বৰ চোৰ সাধু | Bor Chur Hadhu Kotha

বৰ চোৰ সাধু | Bor Chur Hadhu Kotha, ককাদেউতা আৰু নাতি ল’ৰা সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, বৰ চোৰ গল্প, সাধুকথাঅসমীয়া কাহিনী, বৰ চোৰ গল্পশিশুৰ বাবে কাহিনী

কোনো এখন দেশত কিছুমান চোৰ আছিল । সিহঁতৰ ভিতৰত এটা সকলোতকৈ অঘাইতং চোৰ আছিল । সেই চোৰটোক তাৰ লগৰীয়া সৰু আন আন চোৰে ‘বৰ চোৰ’ বুলি মাতিছিল । তাৰ এটা পুতেক আছিল । সিও সেই বিদ্যাত বাপেকৰ সমনীয়া হৈছিল । বাপেকে এদিন ভাবিলে , “মই মৰিলে মোৰ পোৱে মোৰ নাম ৰাখিব পাৰিব নে নোৱাৰে । এই কথাৰ প্ৰমাণ চাবলগীয়া হল ।” ইয়াকে ভাবি এদিন সি পুতেকক ওচৰলৈ মাতি আনি সুধিলে , “বোপাই ঔ , মোৰ আজি কালিকৈ আয়ুস চুটি আহিবলৈ ধৰিছে ; পাছে তই জানো মোৰ পো বুলি চিনাকি দিব পাৰিবি ? আৰু বংশৰ নাম ৰাখিব পাৰিবি ?” – এই বুলি সুধাত পুতেকে উত্তৰ দিলে – “পিতাই , তুমি মোক তুলি তালি ডাঙৰ দীঘল কৰিছা যেতিয়া তোমাৰ ‘বিদ্যা’ মই ৰাখিবই লাগিব । নহলে তোমাৰো নাম নুমাব আৰু মোকো লোকে জহৰা বুলি হাঁহিব ।” এই কথা শুনি বাপেকে ৰং পাই কলে, “মোৰ বোপাই , তই মোৰ নাম ৰাখিবি বুলি মই আশা কৰিছোঁ । কিন্তু তেনেহলে তই এটা মহলাত উঠিব লাগিব , তেন্তে মোৰ মনৰ খুকুৰি যাব ।” এদিন বাপেকে পুতেকৰ ইণ্টাহান পাৰি ৰাতি তাৰ ঘৰৰ সকলো লোটা – বাটিবোৰত পানী ভৰাই , পুতেকক বাহিৰত উলিয়াই থৈ , দুৱাৰ ঘৰ মাৰি শুই থাকিল । ৰাতি দুপৰ হলত পুতেক চুৰ কৰিবলৈ সাজু হল । সি ঘৰৰ কেউপিনে চাই দেখিলে যে সিন্ধী দিয়াৰ বাহিৰে আন উপায় নাই । সিন্ধী দিলেও , বাপেক নিজেই চোৰ গতিকে বাপেকে সাৰ পালে তাৰ পলাবলৈ টান হব । ইয়াকে ভাবি আন এটা উপায় চিন্তি সি ওচৰৰ হাবিৰ পৰা কেইডালমান দীঘল নল আনিলে । নলকেইডাল লৈ লাহেকৈ সি চালৰ ওপৰত উঠিল আৰু যত লোটা বাটিবিলাক আছিল ঠিক সেইপিনেই এটি সৰু বিন্ধা কৰি সেই বিন্ধাটোৱেদি লোটা কলহৰ পানীবিলাক নলেৰে শুহি আনিলে । শেহত বাপেকে সীমানতো সাৰ নোপোৱা দেখি সি বিন্ধাটো ডাঙৰ কৰি সেইপিনেই সৰকি বেৰেদি বগাই ভিতৰ সোমাল আৰু লাহেকৈ দুৱাৰ মেলি লৈ লৰালৰিকৈ লোটা কলহবোৰ বাহিৰলৈ উলিয়ালে । সীমানতো বাপেকে সাৰ নোপোৱা যেন দেখি সি এডাল জৰী আনি বাপেকক হাতে ভৰিয়ে বান্ধিলে আৰু এনেভাৱে বাহিৰলৈ দাঙি আনিলে যে বুঢ়াই পাটিত শুয়েই আছে নে কি কৰিছে গমকে ধৰিব নোৱাৰিলে । যেতিয়া সি বুঢ়াক মাটিত থলেহি , তেতিয়াহে বুঢ়াই সাৰ পালে আৰু পুতেকক নথৈ শলাগি বস্তুবিলাক ভিতৰ সোমাই শুই থাকিল । 

এইদৰে বাপেক পুতেকে নিজ বৃত্তি চলাই মেলি অনেক দিন আছে । এদিন বাপেক পুতেক দুয়ো ৰজাৰ ঘৰত ৰাণীৰ অলংকাৰ চুৰ কৰি আনিবলৈ মন কৰি সিন্ধী দিলেগৈ । বহুত আঁতৰৰ পৰা সিহঁতে সিন্ধীটো লৰালৰিকৈ খানি নি ৰাণী শুই থকা পালেঙৰ তলত উলালগৈ । বাপেক পুতেক দুয়ো পালেঙৰ তলৰপৰা চাই দেখিলে যে বেটি দুজনীৰ টোপনি আহিছে , চাকিটো তেল নাইকিয়া হৈ নুমাব লগা হৈছে , ৰাণীয়েও টোপনিত ঘোৰঘোৰাব লাগিছে । এফালে পালি পহৰীয়াও নাই । এনেতে বাপেক পালেঙৰ তলৰপৰা ওলাই ৰাণীৰ গাৰ অলংকাৰবিলাক সোলোকাই আনি পুতেকৰ হাতত দিলে ; কিন্তু ডিঙিৰ হাৰধাৰ থাকি গল । সেইদেখি পিছবাৰ সেই হাৰধাৰ আনিবলৈ গৈ সি ৰাণীৰ ডিঙিত হাত দিওঁতেই ৰাণীয়ে সাৰ পাই “কোন কোন” বুলি উঠিল । এনেতে চোৰক মোৰে পালে । পালী পহৰীয়াও জাঁপ মাৰি একে খেদাতে তাৰ ওচৰ পালেহি। বুঢ়া সাৰিবৰ উপক্ৰম কৰি সিন্ধীত সোমাওতেই তাৰ ঠেঙটোতে সিহঁতে ধৰি পেলালে । যেতিয়াই সিহঁতে তাৰ ঠেঙত ধৰিলে , পুতেকে বহুত কথা ভাবি চিন্তি বুঢ়াৰ মূৰটো কাটি লৈ গুচি গল । 

ৰজাৰ মানুহে ঠেঙত ধৰি বুঢ়াক টানি আনি দেখে , তাৰ মূৰটো নাই , কেৱল গাডোখৰহে আছে । সেইবাবে চোৰটো কোন ঠিক কৰা টান হল । সেই মুহূৰ্ততে ৰজাক সকলো বৃত্তান্ত জনোৱা হল । ৰজাই তেতিয়া তেওঁৰ কটোৱালহতক মাতি আনি পাচিলে যে “তহঁত দিহাদিহি যা” কত মানুহে কান্দে , কত মানুহে খৰি দিয়ে , তাৰ ভূ লহক । যতে মানুহক খৰি দিয়া দেখ বা যতে মানুহক কন্দা শুন তাৰপৰা সিহঁতক মোৰ গুৰিলৈ ধৰি আনিবি ।” সেই কথা শুনি কটোৱালবোৰ দিহাদিহি গল । 

ইফালে বৰ চোৰৰ পুতেকে বাপেকৰ মূৰটো কাটি আনি মাকক সকলো বৃত্তান্ত কলে । মাকে সেই কথা শুনি কান্দিবলৈ ৰাউচি ধৰোঁতেই পুতেকে মাকৰ ভৰিত দীঘল দি পৰি কবলৈ ধৰিলে , “আই , এতিয়া মই পিতৃবধি । তুমি যদি চিঞৰি চিঞৰি কান্দা তেনেহলে  ৰজাৰ মানুহে শুনি লৰি আহিব আৰু মোক নথৈ শাস্তি কৰি মাৰিব । তাকে চাই তুমি যদি কন্দা কন্দা ।” সেই কথা শুনি মাকে কোনোমতে কান্দোন সামৰি থাকিল আৰু পুতেকক কলে , “বোপাই মোৰ অন্তৰত ইমান বেজাৰ লাগিছে যে যদি মই কিছুমান পৰ নাকান্দো তেন্তে মই থিৰেৰে থাকিবই নোৱাৰোঁ ।” পুতেকে মাকক বুজাই কলে যে কান্দিবৰ অনেক সময় আছে আৰু যদি কান্দিবলৈ লাগে , দেখা শুনাকৈ কন্দাই ভাল । এইদৰে দুয়োৰো বেজাৰ দুয়োতে থৈ পিছদিনা পুৱা মাকে এযোৰ গাখীৰ গুড় , একঠামান চকোৱা চাউল লৈ ভাৰখন পাতি , আগতে পুতেকৰ কান্ধত ভাৰখৰ দি পাছে পাছে ছোৱালী খুজিবলৈ ওলাই যোৱাৰ ছলেৰে যাবলৈ ধৰিলে । এনেতে পুতেক পিছলি পৰিল আৰু গাখীৰ গুড়ৰ কলহ দুটা ভাগিল । মাকে সেইবাবে পুতেকক মাৰিলে আৰু ইয়াকে চেলু লৈ দুয়ো হুৰাওৰাৱে কান্দিবলৈ ধৰিলে । ইফালে ৰজাৰ কটোৱালে কান্দোন শুনি আহি কন্দাৰ কাৰণ সুধাত জানিব পাৰিলে যে কোনো মৰাৰ কাৰণে সিহঁত কন্দা নাই ; সিহঁত দুখীয়া মানুহ , গাখীৰ গুড় ভাগাতহে সিহঁতে কান্দিছে । সেইদেখি কটোৱালহঁতৰ মৰম লাগি মাক পুতেকক কড়ি দুঅৰা দি থৈ গুচি গল । 

Read Also: পেট – ভাতুৰ কথা কাহিনী | Pet Bhatur Kotha

পাছদিনা তিলনি পৰিল । কিন্তু বাপেকক তেতিয়ালৈ খৰি দিয়া নহল । পুতেক বিবুদ্ধি । খৰি দিবও নোৱাৰি , ৰজাৰ কটোৱালে ধৰিব । ভাবি চিন্তি সি বুদ্ধি উলিয়ালে যে খৰি দিয়াৰ লগে লগে পিণ্ডৰো দিহা কৰিব লাগে । ইয়াকে ভাবি সি হাবিৰ মাজলৈ বাপেকৰ মূৰটো লৈ গল ; বহুত কাঠৰ তলত মূৰটো থলে আৰু ওপৰত দুটা চৰুত মগুমাহ , জহা চাউল দি তলত জুই জ্বলাই দিলে । তেতিয়া মূৰত জুই লাগিলগৈ ; মানুহ পোৰাৰ গোন্ধও চাৰিওপিনে উলাই গল । গোন্ধ পাই কটোৱালহঁত লৰি আহিল । আহি সিহঁতে দেখিলে যে তাত মানুহ পুৰা নাই ; এক সন্ন্যাসীয়ে গাত চাই সানি ভাং হুপি জুইৰ ওচৰতে বহি আছে । সিহঁতে সন্ন্যাসীক ভক্তিভাৱে সেৱা কৰিলে । সন্ন্যাসীয়েও সিহঁতক অভয় দি ওচৰলৈ মাতিলে আৰু ভাং খুৱাই ভোল নিয়াই প্ৰসাদ খাবলৈ দিলে ।

যেতিয়া বাপেকৰ মূৰ পোৰা শেষ হল তেতিয়া সিহঁতক সন্ন্যাসীয়ে সেই ভাতকে খুৱাই পঠিয়াই দিলে । ইয়াৰ পিছত পুতেকে ঘৰলৈ গুচি আহি মাকৰ আগত সকলো বৃত্তান্ত ভাঙি কলত মাকৰ আনন্দ মিলিল । 

আকৌ বাপেকৰ কাজৰ সময় হলহি । তাৰ নিমিত্তে সি সকলো দিহা পোহা কৰিলে আৰু মাহৰ শেষত ৰাতি কাজ পাতিবলৈ ঠিক কৰিলে । কিয়নো , ৰজাৰ পুৰোহিতজন কুকুৰীকণা । সি কাজৰ দিনা ৰাতি গৈ বামুণক কান্ধতকৈ লৈ আহিলগৈ । বামুণৰ ঘৰৰ পৰা বৰ চোৰৰ ঘৰলৈ আহোঁতে এখন সৰু নৈ আৰু এটা গড় পাৰ হব লাগে । সি সেই নৈ আৰু গড় দুয়োটাকেই বামুণক সাতবাৰকৈ পাৰ কৰালে আৰু তাৰ সাতোটা নাম বামুণৰ আগত কলে । তাৰ পিছত ঘৰ পাই সি বামুণৰ হতুৱাই কাজ কৰাই বৰণত ৰজাঘৰীয়া অলংকাৰবোৰ দি বামুণক আকৌ কান্ধতকৈ আনি ৰজাৰ বৰচৰাতে বহুৱাই থৈ গুচি গল । পিছদিনা ৰাতিপুৱাই আকৌ সি গৈ বৰচৰাৰ এচুকত পেট পেলাই পৰি থাকিলগৈ । 

ৰাতিপুৱা ৰজাৰ মানুহবিলাক উঠি দেখে যে ৰজাৰ পুৰোহিতে চোৰে নিয়া ৰজাঘৰীয়া অলংকাৰ বোৰ পিন্ধি ৰজাৰ চৰাত বহি আছে । এই খবৰ গৈ ৰজাৰ কাণত পৰিলগৈ । ৰজা লৰালৰিকৈ  আহি দেখে যে কথা সঁচা ; পুৰোহিতে কলে যে কোনে তেওঁক ৰাতি সেইদৰে তাত বহুৱাই থলে তেওঁ কব নোৱাৰে । ৰজাই ঘাই বিষয়া সকলেৰে সৈতে মেলত বহিল । শেষত কোনোমতে চোৰ উলিয়াবৰ বুদ্ধি নাপাই ৰজাই চোৰক ধন্যবাদ দিব লগাত পৰিল । তেতিয়া ৰজাই কলে , “যদি মই এই চোৰটোক পাওঁ , তেন্তে সত্যে সত্যে কৈছোঁ তাক মোৰ ডেকা মন্ত্ৰী পাতিম ।” এই কথা শুনি বৰ চোৰৰ পুতেকে লাহেকৈ গা উলিয়াই দীঘল দি পৰি কলে , “স্বৰ্গদেউ ! কাটক বা মাৰক , ময়ে সেই চোৰ ।” পাত্ৰ মন্ত্ৰী সকলো আচৰিত হল , ৰজাও অবাক । কিন্তু এতিয়া আৰু কি কৰিব ? – প্ৰতিজ্ঞা কৰিলে তেতিয়া তেওঁ তাক ডেকা মন্ত্ৰী পাতিবলগীয়া হল ।

কাকাদেউতা আৰু নাতি লʼৰা আৰু বুঢ়ী আইৰ সাধুৰ দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। বৰ চোৰ এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। বৰ চোৰ এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে। বৰ চোৰ এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।

Leave a Reply