সাধুকথা: বুধিয়ক শিয়াল | Buddhiyok Hiyal Hadhu Kotha

সাধুকথা: বুধিয়ক শিয়াল | Buddhiyok Hiyal Hadhu Kotha, বুঢ়ী আইৰ সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, সাধুকথা: বুধিয়ক শিয়াল, সাধুকথা, অসমীয়া কাহিনী, সাধুকথা: বুধিয়ক শিয়ালশিশুৰ বাবে কাহিনী

এদিন এটা শিয়ালে ভোকত কিবা খাবলৈ বিচাৰি এখন গাঁৱত মানুহৰ বাৰীয়ে ঘৰে লুংলুঙাই ফুৰিছিল ৷ এনেতে সি এঘৰৰ ভঁৰালৰ চাঙত তলিফুটা ভগা দোণ এটাত লখিমীলৈ দিয়া পিঠা কিছুমান পালেগৈ৷ সি টেমাক-টেমাককৈ অকতিয়াই পকতিয়াই পিঠাবোৰ খাই শেষ কৰি, ভগা দোণটোৰ ফটা তলিখন ঢাকি দিয়া কলাপাতখন মূৰ জোকাৰি চেলেকিবলৈ ধৰিলে। সি মূৰপতি চেলেকোঁতে চেলেকোঁতে কলাপাতখন ফাটি বগা দোণটো তাৰ মূৰ্দি সোমাই ডিঙিত গলমণি হৈ পৰিল। কোনো প্ৰকাৰে শিয়ালটোৱে দোণটো ডিঙিৰ পৰা গুচাব নোৱাৰিলে। শেষত এনে হ’ল যে সি হাঁহ, ছাগলী এটাও ধৰিব নোৱৰা হ’ল; কাৰণ, ডিঙিৰ ভগা দোণটোৰে লটংপটংকৈ সি হাবিৰ পৰা বাহিৰলৈ ওলালেই মানুহে হৈ দিবলৈ ধৰে আৰু নিলগতে তাক দেখিলেই সকলোৱে “ধৰ গলমণিকাক” বুলি শিশুপাল খেদা দিয়ে। 

এদিন শিয়ালটোৱে হাবিয়ে হাবিয়ে অনাই-বনাই ফুৰোঁতে এঠাইত এহাল বাঘ পোৱালি লগ পাই দেখিলে যে সিহঁতৰ আগত কিছুমান মঙহ আছে। ততালিকে শিয়ালটোৱে সেই মঙহকে খাবলৈ বুধি সাজি নিলগৰ পৰা খৰপোচ কৰি দোণটো জোকাৰি মাত লগালে– “হেৰ’, তহঁতৰ মাৰ-বাপেৰ ক’লৈ গ’ল অ’? মই অহাৰ গম পায়েই পলাইছে হ’বলা ? সিহঁত ক’ত আছে ক?” শিয়ালটোৰ গেৰেহা-গেৰেহ কথা শুনি বাঘ পোৱালি দুটাই ভয়ত কোঁচমোচ খাই কোমল মাতেৰে উত্তৰ দিলে–“আমাৰ আই-বোপাই দুয়ো চিকাৰলৈ গৈছে।” শিয়ালে ক’লে“বাৰু গৈছে গৈছে, আহি পালেই মই আহিছিলো বুলি ক’বা। চাচোন তহঁতৰ বাপেৰে তাহানি এইটো দোণেৰে মোৰ এদোন ধন ধাৰে আনিলে, আজিলৈকে সি মোক সেই ধন ওভোতাই দিয়া নাই। মই আজি সৰহপৰ ৰ’ব নোৱাৰো। সি আহিলেই তহঁতে তাক এই র্লথা কব। মোৰ ভোক লাগিছে, হেৰ’ কিব্য আছে যদি চাচোন, খাই যাওঁ।” শিয়ালে এই বুলি পোৱালিলৈ মাকবাপেকে থৈ যোৱা মঙহখিনি খাই নিজৰ পেট পূৰাই গুচি গ’ল। 

নিতৌ বাঘ আৰু বাঘিনী চিকাৰলৈ গ’লেই শিয়ালে আহি পোৱলিকেটাক ভাবুকি দি টিপতে সিহঁতৰ ভাগৰ মঙহখিনি খাই গুচি যায়। এইদৰে ভালেমান দিন যোৱাৰ পিছত পোৱালিকিটা শুকাই গৈ চেৰেলা হোৱা দেখি বাথিনীয়ে কথাটো টং কৰি চালে– “ইহঁত কিয় এনেকুৱা হৈছে? আমি ইহঁতলৈ থৈ যোৱা মঙহ আমি ওলাই গ’লে কোনোবাই ইহঁতক ফাকি দি খায় নে কি?” বাঘিনীয়ে এইদৰে ভাবি গিৰীয়েকক ক’লে– “গুনিছা নে বোলোঁ, আজি তুমি পহু মাৰিবলৈ যাব নালাগে ময়ে অক’লে যাওঁ। আমি নথকাত ইয়ালৈ কোনোবা আহে মে চাবলগীয়া হৈছে। আজি তুমি লুকাই চাই থাকা।” এইবুলি সেইদিনা বাঘক থৈ বাঘিনী অক’লে চিকাৰ কৰিবলৈ গ’ল। 

আন দিনাৰ দৰে সেইদিনাও বাঘপোৱালিৰ আগত ভগা দোণ জোকাৰি ফাং, ফাং-ফোং-ফোংকৈ মঙহ খাবলৈ কাৰবাৰ কৰোতেই, নিলগত লুকাই থকা বাঘে শিয়ালৰ কাণ্ড দেখি সকলো বুজিব পাৰি হাউসি মাৰি শিয়ালক খেদা মাৰি নিলে। টেঙৰ শিয়ালে, কেতিয়াবা এনেকৈ সি ধৰা পৰিলে কি কৰিব সেই বুধি আগৰে পৰা আলচি ঠিক কৰি থৈছিল; সেইদেখি সি আগে আগে লৰি গৈ দুফেৰেঙনীয়া গছএজোপাৰ কেৰেপৰ মাজেদি সৰকি লৰ মাৰিলে। বাঘো কোবেৰে সেই কেৰেপৰ মাজেদি সৰকি যাব খোজোঁতেই কৌৰেপত চেপা খাই থাকিল। বাঘে কেৰেপৰ পৰা ওলাবলৈ যিমানকৈ চাটি-ফুটি ধৰ-ফৰ ধৰ-ফৰ কৰিবলৈ ধৰিলে, সিমান টানকৈ তাত সি খাজ খাই চেপা খালে। বাঘৰ চিঞৰত হাবি তল-ওপৰ লাগি পৰিল। ম’হ, গৰু, পছ আদি জন্তুবোৰ চাৰিওফালে ফিৰিঙতি ভগাদি ভাগিল। বাঘৰ চিঞৰ শুনি বাঘিনীয়েও লৰি আহি সেইখিনি পালেহি। শিয়াল অলপ দূৰতে থিয় হৈ আছিল; সি বাঘিনীক দেখি ক’বলৈ ধৰিলে—“চাচোন, তোৰ গিৰিয়েকৰ কেনে শালত দিলোঁ। লোকৰ ধন ধাৰলৈ আনি শুজিবৰ মন নগৈছিল। এতিয়া কেনে পালি? তোকো মাৰিম বাপেৰে। তই ভালে ভালে দিয় যদি মোৰ ধন দে। ধন নাই যদি মোৰ তলতীয়া হৈ থাক, হাক-বচন মানি ফুৰ। নহ’লে তোৰো ৰক্ষা নাই, নিশ্চয় জানিবি। তোৰ পোৱালিকেইটাকো আজৰি কৰিহে এৰিম।” 

এনেতে বাঘটো ধৰফৰাই মৰিলেই। বাঘিনীয়ে একো উপায় নেপাই শিয়ালৰ অধীন হ’ল। সেইদিনাৰ পৰা শিয়ালে মুকৰিমূৰীয়াকৈ নিৰ্ভয়ে পৰৰ মূৰত খাবলৈ ধৰিলে। সি বাঘিনীক চিকাৰলৈ পঠিয়ায় আৰু ঠেঙৰ ওপৰত ঠেং তুলি দকচি খায়। 

Read Also: এজনী মালিনী আৰু এজোপা ফুলৰ কাহিনী | Ajoni Malini Aru Ajupa Fulor Hadhu Kotha

ইয়াৰ কিছুমান দিনৰ পিছত বাঘিনীৰ চোং সলাবৰ হ’ল। বাঘিনীয়ে পোৱালি দুটাক লগত লৈ নৈ এখন পাৰ হৈ এন এখন হাবিলৈ যাবলৈ কাৰবাৰ কৰিছে; শিয়ালো ওলাল। বাঘিনী আৰু পোৱালি দুটা নৈত সাতুৰি গাৰ হৈছে, শিয়ালেও নিজৰ মান ৰাখিবৰ নিমিত্তে মৰো-জীওঁ সো আধিকৈ পানীত পৰিল। নৈৰ সোঁতত পৰি শিয়ালে থৰযুগুতি এৰি টলংভটং কৰি ককবকাই উটি যোৱা দেখি বাঘিনীয়ে তাক থাপ মাৰি ধৰি লৈ গ’ল। শিয়ালে বামলৈ উঠিয়েই বাঘিনীক ভেকাহি মাৰি ক’লে– “তই মোক কেলৈ তুলি আনিলি এ? তোক কোনে মোক তুলিবলৈ মাতিছিল? তহঁত তিৰোতাবোৰৰ যদি অকণো বুধি আছে। বোলো, মোক জলকোঁৱৰে ইয়াৰে চাইদোণ ধন দিব লাগে, সি মোক দেখিলে সদায় পলায়। আজি বুঢ়াৰ হাতত চেঙেলী পৰিছিল, তাক দেখা পায়েই ভালকৈ ধৰিছিলোঁ নেৰোঁ। সেইদেখি তাৰে সৈতে মোৰ জোটাপুটি লাগিছিল। তই সকলোবোৰ ভ্ৰষ্ট কৰিলি। ও হয়। তইনো কিয় আগ ভেটা কৰিছিলি কচোন?” 

এইদৰে ছল-বুধি কৰি শিয়ালে নিজৰ মান ৰাখি আকৌ বাঘিনীৰ লগতে ঠাই ল’লে। বাঘপোৱালি দুটা লাহে লাহে জনা-বুজা হৈ উঠিল। চিকাৰলৈ যাবলৈ সিহঁতে মাক আৰু শিয়ালেৰে সৈতে পাল বাঁটি ল’লে। শিয়ালৰ পালৰ দিনা শিয়ালে সিহঁতক নানা ছলাহী কথা কৈ গা সাৰে। এদিন শিয়ালে এৰাব নোৱাৰি বাঘিনীৰে সৈতে পহু ধৰিবলৈ ওলাল। শিয়ালে বাঘিনীক ক’লে—“মই পহুৰ পটিৰ মুখতে থাকোঁ, তই সেই ফাললৈ গৈ পহু খেদি দেগৈ; পহু মোৰ ওচৰলৈ আহিলেই আৰু ক’ত সাৰিব?” শিয়ালৰ কথামতে বাঘিনীয়ে পহু খেদি দিলে, কিন্তু শিয়াল পটিৰ মুখত ধোবাং জুৰি পৰি থাকোঁতেই পহুৱে শিয়ালৰ পেটৰ ওপৰেদি লৰ মাৰিলে। গচকত শিয়ালৰ পেটৰ ছাল ছিগি গ’ল। পহু পলোৱাৰ পিছত বাঘিনী শিয়ালৰ ওচৰলৈ আহিলে, শিয়ালে তাইক গেঁথাই গেঁথাই ক’লে–শুনিছ নে হয়, শুনিছ? পহুটো এইফালে আহিলে মোৰ এনে হাঁহিটো উঠিল যে পহু ধৰা দূৰত থাওক, মই মোৰ হাঁহিটোকে ৰখাব নোৱাৰিলোঁ। ইমান সৰু পহুটো মই হেন বীৰক ধৰিবলৈ দিয়া হাঁহিত মোৰ পেট ফুটি পেটু-নাড়ি ছিগি ওলাই যাবলগীয়া হৈছিল।” 

এইবাৰো শিয়ালে বুধিৰে জিকি আকৌ কিছুমান দিন বাঘিনীৰ লগতে বহি খাবলৈ পালে। এইদৰে কিছুমান দিন থাকোঁতে বাঘ পোৱালি দুটাই লাহে লাহে শিয়ালৰ টেঙৰালি বুজিব পাৰি তাক ধৰা পেলাবলৈ চান্দিলে। এদিন ৰাতি নিলগত আন শিয়ালে হোৱা দিয়া শুনি এই দোণ পিন্ধা শিয়ালটোৱেও লোভ সামৰিব নোৱাৰি হোৱা দিবৰ মনৰে বাঘৰ ওচৰৰ পৰা আঁতৰি যোৱাত, বাঘ পোৱালি দুটায়ো তাৰ আঁতি-গুৰি ল’বলৈ সি নেদেখাকৈ মনে মনে তাৰ পিছে পিছে গৈছিল আৰু যেতিয়া সি আঁতৰ হৈ নিশ্চিন্ত মনে হোৱা দিলে, সিহঁতে তাক ধূৰ্ত শিয়াল বুলি মনত খুকুৰি নথকাকৈ জানিব পাৰি একে চোঁচাই খেদি নি ধৰি থেকেচি মাৰি পেলালে।

কাকাদেউতা আৰু নাতি লʼৰা আৰু বুঢ়ী আইৰ সাধুৰ দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। সাধুকথা: বুধিয়ক শিয়াল এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। সাধুকথা: বুধিয়ক শিয়াল এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে সাধুকথা: বুধিয়ক শিয়াল এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।

Leave a Reply