চাণক্য নীতি Part 2 | Chanakya Neeti
বাহুবীৰ্য্য বলং ৰাজ্ঞো ব্ৰাহ্মণ ব্ৰহ্মবিদবলী।
ৰূপযৌবন মাধুৰ্য্য স্ত্ৰীনং বলমুত্তমম্।।
আগৰ দিনত ৰজাসকলে বাহুবলেৰে দেশ শাসন কৰিছিল সেয়ে বাহুবলেই আছিল ৰজাৰ বল। ব্ৰহ্মক যি জানে তেওঁ ব্ৰাহ্মণ, সেয়ে ব্ৰক্ষজ্ঞানেই ব্ৰাহ্মণৰ বল। ৰূপযৌবন আৰু মাধুৰ্য নাৰীৰ বল, যি নাৰীৰ মাজত এই তিনিটা বস্তু নাই তেওঁৰ কোনো বল নাই আৰু সমাদৰো নাই।
দ্বিজ ব্ৰাহ্মণ
একাহাৰেন সন্তুষ্ট: ষট্ কৰ্মনিৰত সদা।
ঋতু কালাভিগামী চ স বিপ্ৰো দ্বিজ উচ্যতে।।
যিজনে এবাৰ আহাৰ কৰিয়েই সন্তুষ্ট, সৰ্বদা ষটকৰ্মাদিত ব্যস্ত, ঋতুকালত যি স্ত্ৰীসংগ কৰে তেওঁ দ্বিজ ব্ৰাহ্মণৰূপে পৰিচিত।
ব্ৰাহ্মণক দান আৰু ফল
আৰ্তেষু বিপ্ৰেষু দয়ান্বিতশ্চ,
যচ্ছৃ দ্ধয়া স্বল্পমুপৈতি দানম্।
অনন্ত পাবং সমুপৈতি ৰাজন
যদ্দীয়তে তল্লভতে দ্বিজেভ্য।।
আৰ্ত ব্ৰাহ্মণক কম বা অধিক যিয়েই দান কৰা নহওক কিয়- দাতা দৰিদ্ৰ হওক বা ধনবান হওক দানৰ তুলনাত তেওঁ বহুগুণ বেছি লাভ কৰি থাকে।
ব্ৰাহ্মণ নীমধাৰী বিড়াল
পৰকাৰ্য্য বিহন্তা চ দাম্ভিক: স্বাৰ্থ সাধক:।
ছলী দ্বেষী মৃদু: ক্ৰুৰো বিপ্ৰো মাৰ্জাৰ উচ্যতে।।
যি ব্ৰাহ্মণে আনৰ কাৰ্য নষ্ট কৰে, স্বাৰ্থপৰ, ছলনাকাৰী, দাম্ভিক, দ্বেষপৰায়ন আৰু নিষ্ঠুৰ- সেই ব্ৰাহ্মণ বিড়ালৰ সমান।
ব্ৰাহ্মণ নামধাৰী ম্লেচ্ছ
বাপীকূপ তড়াগানামাৰামসুৰ বেশ্মনাম্।
উচ্ছেদনে নিৰাশক্ক: স বিপ্ৰো ম্লেচ্ছ উচ্যতে।।
মন্দিৰ, গৃহ, বৃক্ষ, কুৱা আৰু সৰোবৰ আদিক যি ব্ৰাহ্মণে বিনা দ্বিধাই ধ্বংস সাধন কৰে সেই ব্ৰাহ্মণ কিন্তু ব্ৰাহ্মণ নহয়- একেবাৰে ম্লেচ্ছ।
ব্ৰাহ্মণ চণ্ডাল
দেবদ্ৰব্যম গুৰুদ্ৰব্য পৰদাৰাভিভৰ্যনম্।
নিৰ্বাহ: সৰ্বভূতেষু বিপ্ৰশ্চণ্ডাল উচ্যতে।।
দেৱতা আৰু গুৰুৰ দ্ৰব্য যি ব্ৰাহ্মণে হৰণ কৰে আৰু সকলো প্ৰাণীক নিৰ্যাতন কৰে, যজ্ঞোপবীত ধাৰণ কৰিলেও সেই ব্যক্তি চণ্ডাল বুলি অভিহিত হয়।
ঋষি ব্ৰাহ্মণ
আকৃষ্ট ফলমূলানি বন বাসৰতি: সদা।
কুৰুতেহৰহ: শ্ৰদ্ধামৃষি বিপ্ৰ: স উচ্চতে।।
যি বনবাসত অনুৰাগী, যি বনৰ ফলমূল আহাৰ কৰি জীৱন ধাৰণ কৰে আৰু সদাসৰ্বদা শ্ৰদ্ধা আৰু ভক্তিৰ সৈতে পৰমেশ্বৰ ভগৱানক স্মৰণ কৰে তেৱেঁই প্ৰকৃত ঋষি আৰু ব্ৰাহ্মণ।
ব্ৰাহ্মণ শূদ্ৰ
লাক্ষাদি তৈল নীলানাং কৌসুম মধু সৰ্পিষাম্।
বিক্ৰেতা মদ্য মাংসানাং স বিপ্ৰ: শূদ্ৰ উচাতে।।
যি ব্ৰাহ্মণে তেল, ঘিউ, নীল, মধু, মদ-মাংস আহৰণ আৰু বিক্ৰী কৰে তেওঁ কেনো প্ৰকাৰেই ব্ৰাহ্মণ নহয়, ব্ৰাহ্মণ নামধাৰী তেওঁ বৈশ্য মাথোন।
জাতি ত্যাগৰ ফল
আত্মবৰ্গ পৰিত্যাজ্য পৰবৰ্গ সমাশ্ৰয়েৎ।
স্বয়মেব লয়ং যাতি ৰাজ্যম্ যাতি ধৰ্মত:।।
নিজ জাতিক পৰিত্যাগ কৰি যি বেলেগ জাতিৰ আশ্ৰয় গ্ৰহণ কৰে তাৰ সকলো ধৰ্ম নষ্ট হয় আৰু নিজেও বিনাশপ্ৰাপ্ত হৈ থাকে।
Read Also: জীৱনী: আন্না হাজাৰে – ভাৰতীয় সমাজ কৰ্মী | Anna Hazare
গুণীয়েহে জানে গুণীৰ সমাদৰ
ন বেত্তি যে যস্য গুণ প্ৰকৰ্য,
স টং সদা নিন্দতি নাহত্ৰ চিত্ৰম্।
যথা কিৰাতী কৰিকুম্ভ লজাং
মুক্তাঙ্গ পৰিত্যাজ্য বিভৰ্তি গুঞ্জাম।।
গুণাগুণ যি নাজানে, তেওঁ কোনটো ভাল আৰু কোনটো বেয়া একো বুজিব নোৱাৰে। গুণৰ মৰ্ম নাজানি তেওঁ গুণসম্পন্ন ব্যক্তিক নিন্দা কৰি থাকে। যেনেদৰে কিৰাত বা ব্যাধে গজমোতিৰ গুণ নাজানি কেৱল বৃথা তুচ্ছ জ্ঞান কৰি থাকে।
স্বাভাৱিক গুণ
দাতৃত্ব প্ৰিয় বক্তৃত্ব ধীৰত্বমুচিতজ্ঞতা।
অভ্যাসেন ন লভ্যতে চত্বাৰ: সহজা গুণা।।
শত চেষ্টা কৰিলেও ঠেকমনৰ মানুহ উদাৰ হ’ব নোৱাৰে। চঞ্চল ব্যক্তি হেজাৰ চেষ্টা কৰিও ধৈৰ্য ধাৰণ কৰিব নোৱাৰে। কটুভাষী বহু চেষ্টা কৰিও প্ৰিয়ভাষী হ’ব নোৱাৰে। হেজাৰ হেজাৰ কিতাপ পঢ়িও উচিত জ্ঞান লাভ কৰিব নোৱাৰে। সুতৰাং এই চাৰিটা গুণ স্বাভাৱিক গুণ। অতএব এই গুণ ভগৱানৰ অবদান বুলি ক’ব পাৰি।
বিদ্যাৰ্থীয়ে কি পৰিত্যাগ কৰিব লাগে
কাম ক্ৰোধ তথা লোভং স্বাদ শৃংগাৰ কৌতুকে।
অতি নিদ্ৰাহতি সেবে চ বিদ্যাৰ্থী ৰিষ্ট বৰ্জয়েৎ।।
কাম, ক্ৰোধ, লোভ, স্বাদযুক্ত আহাৰ, দ্ৰব্য ভোজনৰ ইচ্ছা, শৃংগাৰ কৌতুক, অতি পৰিশ্ৰম আৰু অতিনিদ্ৰা বিদ্যাৰ্থীসকলে ত্যাগ কৰা উচিত। কাৰণ এই অষ্ট প্ৰকাৰ প্ৰবণতা বিদ্যা অৰ্জনত বিশেষ বাধাস্বৰূপ।
ফেট্ তোলা
নিৰ্বিষেনাপি সৰ্পেন কৰ্তব্যা মহতী ফণা।
বিষমস্ত ন চাপস্ত ফণাটোপো ভয়ংকৰ।।
বিষহীন সাপে নিজৰ অস্তিত্ব ৰক্ষাৰ কাৰণে ফেট্ তোলা উচিত, কাৰণ ফেট্ নুতুলিলে কোনেও সাপক ভয় নকৰে। তেনেকুৱা কিবা ক্ষতি হোৱাৰ সম্ভাৱনা দেখিলে মাজে মাজে দুৰ্বল মানুহেও নিজকে সবল বুলি দেখুৱাই নানান উপদ্ৰবৰ পৰা ৰক্ষা পাবলৈ সক্ষম হয়।
নিৰ্দেশ
দৃষ্টি পুতাং ন্যসেৎ পাদঙ্গ বস্তুপুতং পিবেজলম্।
শাসত্ৰপুতং বদেদ্বাক্য মন: পুতং সমাতৰেৎ।।
সকলো জল বিশুদ্ধ নহয়, সেয়ে বস্ত্ৰৰদ্বাৰা গ্ৰহণ কৰা উচিত। চাই চিতি ভৰি দিব লাগে অন্যথা বিপদৰ সম্ভাৱনা থাকে। বিধিমতে বা যুক্তিসঙ্গত কথা কোৱা উচিত আৰু ভাবিচিন্তি কৰ্ম কৰা উচিত।
অসম্ভৱ নহয়
কবয়: কিন্ন পশ্যন্তি কিন্ন কুৰ্বন্তি যোষিত:।
মদ্যপ: কিন্ন জল্পন্তি কিন্ন খাদন্তি বায়সা।।
কবিয়ে তেওঁৰ কল্পনাৰ দ্বাৰা সকলো উপলব্ধি কৰে। নাৰীৰ পক্ষে কোনো কামেই অসম্ভৱ নহয়। নাৰীয়ে যেনেকৈ শুভ কাম কৰিব পাৰে তেনেকৈ অশুভ বা জঘন্য কাম কৰিবলৈকো পাছ হুহকি নাহে। তেওঁলোকৰ কাৰণে সকলো সম্ভৱ। মদপীৰ পক্ষে কোনো কথাই কোৱা অসম্ভৱ নহয়, যেনেকৈ কাউৰীয়ে সকলো খায়, ভাল-বেয়াৰ কোনো বিচাৰ নকৰে।
কোন কাৰ শক্ৰ ?
লুব্ধানং যাচক: শক্ৰ মূৰ্খানাং বোধকো ৰিপু:।
জাৰস্ত্ৰীনাং পতি: শত্ৰশ্চৌৰানাং চন্দ্ৰমা ৰিপু:।।
মূৰ্খৰ শক্ৰ বিদ্যাদানকাৰী গুৰু কাৰণ তেওঁ মূৰ্খতা বিনাশ কৰে। চোৰৰ শক্ৰ পোহৰ দান কৰা চন্দ্ৰ, কাৰণ জোনৰ পোহৰত চোৰৰ চুৰিকাৰ্যত অসুবিধা হয়। তাতে চোৰৰ ধৰাপৰাৰ সম্ভাৱনা থাকে। ব্যাভিচাৰী স্ত্ৰীৰ শক্ৰ তেওঁৰ বৈধপতি কাৰণ পতি সেই ক্ষেত্ৰত বাধাস্বৰূপ। লোভীৰ শক্ৰ প্ৰাৰ্থী অৰ্থাৎ যাচক বা ভিক্ষু।
বৃথা উপদেশ
অন্ত:সাৰ বিহীনানামুপদেশো ন জায়তে।
মলয়াচল সংসৰ্গান্নবেনুশ্চন্দ নায়তে।।
ভিতৰত একো নাথাকিলে উপদেশ দি কোনো লাভ নহয়। সৎসংগ লাভ কৰিও অন্ত:সাৰ শূন্য ব্যক্তিৰ কোনো লাভ নহয়। মলয় পৰ্বতত বহুত চন্দন বৃক্ষ আছে কিন্তু মলয় পৰ্বত চন্দন গন্ধযুক্ত নহয়।
সাধাৰণ বুদ্ধি
যস্য নাস্তি স্বয়ং প্ৰজ্ঞা শাস্ত্ৰ তস্য কৰোতি কিম্।
লোচনাভ্যা বিহীনস্য দৰ্পনং কিং কৰিষ্যতি।।
সাধাৰণ বুদ্ধি নাথাকিলে, শাস্ত্ৰ খুৱালেও কোনো লাভ নহয়। যাৰ চকু নাই দাপোন (আইনা) তেওঁৰ কি কামত আহিব ?
বিনাশপ্ৰাপ্তি
আপ্তদ্বেষাদ ভবেম্মৃত্যু: পৰদ্বেষাদ্ধনক্ষয়:।
ৰাজদ্বেষাদ ভবোন্নাশো ব্ৰহ্মদেষাৎ কুলক্ষয়।।
আনক হিংসা কৰিলে অৰ্থ ক্ষয় হয়, ৰজাক হিংসা কৰিলে ৰাজৰোষত পৰে, ব্ৰাহ্মণক হিংসা কৰিলে বংশ ক্ষয় হয় আৰু সত্যদ্ৰষ্টা বা সত্যবক্তাক হিংসা কৰিলে মৃত্যুমুখত পতিত হ’ব লগাত পৰে।
ত্ৰিলোকেই স্বদেশ
মাতা চ কমলাদেবী পিতা দেব জনাৰ্দন:।
বান্ধবা বিষ্ণুভক্তাশ্চ স্বদেশো ভূবনত্ৰয়ম্।।
যাৰ মাতৃ লক্ষীস্বৰূপিনী, পিতৃ ভগৱান জনাৰ্দন স্বৰূপ আৰু বন্ধু-বান্ধৱগণ বৈষ্ণৱ, তেওঁৰ কাৰণে স্বদেশেই ত্ৰিভূবন তুল্য। পক্ষান্তৰত যি লক্ষ্মীক নিজ মাতৃ আৰু নাৰায়ণক পিতৃ জ্ঞান কৰে আৰু পতিতপাবন বৈষ্ণৱজনক নিজৰ বান্ধৱ বুলি ভাবে ত্ৰিভূবন তেওঁৰেই আপোন।
বৃথাশোক
একবৃক্ষা সমাৰূঢ়া নানাজাতি বিসঙ্গমা:।
প্ৰভাতে দশ দিশ যান্তি কা কস্য পৰিবেদনা।।
ৰাত্ৰিৰ সময়ত একেজোপা বৃক্ষত নানাজাতিৰ পক্ষীকুল বাস কৰে আৰু তেতিয়া অনেক সম্বন্ধ স্থাপন হয় আৰু পুৱা হ’লে সিহত যে কেনি উৰি যায় আৰু দেখিবলৈ পোৱা নাযায়, এইটো চিৰসত্য। মানুহে তেনেদৰে কেইদিনমানৰ কাৰণে সংসাৰলৈ আহে, নানান পৰিচয়েৰে আৱদ্ধ হয় আৰু শেষ দিনত কোন কেনি গুচি যায় কাৰো লগত আৰু কোনো সম্বন্ধ নাথাকে তাৰ কাৰণে শোক অকাৰণ।
বুদ্ধি যাৰ বল তাৰ
বুদ্ধিয়েই হৈছে শ্ৰেষ্ঠ বল। মূৰ্খ শাৰীৰিক দিশেৰে শক্তিশালী হ’লে তাৰ দৈহিক বলৰ দ্বাৰা কাৰ্য সিদ্ধি হয়। বুদ্ধিমান ব্যক্তি শাৰীৰিক দিশত শক্তিশালী নহ’লেও অসাধ্য সাধন কৰিব পাৰে। যেনেদৰে শিয়ালৰ চালাকিত মদগৰ্বিত সিংহৰ প্ৰাণ যায়।
আহাৰ বৃদ্ধিপ্ৰাপ্ত
শাকেন ৰোগা বৰ্দ্ধন্তে পয়সা বৰ্দ্ধতে তনু।
ঘৃতেন বৰ্দ্ধতে বীৰ্য্য মাংসাংমাংসঙ্গ প্ৰবৰ্দতে।।
দ্ৰব্যৰ যি গুণ আছে সেই কথা আমি স্বীকাৰ কৰা উচিত। দুগ্ধপানত দেহবৃদ্ধি, শাক ভোজনে ৰোগবৃদ্ধি, মাংস ভক্ষণত মেদ বৃদ্ধি আৰু ঘৃত সেৱনত বীৰ্যবৃদ্ধি হৈ থাকে।
বৃথা জীৱন
যেসাং ন বিদ্যা ন তপো ন দানং
ন চাপি শিলং ন গুণো ন ধৰ্ম:।
তে মৃত্যুলোকে ভুবি ভাৰ ভূতা
মনুষ্যৰূপেন মৃগাশ্চৰন্তি।।
যাৰ বিদ্যা, তপস্যা, দান, ধৰ্ম, গুণ অথবা ঋদৈ নাই এই পৃথিৱীত তেওঁলোকৰ জীৱন বৃথা, কাৰণ তেওঁলোক এই জগতত কোনো কামত নালাগে। এই পৃথিৱীত তেওলোক বোজাস্বৰূপ। তেওঁলোক মনুষ্য নামধাৰী জন্তু মাত্ৰ।
বিশ্বাসৰ অযোগ্য বন্ধু
ন বিশ্বসেৎ কুমিত্ৰে চ মিত্ৰে চাপি ন বিশ্বসেৎ।
কদাচিৎ কুপিতাং মিত্ৰঙ সৰ্বগুহ্য প্ৰকাশয়েৎ।।
কু-মিত্ৰক কেতিয়াও বিশ্বাস কৰা উচিত নহয়। ইয়াৰ বাহিৰে সাধাৰণ বন্ধুকো বিশ্বাস কৰা অনুচিত। কাৰণ ক্ৰোধবশত: তেওঁ যিকোনো সময়ত গুপ্ত কথা প্ৰকাশ কৰিব পাৰে।
মনৰ কথা মনতে ৰখা
মনসা চিন্তিত কাৰ্য্য বচসা ন প্ৰকাশয়েৎ।
অন্য লোকহিত কাৰ্যস্য যৎ সিদ্ধি ৰ্ন জায়তে।।
মনে মনে যি কাৰ্য কৰিম বুলি সিদ্ধান্ত লোৱা হৈছে সেই কথা মুখেৰে ক’তো প্ৰকাশ কৰা উচিত নহয়। কাৰণ শক্ৰৱে আগতেই সেই কথা জানিব পাৰিলে সৰ্বনাশ হ’ব আৰু অথবা মনৰ কথা গৰ্ব কৰি প্ৰকাশ কৰাৰ পাছত সেই কাৰ্য যদি সিদ্ধ নহয় তেনেহ’লে আনে উপহাস কৰিব।
কষ্টকৰ
কষ্টঞ্চ খলু মুৰ্খত্ব কষ্ট চ খলু যৌবনম্।
কষ্টাৎ কষ্টতৰং চৈব পৰগেহে নিবাসনম্।।
মূৰ্খতা কষ্টকৰ, যৌৱনৰ জ্বালা সহ্য কৰাও কষ্টকৰ। আনৰ ঘৰত বোজাস্বৰূপ হৈ বাস কৰা তাতকৈও অধিক কষ্টকৰ। কাৰণ সৰ্বদা ককৰ্থনা, গঞ্জনা শুনিব লগাত পৰে।
সকলোতে সকলো দ্ৰব্য পোৱা নাযায়
শৈলে শৈলে না মাণিক্য মৌক্তিকং ন গজে গজে।
সাধবো ন হি সৰ্বত্ৰ চন্দনং ন বনে বনে।।
সকলো অৰণ্যত চন্দন কাঠ পোৱা নাযায়। প্ৰত্যেকটো গজত গজমোতি নাথাকে। ঠিক সেইদৰেই প্ৰত্যেক স্থানত সাধু-সজন অৱস্থান নকৰে।
শোভণীয় নহয়
মাতা শক্ৰ: পিতা বৈৰী যেন বালো না পঠিত:।
ন শোভতে সভামধ্যে সংসমধ্যে বক যথা।।
যি পিতৃ-মাতৃয়ে শক্ৰৰ সমতুল্য হৈ সন্তানৰ বিদ্যাশিক্ষাৰ ব্যৱস্থা নকৰে, হাহৰ মাজত বগলী যেনেকৈ শোভা নাপায় সেইসকল পিতৃ-মাতৃৰ সন্তান সেইদৰে সভামধ্যত কেতিয়াও শোভণীয় হ’ব নোৱাৰে।
বিনা অগ্নিত শৰীৰ দগ্ধ
কান্তা বিয়োগ: স্বজনাপমান
ঋণস্য শেষ: কু নৃপস্য সেবা।
দৰিদ্ৰ ভাবো বিষমা সভা চ
বিনাৰগ্নিমেতে প্ৰদহন্তি কায়ম্।।
স্ত্ৰী-বিয়োগ, আপানজনৰ দ্বাৰা অপমান, দৰিদ্ৰতা, ঋণ, দুষ্টলোকৰ সঙ্গত পৰা আৰু দুষ্ট ৰজাৰ কৰ্মত লিপ্ত হ’লে বিনা অগ্নিত শৰীৰ প্ৰজ্বলিত হৈ থাকে।
শোভণীয়
সমানে শোভতে প্ৰীতি: ৰাজ্ঞ সেব চ শোভতে।
বাণিজ্য ব্যবহাৰেষু স্ত্ৰী দিব্যা শোভতে গৃহে।।
সমানে সমানে সখি পতা ভাল। ৰজাক সেৱা কৰা শোভণীয়। ব্যৱহাৰৰ দ্বাৰা বাণিজ্য বৃদ্ধিপ্ৰাপ্ত হয় আৰু শোভা পায়। সুন্দৰী স্ত্ৰী গৃহৰ মাজতে শোভণীয়।
ক্ষতি নহয়
যস্মিন ৰুষ্টে ভয়ং নাস্তি তুষ্টে নৈব ধনাগম:।
নিগ্ৰহোনুগ্ৰহো নাস্তি স ৰুষ্ট কিং কৰিষ্যতি।।
যি ব্যক্তি ক্ৰোধিত হ’লেও কোনো ক্ষতিৰ আশংকা নাথাকে, আকৌ প্ৰসন্ন হ’লেও অৰ্থাগম নহয়, অতএব সেই ব্যক্তি তুষ্ট হ’লেই বা কি হ’ব আৰু ৰুষ্ট হ’লেই বা কি লাভ লোকচান হ’ব ?
Read Also: মহান পণ্ডিত চাণক্যৰ জীৱন কথা | Chanakya Neeti
আমি আশা কৰিছো চাণক্য নীতি Part 2 আপোনালোকক সহায় কৰিব। যদি আপোনাৰ চাণক্য নীতি Part 2 সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।