চাণক্য নীতি Part 4 | Chanakya Neeti Part – 4 In Assamese

চাণক্য নীতি Part 4 | Chanakya Neeti

জন্মমৃত্যু হি যাতেকো ভুনক্তেক: শুভাশুভম্।

নৰকে স পতত্যেক: একো যাতি পৰাং গতিম্।

মানুহ অকলেই জন্মগ্ৰহণ কৰে আৰু অকলেই মৰে, সুখ দুখো তেওঁ অকলেই ভোগ কৰিব লাগে। অত্যাধিক পাপ কৰিলে তেওঁ অকলেই নৰক ভোগ কৰিব লগাত পৰে। আকৌ পুণ্যবলত তেওঁ অকলেই পূণ্যলাভ কৰি থাকে। এই সকলো অৱস্থা মানুহৰ কাৰণে চিৰন্তন সত্য।

জল, বল, তেজ আৰু প্ৰিয়বস্তু

নাস্তি মেঘ সমং তোয়াং চাত্মসমং বলম্।

নাস্তি চুক্ষ: সমং তেজো নাস্তি চান্মসমং প্ৰিয়ম্।

মেঘৰ সমান মিত্ৰ আৰু বেলেগ নাই, অন্নৰ সমান প্ৰিয় খাদ্য আৰু নাই, ভোকাতুৰ মানুহ মাত্ৰেই এই কথা জানে। চক্ষু বলৰ সমান বেলেগ বল আৰু নাই। চক্ষুৰত্ন হেৰালে সকলো অন্ধকাৰময়। সৈন্যবল, লোকবল, বাহুবল যিহেই নাথাকক, আত্মিক বলৰ সমান বেলেগ বল আৰু নাই।

 কামনাশূন্য

অধনা ধনমিচ্ছন্তি বাচং চৈব চতুস্পাদং।

মানবা: স্বৰ্গনিচ্ছন্তি মোক্ষ মিচ্ছন্তি দেবতা:।

ধনহীন ব্যক্তি ধনবান হ’বলৈ বিচাৰে। কাৰণ দৰিদ্ৰতা জনিত কষ্ট তেওঁ আৰু সহ্য কৰিব নোৱাৰা হয়। পশুবোৰে বাকশক্তি লাভ কৰিবলৈ আশা কৰে। মানুহে স্বৰ্গলাভৰ আশা কৰি থাকে। স্বৰ্গবাসী দেৱতা সকলোৱে মোক্ষ প্ৰাপ্ত কৰিবলৈ বিচাৰে। কেৱল সৃষ্টিকৰ্তাহে কামনা ৰহিত সেয়ে তেওঁ হাতৰ কাষতে সকলোখিনি পাই থাকে।

সকলোতকৈ বেছি ধূৰ্ত

নাৰানাং নাপিত ধূৰ্ত: পক্ষিনাং চৈব বায়স:।

চতুস্পদাং শৃগালস্ত স্ত্ৰীনাং ধূৰ্তা: চ মালিনী।

মানুহৰ মাজত নাপিত বৰ ধূৰ্ত আৰু সকলো স্ত্ৰীৰ মাজত মালিনী ধূৰ্ত। প্ৰাচীনকালত এওঁলোক সকলোৱে অঘটন ঘটোৱাত পটু আছিল।

পঞ্চপিতা

জনিতা চোপনেতা চ যস্ত বিদ্যা প্ৰযচ্ছতি।

অন্নদাতা ভয়ত্ৰাতা পঞ্চৈতে পিতৰ: স্মৃতা।

জন্মদাতা পিতৃৰ বাহিৰেও মানুহৰ কাৰণে এই সংসাৰত আৰু চাৰিজন পিতৃস্বৰূপ। তেওঁলোক হ’ল- যি অন্নদান কৰে, যি ভয়ৰ পৰা পৰিত্ৰাণ কৰে, যি বিদ্যা দান কৰে, যি জনে যজ্ঞোপবীত দান কৰে। এই চাৰিজন পিতৃ আৰু জন্মদাতা পিতৃসহ মুঠ পঞ্চপিতা।

পঞ্চমাতা

ৰাজা পত্নী গুৰু পত্নী মিত্ৰ পত্নী তথৈব চ।

পত্নী মাতা স্ব-মাতা চ পঞ্চৈতা মাতৰ: স্মৃতা:।

নিজৰ জন্মদাত্ৰী মাতৃৰ বাহিৰেও আৰু চাৰি গৰাকী মাতৃস্বৰূপা আছে। তেওঁলোক হ’ল ৰাজপত্নী, গুৰুপত্নী, শাহুআই আৰু বন্ধুপত্নী। তেওঁলোক সকলোৰে লগত মাতৃসম ব্যৱহাৰ কৰা উচিত।

ধনীৰ সমাদৰ

যস্যাৰ্থস্তস্য মিত্ৰানি যস্যাৰ্থতস্যা বান্ধৱ:।

যস্যাৰ্থ: স পুমাংশ্লোকে যস্যাৰ্থ: স চ পণ্ডিত:।।

ধনবান ব্যক্তিসকলে সমাজত বিশেষ সমাদৰ পাই থাকে। বন্ধু-বান্ধৱসকল তেওঁলোকৰ পিছে পিছে যায়। ধনবান ব্যক্তি মূৰ্খ হ’লেও, যিহেতু তেওঁৰ ধন আছে সেয়ে সকলোৱে তেওঁক পণ্ডিত বুলি মানি লয়।

দেৱতা

ন দেবো বিদ্যতে কাষ্ঠে ন পষাণে ন মৃন্ময়ে।

ভাবে হি বিদ্যতে দেৱস্তমাদ্ ভাবো হি কাৰণম্।।

কাঠৰ মাজত, পথাৰত বা মাটিত দেৱতা নাই। কিন্তু ভক্তৰ প্ৰেমভাবনাত দেৱতা সদায় বিদ্যমান। ভক্তৰ ঋদৈয়ত যদি প্ৰেমভাবনা নাথাকে তেন্তে কাঠ মাটিৰ পাষাণ প্ৰতিমাৰ কোনো মূল্য নাই। কিন্তু ভক্তৰ প্ৰেমভাবনাৰ ফলত সেই সকলো মূৰ্ত্তিতে ভগবান আবিৰ্ভূত হৈ থাকে।

তপস্যা, সুখ, ৰোগ আৰু ধৰ্ম

শান্তি তুল্য তপো নাস্তি ন সন্তোষাৎ পৰম সুখম্।

ন তৃষ্যায়া: ব্যাধিৰ্ন চ ধৰ্মো দয়াপৰ:।।

শান্তিৰ সমান তপস্যা নাই, গতিকে শান্তিৰ কাৰণে যিসকল সৰ্বতোপ্ৰকাৰে সচেষ্ট তেওঁলোকেই তপস্যাৰত। অসন্তোষত দু:খ, সন্তোষলাভত বৰ সুখ। তৃষ্যা অৰ্থাৎ কামতৃষ্যা, বিষয়াদিৰ তৃষ্যা হৈছে ডাঙৰ ৰোগ, তৃষ্যাৰ সমান ডাঙৰ ব্যাধি আৰু বেলেগ নাই। আকৌ দয়াধৰ্মৰ দৰে ধৰ্ম নাই। দয়া ধৰ্মৰ মূল কথা। অতএব দয়াধৰ্ম মহাধৰ্ম।

প্ৰধান

সৰ্বোষধিনাংনামমৃটং প্ৰধানং

            সৰ্বেষু সৌখ্যস্বশনং প্ৰধানম্।

সেৰ্বেন্দিয়ানাং নয়নং প্ৰধানং

সৰ্বেষু গাত্ৰেষু শিৰং প্ৰধানম্।

পৃথিৱীৰ সকলো প্ৰকাৰ ঔষধৰ ভিতৰত অমৃত শ্ৰেষ্ঠ। সকলো সুখৰ ভিতৰত ভোজনেই মহাসুখ। সকলো ইন্দ্ৰিয়ৰ ভিতৰত চক্ষু হৈছে প্ৰধান। সকলো অংগৰ ভিতৰত মস্তক হৈছে প্ৰধান।

জগোৱা উচিত

বিদ্যাৰ্থী: সেবক: পান্থ: ক্ষুধাৰ্তো ভয়কাতৰ:।

ভাণ্ডাৰী প্ৰতিহাৰশ্চ সপ্ত সুপ্তান প্ৰবোধয়েৎ।

সাতজন ব্যক্তিক কেৱল নিদ্ৰিত অৱস্থাৰ পৰা জগোৱা অৰ্থাৎ সাৰ পোৱাই দিয়া উচিত যেনে-বিদ্যাৰ্থী, সেৱক, দ্বাৰৰক্ষী, পান্থ, ভোকাতুৰ আৰু ভয়ত কাতৰ হৈ থকা ব্যক্তিসকলক নিদ্ৰিত অৱস্থাৰ পৰা জগাই দিয়া উচিত। কাৰও এওলোক শুই থাকিলে ক্ষতি হয়। দ্বাৰৰক্ষী আৰু ৰান্ধনীৰ কৰ্তব্যৰত অৱস্থাত শোৱা একেবাৰে নিষিদ্ধ।

জগোৱা অনুচিত

অহিং নৃপঞ্চ শাৰ্দুলং বৃকং চ বালকং তথা।

 পাৰশ্বানঞ্চ মূৰ্খ চ সপ্ত সুপ্তান্ন বোধয়েৎ।

সাপ, বাঘ, সিংহ, মূৰ্খ ৰজা আৰু আনৰ কুকুৰ এই সাতজনক নিদ্ৰিত অৱস্থাৰ পৰা জাগ্ৰত কৰিলে অনৰ্থ হোৱাৰ সম্ভাৱনা থাকে। সেয়ে এওলোকক জগোৱা অনুচিত।

অনতিক্ৰম্য

কাল: পচতি ভূতানি কাল: সংহৰতে প্ৰজা:।

কাল: সপ্তেষু জাগৰ্তি কালো হি দুৰতিক্ৰম:।

কাল হৈছে জড় আৰু চেতন পদাৰ্থ সমূহৰ বিনাশৰ কাৰক। সকলোৱে কেতিয়াবা নহয় কেতিয়াবা নিদ্ৰিত হয়। কিন্তু মহাকাল সদা জাগ্ৰত হৈ থাকে। কালৰ বাধাক কোনেও অতিক্ৰম কৰি যাব নোৱাৰে।

অন্ধ কোন

ন চ পশ্যন্তি জন্মান্ধা: কামান্ধো: নৈব পশ্যন্তি।

মদোন্মত্তা ন পশ্যন্তি অৰ্থী দোষ ন পশ্যন্তি।

জন্মান্ধ ব্যক্তিয়ে স্বাভাৱিক কাৰণেই একো চাব নোৱাৰে। একো দেখা নাপায়। আকৌ চকু থাকিলেও কামাতুৰ আৰু মদমত্ত ব্যক্তিয়ে সঠিকভাৱে একো নেদেখে। স্বাৰ্থম্বেষী প্ৰাৰ্থীৰ চকুত কোনো দাতাৰ দোষ চকুত নপৰে।

নথকাই ভাল

বৰং ন ৰাজ্য ন কুৰাজৰাজ্য

            ৰং ন মিত্ৰ ন কুমিত্ৰমিত্ৰম্।

বৰং ন শিষ্যো ন কুশিষ্যশিষ্যো

            বৰং ন দাৰা ন কদাৰদাৰা:।

ৰজা যদি শাসনকাৰ্যত অযোগ্য হয় তেনে ৰজা থকাতকৈ নথকাই ভাল। মিত্ৰ যদি কুমিত্ৰ হয় তেনেকুৱা মিত্ৰ থকাতকৈ নথকাই ভাল। মিত্ৰ যদি কু-মিত্ৰ হয় শক্ৰতকৈয়ো অধিক ক্ষতিসাধন কৰি থাকে। শিষ্য যদি কু-শিষ্য হয় তেনেকুৱা শিষ্য নথকাই ভাল। কাৰণ কু-শিষ্য থাকিলে গুৰুৰ বদনাম হয়। কু-পত্নী থকাতকৈ নথকাই ভাল, কাৰণ কু-পত্নী সৰ্বতোপ্ৰকাৰে স্বামীৰ যন্ত্ৰণাৰ কাৰণ হৈ থাকে।

কুৰাজ ৰাজ্যেন কুত: প্ৰজা সুখম,

               কুমিত্ৰ নিত্ৰেন কুতোহভিনিবৃতি:।

কুদাৰদাৰৈশ্চ কুতো: গৃহে সুখং,

               কুশিষ্যমধ্যাপয়ত: কুতো যশ:।

দুষ্ট ৰজাৰ ৰাজ্যত প্ৰজাসকলৰ সুখ নাথাকে। পত্নী কুপত্নী হ’লে স্বামী গৃহসুখৰ পৰা বঞ্চিত হয়। মিত্ৰ যদি কুমিত্ৰ হয় তেতিয়া আনন্দ নাথাকে। শিষ্য যদি কু-শিষ্য হয়, স্বাভাৱিকভাৱে সদগুৰুৰ কুখ্যাতি প্ৰচাৰ হয়।

শক্ৰ দমন

উপকাৰ গৃহিতেন শক্ৰনা শক্ৰযুদ্ধৰেৎ।

পদালগ্ন কাৰস্থেন কণ্টকেনৈব কণ্টকম্।।

কাইটেৰে ভৰিত সোমোৱা কাইট উলিয়াব লাগে। এটা শক্ৰক উপকাৰৰ দ্বাৰা বশীভূত কৰি আনজন শক্ৰৰ বিৰুদ্ধে লগাই দিয়া হয়। শক্ৰ দমন কৰাৰ এইটো শ্ৰেষ্ঠ উপায়।

দুৰ্জন ব্যক্তি

দুৰ্জন: প্ৰিয়বাদী চ নৈতদ্ বিশ্বাস কাৰণমণ।

মধুতিষ্ঠতি জিহ্বাগ্ৰে ঋদয়েতু হলাহলম্।।

দুৰ্জন ব্যক্তিৰ মিঠা কথা- তেওঁলোকে মিঠা মিঠা কথা কৈ কাষ চাপে অথচ তেওঁলোকৰ ঋদৈয়খন বিষেৰে ভৰা। দুৰ্জন ব্যক্তি প্ৰিয়ভাষী হ’লেও তেওঁক কেতিয়াও বিশ্বাস কৰিব নালাগে।

অনিষ্টৰ কাৰণ

হেলা হি কাৰ্যানাশায় বুদ্ধিনাশায় হীনতা।

যাচঞা স্যাদ্ মাননাশায় সৰ্বনাশায় কুক্ৰিয়া।।

এলাহৰ ফলত কাৰ্য পণ্ড হয়। দৰিদ্ৰতাই বুদ্ধিবিভ্ৰম ঘটায়। যাচনাৰ ফলত সন্মান নষ্ট হয়, কিন্তু কু-কাৰ্যৰ ফলত সকলো বিনষ্ট হয়।

বল বা ক্ষমতা

দুৰ্বলস্য বলং ৰাজা বালানাং ৰোদনং বলম্।

বলং মূৰ্খস্য মৌনিত্ব চৌৰানামমৃটং বলম্।।

দুৰ্বলৰ নিজৰ বল নথকাৰ কাৰণে ৰজা বা আইনৰ বলৰ আশ্ৰয় ল’ব লাগে। মূৰ্খৰ বল নীৰৱতা, কাৰণ কথা ক’লে তেওঁৰ বিদ্যা জাহিৰ হৈ পৰে। শিশুৰ আন কোনো বল নাই। ক্ৰন্দনেই তাৰ একমাত্ৰ বল। সেইদৰে মিছাৰ আশ্ৰয় গ্ৰহণ কৰি চোৰ আৰু অসাধু ব্যক্তিসকলে নিজকে ৰক্ষা কৰি থাকে। সুতৰাং মিছা হৈছে সিহতৰ একমাত্ৰ বল।

শিক্ষণীয়

সিংহাদেকং বকাদেকং শিক্ষেচত্বাৰি কুক্কুটাৎ।

বায়সাৎ পঞ্চশিক্ষেচ ষট্ শ্বনস্ত্ৰীণি গৰ্দভাৎ।।

পশুপক্ষীৰ পৰাও আমি বহুখিনি শিকিব পাৰো। সিংহৰ পৰা আমি এটা বিষয় শিকিব পাৰো। বগলীৰ পৰা আমি এটা বিষয় শিকিব পাৰো। মুৰ্গীৰপৰা আমি চাৰিটা বিষয় শিকিব পাৰো। কুকুৰৰ পৰা আমি ছটা বিষয় শিকিব পাৰো। কাউৰীৰ পৰা আমি পাচটা বিষয় শিকিব পাৰো। আনকি গাধৰ পৰাও আমি তিনিটা বিষয়ৰ শিক্ষা ল’ব পাৰো।

শিক্ষা গ্ৰহণ সিংহৰ পৰা শিক্ষা

প্ৰভূত কামমল্প বা যন্নৰ: কাৰ্তুমিচ্ছতি।

সৰ্বাৰঙেন তৎকাৰ্য্য সিংহাদেকং প্ৰচক্ষতে।।

কাম সৰু হওক বা ডাঙৰ সেয়া সম্পূৰ্ণ কৰা আৱশ্যক। পুৱা বা গধুলিৰ চিন্তা কৰিলে নহ’ব। সিংহৰ পৰা অনায়াসে আমি এই এটা শিক্ষা গ্ৰহণ কৰিব পাৰো।

বগলীৰ পৰা শিক্ষা

ইন্দ্ৰিয়ানি চ সংযম্য বকবৎ পণ্ডিত: নৰ:।

দেশকাল বলং জ্ঞাত্বা সৰ্ব কাৰ্য্যানি সাধয়েৎ।।

বগলীয়ে যেনেদৰে মাছ ধৰাৰ সময়ত নিজৰ সকলো ইন্দ্ৰিয়ক সংযত কৰি ৰাখি কেৱল মাছ ধৰিবৰ কাৰণে একাগ্ৰ মনেৰে অপেক্ষা কৰি থাকে সেই ধৰণে দেশ, কাল আৰু নিজ বল সম্বন্ধে নিশ্চিত হৈ একাগ্ৰমনে কাৰ্যসিদ্ধি কৰিব লাগে। বগলীৰ পৰা আমি এনেধৰণৰ শিক্ষা লাভ কৰি থাকো।

মুৰ্গীৰ পৰা শিক্ষা

প্ৰত্যুখানশ্চ যুদ্ধঞ্চ সংবিগাগঞ্চ বন্ধুষু।

স্বয়মাক্ৰম্য ভোগং চ সিক্ষেচত্বাৰি কুক্কুটাৎ।।

মুৰ্গীৰ পৰা আমি চাৰিটা বিষয়ত শিক্ষা লাভ কৰিব পাৰো সেইবোৰ হ’ল- খুউব সোনকালে পুৱা সাৰ পোৱা, যুদ্ধৰ কাৰণে প্ৰস্তুত হৈ থকা, বন্ধুসকলক সমান ভাগ দিয়া আৰু নিজেই আক্ৰমণ কৰি নিজেই ভোগ কৰা।

কাউৰীৰ পৰা শিক্ষা

গূঢ়মৈথুনচাৰিত্ব কালে কালে চ সংগ্ৰহম্।

 অপ্ৰমত্তবিশ্বাসং পঞ্চ শিক্ষেৎ বায়সাৎ।।

কাউৰী অপ্ৰমত্ত- কাৰণ সি সদায় সাবধান।সতৰ্ক কাউৰীয়ে কাকো বিশ্বাস নকৰে। সি লুকাই লুকাই সংগোপনে মৈথুন কৰে। সময়ে সময়ে ভৱিষ্যতৰ কাৰণে সংগ্ৰহ কৰে। এইধৰণে কাউৰীৰ পৰা আমি পাচটা শিক্ষা ল’ব পাৰো।

কুকুৰৰ পৰা শিক্ষা

বহ্বাশী স্বল্পসন্তুষ্ট: সুনিদ্ৰো লঘুচেতন:।

স্বামীভক্তশ্চ শূৰশ্চ ষড়েতে শ্বানতো গুণা।।

কুকুৰৰ পৰা ছটা শিক্ষা লাভ কৰিব পাৰি, অতি ভোজনশক্তি, অলপতে সন্তুষ্ট, গভীৰ নিদ্ৰা আৰু তুৰন্তে জাগি উঠা, প্ৰভূভক্তি। প্ৰভূৰ হিতসাধনাত সি মৃত্যু পৰ্যন্ত বৰণ কৰিবলৈ আগ্ৰহী হৈ থাকে। কুকুৰৰ বীৰত্ব অপৰিসীম।

গাধৰ পৰা শিক্ষা

সুশ্ৰান্তো হি বহেদভাৰং শীতোষ্ণ ন চ পশ্যতি।

সন্তুষ্ট নিত্য ত্ৰীনি শিক্ষোৎ ত গৰ্দভাৎ।।

গাধ ভাগৰি পৰিলেও ভাৰ বহন কৰি থাকে। সি গৰম-ঠাণ্ডাৰ বিচাৰ নকৰে। সি সৰ্বদা সন্তুষ্ট হৈ থাকে। এই তিনিটা বিষয় গাধৰ পৰা শিকিব পাৰি।

বিংশতি গুণ আৰু তাৰ ফল 

য এতান বংশতিগুণানাচৰিষ্যতি মানব:।

কাৰ্য্যাবস্থাসু সৰ্বাসু বিজয়ী স ভবিষ্যতি।।

এইধৰণে বিংশতি প্ৰকাৰ শিক্ষা, যেনে বগলী আৰু সিংহৰ পৰা এটাকৈ, মুৰ্গীৰ পৰা চাৰিটা, কাউৰীৰপৰা পাচটা, কুকুৰৰ পৰা ছটা আৰু গাধৰ পৰা তিনিটা এই কুৰিটা গুণৰ অধিকাৰী হ’লে মানুহৰ সকলো কাৰ্য সিদ্ধি হৈ থাকে।

বহ্নাৰম্ভে লঘু ক্ৰিয়া

অজাযুদ্ধে ঋষিশ্ৰাদ্ধে প্ৰভাতে মেঘড়ম্বৰে।

দাম্পত্য কলহে চৈব বহ্বাৰম্ভে লঘুক্ৰিয়া।।

ছাগলীৰ মাজত যুদ্ধ, ঋষিসকলৰ শ্ৰাদ্ধ আদি ক্ৰিয়া, দাম্পত্যকলহ আৰু প্ৰভাত কালীন মেঘৰ গৰ্জন প্ৰথম পৰ্য্যায়ত আড়ম্বৰপূৰ্ণ দেখা গ’লেও তাৰ পৰিণাম অতি তুচ্ছ।

ঋতুভেদে গুণাগুণ

কূপোদকং বটচ্ছায়া শ্যামাস্ত্ৰী ইষ্টকালয়ম্।

শীতকালে ভবেদুষ্ণ গ্ৰীষ্মকালে চ শীতলম্।।

বটবৃক্ষৰ ছায়া, খেৰৰ দ্বাৰা নিৰ্মিত ঘৰ, কুৱাৰ পানী আৰু শ্যামবৰ্ণা স্ত্ৰী, গ্ৰীষ্মকালত সুশীতল থাকে কিন্তু শীতকালত সেইবোৰে আকৌ উষ্ণভাৱ ধাৰণ কৰে।

অপ্ৰকাশ্য

অৰ্থনাসং মনস্তাপং গৃহে দুশ্চৰিতানি চ‌।

বঞ্চনং চাপমানং চ মতিমান্নমপ্ৰকাশয়েৎ।।

অৰ্থনাশ, মনস্তাপ আদি, পৰিয়ালত কাৰোবাৰ চাৰিত্ৰিক কেলেংকাৰী অপমান বা বঞ্চিত হোৱাৰ কথা বাহিৰত প্ৰকাশ কৰিব নালাগে, অৰ্থ নষ্ট হোৱাৰ কথা প্ৰকাশ কৰিলে সেই অৰ্থ আৰু ঘুৰি নাহে। মনৰ অশান্তিৰ কথা বাহিৰত প্ৰকাশ কৰিলে শান্তি ঘুৰি নাহে। ইয়াৰ বাহিৰেও ঘৰৰ কেলেংকাৰীৰ কথা বাহিৰত প্ৰকাশ কৰিলে অপযশহে বাঢ়িব, নিজেই লাজ পাব লাগিব। বঞ্চিত হোৱাৰ কথা বাহিৰত প্ৰকাশ কৰিলে আনে বুৰ্বক বুলি ভাবিব। অপমানিত হোৱাৰ কথা বাহিৰত প্ৰকাশ কৰিলে আনে কাপুৰুষ বুলি ভাবিব।

লজ্জা ত্যাগ

ধনধান্য প্ৰয়োগেষু বিদ্যাসংগ্ৰহেণেষু চ। 

আহাৰে ব্যবহাৰে চ ত্যক্ত লজ্জ: সুখী ভবেৎ।।

ধন ধান আৰু বিদ্যালাভৰ বিষয়ত লজ্জা থকা কোনোপধ্যে উচিত নহয়। আহাৰ আৰু ব্যৱহাৰত লজ্জা কৰিলে কষ্ট পোৱা যায়। সেয়ে সেইধৰণৰ লজ্জা অৰ্থহীন। যিসকলে এইবোৰ বিষয়ত লজ্জা নকৰে, তেওঁলোকেই সুখ লাভ কৰি থাকে।

সন্তোষ লাভ

তুষন্তি ভোজনে বিপ্ৰা: ময়ূৰা ঘনগৰ্জিতে।

সাধব: পৰসম্পত্বো খলা: পৰিবিপত্তিষু।।

ব্ৰাহ্মণ ভোজনৰ দ্বাৰা তুষ্ট হয়। মৌৰাচৰায়ে মেঘৰ গৰ্জনত আনন্দত নৃত্য কৰে। সজ্জন ব্যক্তিয়ে পৰৰ সুখত সুখী হয়, কিন্তু দুষ্ট বা অসাধু ব্যক্তিয়ে পৰৰ দু:খ আৰু বিপদত আনন্দ লাভ কৰে।

শক্ৰ বশ

অনুলোমেন বলিনং প্ৰতিলোমেৰ দুৰ্বলম্।

আত্মতুল্য বলং শক্ৰ বিনয়েন বলেন বা।।

বলীয়ান শক্ৰক অনুকূল ব্যৱহাৰৰ দ্বাৰা বশত ৰাখিব লাগে, দুৰ্বল শক্ৰক প্ৰতিকূল ব্যৱহাৰৰ দ্বাৰা বশত ৰাখিব লাগে। কিন্তু বলীয়ান শক্ৰৰ লগত প্ৰতিকূল ব্যৱহাৰ কৰিলে নিজৰেই ক্ষতি হয়। কিন্তু দুৰ্বল শক্ৰৰ লগত প্ৰতিকূল ব্যৱহাৰ কৰা শ্ৰেয়:। কাৰণ দুৰ্বল শক্ৰৰ প্ৰতি অনুকূল ব্যৱহাৰ কৰিলে তেওঁ প্ৰতিপক্ষক দুৰ্বল বুলি ভাবে। সমসক্তি সম্পন্ন শক্ৰক বিনয় অথবা শক্তিৰ দ্বাৰা বশীভূত কৰিব লাগে।

অতি সৰলতা ক্ষতিকৰ

নাত্যন্ত সৰলৈভাব্য গত্বপশ্যম্ বনস্থলীম্।

ছিদ্যন্ত সৰলাস্তত্ৰ কুজস্তিষ্টন্তি পদাপা:।।

সংসাৰত সৰল লোকসকলৰ ওপৰত সকলোৱে আঘাত হানে। কিন্তু বেকা লোকৰ ওপৰত সহজে কোনেও আঘাত হানিবলৈ নিবিচাৰে। বনভূমিৰ পোন আৰু সহজ বৃক্ষবোৰ কটা হৈ থাকে কিন্তু বেকা বেকা গছবোৰ সহজে কোনেও নাকাটে। সৰলতা ভাল কিন্তু অতি সৰলতা ক্ষতিকাৰক।।

 নৰকৰ লক্ষণ

অত্যন্তকোপং কুটকা চ বাণী,

              দৰিদ্ৰতা চ স্বজনেষু বৈৰম্।

নীচ প্ৰসংগ কুলহীন সৈবা,

              চিহ্নানি দেহে নৰকস্থিতানাম্।।

আত্মীয় স্বজনসকলৰ লগত শক্ৰতা, হীন আলাপ, দৰিদ্ৰতা, কুলহীনৰ সেৱা, অতি ক্ৰোধ আৰু কটুবচন প্ৰভৃতি যি পুৰুষৰ দেহক কেন্দ্ৰ কৰি আৱৰ্তিত হৈ থাকে অৰ্থাৎ যি পুৰুষ এইবোৰত অভ্যষ্ট সেই সকলোবোৰ নৰক যাত্ৰাৰ লক্ষণস্বৰূপে পৰিচিত।

পুৰুষৰ বিড়ম্বনা

বৃদ্ধকালে মৃতা ভাৰ্য্যা বন্ধু হস্তগতম্ ধনম্।

ভোজনং চ পৰাধীনং তিস্ৰ পুংসা বিড়ম্বনা।।

বৃদ্ধাৱস্থাত স্ত্ৰী-বিয়োগ ঘটিলে আৰু ধন বন্ধুৰ হস্তগত হ’লে, ভোজনৰ কাৰণে পৰৰ ওপৰত নিৰ্ভৰ কৰিলে এই তিনিটাই পুৰুষৰ জীৱনত বিড়ম্বনাৰ সৃষ্টি কৰে। কাৰণ বৃদ্ধ অৱস্থাত পত্নীৰ মৃত্যু হ’লে পুনৰায় বিবাহ কৰা সম্ভৱ নহয়। অৰ্থ বন্ধুৰ হস্তগত হ’লে পুনৰায় ঘুৰাই পোৱা সম্ভৱ নহয়।

উত্তম, মধ্যম আৰু অধম

অধমা ধনমিচ্ছন্তি ধনমান চ মধ্যমা।

উত্তমা মানমিচ্ছন্তি মান হি মহতাং ধনম্।।

অধম শ্ৰেণীৰ ব্যক্তিয়ে কেৱলমাত্ৰ ধনলাভৰ কামনা কৰে, মধ্যম শ্ৰেণীৰ ব্যক্তিয়ে ধন আৰু মান দুয়োটাই বিচাৰে। কিন্তু উত্তম শ্ৰেণীৰ ব্যক্তিয়ে কেৱল মান বিচাৰে। কাৰণ মান সন্মান সকলোতকৈ ডাঙৰ ধন।

মানব দেহত পৰমাত্মা

পুষ্পে গন্ধস্তিলে তৈলং কাষ্ঠে বহ্নি: পয়োঘৃতম্।

 ইক্ষৌ গুৰং তথা দেহে পশ্যাত্মানং বিবেকত:।।

গাখীৰৰ মাজত যেনেদৰে ঘিউ থাকে, তিলত যেনেদৰে তেল থাকে, কুহিয়াৰত যেনেদৰে গুড় থাকে, কাঠত যেনেকৈ জুই থাকে, ফুলত যেনেকৈ গোন্ধ থাকে সেইদৰে মানবদেহত সৰ্বদা পৰমাত্মাই বিৰাজ কৰে। তেওঁক স্পৰ্শ কৰা বা দেখা নাযায়। ভক্তি বিশ্বাস আৰু মন প্ৰাণৰদ্বাৰা উপলব্ধি কৰিব লাগে আৰু সেই উপলব্ধি হ’লেই মানব জীৱন সাৰ্থক প্ৰতিপন্ন হয়।

Read Also: Assam Board Solutions

আমি আশা কৰিছো চাণক্য নীতি Part 4 | Chanakya Neeti Part – 4 In Assamese আপোনালোকক সহায় কৰিব। যদি আপোনাৰ চাণক্য নীতি Part 4 সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Leave a Reply