চাণক্য নীতি Part 5 | Chanakya Neeti
(ক) দুৰাদাগতাং পৰিশ্ৰান্ত বৃথা চ গৃহমাগতম্।
অনৰ্চীযত্বা যো ভুঙ্কক্তে স বৈ চণ্ডাল উচ্চতে।।
বহুদূৰ খোজকাঢ়ি শ্ৰান্ত ক্লান্ত হৈ কোনো ব্যক্তি ঘৰলৈ আহিলে অথবা অকাৰণে ভোকে পিয়াহে জৰ্জৰিত কোনো ব্যক্তি ঘৰলৈ আহিলে, ঘৰৰ গৃহস্থৰ ধৰ্ম আৰু কৰণীয় হ’ব অতিথি সৎকাৰ কাৰ্য। তাকে নকৰি যদি গৃহস্থই নিজেই আহাৰাদি কৰে আৰু ঘৰলৈ অহা ব্যক্তিজনৰ কোনো সমাদৰ নকৰে তেন্তে সেইজন গৃহস্থ চণ্ডাল সদৃশ।
(খ) তৈলভঙ্গে চিতাধূমে মৈথুনে ক্ষৌৰকৰ্মনি
তাবদ্ ভবতি চণ্ডালো যাবৎ স্নানং ন সমাচৰেৎ।।
তেল ঘহাৰ পাছত, চিতাৰ ধোৱা লগাৰ পাছত, মৈথুন ক্ৰিয়াৰ পাছত, ক্ষৌৰকৰ্মৰ পাছত যেতিয়ালৈকে স্নান কৰা নহয় তেতিয়ালৈকে সেই ব্যক্তি চণ্ডাল সদৃশ। তেওঁক স্পৰ্শ কৰা পাপ।
(গ) পক্ষিনাং কাকশ্চাণ্ডাল পশুনাং চৈব কুক্কুৰ:।
মুনিনাং পাপশ্চণ্ডাল: সৰ্বেষু নিন্দক: জন:।।
পক্ষীবোৰৰ ভিতৰত কাউৰী চণ্ডাল। সেইধৰণে পশুবিলাকৰ ভিতৰত কুকুৰ, মুনিগণৰ ভিতৰত পাপ কাৰ্য কৰোতা মুনি আৰু নিন্দুক ব্যক্তি মাত্ৰেই চণ্ডাল। কাৰণ কিছুমান এনে মানুহ আছে ভাল বেয়া বিচাৰ নকৰে, নিন্দা কৰিলেই হ’ল। নিন্দুক ব্যক্তিয়ে সমাজৰ অনিষ্ট সাধন কৰে সেয়ে তেওঁলোক চণ্ডাল।
যবণ
চাণ্ডালাং সহস্ৰাশ্চ সুৰিভিস্তত্বদৰ্শিভি:।
একো হি যবণ প্ৰোক্তো ন নীচ যবনাৎপৰ:।।
তত্ত্বজ্ঞানী মহাপুৰুষসকলে কৈ গৈছে- এক হাজাৰ চণ্ডাল সদৃশ এজন যবণ। চণ্ডাল অতি নীচজাতৰ সুতৰাং সকলোতকৈ নীচজাতৰ বুলি যবনকে জানিবা।
গুৰু
গুৰুৰগ্নিদ্বিজাতিনাং বৰ্ণনাং ব্ৰাহ্মণো গুৰু:।
পতিৰেব গুৰু: স্ত্ৰীনাং সৰ্বস্যাভ্যাগতো গুৰু।।
অগ্নি হ’ল ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্যৰ গুৰু আৰু ব্ৰাহ্মণ হ’ল সৰ্ব বৰ্ণৰ গুৰু। তেনেকৈ স্ত্ৰীৰ গুৰু হ’ল পতি। আৰু গৃহত আগমন কৰা অতিথিক গুৰু জ্ঞানে সেৱা কৰিব লাগে কাৰণে তেওঁ সকলোৰে গুৰু।
কুলীন
(ক) এতদৰ্থ কুলীনানাং নৃপা: কুৰ্বন্তি সংগ্ৰহম্।
আদিমধ্যাবসানেষু ন স্তজন্তি চ তে নৃপম্।।
অতি উচ্চ বংশীয় শিক্ষিত উদাৰ ব্যক্তিক কুলীন বুলি কয়। এবাৰ তেওঁলোকে যাৰ লগত মিত্ৰতা কৰে সমগ্ৰ জীৱন সেই মিত্ৰতা বজায় ৰাখে। তেওঁলোকে প্ৰথমৰ পৰাই শেষ পৰ্যন্ত সুখ আৰু দুখৰ সময়ত সংগ ত্যাগ নকৰে। সেইকাৰণে ৰজাসকলে আগৰ দিনত সৰ্বদা কুলীনসকলক ওচৰত ৰাখিছিল।
(খ) ছিন্নেহপি চন্দনং তৰুৰ্ন জহাতি গন্ধ
বৃদ্ধোহপি বাৰণপতিৰ্ন জহাতি নীলানম্,
যন্ত্ৰপিতো মধুৰতাং ন জহাতি চেক্ষু
ক্ষণোহপি ন তজ্যতি শীলগুণা কুলীন:।।
চন্দন বৃক্ষক টুকুৰা কৰি কাটিলে বৃক্ষই যেনেদৰে তাৰ সুন্দৰ গোন্ধ ত্যাগ নকৰে, বৃদ্ধ হ’লেও হাতীয়ে যেনেকৈ তাৰ ক্ৰীড়া, কৌতুক ত্যাগ নকৰে, পিহি পেলালেও কুহিয়াৰে যেনেকৈ তাৰ মিষ্টতা ত্যাগ নকৰে, সেইধৰণে দীনদৰিদ্ৰ হোৱাৰ পাছতো কুলীন সকলে নিজৰ বংশৰ মৰ্যদা প্ৰভৃতি গুণ বৰ্জন কৰিব নোৱাৰে।
(গ) যথা চতুৰ্ভি: কনকং পৰীক্ষ্যতে
নিঘষণচ্ছেদন তাপতাড়নৈ:।
তথা চতুৰ্ভি পুৰুষ: পৰীক্ষ্যতে,
ত্যাগেন শীলেন গুণেন কৰ্মনা।।
যেনেদৰে চাৰিটা উপায়েৰে সোণ পৰীক্ষা কৰা হয় সেইদৰে ত্যাগ, শীলতা, গুণ আৰু কৰ্মদ্বাৰা কুলীন পুৰুষক পৰীক্ষা কৰা হয়। সোণক ঘৰ্ষণ কৰি কাটি, ভাপতদি আৰু পিটি পৰীক্ষা কৰা হয়- সেয়া সোণ নে আন ধাতু বুজিব পাৰি।১৮৩।
সৌন্দৰ্য
(ক) দানেন পানিনং ন তু কংকনেন,
স্নানেন শুদ্ধিৰ্ন তু চন্দনেন।
মানেন তৃপ্তিৰ্ন তু ভোজনেন
জ্ঞানেন মুক্তিৰ্ন তু মণ্ডনেন।।
দান কৰিলে হস্ত সৌন্দৰ্য বৃদ্ধি প্ৰাপ্ত হয়। কংকন পিন্ধিলে হস্তৰ শোভা বৃদ্ধি নেপায়। যেনেদৰে স্নান কৰিলেহে দেহ শুদ্ধি হয়, কেৱল চন্দন ঘহিলেই শুদ্ধ নহয়। মান সন্মানত যিমান তৃপ্তি পোৱা যায় ভোজনত সিমান তৃপ্তি পোৱা নাযায়। জ্ঞান লাভ নহ’লে মোক্ষ লাভ নহয়। কেৱল সাজ পোছাক পিন্ধিলে মোক্ষ প্ৰাপ্ত নহয়।
(খ) সন্তোষামৃত তৃপ্তানাং যৎসুখং শান্তিৰেব চ।
ন চ তদ্ধনলব্ধানামিতশ্চেতশ্চ ধাবতাম্।।
সকলো বিষয়তে সন্তুষ্ট থকাত বৰ সুখ। যিজন ব্যক্তিয়ে অলপতে সন্তোষ প্ৰকাশ কৰে তেওঁৰ পৰম সুখ আৰু শান্তি লাভ হয়। অৰ্থপ্ৰাপ্তিৰ কাৰণে যি ব্যক্তি চাৰিওপিনে দৌৰাদৌৰি কৰে তেওঁৰ কোনো কালে সুখ লাভ নহয়।
(গ) কুগ্ৰামবাস: কুলহীন সেবা
কুভোজনং ক্ৰোধমুখী চ ভাৰ্য্যা।
পুত্ৰশ্চ মূৰ্খো বিধবা চ কন্যা
বিনাগ্নিমেতে প্ৰদহন্তি কায়ম্।।
যি গাৱত দুষ্ট প্ৰকৃতিৰ মানুহ বাস কৰে, সেই গাৱত বাস কৰিলে, কুল মানহীন ব্যক্তিৰ সেৱা, গৃহত দন্দুৰী কৰ্কশ ভাষিণী স্ত্ৰী, মূৰ্খ পুত্ৰ, বিধবা কন্যা প্ৰভৃতিয়ে অগ্নি নোহোৱাকৈ মানুহক সৰ্বদা দহন কৰি থাকে।
(ঘ) অমৃতময় নিধানং নায়কো ঔষধীনাং
অমৃতময়শৰীৰ: কান্তিযুক্তোহপি চন্দ্ৰ:।
ভবতি বিগতৰশ্মিমণ্ডলে প্ৰাপ্তো ভানো:
পৰসদন নিবিষ্ট: কোন ন লঘুত্ব যাতি।।
চন্দ্ৰমা অমৃতৰ পৰা সৃষ্টি হৈছে। চন্দ্ৰমা অমৃতৰ ভাণ্ডাৰ সেই কাৰণে চন্দ্ৰমাক কোৱা হয় ঔষধৰ গুৰু। চন্দ্ৰৰ সৌন্দৰ্য্যও অতুলনীয়, তাক ৰক্ষা কৰিব নোৱাৰে। কাৰণ দিনত সূৰ্যৰ ৰাজত্ব। অৰ্থাৎ সূৰ্যৰ আলয় বা গৃহ। সেইধৰণে আনৰ গৃহলৈ গ’লে আদৰ নাথাকে। পৰৰ গৃহত সকলোৱে সৰু বুলি ভাবে। সেয়ে পৰগৃহত থকাৰ দৰে অতি দু:খদায়ক কথা আৰু আন একো নাই।
(ঙ) অনবস্থিতকায়স্য ন জলে ন বনে সুখম্।
জনো বহুতি সংসৰ্গাদ বনং সংগ বিবৰ্জনাৎ।।
যি মানুহৰ মন স্থিৰ নহয়, সৰ্বদা চঞ্চল হৈ থাকে, সেইজন মানুহে আন মানুহৰ লগত মিলামিছা কৰিও শান্তি নেপায়, আনকি অকলশৰে বনলৈ গৈয়ো শান্তি নেপায়। বহুলোকৰ মাজত থাকিলেও সেই একেই অশান্তি। তেওঁৰ ওচৰত লোকালয় আৰু অৰণ্য একেই প্ৰকাৰ। চঞ্চলমনা ব্যক্তিসকলে নিজৰ কথাৰ মূল্যও ৰাখিব নোৱাৰে।
নিৰক্ষৰ মূৰ্খ
শ্বানপুচ্ছমিব ব্যৰ্থ জীবিটং বিদ্যয়া বিনা।
ন গুহ্য গোপনে শক্ত ন চ বংশ নিবাৰণে।।
বিদ্যাহীন মূৰ্খ ব্যক্তিৰ জীৱন কুকুৰৰ নেজৰ নিচিনা। কাৰণ কুকুৰৰ নেজ এনেকুৱা যে সি তাৰ গুপ্ত অঙ্গকো ঢাকি ৰাখিব নোৱাৰে। মাখি মহ আদি গাত পৰিলে খেদাব নোৱাৰে। সেইদৰে বিদ্যাহীন মূৰ্খ মানুহে নিজৰ বেয়া স্বভাৱক পৰিৱৰ্তন কৰিব বা নিজক ৰক্ষা কৰিবলৈ সমৰ্থ নহয়।
বিদ্বান
দুতো ন সঞ্চাৰিত খে ন চলেচ্চ বাৰ্তা,
পূৰ্ব ন জল্পিতমিদং ন চ সঙ্গমোহস্তি।
ব্যোগ্নিস্মি ৰবিশশী গ্ৰহনং প্ৰশস্ত,
জানাতি যো দ্বিজবৰ: স কথং ন বিদ্বান।
আকাশ মাৰ্গলৈ কোনো মানুহ নপঠিওৱাকৈ বিদ্বান মানুহে গণিত বিদ্যাৰ সহায়ত গ্ৰহণ সম্পৰ্কে কৈ দিব পাৰে। তাৰ কাৰণে চন্দ্ৰ-সূৰ্যৰ ওচৰলৈ মানুহ পঠিয়াই বিশদভাবে জানি আহিব নালাগে। ইয়াৰ পৰাই বুজিব পাৰি যে বিদ্যাৰ কিমান শক্তি। সেয়ে বিদ্বান মানুহক যি কোনো মানুহে সন্মান নকৰাকৈ থাকিব নোৱাৰে।
বিদ্যাৰ্থীৰ কৰ্তব্য
(ক) সুখাৰ্থী চেৎ ত্যজেৎ বিদ্যা বিদ্যাৰ্থী চেৎ ত্যজেৎ সুখম্।
সুখাৰ্থিনো কুতো বিদ্যা কুতো বিদ্যাৰ্থীনম্ সুখম্।
বহু পৰিশ্ৰমৰ ফলত বিদ্যালাভ হৈ থাকে। বিদ্যালাভ আৰু সুখলাভ, এই দুই কাম কিন্তু একেলগে নহয়। আৰাম আৰু সুখ
পাবলৈ বিচাৰিলে বিদ্যালাভৰ পৰাই বঞ্চিত হ’ব লগাত পৰে। বিদ্যালাভত আগ্ৰহী হ’লে সুখক আৰামদায়ক চিন্তা-ভাৱনা কৰ্মবোৰ পৰিত্যাগ কৰিব লাগিব। নতুবা ভালদৰে বিদ্যালাভ কৰা সম্ভৱ নহয়।
(খ) যথা খনিত্বা খনিত্ৰেন
ভূতলে বাৰি বিন্দতি
তথা গুৰুগতাং বিদ্যা
শুশ্ৰূষুবধিগচ্ছতি।
মাটিৰ ভিতৰৰ পৰা পানী উলিয়াবলৈ হ’লে যেনেদৰে খনন যন্ত্ৰপাতিৰ সহায়ত মাটি খান্দিব লগা হয়, তাৰ কাৰণে মানুহে কিমান পৰিশ্ৰম কৰিব লগা হয়। সেইধৰণে শ্ৰীগুৰুৰ পৰা বিদ্যালাভ কৰিবলৈ হ’লেও পৰিশ্ৰম আৰু গুৰুসেৱা কৰিব লগা হয়। সেই কাৰণে ‘সেৱাহি বিদ্যাৰ্জনম’ কথাটোৰ প্ৰচলিত হৈ আছে। আগৰ দিনত শিষ্যবৰ্গই গুৰু সেৱাৰ দ্বাৰা জ্ঞান অৰ্জন কৰিছিল।
নিজে পঢ়ি নিজে লোৱা বিদ্যা শিক্ষা অচল
পুস্তকং প্ৰত্যাধিতাং বিদ্যা নাধীতাংগুৰুসন্নিধৌ।
সভামধ্যে ন শোভন্তে জাৰ গৰ্ভা ইবস্ত্ৰিয়:।
যি কোনো বিদ্যা সংশ্লিষ্ট গুৰুৰ ওচৰত শিক্ষালাভ কৰিব লাগে। যদি কোনো ব্যক্তিয়ে বজাৰৰ পৰা কিতাপ আনি নিজে পঢ়ি সামান্য কিছু কথা জানি লৈ নিজকে বিদ্বান বুলি ভাবে তেনেকুৱা ব্যক্তি মূৰ্খৰ বাহিৰে আন একো নহয়। আনহাতে এইধৰণৰ জ্ঞানে মাৰাত্মক ৰূপ ধাৰণ কৰে। সেই ধৰণৰ মানুহে অবৈধ গৰ্ভৱতী নাৰীৰ নিচিনাকৈ সমাজত কোনো সন্মান লাভ কৰিবলৈ অসমৰ্থ হয়।
কৃতঘ্নতা
একাক্ষৰং প্ৰদাতাৰং যো গুৰুং নাতিবন্দতে।
শ্বানযোনি শতাং ভূত্ত্বা চাণ্ডালেবভিজায়তে।।
এটা মাত্ৰও অক্ষৰ যি শিকায় তেওঁক গুৰু বুলি সন্মান কৰা উচিত। যি ব্যক্তিয়ে এই কথা নামানে অথবা এটা মাত্ৰ আখৰ শিকোৱা জনক গুৰু বুলি নামানে সেই ব্যক্তি পিছৰ জন্মত কুকুৰ যোণিত জন্ম গ্ৰহণ কৰি থাকে। অৱশেষত মানৱ সমাজত চণ্ডাল হৈ জন্ম গ্ৰহণ কৰে।
গুণৰ পূজা
(ক) গুণা: সৰ্বত্ৰ পূজ্যন্তে ন মহত্ত্বোহবি সম্পদ:।
পূৰ্ণেন্দু কিং তথা বদ্যো নিষ্কলংক যথা কুল:।।
গুণৰ পূজা সৰ্বত্ৰ হৈ থাকে, নিৰ্গুণৰ পূজা কোনোৱে কেতিয়াও নকৰে। খুব ধনবান ব্যক্তিয়ে সৰ্বত্ৰ পূজা বা আদৰ নাপায়, কিন্তু গুণী ব্যক্তিয়ে সৰ্বত্ৰ আদৰ পায়। যেনেদৰে পূৰ্ণচন্দ্ৰক মানুহে ভাল পায় বা চাই থাকি আনন্দ পায়, ক্ষীণ চন্দ্ৰক সিমান কোনোৱে ভাল নাপায়।
(খ) বিবেকিনমনুপ্ৰাপ্তো গুণো যাতি মনোজ্ঞাতম্।
সুতৰাং ৰত্নামাভাতি চামীকৰনিয়োজিতম্।
কোনো উপযুক্ত ব্যক্তিৰ যিকোনো গুণ থাকিলে খুব ভাল হয়। কিন্তু সেই গুণ কোনো দুষ্ট মানুহৰ গাত প্ৰকাশিত হ’লে তেওঁৰ দুৰ্নাম হয়। যেনেদৰে ৰত্ন যদি সোণেৰে বজোৱা হয় তেনেহ’লে তাৰ সৌন্দৰ্যতা আৰু অধিক বৃদ্ধি প্ৰাপ্ত হয়। আকৌ কোনো মূল্যৱান ৰত্নক যদি লোহাৰে বন্ধোৱা হয় তেনেহ’লে তাৰ সৌন্দৰ্যতা ম্লান হৈ পৰে।
(গ) গুনং সৰ্বত্ৰ তুল্যোহপি সীদত্যেকো নিৰাশ্ৰয়:।
অন্যর্গমণি মাণিক্য হেমাশ্ৰয়মপেক্ষতে।।
কোনো গুণী ব্যক্তিয়ে উপযুক্ত স্থান নাপালে তেওঁ অনেক দু:খ লাভ কৰি থাকে। কাৰণ নিৰ্দোষ মানিক্যও উপযুক্ত স্থানৰ অভাৱত দোষমুক্ত হৈ পৰে। সেই ধৰণে উপযুক্ত স্থানৰ অভাৱত গুণীৰ গুণ নষ্ট হয়। আৰু গুণীৰ সন্মান গুণীয়েহে জানে।
Read Also: Assam Board Solutions
আমি আশা কৰিছো চাণক্য নীতি Part 5 | Chanakya Neeti Part – 5 In Assamese আপোনালোকক সহায় কৰিব। যদি আপোনাৰ চাণক্য নীতি Part 5 সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।