চাণক্য নীতি Part 3 [ৰজা আৰু বিদ্বান] | Chanakya Neeti Part – 3 In Assamese

চাণক্য নীতি Part 3 [ৰজা আৰু বিদ্বান] | Chanakya Neeti

বিদ্বতঞ্চ নৃপতঞ্চ নৈব তুল্য কদাচন।

স্বদেশ পূজ্যতে ৰাজা বিদ্বান্ সৰ্বত্ৰ পূজ্যতে।।

ৰজা আৰু বিদ্বান ব্যক্তিৰ তুলনা কৰা নাযায়। কাৰণ ৰজা নিজৰ দেশত সন্মানিত হয়। ৰাজপুত্ৰ গুণবান বা বিদ্বান নহ’লেও ৰাজবংশধৰ হোৱাৰ ফলত ৰাজপদত অধিষ্ঠিত হয় আৰু নিজদেশত সন্মান পায়। বিদেশত ৰজাই সেইকাৰণে সন্মান নাপাবও পাৰে। কিন্তু বিদ্বান ব্যক্তিয়ে তেওঁৰ জ্ঞান-বিদ্যাৰ দ্বাৰা সৰ্বত্ৰ অৰ্থাৎ দেশে-বিদেশে সমাদৰ লাভ কৰে।

পণ্ডিত আৰু মূৰ্খ

পণ্ডিতে চ গুণা সৰ্বে মূৰ্খে দোষা হি কেবলম্।

তস্মামূৰ্খ সহস্ৰেভ্য প্ৰাজ্ঞ একো বিশিষ্যতে।।

মূৰ্খ দোষৰ আকৰ, কিন্তু পণ্ডিত গুণেৰে গুণবান। হাজাৰ মূৰ্খৰ দ্বাৰা যি কাম কৰা অসম্ভৱ এজন পণ্ডিতৰ দ্বাৰা সেই কাম কৰা সম্ভৱ হয়। সেই কাৰণে হেজাৰজন মূৰ্খৰ মাজত যদি এজনো পণ্ডিত থাকে তেনেহ’লে তেৱেঁই প্ৰধান আকৰ্ষণ স্বৰূপ হ’ব।

সুপুত্ৰ

বৰমেকো গুণী পুত্ৰো ন চ মূৰ্খতৈৰপী।

একশ্চন্দোস্তমো হস্তি ন চ তাৰাগণৈৰপি।।

অসংখ্য তৰাই আকাশত জিলমিলাই থাকে, কিন্তু অন্ধকাৰ দূৰ কৰিব নোৱাৰে। অমাবস্যাৰ ৰাতি এক চন্দ্ৰৰ অভাবত সকলো অন্ধকাৰ। সেইদৰে শত মূৰ্খ পুত্ৰৰ তুলনাত এজন গুণবান পুত্ৰ শ্ৰেয়:। কাৰণ মূৰ্খপুত্ৰসকল পিতৃ-মাতৃৰ দুশ্চিন্তাৰ কাৰণ, কিন্তু গুণবান পুত্ৰই পিতৃ-মাতৃৰ সুখ বৃদ্ধি কৰে। মূৰ্খ পুত্ৰসকল কুলৰ অখ্যাতিৰ কাৰণ, সু-পুত্ৰ এজন হ’লেও কুলৰ দীপক।

পণ্ডিতৰ লক্ষণ

মাতৃবৎ পৰদাৰেষু পৰদ্ৰব্যেষু লোষ্ট্ৰবৎ।

আত্মবৎ সৰ্বভূতেষু য: পশ্যন্তি স: পণ্ডিত:।

পৰস্ত্ৰীক যিজনে মাতৃৰ দৰে সন্মান কৰে আৰু পৰদ্ৰব্যক যি মাটিৰ চপৰাৰ দৰে তুচ্ছ জ্ঞান কৰে, আৰু সকলো জীৱকে যি আপোন বুলি ভাবে অথবা সকলো জীৱতে যাৰ আত্মদৰ্শন হয় সেইজনেই হ’ল যথাৰ্থ পণ্ডিত।

পিতা পুত্ৰ

লালয়েৎ পঞ্চবৰ্ষানি দশ বৰ্ষানি চ তাড়য়েৎ।

প্ৰাপ্তে তু ষোড়শে বর্ষে পুত্ৰ: মিত্ৰ বদাচৰেৎ।

জন্মৰ পিছত পাচ বছৰ বয়স পৰ্যন্ত পুত্ৰক অতি যত্নেৰে লালন-পালন কৰিব লাগে। তাৰ সকলো অপৰাধ ক্ষমা কৰিব লাগে। তাৰ পাছত দহবছৰ বয়স পৰ্যন্ত পুত্ৰক প্ৰয়োজন সাপেক্ষে শাসনত ৰাখিব লাগে। কিন্তু পুত্ৰৰ বয়স ষোল্লবছৰ হ’লে বন্ধুৰ দৰে ব্যৱহাৰ কৰিব লাগে। কাৰণ ষোল্ল বছৰ পিছত শাসন বা তৰ্জন-গৰ্জন কৰিলে পুত্ৰ পিতৃবিদ্ৰোহী হৈ উঠিব পাৰে।

কু-পুত্ৰ

একে নাপি কু-বৃক্ষেণ কোটৰে স্তেন বহ্নিনা।

দহ্যতে তদবনং সৰ্ব কু পুত্ৰেন কুলং সদা।

বনৰ মাজত অৱস্থিত এজোপা কু-বৃক্ষই যেনেদৰে নিজৰ খোৰোঙত থকা অগ্নিৰদ্বাৰা বনত থকা সকলো বৃক্ষকে ধ্বংস কৰিব পাৰে সেইদৰে এজন মাত্ৰ কু-পুত্ৰই তেওঁৰ কু-স্বভাৱৰ দ্বাৰা কুলৰ সকলো গৌৰৱ নষ্ট কৰিব পাৰে।

মহাধন

জ্ঞাতিৰ্ভিবণ্টতে নৈব চৌৰৈনাপি নং নীয়তে।

দানে নৈব ক্ষয়ং জাতি বিদ্যাৰত্নম্ মহাধনম্।।

বিদ্যাই হৈছে মহাধন। সাধাৰণ টকা-পইছা চোৰে চুৰি কৰিব পাৰে। অন্য ধন-সম্পত্তি জ্ঞাতি কুটুম্বে ভাগকৰি ল’ব পাৰে আৰু দান কৰিলেও সি ক্ষয়প্ৰাপ্ত হয়, কিন্তু বিদ্যা এনেকুৱা মহাধন যে চোৰে চুৰি কৰিব নোৱাৰে, জ্ঞাতি কুটুম্বে ভাগকৰি লৈ ল’ব নোৱাৰে আৰু দান দিলেও কমি নাযায়। যিমান দান কৰা যায় সিমানে বৃদ্ধি হৈ গৈ থাকে।

Read Also: জীৱনী: অৰুণা ৰয় – মজদুৰ কিষাণ শক্তি সংগঠনৰ প্ৰতিষ্ঠাপক

উপযোগী

বিদ্যা মিত্ৰ প্ৰবাসেষু মাতা মিত্ৰ গৃহেষু চ।

ব্যাধিতসৌষদং মিত্ৰ ধৰ্মো মিত্ৰ মৃতস্য চ।

নিজৰ ঘৰত মাতৃৰ সমান বন্ধু কোনো নাই। কু-পুত্ৰ হ’লেও মাতৃয়ে সৰ্বতোপ্ৰকাৰে তাক ৰক্ষা কৰিবলৈ যত্ন কৰে। ৰোগত ঔষধেই বন্ধু। কাৰণ ঔষধেই হৈছে ৰোগ নিৰাময় কাৰক। পৰলোকৰ কথা চিন্তা কৰি ধৰ্ম আচৰণ কৰা কৰ্তব্য। কাৰণ ধৰ্মই হৈছে একমাত্ৰ পৰলোকৰ বন্ধু। বিদেশত বিদ্যাই বন্ধু। বিদ্বান হ’লে বিদেশত সন্মান আৰু সমাদৰ পোৱা যায়। সেয়ে বিদেশত বিদ্যাৰ সমান বন্ধু নাই।

ভুষণ

শৰ্বৰী ভূষনং চন্দ্ৰো নাৰীনাং পতি।

পৃথিৱী ভূষনং ৰাজা বিদ্যা সৰ্বস্য ভূষণম্।

ৰাতিৰ ভূষণ চন্দ্ৰ। কাৰণ চন্দ্ৰই ৰাতিক মনোহৰ কৰে। নাৰীৰ ভূষণ পতি। কাৰণ পতিহীন নাৰীৰ অন্য কোনো অলংকাৰ ভূষণ স্বৰূপে গণ্য কৰা নহয়। পতিব্ৰতা নাৰীৰ পতিয়েই অলঙ্কাৰ। পৃথিৱীৰ ভূষণ ৰজা, কাৰণ ৰজা নেথাকিলে দেশ ৰক্ষা নহয়। কিন্তু বিদ্যা সকলোৰে ভূষণ। বিদ্যাই দান কৰে। বিদ্যাই মানুহক জ্যোতিস্মান কৰি তোলে। নীচতা দূৰ কৰে।

সাধু মহাত্মা

নিৰ্গুণেস্বপি সত্ত্বেও দয়ং কুৰ্বতি সাধব:।

ন হি সংহৰতে জ্যোৎস্নাচন্দ্ৰশ্চণ্ডাল বেশ্মনি।

চন্দ্ৰৰ পোহৰ যেনেদৰে সকলোৰে ওপৰত সমভাৱে বৰ্হিত হয় উচ্চ, নীচ, পাপী বা পুণ্যাত্মাৰ ভেদ নকৰে। সাধুৰ কৃপাও তেনেদৰে সকলোৰে ওপৰত সমভাৱে বৰ্হিত হয়- উচ্চ, নীচ, পাপী, পুণ্যাত্মা, গুণবান আৰু গুণহীন সকলোৰে ওপৰত সমভাৱে বৰ্ষিত হৈ থাকে।

ভয়ঙ্কৰ

সৰ্প: ক্ৰুৰ: খল: ক্ৰুৰ: সৰ্পাৎ ক্ৰুৰতৰ: খল:।

মন্ত্ৰৌষধি বশ: সৰ্প: খল: কেন নিবাৰ্য্যতে।

সাপ নিষ্ঠুৰ আৰু প্ৰতিহিংসা পৰায়ণ। তাতকৈ দুৰ্জন নিষ্ঠুৰ। সাপক মন্ত্ৰ আৰু ঔষধৰ দ্বাৰা বশ কৰা যায় কিন্তু দুৰ্জনস্বভাৱৰ মানুহক একোৰে বশ কৰিব নোৱাৰি।

শক্ৰ মিত্ৰ

ন কশ্চিৎ কস্যচিন্মিত্ৰ ন কশ্চিৎ কস্যচিদ্ৰিপু:।

ব্যবহাৰেন জায়ন্তে মিত্ৰানি ৰিপবস্তথা।

জন্মৰপৰা কোনো কাৰো শক্ৰ বা মিত্ৰ নহয়। আকৌ পৃথিৱীত হঠাতে কোনো কাৰো মিত্ৰ বা শক্ৰ নহয়। ব্যৱহাৰৰ দ্বাৰা শক্ৰৰ বা মিত্ৰৰ পৰিচয় পোৱা যায়।

জ্ঞানী

ধনানি জীবিতঞ্চৈব পৰাৰ্থে প্ৰাজ্ঞ উৎসৃজেৎ।

সন্নিমিত্তে বৰং ত্যাগো বিনাশে নিয়তে সতি।।

ধন আৰু জীৱন একোৱেই শাশ্বত নহয়- কোনোবা নহয় কোনোবা এদিন তাৰ বিনাশ হ’বই। যি এদিন নহয় এদিন বিনষ্ট হ’বই সেয়া আনক দান কৰিলে কি ক্ষতি হ’ব ? বৰঞ্চ ধন আৰু জীৱনক প্ৰকৃত কামত লগোৱা হ’ব। সেয়ে জ্ঞানীসকলে পৰৰ কাৰণে জীৱন আৰু ধনদান কৰি থাকে।

দোষমুক্ত

কস্য দোষ: কুলে নাস্তি ব্যাধিনা কেন পীড়িতা:।

ব্যসনং কেন ন প্ৰাপ্ত কাস্য সৌখ্য নিৰন্তৰম্।

এনেকুৱা কোনো বংশ নাই যি বংশ দোষমুক্ত, এনেকুৱা কোনো নাই যি কেতিয়াও ৰোগত ভোগা নাই। এনেকুৱা কোনো নাই যি কেতিয়াও দুখভোগ কৰা নাই। বন্ধুত্বও কেতিয়াও নিৰন্তৰ নাথাকে।

সাধুৰ মৰ্যদা

প্ৰলয়ে ভিন্ন মৰ্য্যাদা ভবন্তি কিল সাগৰা:।

সাগৰা: ভেদমিচ্ছন্তি প্ৰলয়েহপি ন সাধক:।

প্ৰলয়কালত সমূদ্ৰত ভীষণ পৰিৱৰ্তন ঘটে। প্ৰলয়কালত সমূদ্ৰই নিজৰ মৰ্যদা হেৰুৱাই পেলায়, কিন্তু প্ৰলয়কালতো সজ্জন ব্যক্তিৰ মৰ্যদা ম্লান হৈ নপৰে।

পৰিত্যাগ

মূৰ্খস্ত পৰিহৰ্তব্য: প্ৰত্যক্ষো দ্বিপদ পশু।

ভিন্নতি বাক্যশলেন নিদৃসাং কণ্টকা যথা।

সাধু ব্যক্তিয়ে সৰ্বদা মূৰ্খক দুঠেঙিয়া পশুৰূপে এৰাই চলিব। কাৰণ মূৰ্খৰ বচনত কোনো শালীনতা নাথাকে। মূৰ্খৰ তীক্ষ্ণ বাক্য কাইটে বিন্ধাৰ নিচিনাকৈ যন্ত্ৰণাৰ সৃষ্টি কৰে। অতএব মূৰ্খৰ সংগ সৰ্বদা পৰিত্যাগ কৰিব লাগে।

সমাদৰহীন

ৰূপযৌবনসম্পন্না বিশাল কুলসম্ভবা:।

বিদ্যাহীনা ন শোভন্তে নিৰ্গদ্ধা ইব কিংশুকা।

বিদ্যাহীনা ৰমণী ৰূপলাবণ্য যৌৱনযুক্তা আৰু উচ্চ কুলজাত হ’লেও বিদ্যাহীনা বুলি তেওঁৰ সমাদৰ নাই। গোন্ধ নাই বুলি মদাৰফুলৰ সমাদৰ নাই।

পৰিত্যাজ্য

ত্যজেদেকং কুলস্যাৰ্থে গ্ৰামস্যাৰ্থে কুলং ত্যজেৎ।

গ্ৰামং জলপদস্যাৰ্থে আত্মাৰ্থে পৃথিৱী ত্যজেৎ।

বংশৰক্ষা বা কুলগৌৰৱ অক্ষুন্ন ৰখাৰ কাৰণে অনায়াসে এজনক ত্যাগ কৰিব পাৰি। এখন গাঁৱৰ স্বাৰ্থত প্ৰয়োজন হ’লে এটা বংশ বা পৰিয়ালক ত্যাগ কৰা উচিত। জনপদৰ স্বাৰ্থত গাওঁ অনায়াসে ত্যাগ কৰিব পাৰি আৰু আত্মিক কল্যাণৰ কাৰণে পৃথিৱী ত্যাগ কৰা উচিত। বুদ্ধিমান আৰু জ্ঞানীসকলে বৃহত্তৰ স্বাৰ্থৰ খাতিৰত ক্ষুদ্ৰতৰ স্বাৰ্থ সৰ্বদাই বিসৰ্জন দি থাকে।

দৰিদ্ৰতা পাপ ভয় দূৰ হয়

উদ্যোগে নাস্তি দাৰিদ্ৰ জপতো নাস্তি পাতকম্।

মৌনে চ কলহ নাস্তি নাস্তি জাগৰতো ভয়ম্।

উদ্যোগী পুৰুষে নিজৰ যত্নৰ দ্বাৰা দৰিদ্ৰতা আতৰ কৰিব পাৰে, জপ কৰিলে পাপ দূৰ হয়। একপক্ষ মৌন হৈ থাকিলে কন্দল হোৱাৰ সম্ভাৱনা নাথাকে। যি সৰ্বদা জাগ্ৰত বা সচেতন হৈ থাকে তেওঁৰ কোনো ভয় নাথাকে।

অতিমাত্ৰা ভাল নহয়

অতিৰূপেন বৈ সীতা অতি গৰ্বেন ৰাবণা:।

অতি দানং বলিবৰ্দো হ্যতি সৰ্বত্ৰ বৰ্জয়েৎ।

অতিমাত্ৰা সকলো বেয়া। অতি ৰূপৱতী ৰমণীয়ে দুৰ্ভাগ্য ভোগ কৰিব লাগে। অতি ৰূপৰ কাৰণে সীতাৰ লাঞ্জনা হৈছিল। অতি দৰ্পত ৰাবণৰদৰে জ্ঞানী গুণী ৰজাৰ ধ্বংস হৈছিল। সেইকাৰণে অতি গৰ্ব ভাল নহয়। সেইদৰে অতি দানশীল হোৱাও ভাল নহয়, অতি দানশীল হোৱা কাৰণে বলি লাঞ্চনা ভোগ কৰিব লগাত পৰিছিল।

অৱস্থাভেদে পলায়ন

উপসৰ্গহনাচক্ৰে চ দুৰ্ভিক্ষে চ ভয়াবহে।

অসাধু জন সংসৰ্গে য: পলায়তি স: জীবতি।

মহা দুৰ্ভিক্ষ, মহা উপদ্ৰব আৰম্ভ হ’লে নতুবা শক্ৰৰ দ্বাৰা প্ৰবলভাৱে আক্ৰান্ত হ’লে- পলায়নেই একমাত্র পথ। এনেকুৱা পৰিস্থিতিত পলায়ন কৰাৰ ফলত প্ৰাণ ৰক্ষা সম্ভৱ হয়। সেইধৰণে দুষ্টৰ সংগৰপৰা পলাই যোৱা উচিত। নতুবা প্ৰাণহানি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰে।

বৃথা জীৱন

ধৰ্মাৰ্থকামমোক্ষেষু যসৈকোহপি ন বিদ্যতে।

জন্মে জন্মনি মৰ্তেষু মৰণ তস্য কেবলম্।

জন্ম গ্ৰহণ কৰি যাৰ ধৰ্ম, অৰ্থ, মোক্ষ আৰু কাম এই চাৰিটা লাভ নহয় তেওঁৰ জীৱন বৃথা। বাৰে বাৰে জন্ম গ্ৰহণ কৰি তেওঁ কৰ্মফল ভোগ কৰি মৃত্যু বৰণ কৰি থাকে। এই ধৰণৰ জীৱন আৰু জন্ম তেওঁৰ কাৰণে গ্লানিস্বৰূপ। সেইয়া বৃথা জীৱন, কোনো কামত নাহে।

লক্ষ্মীৰ আবাস

মূৰ্খ যত্ৰ ন পূজ্যন্তে ধান্য যত্ৰ সঞ্চিতম্।

দাম্পত্যো: কলহ নাস্তি তত্ৰ শ্ৰী: স্বয়মাগতা।

যাৰ ঘৰত অন্ন আদি আহাৰ পৰিপূৰ্ণ হৈ থাকে, যি ঘৰত স্বামীস্ত্ৰীৰ কন্দল নাই, মূৰ্খ ব্যক্তিয়ে য’ত আদৰ নাপায়, সেই ঘৰত লক্ষ্মীদেৱীয়ে স্বয়ং আহি বিৰাজ কৰে। স্বামী-স্ত্ৰীৰ মাজত কন্দল নহ’লে সাংসাৰিক শান্তি অক্ষুন্ন থাকে আৰু মূৰ্খই সমাদৰ নাপালে মূৰ্খৰ বুদ্ধিদোষ প্ৰবাহিত নহয়। অন্ন সমস্যা নাথাকিলে লক্ষ্মীদেৱী সেই স্থানত অৱস্থান কৰে।

আত্মাৰ হিতসাধন

যাবৎস্বস্থো হ্যয়ং দেহো যাবম্মৃতুশ্চ দূৰত:।

তাবদাত্মহিটং কুৰ্য্যাৎ প্ৰাণান্তে কিং কৰিষ্যতি।

অপুত্ৰক ব্যক্তিৰ কাৰণে ঘৰ শূন্য যেন লাগে। বন্ধুহীনৰ সকলোদিশ শূণ্য যেন অনুভৱ হয়। মূৰ্খৰ ঋদৈ শূণ্য কিন্তু দৰিদ্ৰতা এক চৰম অভিশাপ, দৰিদ্ৰ ব্যক্তিৰ সকলো শূন্যবোধ হয়। দৰিদ্ৰতাৰ যাতনাত জীৱন ধাৰণৰ সকলো আনন্দ ম্লান হৈ পৰে।

পৰীক্ষা

যথা চতুৰ্ভি: কনকং পৰীক্ষ্যতে,

নিঘৰ্ষণচ্ছেদন তাপতাড়নৈ:।

তথা চতুৰ্ভি: পুৰুষ: পৰীক্ষতে।

ত্যাগেন শীলেন গুণেন কুৰ্মনা:।

সোণ আচলনে নকল পৰীক্ষা কৰিবৰ কাৰণে  চাৰি প্ৰকাৰ ব্যৱস্থা আছে। যেনে- ঘৰ্ষণ, ছেদন, উত্তাপ, আঘাত অথবা পেষণ। সেইদৰে যি কোনো পুৰুষকে ত্যাগ, শীলতা, গুণ আৰু কৰ্ম এই চাৰিধৰণে পৰীক্ষা কৰিব পাৰি।

Read Also: চাণক্য নীতি Part 2

ভয়

তাবদ্ ভয়েষু ভেতব্য যাবদ্ ভয়ামনাগতম্।

আগতুম তু ভয়ং বীক্ষ্য প্ৰহৰ্তব্যমসংকয়া।।

ভয় যেতিয়া দূৰত থাকে তেতিয়া কিন্তু ভয় কৰা দোষণীয় নহয়। কিন্তু ভয় যেতিয়া ওচৰ চাপি আহে তেতিয়া তাক আঘাত কৰি ভয় দূৰ কৰিব লাগে।

হিংসা বা দ্বেষ

মূৰ্খানাং পণ্ডিতা দ্বেষা অধনানাং মহাধনা:।

দুৰ্ভাগ্যনাং চ সুভগাং কুলটানাং কুলংগনা:।

মূৰ্খসকলে সদায় পণ্ডিত মানুহক হিংসা কৰে। ধনহীন ব্যক্তিৰ আক্ৰোশ মহাধনবান ব্যক্তিৰ ওপৰত, যেন ধনবান হৈ তেওঁ বিৰাট অপৰাধ হে কৰিছে। দুৰ্ভাগ্যই যাক আবৰি থাকে তেওঁলোকে ভাগ্যৱানসকলক দেখি জ্বলিপুৰি মৰে। কুলটা নাৰীয়ে কেতিয়াও পতীব্ৰতা নাৰীক সহ্য কৰিব নোৱাৰে।

বিনষ্টতা

আলস্যোপহতা বিদ্যা পৰহস্তগটং ধনম্।

অল্পবীজং হতাং ক্ষেত্ৰ হতাং সৈন্যমনায়কম্।

বিদ্যা অনুশীলনত বৃদ্ধি পায়, আলস্যত অৰ্থাৎ অনভ্যাসত আৰু চৰ্চাৰ অভাৱত হ্ৰাস পায়। নিজৰ অৰ্থ পৰৰ হাতত থাকিলে সচৰাচৰ সেয়া নষ্ট হয়। সেনাপতি বিহীন হৈ সৈন্যদল পৰিচালনাৰ অভাৱত ধ্বংস হয়। অলপ বীজৰ দ্বাৰা শস্যক্ষেত্ৰ বিনষ্ট হয়। খেতিপথাৰত অলাগতিয়াল বনপাত গজে।

ক্লেশমাত্ৰ সাৰ

অন্যথা বেদ পাণ্ডিত্য শাস্তমাচাৰমন্যথা।

অন্যথা বাদনাচ্ছান্ত লোকা: ক্লিশন্তি চান্নথা।।

বেদৰ প্ৰসংগ শুদ্ধনে অশুদ্ধ ঠিক নে বেঠিক ইয়াক লৈ তৰ্ক কৰাই বৃথা। কাৰণ বেদ ঠিক নহয় এনে কথা কোৱাৰ যোগ্যতা কাৰ আছে ? শাস্ত্ৰোক্ত আচাৰ-বিচাৰক লৈ বিবাদত লিপ্ত হোৱা অনৰ্থক। অত্যন্ত শান্ত লোকক বিৰক্ত কৰি কেৱল মাত্ৰ ক্লেশ পোৱা যায় সেইদৰে তৰ্কাতীত বেদকলৈ তৰ্ক কৰা বৃথা।

দুৰ্গতি নাশ

দাৰিদ্ৰনাশনং দানং শীলং দুৰ্গতি নাশিনীম্।

অজ্ঞাননাশিনী প্ৰজ্ঞা বাবনা ভয় নাশিনী।।

দানত দৰিদ্ৰতা দূৰ হয়। সু-স্বভাৱৰ দ্বাৰা দূর্গতি বিনষ্ট হয়। জ্ঞানে অজ্ঞানতাৰ অন্ধকাৰ নাশ কৰে‌‌। সম্ভাৱনাই যাবতীয় ভয় নষ্ট কৰে। সম্ভাৱনাৰ ফলতে মানুহ নিৰ্ভয় হ’ব পাৰে।

ব্যাধি, মোহ, অগ্নি আৰু সুখ

নাস্তি কামসমো ব্যাধিৰ্নাস্তি মোহসমো ৰিপু:।

নাস্তি কোপসমো বহ্নিৰ্নাস্তি জ্ঞানাৎপৰাং সুখম্।।

সকলো ৰোগতকৈ ডাঙৰ ৰোগ হৈছে ভোগ-বাসনা, ভোগ-বাসনাৰ পৰাই সকলো সমস্যাৰ উদ্ভৱ হয়। সকলো শক্ৰতকৈ ডাঙৰ শক্ৰ মোহ, মোহেই হৈছে নানাবিধ দুৰ্গতিৰ কাৰণ। ক্ৰোধৰ নিচিনা এনেকুৱা প্ৰচণ্ড অগ্নি আৰু নাই। অগ্নিত লগে লগে পানী নাঢালিলে সেয়া নিৰ্বাপিত কৰা অসম্ভৱ। জ্ঞানৰ দৰে সুখ নাই, কাৰণ যথাৰ্থ জ্ঞান লাভ হ’লে- অপাৰ আনন্দ লাভ হয়।

Read Also: মহান পণ্ডিত চাণক্যৰ জীৱন কথা | Chanakya Neeti

আমি আশা কৰিছো চাণক্য নীতি Part 3 আপোনালোকক সহায় কৰিব। যদি আপোনাৰ চাণক্য নীতি Part 3 সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Leave a Reply