনা নাৰী উপোষ্য ব্ৰতচাৰিণী।

      আয়ূস্য হৰতে ভৰ্তু: যা নাৰী নৰকং ব্ৰজেৎ।।

স্বামীৰ বিনা আদেশে পত্নীৰ ব্ৰত-উপবাস কৰা অনুচিত। স্বামীৰ আদেশ অবিহনে এইবোৰ কাম কৰিলে সেই ৰমণী দ্বাৰা স্বামীৰ আয়ুস ক্ষয় হয়। এনেকুৱা কৰিলে পাপ হয়। সেই পাপে সেই নাৰী নৰক গমন কৰে।

(গ) স্ত্ৰীনাং দ্বিগুণো আহাৰো লজ্জা চাপি চতুৰ্গূণা।

      সাহসং ষড়গুনং চৈব কামশ্চাষ্ট গুণ: স্মৃত:।

পুৰুষৰ দুগুণ আহাৰ নাৰীৰ। লজ্জা থাকে চাৰিগুণ। কোনো বেয়াকামত পুৰুষতকৈ স্ত্ৰীৰ সাহস থাকে ছয়গুণ। কামত্তেজনা আৰু সম্ভোগ ইচ্ছা পুৰুষতকৈ স্ত্ৰীলোকৰ মাজত আঠগুণ বেছি থাকে।

(ঘ) বিত্তেন ৰক্ষতে ধৰ্মো বিদ্যা যোগেন ৰক্ষতে।

      মৃদুনা ৰক্ষতে ভূপ: সৎস্ত্ৰিয়া ৰক্ষতে গৃহম্।।

ধৰ্ম আৰু কৰ্তব্য পালন কৰি মানুহে অৰ্থৰ সহায়ত সদাচাৰ সংযম প্ৰভৃতিৰ দ্বাৰা বিদ্যা ৰক্ষা কৰি থাকে। মৃদু স্বভাৱৰ দ্বাৰা ৰজা ৰক্ষা পৰে আৰু সদাচাৰ অভ্যাসিনী স্ত্ৰীৰ দ্বাৰা গৃহ ৰক্ষা হয়।

(ঙ) ন দানাৎ শুদ্ধত্ৰতে নাৰী নোপবাসং শতৈৰপি।

      ন তীৰ্থসেবয়া তদ্বৎ ভৰ্তু: পাদোদকৈৰ্যথা।।

স্ত্ৰীক আটাইতকৈ বেছি পবিত্ৰ কৰে স্বামী পদোদকে। স্বামীৰ পদোদকে স্ত্ৰীৰ শুদ্ধতা লাভ হয়। এই ধৰণৰ শুদ্ধতা বা পূণ্যতা তীৰ্থযাত্ৰা আৰু শত তীৰ্থযাত্ৰাতেও নহয়।

(চ) যে মোহয়ন্মন্যতে মূঢ়ো ৰক্তেয়ং ময়ি কামিনী।

     স তস্য বশগো ভূত্বা নৃত্যেৎ ক্ৰীড়া শকুন্তবৎ।।

যদি কোনো পুৰুষে ভাবে যে সেইগৰাকী নাৰী তেওঁৰ বশীভূত হৈছে তেনেহ’লে তেওঁ নিশ্চিতভাবে মূৰ্খ বুলি প্ৰতীয়মান হয়। কাৰণ তেওঁ মোহগ্ৰস্থ হৈ সেইগৰাকী নাৰীৰ বশীভূত হৈ পৰে। তেওঁ মোহগ্ৰস্থ হৈ সেই নাৰীৰ কাৰণে বহু ধন ব্যয় কৰে। তেওঁহে সেইগৰাকী নাৰীৰ খেলাৰ পুতলা হৈ পৰে। সুতৰাং নাৰীৰ ওচৰত আসক্তি আশাকৰা বৃথা।

(ছ) জল্পন্তি সাৰ্ধমন্যেন পশ্যস্তনাং সবিভ্ৰমা:।

      ঋদৈয়ে চিন্তয়স্তনোন্য ন স্ত্ৰীনামে কুতো ৰতি:।

নাৰীৰ চৰিত্ৰ এনেকুৱা যে নাৰীয়ে এজন পুৰুষৰ লগত কথা পাতে ঠিকেই কিন্তু আন এজন পুৰুষক কটাক্ষ কৰে, আকৌ মনে মনে তৃতীয় ব্যক্তিক বিচাৰে নিজৰ ওচৰত পাবলৈ। নাৰীৰ প্ৰেম কোনো এজনৰ লগত নহয়।

(জ) ঋণকৰ্তা পিতা শক্ৰৰ্মাতা চ ব্যাভিচাৰীণী।

      ভাৰ্য্যা: ৰূপবতী শক্ৰ: পুত্ৰ শক্ৰ: ন পণ্ডিত:।

যি পিতৃয়ে ঋণ ৰাখি যায় সেই পিতৃ পুত্ৰৰ শক্ৰ তুল্য। ব্যাভিচাৰীণী মাতৃ শক্ৰতুল্য, ৰপৱতী স্ত্ৰীও শক্ৰতুল্য আৰু মূৰ্খ পুত্ৰ পিতৃৰ কাৰণে সকলোতকৈ ডাঙৰ শক্ৰ।

গৃহস্বৰ্গ

(ক) যদি ৰামা যদি চ ৰমা যদি তনয়ো বিনয়গুণোপেত:।

      তনয়ো তনয়োৎপত্তি: সুৰবৰ নগৰে কিমাধিক্যম্।

যাৰ গৃহত সুশীলা সুন্দৰী আৰু শুভ লক্ষণাযুক্তা পত্নী বিদ্যমান, ধনৰ কোনো অভাৱ নাই, পুত্ৰ পিতা-মাতাৰ আজ্ঞাকাৰী, আকৌ যাৰ গৃহত পুত্ৰৰ পুত্ৰ অৰ্থাৎ নাতি বিদ্যমান থাকে সেই গৃহ স্বৰ্গতুল্য বুলি ভাবিব পাৰি। ইয়াৰ বাহিৰে স্বৰ্গসুখ আৰু ক’তো থাকিব নোৱাৰে।

(খ) ন বিপ্ৰপাদোদক পংকিলানি

                ন বেদশাস্ত্ৰধ্বনিগৰ্জিতানি।

       স্বাহাস্বধাকা: ধ্বনিবৰ্জিতানি 

                 শ্মশান তুল্যানি গৃহানিতানি।।

যি গৃহত ব্ৰাহ্মণ পণ্ডিতসকলৰ আদৰ যত্ন নহয়, বেদ শাস্ত্ৰাদি অধ্যয়ন নহয়, ধৰ্মকথা আলোচনা বা ধৰ্মগ্ৰন্থ পাঠ নহয়, যি গৃহত পূজা যজ্ঞাদি নহয়, স্বাহা, স্বধা ইত্যাদি ধ্বনি উচ্চাৰিত নহয়, সেই গৃহ শ্মশান বুলি জানিবা।

যথাৰ্থ ব্ৰাহ্মণ

(ক) সন্দীয়া দ্বিজময়ী নৌকা বিপৰীতা ভবাৰ্নবে।

তৰন্তধোগতা সৰ্বে উপস্থিতা পতন্তেব হি।।

বিদ্বান ব্ৰাহ্মণ নৌকাৰ তুল্য। যি মানুহক সংসাৰ সাগৰ পাৰ কৰাই দিয়ে। কিন্তু সেইখন নৌকাৰ ওপৰত বহা নেযায়। তাৰ ওপৰত নহয়, তাৰ তলত এটা ঠিক যেন বিপৰীত নিয়ম। ব্ৰাহ্মণৰূপী নৌকাৰ তলত থাকিলে অৰ্থাৎ ব্ৰাহ্মণৰ পদাশ্ৰয় গ্ৰহন কৰিলে মানুহে অথাই সংসাৰ সাগৰ পাৰ হৈ যাব পাৰে। কিন্তু ওপৰত বহিলে অৰ্থাৎ ব্ৰাহ্মণ ঠাকুৰক অপমান কৰিলে মানুহ সাগৰৰ অতল তলীত ডুবি যাবলগাত পৰে।

(খ) অৰ্থাধীচাশ্চ যৈৰ্বেদাস্তথা শূদ্ৰান্ন ভোজিন:।

      তে দ্বিজা কিং কৰিষ্যন্তি নিৰ্বিষা ইব পন্নগা।

বেদশাস্ত্ৰ অধ্যয়ন কৰা হয় জ্ঞান লাভৰ কাৰণে, যি ব্ৰাহ্মণে অৰ্থোপাৰ্জনৰ কাৰণে বেদ শাস্ত্ৰাদি অধ্যয়ন কৰে, শূদ্ৰৰ অন্ন গ্ৰহণ কৰে সেই ব্ৰাহ্মণক বিষহীন সাপ বুলি ভাবিব লাগে। সেইধৰণৰ ব্ৰাহ্মণে নিজৰ জীৱনৰো কোনো কাম কৰিব নোৱাৰে।

(গ) গীত: ক্ৰুদ্ধেন তাতশ্চৰণতলহতো বল্লতোহয়েন ৰোধা,

             আবালাৎ বিপ্ৰবৰ্ষৈ: স্ববদন বিবৰে ধাৰ্য্যতে বৈৰিনী মে।

             গেসং মে চন্দয়ন্তি প্ৰতিদিবসমাকাণ্ড পূজানিমিত্তান্,

             তস্মাৎ খিন্না সদাহসং দ্বিজকলনীলয়ং নাথযুক্ত ত্যজামি।

সেইধৰণৰ ব্ৰাহ্মণক লক্ষ্য কৰি মা লক্ষ্মীদেৱীয়ে কৈছে- যি ব্ৰাহ্মণ হৈয়ো ক্ৰোধবশত: আমাৰ পিতৃ সমূদ্ৰক গ্ৰাস কৰিছিল, যি আমাৰ স্বামীৰ বুকুত পদাঘাত কৰিছিল, যি বাল্যকালৰ পৰা আমাৰ একান্ত শক্ৰ বীণাপানীক মুখত ধাৰণ কৰি আছে আৰু যি শিৱপূজাৰ কাৰণে আমাৰ প্ৰিয় পদুমফুল চিঙি আনে, সেই ব্ৰাহ্মণসকলেই আমাৰ সৰ্বনাশ কৰা নাই জানো ? অতএব মই লক্ষ্মীদেৱীয়ে সেই অপকাৰী ব্ৰাহ্মণজাতিৰ গৃহত বাস নকৰো।

(ঘ) প্ৰস্তাৱ সদৃশ: বাকং প্ৰভাৱ সদৃশ প্ৰিয়ম্।

      আত্মশক্তি সমং কোপং যে জানাতি স পণ্ডিত।

সভাৰ মাজত যিজনে প্ৰসংগ অনুযায়ী কথা কয়, প্ৰেমকথাৰ দ্বাৰা সকলোৰে ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে, নিজৰ শক্তি অনুযায়ী ক্ৰোধ কৰে। তেৱেঁই যথাৰ্থ পণ্ডিত।

Read Also: Assam Board Solutions

আমি আশা কৰিছো চাণক্য নীতি Part 6 | Chanakya Neeti Part – 6 In Assamese আপোনালোকক সহায় কৰিব। যদি আপোনাৰ চাণক্য নীতি Part 6 সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Leave a Reply