বুঢ়া – বুঢ়ী আৰু শিয়ালৰ সাধু | Budha – Budhi Aru Hiyalor Hadhu Kotha, বুঢ়ী আইৰ সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, বুঢ়া – বুঢ়ী আৰু শিয়ালৰ সাধু, সাধুকথা, অসমীয়া কাহিনী, বুঢ়া – বুঢ়ী আৰু শিয়ালৰ সাধু, শিশুৰ বাবে কাহিনী
এহাল বুঢ়া-বুঢ়ী আছিল। এদিম বুঢ়াই কিছুমান কচু আনি ৰুবলৈ ধৰিছে, এনেতে কিছুমান শিয়ালে আহি বুঢ়াক মাত লগালে–“ককা, আপুনি কচু কেঁচাই ৰুইছে নে সিজাই ৰুইছে?” বুঢ়াই উত্তৰ দিলে– “বোপাহঁত, মই কচু কেঁচাই ৰুইছোঁ।” শিয়ালবোৰে বুঢ়াৰ কথা শুনি বুঢ়াক ক’লে–“ককা, আপুনি কচু ৰুব জনা নাই, কচুবোৰ আগেয়ে সিজাই লওক আৰু য’ত ৰুব, গাঁত একোটা দি ঢাকি থৈ যাওক, দেখিব ৰাতিৰ ভিতৰতে একোজোপা ডাঙৰ ডাঙৰ কচু গছ হৈ আছে।” সিহঁতৰ কথা শুনি বুঢ়াই ক’লে ‘বাৰু, মোৰ বোপাহঁত, তহঁতৰ কথামতে মই কচু ৰুম ৷”
গধূলি বুঢ়াই এটাইবোৰ কচু সিজাই শিয়ালৰ বুধিমতেই ৰুই থ’লে। ৰাতি শিয়ালবোৰে আহি সিজ্ঞোৱা কচুবোৰ আনন্দ কৰি খাই গুচি গ’ল। পিছদিনা বুঢ়াই ৰাতিপুৱাই কচুবাৰীত কচু চাবলৈ গৈ দেখে যে কচু এটাও নাই। তেতিয়া বুঢ়াই শিয়ালৰ ফাঁকিটো বুজিব পাৰি লাজতে তলমূৰকৈ বহিল।
ইয়াৰ কিছুমান দিনৰ মূৰত বুঢ়াই এটা বুধি সাজি বুঢ়ীক ক’লে যে “বুঢ়া, আজি তই মোৰ গাত কিছুমান লালী-গুড় ঢালি থ। গুড়ৰ গোন্ধ পাই যেতিয়া জাকে জাকে মাখি আহি মোৰ গাত পৰিব তেতিয়া তই ইনাই-বিনাই বুঢ়া মৰিল বুলি কান্দিবি। তোৰ কান্দোন শুনি শিয়ালবোৰে ওচৰ চাপি আহি কৈ হৈছে বুলি তোক সুধিলে তই সিহঁতক বুঢ়া মৰিল বুলি কৈ মোৰ শৱটো ঘৰৰ ভিতৰৰ পৰা উলিয়াই লৈ গৈ খাবলৈ কবি। মোৰ ওচৰতে টাঙোন এডাল লুকাই থবি। সিহঁতে মোক উলিয়াই নিবলৈ ঘৰৰ ভিতৰ সোমালেই তই লাহেকৈ দুৱাৰখন জপাই দিবি, দিলেই মই গিৰিসকৰে উঠি টাঙোনডাল লৈ তাৰে সিহঁতক কোবাই মাৰিম।” বুঢ়াৰ কথামতেই বুঢ়ীয়ে কৰিছে শিয়ালবোৰে বুঢ়ীক সুধিলে– “‘আই কান্দিছ কিয়? কি হৈছে?” বুঢ়ীয়ে ক’লে– “বোপাহঁত, আজি আমাৰ বুঢ়াটো ঢুকাল, সেইবাবে কান্দিছোঁ। তহঁতে পাৰ যদি বুঢ়াক বাহিৰলৈ নি খাগৈ।” বুঢ়ীৰ কথা শুনি শিয়ালবোৰে ৰং মনেৰে বুঢ়াক নিবলৈ বুলি ঘৰৰ ভিতৰত সোমালে বুঢ়ীয়ে দুৱাৰখন মাৰি পেলালে আৰু বুঢ়াই একেচাবে উঠি টাঙোনডাল হাতত লৈ শিয়ালবোৰক মৰিয়াই মাৰিলে। মাত্ৰ সিহঁতৰ ভিতৰৰ চাৰিটা শিয়াল কেনেবাকৈ পলাই সাৰিল।
Read Also: বাঘ আৰু কেঁকোৰাৰ সাধু | Bagh Aru Kekurar Hadhu Kotha
কিছুমান দিনৰ মূৰত বুঢ়ীয়ে বুঢ়াক ক’লে– “মই ভালেমান দিন শিয়ালৰ ভয়ত ক’লৈকো ওলোৱা নাই, জী-জনীৰ ঘৰলৈ গৈ এবাৰ তাইক চাই আহোঁগৈ বুলিছোঁ, মনটো বেয়া লাগি আছে।” বুঢ়াই ক’লে– “বুঢ়ী, তই গ’লে বাটত শিয়ালবোৰে তোক অকলে পাই খাই পেলাব।” বুঢ়ীয়ে ক’লে– “নোৱাৰে খাব, যাম কোনোমতে” এইবুলি বুঢ়ী জীয়েকৰ ঘৰলৈ গ’ল। বাটত শিয়ালবোৰে বুঢ়ীক অকলে পাই বেঢ়ি ধৰি ক’লে– “ বুঢ়ী, তোক আজি আমি নেৰোঁ, খাম!” বুঢ়ীয়ে উত্তৰ দিলে– “খাব খুজিছ খাবি, কিন্ত আজি মই ভালেমান দিন মোৰ ছোৱালীজনী দেখিবলৈ পোৱা নাই, মনটো কেনেবা লাগি আছে। সেইদেখি মৰিবৰ আগেয়ে তাইক এবাৰ চাই লওঁ বুলি আহিছোঁ। মই উভতি আহোঁতে তহঁতে মোক খাবি।” শিয়ালে ক’লে–“যদি উভতি নাহ, তেন্তে?” বুঢ়ীয়ে উত্তৰ দিলে– বুঢ়াক এৰিনো মই নহাকৈ কেনেকৈ থাকিম, মোৰ বোপাহঁত? মই সইত খাই কৈছোঁ, এই বাটেদিয়েই মই সোনকালে উভতি আহিম আৰু তহঁতে মোক যি কৰ কিৰিবি।” বুঢ়ীৰ কথা পতিয়াই সিহঁতে বুঢ়ীক এৰি দিলে, বুঢ়ী জীয়েকৰ ঘৰ পালেগৈ। জীয়েকৰ ঘৰত কিছুদিন খাই-লৈ থাকি বুঢ়ীয়ে উভতি আহিবলৈ ধৰি জীয়েকক শিয়ালবোৰেৰে সৈতে হোৱা সকলো কথা ক’লে, জীয়েকে মাকক ক’লে–“আই, মোৰ ঘৰত এটা ডাঙৰ লাওৰ খোলা আছে, তুমি তাৰ ভিতৰতে সোমাই বাগৰি বাগৰি গৈ ঘৰ পাবাগৈ; শিয়ালে “তোমাক নেদেখে।” বুঢ়ীয়ে জীয়েকৰ বুধিমতেই লাওটোত সোমাই বাটে বাটে বাগৰি গৈ আছে, এনেতে শিয়ালবোৰে দেখি কোৱা-কুই কৰিবলৈ ধৰিলে-“এইটো বৰ আচৰিত কথা, লাওটো কেনেকৈ বাগৰি যাব লাগিছে। ই নিশ্চয় লাও নহয়, ইয়াৰ ভিতৰত কিবা আছে।”
এই বুলি সিহঁতে লধিয়াই লধিয়াই লাওটো ভাঙি পেলালে। লাওটো ভাঙিলে তাৰ ভিতৰৰ পৰা বুঢ়ী ওলাই পৰিল। সিহঁতে বুঢ়ীক দেখি আনন্দত “খেক্ খেক্ হোৱা হোৱা” কৰিবলৈ ধৰিলে– “বুঢ়ী, তই আমাক ফাকি দি পলাই যাবলৈ ধৰিছিলি।” এতিয়া কি হ’ব? আমি তোক এতিয়া খামহঁক।” বুঢ়ীয়ে উত্তৰ দিলে– “কি কৰিম, খাব খুজিছ খাবি। কিম্তু মই মোৰ জীৰ ঘৰত এটা সুন্দৰ নতুন নাচ শিকি আহিছোঁ। মই মৰিলে মোৰ নাচটো মোৰ লগতে যাব। সেইদেখি মই পাকচেৰেক সেই নাচটো নাচি তহঁতক দেখুৱাওঁ, তাৰ পিছত তহঁতে মোক. খাবি।” বুঢ়ীৰ কথা শুনি সিহঁতে নাচ দেখাৰ লোভ সামৰিব নোৱাৰি সেই কথাত মান্তি হ’ল বুঢ়ীয়ে ক’লে– “মই নাম লগাই দিওঁ, তহঁতে হয় হয় কৰি যাবি। তেহে আকৌ মোৰ ভালকৈ গাটো উঠিব।” এইখিনিতে কওঁ যে বুঢ়ী লাওটোৰ ভিতৰত থাকি বাগৰি বাগৰি ঘৰৰ ওচৰ পাওঁতেহে ধৰা পৰিছিল। বুঢ়াৰ দুটা কুকুৰ আছিল এটাৰ নাম ৰঙা, দা আনটোৰ নাম ক’লা। বুঢ়ীয়ে পাক দি নাচি নাচি নাম ধৰিলে– “ৰঙা ঔচ ! ক’লা ওঁচ!” শিয়ালবোৰে মাতিলে “হয় হয়।” এইদৰে বাৰচেৰেক বুঢ়ীয়ে “ৰঙা ৰৈ ওঁচ! ক’লা ওঁচ!” বুলিলে ৰঙা আৰু ক’লা কুকুৰ দুটা তাতে লৰি ওলালহি। কুকুৰ দুটা দেখিয়েই শিয়ালবোৰ পিয়াপি দি পলাল আৰু তেতিয়া আমাৰ বুঢ়ী ঘৰলৈ গুচি আহিল। আমাৰো কাপোৰ-কানি ক’লা হ’ল আমিও গুচি আহিলোঁ ৷
কাকাদেউতা আৰু নাতি লʼৰা আৰু বুঢ়ী আইৰ সাধুৰ দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। বুঢ়া – বুঢ়ী আৰু শিয়ালৰ সাধু এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। বুঢ়া – বুঢ়ী আৰু শিয়ালৰ সাধু এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে বুঢ়া – বুঢ়ী আৰু শিয়ালৰ সাধু এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।