মহান পণ্ডিত চাণক্যৰ জীৱন কথা | Chanakya Neeti
প্ৰায় আঢ়ৈ হাজাৰ বছৰ আগতে ভাৰতবৰ্ষৰ তক্ষশীলা নগৰৰ এক সাধাৰণ ব্ৰাহ্মণ পৰিয়ালত এই মহান পণ্ডিতজনে জন্ম গ্ৰহণ কৰে। চাণক্য নামৰ পৰম ধাৰ্মিক ব্যক্তিজনৰ পুত্ৰ হোৱাৰ কাৰণে তেওঁৰ নাম চাণক্য ৰখা হয়।
চাণক্য কেৱল মাত্ৰ নীতিশাস্ত্ৰতে পণ্ডিত নাছিল, লগতে তেওঁ এজন অসাধাৰণ কুটনীতিজ্ঞ পণ্ডিত আছিল, সেয়ে তেওঁ কৌটিল্য নামেৰে বিখ্যাত হৈ পৰিছিল।
বিষ্ণু সিদ্ধান্ত নামেৰে তেওঁ এখন জ্যোতিষ শাস্ত্ৰ ৰচনা কৰিছিল। এই শাস্ত্ৰ ৰচনা কৰি তেওঁ বিষ্ণুশৰ্মা নামেৰে পৰিচিত হ’ল। কিন্তু দেশবিদেশত তেওঁ চাণক্য বা কৌটিল্য নামেৰেহে অধিক ভাবে পৰিচিত হৈ পৰিল।
তেওঁৰ ব্যক্তিত্বৰ আন এটা দিশো আছিল। সেইটো হ’ল এই প্ৰকাণ্ড জ্ঞানী পণ্ডিতজন প্ৰচণ্ড ক্ৰোধী আৰু জেদী মানুহ আছিল। তেওঁ নিজকে আনতকৈ ভিন্ন আৰু প্ৰধান বুলি বিশ্বাস কৰিছিল। সৰুকালৰ পৰাই ভগৱান বিশ্বাসী আছিল। বেদপুৰাণ আদি শাস্ত্ৰৰ প্ৰতি আছিল অগাধ কৌতুহল আৰু আকৰ্ষণ। কৃষ্ণতত্ত্ব বিষয়ত তেওঁ অতি পাৰদৰ্শী আছিল। কৃষ্ণৰ বিষয়ে অপ্ৰিয় কথা ক’লে তেওঁ তৎকালে তাৰ তীব্ৰ প্ৰতিবাদ যুক্তি সহকাৰে আৰু প্ৰবলভাৱে প্ৰতিপন্ন কৰিছিল।
Read Also: Indian History Notes – Ancient, Medieval, Modern
এই মহান পণ্ডিতজন যে অত্যন্ত জেদী আৰু ক্ৰোধী আছিল এটা মাত্ৰ উদাহৰণৰ পৰা বুজিব পাৰি- তেওঁ যেতিয়া যুৱক আছিল এদিন পথত গৈ থকা অৱস্থাত তেওঁৰ ভৰিত কুশবনৰ কাইটে বিন্ধিলে। ভৰিৰপৰা তেজ ওলাবলৈ ধৰিলে। তেওঁৰ ভীষণ খং উঠিল। কুশবিলাক পুলিয়ে পোখাই উভালি নিৰ্মূল কৰিবলৈ তেওঁ দৃঢ়সংকল্প হ’ল। লগে লগে তেওঁ কুশবোৰ হাতেৰে উভালিবলৈ ধৰিলে। এফালৰপৰা তেওঁ কুশবনবোৰ নিৰ্মূল কৰি যাবলৈ ধৰিলে। পুনৰ যাতে কুশবনবোৰ গজি নুঠে আৰু তাৰ কাৰণে তেওঁ কুশবনৰ গুৰিত গৰমপানী ঢালিবলৈ ধৰিলে।
সেই সময়তে সেই পথেৰে নন্দবংশৰ শেষ সম্ৰাট ধননন্দৰ মন্ত্ৰী গৈ আছিল। ধননন্দই মন্ত্ৰীৰ লগত সদায় বেয়া ব্যৱহাৰ কৰিছিল। ৰজাৰ প্ৰতি প্ৰতিশোধ পৰায়ণ হৈ মন্ত্ৰীয়ে যিকোনো উপায় বিচাৰি আছিল। কিন্তু কোনো উপায় বা সুযোগ পোৱা নাছিল। এইদৰে সদায় অপমানিত জীৱন ব্যতিত কৰিছিল।
কেইদিনমান পাছত মহাৰাজ ধননন্দৰ পিতৃৰ বাৰ্ষিক শ্ৰাদ্ধৰ সময় হৈছিল। ধননন্দই মন্ত্ৰীক এজন বিচক্ষণ শাস্ত্ৰজ্ঞ পণ্ডিতক নিমন্ত্ৰণ কৰি আনিবলৈ আদেশ দিলে।
সেই উদ্দেশ্যে লৈ মন্ত্ৰী পথত গৈ থাকোতে দূৰৰ পৰা চাণক্যৰ কৰ্মকাণ্ডবোৰ দেখিলে। বুদ্ধিমান মন্ত্ৰীয়ে নিমিষতে সকলো বুজি পালে। বুজি পালে যে ৰজাৰ প্ৰতি প্ৰতিশোধ লোৱাত এই জেদীমানুহজন একমাত্ৰ সহায় হ’ব। তেওঁ ওচৰলৈ আহি চাণক্যৰ সকলো কথা শুনিলে। এইজন উগ্ৰচণ্ডী, পৰমক্ৰোধী ব্যক্তিক যদি কিবা উপায়েৰে ৰজা ধননন্দৰ প্ৰতি ক্ৰোধিত কৰিব পৰা যায়, তেনেহ’লে প্ৰতিশোধ লোৱা কাৰ্য সহজে সম্পন্ন হ’ব।
এইদৰে সাতে পাচে চিন্তা কৰি মন্ত্ৰীয়ে চাণক্যক মহাৰজা ধননন্দৰ পিতৃৰ বাৰ্ষিক শ্ৰাদ্ধত পৌৰোহিত্য কৰিবৰ কাৰণে সাদৰেৰে নিমন্ত্ৰণ কৰি গ’ল।
যথাসময়ত চাণক্য আহি শ্ৰাদ্ধত পৌৰোহিত্য কৰিবৰ কাৰণে ৰাজঘৰত উপস্থিত হ’লহি। ইফালে যদিও ৰজা ধননন্দই মন্ত্ৰীক পুৰোহিত আনিবলৈ আদেশ দিছিল কিন্তু মন্ত্ৰীৰ ওপৰত তেওঁৰ তিলমানো বিশ্বাস নাছিল। সেয়ে তেওঁ আন এজন মন্ত্ৰী ৰাক্ষস বৰ্মনক এজন ভাল পণ্ডিত ব্ৰাহ্মণ আনিবৰ কাৰণে কৈ থৈছিল।
ৰাজ আদেশ সুকলমে পালন কৰি তেওঁ এজন পণ্ডিত ব্ৰাহ্মণ লৈ আহি দেখিলে যে আগতেই এজন পণ্ডিত আহি পুৰোহিতৰ আসনত থমথমকৰে বহি আছে। মন্ত্ৰী ৰাক্ষস বৰ্মনে এই কথা ধননন্দক জনালে।
আনহাতে চাণক্য যদিও সুপণ্ডিত মহাজ্ঞানী আৰু প্ৰখৰ ৰাজনীতিবিদ আছিল কিন্তু তেওঁ দেখাত অতি কদাকাৰ, কুৎচিত, কুৰূপ আছিল। সংবাদ পাই ৰজা নন্দই ৰাজসভালৈ আহি দেখিলে যে এজন অতি কৃষ্ণবৰ্ণ কদাকাৰ কুৎচিত পণ্ডিত আহি পুৰোহিতৰ আসনত বহি আছে। ৰজা অতি ক্ৰোধাম্বিত হ’ল। লগে লগে তেওঁ এজন ৰখীয়া সৈন্যক আদেশ কৰিল- “এই কদাকাৰ পণ্ডিতজনক চুলিত ধৰি পুৰোহিতৰ আসনৰ পৰা তুলি গতিয়াই বাহিৰ কৰি দে”।
সভাৰ মাজত অগণন মানুহৰ সমুখত এইদৰে ভীষণ অপমান পাই ধননন্দৰ ওপৰত চাণক্য প্ৰচণ্ড ভাবে ক্ৰোধিত হৈ পৰিল। ক্ৰোধাগ্নিত জ্বলি তেওঁ কপি কপি ৰাজসভাত থিয় হৈ নিজৰ মূৰৰ শিখা খুলি ৰজা ধননন্দক উদ্দেশ্য কৰি ক’লে- “মহাৰাজ, তুমি মদগৰ্বী হৈ পিতৃশ্ৰাদ্ধৰ সময়ত যিধৰণে মোক অপমানিত কৰিলা, মন দি শুনা- মই যদি যথাৰ্থতে পণ্ডিত হও, যথাৰ্থ ব্ৰাহ্মণ হও, শাস্ত্ৰজ্ঞ আৰু নিষ্ঠাবান হও তেন্তে তুমি ইয়াৰ উপযুক্ত প্ৰতিফল পাবা। আৰু শুনি লোৱা, যেতিয়ালৈকে মই নন্দবংশ ধ্বংস কৰিব নোৱাৰো তেতিয়ালৈকে মই আৰু মোৰ এই শিখা নাবান্ধো।” কম্পিত স্বৰেৰে এই কথাকিটা উচ্চাৰণ কৰি পৰম ক্ৰোধত অশান্ত হৈ তেওঁ ধননন্দৰ ৰাজসভা ত্যাগ কৰিলে।
চাণক্যক ৰাজসভাত ভয়ানক অপমান কৰাৰ কিছুদিন পাছত ৰজা ধননন্দৰ অসন্তুষ্ট মন্ত্ৰী পুনৰ কুটনীতিবিদ চাণক্যৰ ওচৰলৈ আহিল। কি উপায়েৰে নন্দবংশ ধ্বংস কৰা যায়, কি ধৰণে ৰাজসিংহাসনৰ পৰা ধননন্দক উৎখাত কৰা যায় সেই বিষয়ে তেওঁ চাণক্যৰ লগত আলোচনা কৰিলে।
সুযোগ নিজে নিজে ওলাল। সেইসময়ত নন্দবংশত এজন পৰম শক্তিশালী জ্ঞানী আৰু সাহসী বীৰ যুৱক আছিল। তেওঁৰ নাম হ’ল- চন্দ্ৰগুপ্ত। পিছে কোনোবাই কয় তেওঁ নন্দৰজাৰ উপপত্নী মুৰাৰ পুত্ৰ। তেওঁৰ মাকৰ নাম অনুসৰি চন্দ্ৰগুপ্তক কোৱা হয় মৌৰ্য।
গ্ৰীক লেখকে কৈছিল চন্দ্ৰগুপ্ত সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। ইয়াৰ বিপৰীতে বৌদ্ধ আৰু জৈন গ্ৰন্থত কোৱা হৈছিল চন্দ্ৰগুপ্ত পিপল্লীবণৰ মোৰিয় ক্ষত্ৰিয়। কথিত আছে ক্ষত্ৰিয় মোৰিয় বংশৰ শাসক আছিল চন্দ্ৰগুপ্তৰ পিতৃ। কিবা কাৰণত মগধসম্ৰাট ধননন্দই তেওঁক হত্যা কৰিছিল। সেয়ে পিতৃহত্যাৰ প্ৰতিশোধ ল’বলৈ চন্দ্ৰগুপ্তই সুযোগ বিচাৰি আছিল।
এতিয়া সুবৰ্ণ সুযোগ ওলাল। চন্দ্ৰগুপ্ত চাণক্যৰ লগত মিলিত হ’ল। দৰাচলতে দূৰদৰ্শী চাণক্যই নিজৰ উদ্দেশ্য সাধন কৰিবলৈ চন্দ্ৰগুপ্তক উপযুক্ত বিবেচনা কৰিলে।
এতিয়া চাণক্য, চন্দ্ৰগুপ্ত আৰু ধননন্দৰ অসন্তুষ্ট মন্ত্ৰী এই ত্ৰিমুৰ্তি একেলগ হৈ নন্দবংশ ধ্বংস যজ্ঞৰ কাৰণে মন্ত্ৰণা কৰিবলৈ ধৰিলে।
সেইসময়ত গ্ৰীক সম্ৰাট মহাবলী আলেকজেণ্ডাৰৰ ওচৰত চন্দ্ৰগুপ্তই যুদ্ধবিদ্যাৰ প্ৰশিক্ষণ লৈ আছিল। চন্দ্ৰগুপ্তৰ বাহুবল, চাণক্যৰ কুটকৌশল, অসন্তুষ্ট মন্ত্ৰীৰ প্ৰতিহিংসা পৰায়ণতা আৰু কুটবুদ্ধি এই তিনিওৰে একত্ৰিত যত্নত শক্তি সংগ্রহ কৰি ধননন্দক আক্ৰমণ কৰে। যুদ্ধত ধননন্দ পৰাজিত আৰু নিহত হ’ল।
চাণক্যই নিজৰ প্ৰতিজ্ঞা পুৰণ কৰিলে। নিজৰ কুটকৌশলৰ দ্বাৰা নন্দবংশ ধ্বংস কৰিলে। এইদৰে তেওঁৰ প্ৰতিশোধ পূৰ্ণ হ’ল। এতিয়াহে তেওঁ প্ৰতিজ্ঞা কৰামতে পুনৰ শিখা বন্ধন কৰি চন্দ্ৰগুপ্তক মগধৰ সিংহাসনত বহুৱালে। নিজে প্ৰধানমন্ত্ৰীৰ গুৰুদায়িত্ব গ্ৰহণ কৰি দেশৰ কল্যাণৰ কাৰণে চিন্তা কৰিবলৈ ধৰিলে।
এতিয়া চাণক্যৰ সুমন্ত্ৰণাত মগধ সাম্ৰাজ্যই উত্তৰোত্তৰ উন্নতিৰ পথত অগ্ৰসৰ হ’বলৈ ধৰিলে। চন্দ্ৰগুপ্তই প্ৰবল পৰাক্ৰমেৰে যবণ আৰু ম্লেচবোৰক পৰাজিত কৰিলে। তেওঁৰ সুশাসনত দেশত সামাজিকভাবে শান্তি বিৰাজ কৰিবলৈ ধৰিলে। ৰাজ্যৰ শক্ৰবোৰক চাণক্যই ধ্বংস কৰিবলৈ ধৰিলে।
এই কথা সূৰ্য্যৰ পোহৰৰ দৰে সত্য যে চন্দ্ৰগুপ্তৰ এই অভূতপূৰ্ব সাফল্যৰ কাৰণে সকলো কৃতিত্ব আছিল মহাপণ্ডিত চাণক্যৰ চাণক্যৰ সুমন্ত্ৰণা ক্ৰমেই মৌৰ্যবংশৰ প্ৰতিষ্ঠা সম্ভৱ হৈছিল। তেওঁৰ যত্নৰ ফলতেই চন্দ্ৰগুপ্ত প্ৰাচীন ভাৰতৰ একচ্ছত্ৰী সম্ৰাটৰূপে প্ৰতিষ্ঠিত হৈছিল।
মহাপণ্ডিত চাণক্যই নিজ প্ৰযত্নেৰে চন্দ্ৰগুপ্তক মগধৰ সিংহাসনত প্ৰতিষ্ঠিত কৰি, কিছুকাল ভালদৰে ৰাজ শাসনত সহায়তা কৰাৰ পাছত মন্ত্ৰীপদ ত্যাগ কৰি তপস্যা কৰিবৰ কাৰণে বনলৈ গমন কৰিলে। এইজনেই মহাপণ্ডিত চাণক্য। তেওঁ সৰ্বশাস্ত্ৰ বিশাৰদ সুপণ্ডিত আছিল। তেওঁৰ তীক্ষ্ণবুদ্ধিৰ সমুখত কোনো তিষ্ঠিব নোৱাৰিছিল। এফালে তেওঁ যেনেদৰে পৰম নৈষ্ঠিক ব্ৰাহ্মণ আছিল আনফালে তেওঁ সত্যবাদী, তেজস্বী আৰু জিতেন্দ্ৰীয় আছিল। মগধ সাম্ৰাজ্যৰ প্ৰধানমন্ত্ৰী হৈয়ো তেওঁ অতি সাধাৰণভাৱে জীৱন যাপন কৰিছিল। কিন্তু তেওঁৰ বিচক্ষণতা আৰু পাণ্ডিত্যৰ প্ৰভাবত দেশবিদেশৰ ৰাজণ্যবৰ্গ ভয়ত কম্পমান আছিল। চন্দ্ৰগুপ্ত সম্ৰাট হ’লেও চাণক্যৰ নিৰ্দেশ নহ’লে কোনো কাম নকৰিছিল।চাণক্যৰ মতে ধৰ্ম সকলোৰে উৰ্দ্ধত, ইয়েই একমাত্ৰ সত্য। সকলোৱে ধৰ্মপথত থাকি জীৱন যাপন কৰা শ্ৰেয়:।
মহান পণ্ডিত চাণক্যৰ জীৱন কথা
প্ৰাৰ্থনা
(ক) প্ৰণম্য শিৰসা বিষ্ণু: ত্ৰৈলোক্যাধিপতিং।
নানাশাস্ত্ৰোদ্ভুটং বক্ষ্যে ৰাজনীতি সমুচ্চয়ম।।
“এই ত্ৰিভূবনৰ মহাপ্ৰভূ ভগৱান শ্ৰীবিষ্ণুক প্ৰণাম কৰি নানান শাস্ত্ৰৰ পৰা গ্ৰহন কৰা মহান ৰাজনীতিৰ বৰ্ণনা কৰিছো।
(খ) কা চিন্তা মম জীৱনে যদি হৰিৰ্বিশ্বম্ভৰ গীয়তে।
নো চেদৰ্ভ কজীবমাৰ্থ জননীস্তন্য নি:সৰেৎ।।
ইত্যালোচ্য মুহূম্মুহূষদুপতে লক্ষ্মীপতে কেবলং।
ব্ৰপায়োদাম্বুজসেবননে সতটং কালো ময়ানীয়তে।।
আমি যদি শ্ৰীহৰিৰ গুণকীৰ্তন কৰো তেনেহ’লে আমাৰ জীৱনত আৰু কোনো চিন্তা নাথাকে। যদি ভগৱান শ্ৰীহৰিৰ দয়া নাথাকে তেনেহ’লে শিশুসকলৰ জীৱন ৰক্ষাৰ্থে মাতৃস্তনত দুগ্ধ কেনেকৈ আহিব ? সকলো ভগৱানৰ দ্বাৰাই সম্ভৱ হৈছে। হে লক্ষ্মীপতি নাৰায়ণ, আমি সৰ্বদাই আপোনাৰ শ্ৰীচৰণ চিন্তাত সময় অতিবাহিত কৰিছো।২।
(গ) ধৰ্মে তৎপৰতামুখে মধুৰতা দানে সমুৎসাহতা।
মিত্ৰেহবঞ্চতা গুৰৌ বিনয়তা চিত্তেহপি গম্ভীৰতা।।
আচাৰে শুচিতা গুণে ৰসিকতা শাস্ত্ৰেষু বিজ্ঞানতা।
ৰূপে সুন্দৰতা শিবে ভজনতা ত্বষ্যস্তি ভো ৰাঘব:।।
ধৰ্মত তৎপৰতা, মুখৰ ভাষাত মধুৰতা, দানকাৰ্য্যত উৎসাহ, বন্ধুৰ লগত কপটহীনতা, শ্ৰীগুৰুৰ প্ৰতি বিনয়, চিত্তত গভীৰতা, আচৰণত পৱিত্ৰতা, গুণৰ প্ৰতি সমাদৰ, শাস্ত্ৰ বিষয়ত জ্ঞান, ৰূপত সৌন্দৰ্যতা, শিৰত ভক্তিপূৰ্ণতা- হে ৰাঘব এই সকল গুণ কেৱল তোমাৰ মাজতে দেখিবলৈ পোৱা যায়।
ঈশ্বৰতত্ত
ন দেবো বিদ্যতে কাষ্ঠে না পাষাণে ন মৃন্ময়ে।
ভাবে হি বিদ্যতে দেবস্তমাদ্ ভাবো হি কাৰণম্।।
ভগৱান কাঠৰ মাজত, পাথৰত, মাটিৰ মাজত বা মূৰ্তিৰ মাজত নাই। তেওঁ কেৱল বিশ্বচিন্তাত বিৰাজমান। অতএব ঈশ্বৰ চিন্তা বা ঈশ্বৰৰ ওপৰত মন:সংযোগ প্ৰধান কৰ্তব্য।
কাষ্ঠ পাষাণ ধাতুনং কৃত্বা ভাবেন সেবনম্।
শ্ৰদ্ধয়া চ তথা সিদ্ধিস্তস্য বিষ্ণো: প্ৰসাদত:।।
কাঠ, পাথৰ বা ধাতুৰ মূৰ্তিক সমুখত ৰাখি ধ্যান, অৰ্চনা বা জপ কৰিলে আৰু শ্ৰদ্ধা বিশ্বাসেৰে উপাসনা কৰিলে ভগৱানৰ কৃপাত সিদ্ধিলাভ কৰিব পৰা যায়।
পুষ্পে গন্ধ তিলে তৈলং কাষ্ঠে বহ্নি পয়োঘৃতম্।
ইক্ষৌ গুৰং তথা দেহে পশ্যাত্মানং বিবেকত:।।
যি ধৰণে ফুলত গোন্ধ, তিলত তেল, কাঠত অগ্নি, গাখীৰত ঘি, কুহিয়াৰত গুৰ আছে সেইধৰণে দেহৰ মাজত পৰমাত্মা বিৰাজ কৰি আছে, আমাৰ পৰম কৰ্তব্য হৈছে এই কথা উপলব্ধি কৰি জানিবলৈ যত্ন কৰা উচিত।
কলৌ দশ সহস্ৰানি হৰিস্তজ্যতি মেদিনীম্।
তদৰ্ধে জাহ্নবী তোয়ং তদৰ্ধে গ্ৰাম্যদেবতা।।
কলিযুগত দহ হাজাৰ বছৰ পূৰ্ণ হ’লে ভগৱানে পৃথিৱী পৰিত্যাগ কৰিব, তাৰ আধা সময়ত গঙ্গাদেৱীয়ে নিজ পথ ত্যাগ কৰিব তাৰো আধা সময়ত গ্ৰাম্যদেৱতা সকল পৃথিৱী ত্যাগ কৰি গুচি যাব।
গুণে ন মতসৰ: কৰ্তব্য:। শত্ৰোৰপি সুগুণো গ্ৰাহ্য।
আৰ্যবৃত্তমনুতিষ্ঠেত্। কদাপি মৰ্যদা নাতিক্ৰমেত্।।
যদি আন ব্যক্তিৰ মাজত কিবা গুণ বিদ্যমান থাকে তেতিয়া সেয়া গ্ৰহণ কৰিব লাগে। তেওঁক ঈৰ্ষা বা দ্বেষ কৰিব নালাগে। শক্ৰৰ গাত যদি গুণ থাকে সেয়া গ্ৰহণ কৰিবলৈ সংকোচ কৰিব নালাগে। ইয়াৰ দ্বাৰাই যিকোনো বুদ্ধিমান ৰজাই নিজৰ ৰণকৌশল সফল কৰিব পাৰে। সদায় শ্ৰেষ্ঠজনৰ দৰে আচৰণ কৰিব লাগে। মৰ্যাদাৰ উলঘন কেতিয়াও কৰিব নালাগে।৮।
মতিমৎসু মূৰ্খমিত্ৰ গুৰুবল্লভেষু বিবাদো ন কৰ্তব্য:।।
অৰ্থাৎ বুদ্ধিমান ব্যক্তিয়ে মূৰ্খ মিত্ৰ গুৰু আৰু প্ৰিয়জনৰ সৈতে বিবাদত লিপ্ত হ’ব নালাগে। যিজন মানুহৰ ভাল বেয়াৰ জ্ঞান আছে, মানুহৰ লগত কেনেদৰে ব্যৱহাৰ কৰিব লাগে সেয়া জানে তেনেকুৱা মানুহে নিজৰ আত্মীয়-স্বজন, বন্ধু-বান্ধব, গুৰুজন আৰু মূৰ্খ লোকৰ সৈতে অনাহকত বাদ-বিবাদত লিপ্ত হোৱা সৰ্বথা অনুচিত।
কি ত্যাগ কি কৰ্তব্য
ত্যজেদ্ধৰ্ম দয়াহীনং বিদ্যা হীনং গুৰু ত্যজেৎ।
ত্যজেৎক্ৰোধমুকী ভাৰ্যান্নি: স্নেহাবান্ধবত্যজ্যেৎ।।
বিদ্যাহীন গুৰু, দয়াহীন ধৰ্ম, স্নেহহীন বন্ধু আৰু ক্ৰোধযুক্তা পত্নী পৰিত্যাগ কৰা উচিত। কাৰণ বিদ্যাহীন গুৰুৱে শিষ্যক সঠিক পথৰ সন্ধান দিব নোৱাৰে। প্ৰীতিহীন বন্ধু কোনো উপকাৰত নাহে। যি ধৰ্মই মানুহক ধাৰণ কৰে সেই ধৰ্ম যদি দয়াহীন হয় সেই ধৰ্ম কোনো কামত নাহে। প্ৰচণ্ড ক্ৰোধযুক্তা পত্নীয়ে সংসাৰত অমংগল সাধন কৰে তাৰ ফলত সংসাৰত অশান্তি ঘটে।
চিন্তনীয় কাম
ক: কাল: কানি মিত্ৰানি কো দেশ: কৌ ব্যয়াগমৌ।
কস্যাসং কা চ মে শক্তিৰিতি চিন্ততং মুহূৰ্মহূ।।
কোনো কাম কৰাৰ আগতে ভাবিচিন্তি কৰিব লাগে। কাম সম্পন্ন হোৱাৰ পাছত আৰু ভাবিচিন্তি লাভ নাই। কাৰ্য সম্পাদন কৰাৰ আগত ভাবিব লাগে যে কোন দেশ, কোন সময়, কোন বা বন্ধু, কি আয় কি ব্যয়- নিজৰেই বা শক্তি কিমান ?
সকলো সমান নহয়
একোদৰ সমুদ্ভূতা এক নক্ষত্ৰ জাতকা:।
ন ভবন্তি সমাশীলে যথা বদৰিকণ্টকা:।।
একেই মাতৃগৰ্ভত জন্মলাভ কৰি আৰু একেই নক্ষত্ৰযোগে জন্ম হৈয়ো সকলোৰে ঋদৈবৃত্তি সমান নহয়। সমান পৰিৱেশত জন্ম গ্ৰহণ কৰিও সমান গুণী হোৱাৰ নিশ্চয়তা নাই। একেডাল বৃক্ষতে ফুল আৰু কাইট বিদ্যমান কিন্তু সেই ফুল আৰু কাইটৰ মাজত প্ৰাৰ্থক্য অনেক।
ধৰ্মৰ প্ৰয়োজনীয়তা
অনিত্যানি শৰীৰানি বিভবো নৈব শাশ্বত:।
নিতুং সন্নিহিতো মৃত্যু কৰ্তব্য ধৰ্ম-সঞ্চয়।।
আমাৰ এই মানবদেহ অনিত্য। এইটো ধ্ৰুৱসত্য যে জন্ম গ্ৰহণ কৰিলে মৃত্যু হ’ব। দেহধাৰী বস্তু বা প্ৰাণী মাত্ৰেই ক্ষণভঙ্গুৰ, বিষয় বৈভবো চিৰস্থায়ী নহয়। মৃত্যু অবশ্যম্ভাবী।
অতএব সময় থাকোতে ধৰ্মানুৰাগী হোৱা উচিত।
সাধু দৰ্শন
সাধুনং দৰ্শনং পূনং তীৰ্থভূতা হি সাধবা:।
কালেন ফলতে তীৰ্থ: সদ্য সাধু সমাগমা:।।
সহস্ৰ তীৰ্থ দৰ্শন কৰাতকৈ এজন সাধুদৰ্শনত বহুপূণ্য লাভ হয়। কাৰণ সাধুসকল ঈশ্বৰৰ আপোন আৰু প্ৰিয়জন। সাধুসকলে কৃপা কৰিলে পৰম প্ৰেমময় ঈশ্বৰেও কৃপা কৰে। সকলো সময়ত তীৰ্থ দৰ্শনৰ ফল পোৱা নাযায়।
কৰ্মফল
কৰ্মায়ত্ত ফলং পূংসা বৃদ্ধি কম্মানুসাৰিণী।
তথাপি সুধীয়শ্চাৰ্য্যা: সুবিচাৰ্য্যেব কুৰ্বতে।।
কৰ্ম অনুযায়ী বুদ্ধিপ্ৰাপ্ত হয় আৰু সেই অনুসাৰে ফললাভো হৈ থাকে। কু-কৰ্মৰ ফলত কু-বুদ্ধি লাভ আৰু সেই অনুসাৰে কু-ফল লাভ হৈ থাকে। সেয়ে জ্ঞানীসকলে চিন্তা-ভাৱনা কৰি কৰ্মত প্ৰবৃত্ত হয়।
বৰ্তমানৰ কথা চিন্তনীয়
গতে শোকো ন কৰ্তব্যো ভৱিষ্যৎ নৈব চিন্তয়েৎ।
বৰ্তমানেন কালেন প্ৰবৰ্তন্তে বিচক্ষণা:।।
যি হৈ গৈছে তাৰ কাৰণে কোনো শোক কৰি লাভ নাই। শোক কৰিলে অতীত কোনোদিন ঘূৰি নাহে। ভৱিষ্যৎ অনাগত। ভৱিষ্যতৰ কথা ভাবিও বিশেষ ফল নহয়। সৰ্বদা বৰ্তমানৰ কথা ভাবিব লাগে। কাৰণ বৰ্তমানৰ ওপৰত ভৱিষ্যৎ নিৰ্ভৰশীল। সেয়ে বুদ্ধিমান লোকসকলে বৰ্তমানৰ কথা চিন্তা কৰে।
অপ্ৰয়োজনীয় মানুহ
লোকযাত্ৰা ভয়ং লজ্জা দাক্ষিণ্য ত্যাগশীলতা।
পঞ্চ যত্ৰ ন বিদ্যন্তে ন কুৰ্য্যাতত্ৰ সংগতিম।।
যাৰ শক্তি, ভয়, লজ্জা, ত্যাগ , দয়া নাই তাৰ লগত বসবাস কৰা উচিত নহয় কাৰণ সেই মানুহৰ কোনো প্ৰয়োজন নাই।
দু:খ কি ?
মুৰ্খ শিষ্যোপদেশেন দুষ্টা স্ত্ৰী ভৰণেন চ।
দু:খিত সংপ্ৰয়োগেন পণ্ডিতোহপ্যসীদতে।।
মূৰ্খ শিষ্যক উপদেশ দি কোনো লাভ নহয়। কাৰণ মূৰ্খই উপদেশৰ মৰ্ম উপলব্ধি কৰিব নোৱাৰে। দুষ্টাস্ত্ৰীৰ ভৰণ-পোষণ দু:খৰ কাৰণ।
মৃত্যুৰ আশংকাযুক্ত ঘৰ
দুষ্টা ভাৰ্য্যা শঠং মিত্ৰৰং ভৃত্যশ্চোত্তৰদায়ক:।
সসৰ্পে চ গৃহে বাস মৃত্যুৰেব ন সংশয়।।
যি গৃহত দুষ্টা ভাৰ্য্যা, কপটী বন্ধু আৰু সৰ্বদা উত্তৰ দিয়া ভৃত্য বাস কৰে তাত সদায় মৃত্যুৰ আশংকা বিদ্যমান।
আত্মৰক্ষা
আপদৰ্থে ধনং ৰক্ষেদ্দাৰান্ ৰক্ষেদ্ধনৈৰপি।
আত্মানং সতত ৰক্ষেৎ দাৰৈৰপি ধনৈৰপি।।
অসময়ৰ কথা ভাবি ধন সঞ্চয় কৰা একান্ত কৰ্তব্য। পত্নীক ৰক্ষা কৰা স্বামীৰ কৰ্তব্য। কিন্তু আত্মৰক্ষা কৰা তাতকৈও শ্ৰেয়স্কৰ। অৰ্থ আৰু পত্নী ৰক্ষাতকৈও আত্মৰক্ষা শ্ৰেষ্ঠ কাম।
বাসোপযোগী স্থান নহয়
(ক) যস্মিন দেশে ন সম্মানো ন বৃত্তিৰ্ন ন চ বান্ধবা:।
ন চ বিদ্যাগমোহপস্তি বাসং তত্ৰ ন কাৰয়েৎ।।
যি স্থান বা যি দেশত সন্মান, বন্ধু বা বিদ্যালাভ নহয়, জীৱিকা অৰ্জনৰো কোনো সুযোগ নাথাকে সেই স্থান বাস কৰাৰ কাৰণে উপযোগী নহয়।
(খ) ধনিক: শ্ৰোত্ৰিয় ৰাজা নদী বৈৰ্দস্ত পঞ্চম:।
পঞ্চ যত্ৰ ন বিদ্যতে ন তত্ৰ দিবসং বসেৎ।।
যি দেশ বা যি স্থানত ঋণদানকাৰী ধনীব্যক্তি, বেদজ্ঞ ব্ৰাহ্মণ, জলদানকাৰী নদী, প্ৰশাসনব্যৱস্থা চলাবৰ কাৰণে কোনো ৰজা নাই সেই দেশ বা সেই স্থান বাসযোগ্য নহয়। বেদজ্ঞ ব্ৰাহ্মণ নাথাকিলে উপযুক্ত শিক্ষাৰ পৰিৱেশ সৃষ্টি নহয়। ৰজা বা প্ৰশাসক নাথাকিলে দেশত অৰাজকতাৰ সৃষ্টি হয়। নদী নাথাকিলে পানীৰ অভাৱত কষ্ট পোৱা যায়। বৈদ্য নাথাকিলে চিকিৎসাৰ সুযোগ নাথাকে। ঋণদানকাৰী ধনী নাথাকিলে অৰ্থাভাবৰ সময়ত ঋণ পোৱা নাযায়। সেয়ে তেনেকুৱা স্থানত বাস কৰা বুদ্ধিমান ব্যক্তি মাত্ৰৰেই অনুচিত।
উপযোগিতা আৰু স্বৰূপ
জানীয়াৎ পেষণে মৃত্যান্ বান্ধবান ব্যসনাগমে।
মিত্ৰ চাপতকালে তু ভাৰ্য্যা চ বিভবক্ষয়ে।।
কাৰ্যৰ দ্বাৰা ভৃত্যৰ সাৰ্থকতা প্ৰমাণিত হয়। দুখৰ সময়ত আত্মীয়স্বজনক চিনি পোৱা যায়। বিপদকালত বন্ধুৰ পৰিচয় পোৱা যায়। আৰু ধনহীন অৱস্থাত পত্নীৰ প্ৰকৃত ৰূপ দেখা যায়।
প্ৰকৃত বন্ধু
উৎসবে ব্যসনে চৈব দুৰ্ভিক্ষে শক্ৰ সংকটে।
ৰাজদ্বাৰে শ্মশানে চ য: তিষ্ঠতি স বান্ধব।।
আনন্দ উৎসৱত, ৰোগেশোকে, অভাৱ-অনাটনৰ সময়ত, শক্ৰসংকটত, ৰজাৰ ওচৰত আৰু শ্মশানযাত্ৰাৰ সময়ত যি জনে সদায় সহায়তাৰ হাত আগবঢ়াই তেওঁ প্ৰকৃত বন্ধু।
নিশ্চিত গ্ৰহণীয়
যে ধ্ৰুবানি পৰিত্যাজ্য অধ্ৰুবং পৰিসেবতে।
ধ্ৰুবানি তস্য নশ্যন্তি অধ্ৰুবং নষ্টমেব হি।।
যিজনে নিশ্চিত বস্তু পৰিত্যাগ কৰি অনিশ্চিতৰ পথত গমন কৰে তেওঁ নিশ্চিত অনিশ্চিত উভয়কে হেৰুৱাই।২৫।
স্ত্ৰীবিষয়ক
বৰয়েদকুলজাং প্ৰাজ্ঞা বিৰূপামপি কন্যকাম।
ৰূপশীলাং ন নীচস্য সদ্দশ্যে কুলে।।
সমান সমান কুলৰ কন্যা বিবাহ কৰা ভাল। কুৰূপা উত্তম কুলজাত কন্যা সৰ্বদা বিবাহ কৰা ভাল কিন্তু ৰূপহী নীচ কুলজাত কন্যা সৰ্বথা বৰ্জনীয়। নীচ কুলজাত কন্যা সদায় নীচমনা হৈ থাকে।
বিশ্বাসভাজন নহয়
নদীনাং শস্ত্ৰপানীনাং নখিনাং শৃংগিনাং তথা।
বিশ্বাস নৈব কৰ্তব্য স্ত্ৰীষু ৰাজকুলেষু চ।।
নখ বা শিংযুক্ত প্ৰাণী, ৰজা বা ৰাজ কৰ্মচাৰী, শস্ত্ৰধাৰী আৰু নাৰী এই সকলক বিশ্বাস কৰা উচিত নহয়।
গ্ৰহণীয়
বিষাদপ্যয়মৃটং গ্ৰাহ্যমমেধ্যাদপি কাঞ্চনম্।
নীচাদপ্যুত্তমাং বিদ্যা স্ত্ৰীৰত্ন দুষ্কুলাদপি।।
বিষৰ পৰা অমৃত, অপবিত্ৰ দ্ৰব্যসমূহৰ মাজত স্বৰ্ণ, নীচ ব্যক্তিতকৈ শ্ৰেষ্ঠ বিদ্যা আৰু নীচকুলৰ উত্তম স্ত্ৰীৰত্ন সৰ্বদা গ্ৰহণীয়।
সংসাৰ সুখ
যস্য পুত্ৰ বশীভূত ভাৰ্য্যা চন্দানুগামিনী।
বিভবে যস্য সন্তুষ্ট স্তস্য স্বৰ্গ ইহৈব হি।।
পুত্ৰ যাৰ বাধ্য, পত্নী যাৰ অনুগামিনী, যি ব্যক্তি অলপতে সন্তুষ্ট সেই ব্যক্তি পৃথিৱীত স্বৰ্গসুখ ভোগ কৰি থাকে।২৯।
সাধনাৰ ফল
ভোজ্য ভোজনশক্তিশ্চৰতিশক্তিৰ্বৰংগনা।
বিভব দানশক্তিশ্চ নাল্পস্য তপস: ফলম্।।
উত্তমভোজন দানশক্তি, উত্তমা নাৰীলাভ, ভোজনশক্তি তথা ৰতিশক্তি যি কোনোৱে লাভ কৰিব নোৱাৰে। কাৰণ এই সকলোবোৰ লাভ কৰা বিশেষ সাধনাৰ ফল। এই সকলোবোৰ সকলোৰে পক্ষে লাভ কৰাও অসম্ভৱ। নিজৰ ভাগ্য নাথাকিলে এইবোৰ লাভ নহয়।
স্ত্ৰীলোকৰ দোষ
অনৃটং সাহসং মায়া মূৰ্খত্বমতিলোভতা।
অশৌচত্ব নিৰ্দয়ত্ব স্ত্ৰীনাং দোষা স্বভাবজাং।।
স্ত্ৰীলোকৰ সাতটা স্বভাৱজাত দোষ আছে- মিছাকথা কোৱা, অতি সাহস, ছলনা, মূৰ্খতা, অতিলোভ, অপবিত্ৰতা আৰু নিৰ্দয় আচৰণ। সময়ত স্ত্ৰীলোক যিমান নিৰ্দয় হ’ব পাৰে পুৰুষ সিমান নিৰ্দয় হ’ব নোৱাৰে। সেয়ে শাস্ত্ৰই কয় নাৰীসকল ৰহস্যময়ী।
পৰিয়ালত ভাল কোন ?
তে পুত্র যে পিতৃৰ্ভক্তা স পিতা যস্ত পোষক:।
তন্মিত্ৰ যত্ৰ বিশ্বাস: সা ভাৰ্য্যা যত্ৰ নিবৃত্তি:।।
তেওঁলোকেই সুপুত্ৰ সি সকল পিতৃভক্ত, সু-পিতৃ তেৱেঁই যি পুত্ৰ সকলক আদৰ যত্নেৰে লালন পালন কৰে। তেৱেঁই প্ৰকৃত বন্ধু যাক বিশ্বাস কৰা যায়। তেৱেঁই সু-পত্নী যি সুখ প্ৰদান কৰে।
কাৰপৰা কি শিক্ষণীয়
বিনয়ং ৰাজপুত্ৰেভ: পণ্ডিতেভ্যোসুভাষিতম্।
অসত্য দ্যুতকাৰেভ্য: স্ত্ৰীভ: শিক্ষেচ্চ কৈবতম্।।
শিষ্টাচাৰ বংশগৌৰৱৰ ওপৰত নিৰ্ভৰশীল। শিষ্টাচাৰ শিকিবলৈ হ’লে ৰাজকুলোদ্ভব ব্যক্তিৰ পৰা শিক্ষা গ্ৰহণ কৰিব লাগে। সুভাষণ একমাত্ৰ পণ্ডিতসকলে শিকাব পাৰে। পণ্ডিতৰ সু-শব্দ আৰু যুক্তি গ্ৰাহ্য ভাষণৰ ক্ষমতা আছে। নাৰী ছলনাময়ী, অতএব কপটতা শিকিবলৈ হ’লে নাৰীৰ পৰা শিকিব লাগে। মিছা ভাষণজনিত কলাকৌশল শিকিবলৈ হ’লে জুৱাৰীৰ পৰা শিকা উচিত, কাৰণ জুৱাৰীসকল মিছাভাষণত পাৰদৰ্শী।
দুৰ্জন বাৰ্তা
বয়সা পৰিণামোহপি য: খল: খল: এব স:।
সুপক্কন্নপি মাধুৰ্য্য নোপযাতীদ্ৰ বাৰুণম্।।
দুৰ্জন ব্যক্তিৰ বয়স বৃদ্ধি হ’লেও সাধুতা প্ৰকাশ নাপায়। তেতিয়াও তেওঁৰ মাজত দুষ্টতা বিদ্যমান থাকে। এবিধ ফল আছে যি পকিলেও সোৱাদ নহয়।
শিঘ্ৰে বিনাশপ্ৰাপ্ত
অনালোক্য ব্যয়ং কৰ্তা অনাথ: কলহপ্ৰিয়:।
আতুৰ: সৰ্বক্ষেত্ৰেষু নৰ: শীঘ্ৰ বিনশ্যতি।।
আয়ৰ লগত সঙ্গীত নাৰাখি যিজনে নিৰ্বিচাৰ ব্যয় কৰি থাকে অসহায় অৱস্থাত সেই ব্যক্তি সৰ্বদা বিপদত পৰে। যি ব্যক্তি সকলোধৰণৰ স্ত্ৰীসম্ভোগ কৰে, অচিৰেই তেওঁ বিনাশপ্ৰাপ্ত হয়।
সুব্যৱহাৰ
দাক্ষিণ্য স্বজনে দয়া পৰজনে শাঠ্য সদা দুৰ্জনে।
প্ৰীতি সাধুজনে স্ময়: খলজনে বিদ্বজনে চাৰ্জবম্।।
শৌৰ্য্য শক্ৰজনে ক্ষমা গুৰুজনে নাৰীজনে ধূৰ্ততা।
ইখং যে পুৰুষা: কলাসু কুশলাস্তেস্বেব লোকস্থিতি।।
সকলোৰে লগত সমব্যৱহাৰ কৰা নচলে। শঠৰ লগত শঠতা, অহংকাৰীৰ লগত অহংকাৰী মনোভাৱ, নাৰীৰ লগত ছলনা, সাধুৰ লগত সম্প্ৰীতি, বিদ্বানৰ লগত সৰলতা, শক্ৰৰ লগত বীৰত্ব, আপোনজনক দান-দক্ষিণা, গুৰুজনক ক্ষমা আৰু পৰক দয়া কৰা কাম্য। এইবোৰ ব্যৱহাৰত মানুহে সংসাৰত উন্নতি কৰিব পাৰে।
আমি আশা কৰিছো মহান পণ্ডিত চাণক্যৰ জীৱন কথা আপোনালোকক সহায় কৰিব। যদি আপোনাৰ মহান পণ্ডিত চাণক্যৰ জীৱন কথা সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।