বকবধ বৃত্তান্ত | Bokbodh Brittanto

বকবধ বৃত্তান্ত | Bokbodh Brittanto, সাধুৰ সফুৰা পুথিৰ পৰা সংগ্ৰহ, বকবধ বৃত্তান্ত, সাধুকথা, অসমীয়া কাহিনী, বকবধ বৃত্তান্তশিশুৰ বাবে কাহিনী

পাণ্ডু – পুত্ৰসকল ছদ্মবেশেৰে একচক্ৰ। নগৰত এজন ব্ৰাহ্মণৰ ঘৰত থাকিবলৈ ল’লে। ছদ্মবেশেৰে দিনটো নগৰখনত ভ্ৰমণ কৰে আৰু যি পাই গধুলি আহি মাতৃ কুম্ভীৰ হাতত অৰ্পণ কৰে। মাকে সকলোকে ৰান্ধি-বাঢ়ি দি আধাতকৈ বেচিখিনি কুন্তীয়ে বীৰ বৃকোদৰক খাবলৈ দিয়ে আৰু বাকীখিনি চাৰিজন ভাতৃৰ সৈতে ভগাই খায়।

Read Also: সখি বান্দৰ আৰু শিয়ালৰ কাণ্ড | Hokhi Bandor Aru Hiyalor Kando

এইদৰে ব্ৰাহ্মণৰ ঘৰত অতি কষ্টেৰে ভিক্ষাৰীৰ ভেষ ধৰি ভিক্ষা কৰি খাই দিন কটালে। এদিন চাৰিওজন ভাতৃ ভিক্ষাৰ বাবে ওলাই গ’ল। ভীম ঘৰতে থাকিল। হঠাতে কুন্তীয়ে শুনিলে ব্ৰাহ্মণ ব্ৰাহ্মণীয়ে বিলাপ কৰি কান্দি-কাটি আছে। মাকে আহি বৃকোদৰক ওচৰলৈ মাতি আনি ক’লে-

: আমি ইমানদিন অজ্ঞাতে ব্ৰাহ্মণৰ ঘৰতে আছো, তেওঁলোকৰ কিবা বিপদ হৈছে নিশ্চয় কন্দা-কটা কৰি থকা শুনিছো। তুমি গৈ তেওঁলোকক ৰক্ষা কৰাটো উচিত হ’ব। বিপদগ্ৰস্ত ব্ৰাহ্মণ-ব্ৰাহ্মণীক বিপদত সহায় কৰাটো আমাৰ কৰ্তব্য। 

ভীমে মাতৃ কুন্তীক ক’লে-

: তেওঁলোকৰনো কি হৈছে তুমি জানি আহাগৈ মই যৎপৰোনাস্তি চেষ্টা কৰি যদি বিপদ হৈছে সহায় কৰিম।ভীমৰ কথা শুনি মাতৃ কুন্তী ব্ৰাহ্মণৰ ঘৰলৈ গৈ কন্দা-কটা কৰাৰ কাৰণ সুধিলেগৈ। ব্ৰাহ্মণ-ব্ৰাহ্মণীক কৈছে-

: এইবাবেই মই তোমাক আগতেই কৈছিলো যিখন দেশত ৰাক্ষসৰ উপদ্ৰব চলি আছে তাত বাস কৰা উচিত নহয়, তুমি কথা নুশুনিলা, তাৰ বাবেই এতিয়া এই কষ্ট সহ্য কৰিব লগা হৈছে। মই এতিয়া কেনেকৈ ৰাক্ষসৰ অত্যাচাৰৰ পৰা তোমাক ৰক্ষা কৰিম ? তোমাৰ অবিহনে তোমাৰ পুত্ৰৰ কি দশা হ’ব আৰু ময়েই বা কেনেকৈ থাকিম।

ব্ৰাহ্মণীয়ে ক’লে-

: আমি এটায়ো এটাক এৰি থাকিব নোৱাৰো, মৰিব লাগিলে একেলগেই মৰিম। মোক লৈ সংসাৰ পাতিলা, এটি কন্যা এটি পুত্ৰৰ সৈতে আমাৰ এই সুখৰ সংসাৰখন এটাও নোহোৱাকৈ কোনোৱেই জীয়াই থাকিব নোৱাৰো স্বামী।ব্ৰাহ্মণীৰ কথা শুনি দুয়ো ধৰা-ধৰিকৈ কান্দিবলৈ ধৰিলে। ব্ৰাহ্মণ ব্ৰাহ্মণীৰ জীয়েকে ক’লে-

: তোমালোক তিনিও থাকা মোকেই ৰাক্ষসক দান কৰি দিয়া। এনেয়ো মোকতো তোমালোকে দান কৰিবই লাগিব।কুন্তীয়ে ব্ৰাহ্মণৰ ওচৰ চাপি সেইদৰে দুখ কৰাৰ কাৰণ সুধিলে। ব্ৰাহ্মণে ক’লে- আমি যি কাৰণে কান্দিছো মনুষ্যই তাক খণ্ডন কৰিব নোৱাৰে। এই নগৰত এটা ৰাক্ষস আছে সি অতি দূৰন্ত। সি যেন ৰাজ্যৰ ঈশ্বৰহে, সি ইমানেই বলী যে তাৰ ভোক গুচাবলৈ প্ৰতিদিনে একো ঘৰৰ পৰা পিঠা পৰমান্নৰ সৈতে একোটা মানুহ আৰু দুটা মহ ভোক গুচাবৰ বাবে দিব লাগে। এইদৰে যদি কোনোবাই দিব নোৱাৰে তাৰ পৰিয়ালক ভক্ষণৰ বাবে দিব লাগিব।

এইবাৰ এই ৰাক্ষসৰ উদৰ পুৰোৱাৰ পাল ব্ৰাহ্মণৰ ঘৰত পৰিছে। পুত্ৰ, কন্যা, ভাৰ্য্যা চাৰিওজনকে কেনেকৈ তাৰ উদৰ পূৰাবলৈ দিওঁ ? কাৰো মায়া এৰিব নোৱাৰো।ব্ৰাহ্মণৰ এই কথা শুনি কুন্তীয়ে ক’লে-

: হে ব্ৰাহ্মণ ! ভয় নকৰিবা, মোৰ পঞ্চপুত্ৰ আছে, তোমাৰ বাবে ময়েই এক পুত্ৰ দান কৰিম।ব্ৰাহ্মণে ক’লে-

: তোমালোক ব্ৰাহ্মণ, আমাৰ আশ্ৰয়ত আছা, মই কেনেকৈ আত্মৰক্ষাৰ বাবে তোমালোকৰ এনে কৰ্মলৈ আগবাঢ়ো মোৰ কপালত যি আছে সেয়েই হ’ব। আশ্ৰিত ব্ৰাহ্মণ বধৰ পাপৰ ভাগ মই ল’ব নোৱাৰো।কুন্তীয়ে ক’লে-

: মোৰ পুত্ৰসকল অতি বলবান, ৰাক্ষসেও খাব নোৱাৰে। মোৰ সন্মুখতে সিহতি বহুত ৰাক্ষস বধ কৰিছে। বেদবিদ্যা আৰু বুদ্ধিবলত মোৰ পুত্ৰসকলক কোনেও চেৰ পেলাব নোৱাৰে। তোমালোকে ভয় পৰিত্যাগ কৰা, অন্নৰ যোগাৰ কৰাগৈ আনন্দেৰে । 

কুন্তীৰ কথা শুনি মৃতপ্ৰায় ব্ৰাহ্মণৰ প্ৰাণ ঘূৰাই পোৱা যেন অনুভৱ কৰিলে। ব্ৰাহ্মণক লগত লৈ কুন্তী গৈ ভীমৰ ওচৰ পাই সকলো কথা জনালে। মাতৃৰ কথামতে ভীমে সেই কাৰ্যৰ আগভাগ ল’ব বুলি ব্ৰাহ্মণক আশ্বাস দি পঠালে।কিছু সময়ৰ পিছত চাৰি ভাতৃ ঘৰলৈ আহিল, যুধিষ্ঠিৰে সকলো কথা মাকৰ পৰা শুনিলে। মাকক সুধিলে-

: আই ! ভীম ক’লৈ গ’ল ? সি নিজ ইচ্ছাৰে গৈছেনে তোমাক সুধি গৈছে ? তোমালোকে কাৰ বুদ্ধি শুনিলা ? কুন্তীয়ে ক’লে- 

: এই নগৰখন আৰু ব্ৰাহ্মণক ৰক্ষা কৰিবলৈহে গৈছে, একো বেয়া কাম কৰিবলৈ যোৱা নাই।যুধিষ্ঠিৰে মাকক দুখ মনেৰে সুধিলে-

: আই তুমি কেনেকৈ মাতৃ হৈ পুত্ৰক ৰাক্ষসৰ মুখলৈ পঠিয়াবলৈ সাহ কৰিলা ? আমি ভিক্ষা মাগি হ’লেও আটাইকেউটাই পুনৰ ৰাজ্য লাভ কৰিব পাৰিম বুলিয়েই বনবাস খাটি আছো। তোমাৰ যিজন পুত্ৰই জতুগৃহৰ পৰা সকলোকে ৰক্ষা কৰিলে, কান্ধত তুলি সকলোকে হিড়িম্বক বনলৈ লৈ গৈ সকলোৰে ৰক্ষাৰ বাবে হিড়িম্বক বধ কৰিলে, তেনেকুৱা পুত্ৰক তুমি কেনেকৈ ৰাক্ষসৰ মুখলৈ পঠিয়ালা আই ? তুমি ৰজাৰ দুহীতা, ৰজাৰ মহিষী, দুৰ্ভাগ্যবশত : বনবাসী হ’ব লগা হৈছে। তোমাৰ এই হতবুদ্ধি কেনেকৈ হ’ল আই ? কুন্তীয়ে ক’লে-

: যুধিষ্ঠিৰ ! মই তোমালোকৰ প্ৰতিজনকে ভালকৈ জানো, ভীমৰ প্ৰতাপৰ কথাও মই নজনা নহয়। তেওঁৰ গাত অযুত হস্তীৰ বল পৰাক্ৰম আছে, তেওঁক কোনেও পৰাস্ত কৰিব নোৱাৰে।

ভীমৰ আস্ফালনত গিৰিশৃংগও দেখোন চুৰমাৰ হৈ গ’ল। হিড়িম্বা বনলৈ ভীমেই তোমালোক চাৰি হস্তীৰ সৈতে কান্ধত তুলি লৈ যোৱা পাহৰিলা নেকি ? চাই থাকা এই ৰাক্ষসৰো আজি পৰাজয় আৱশ্যম্ভাবি।বাচা ! উপস্থিত ভয়ৰ পৰা যিজনে ৰক্ষা কৰে, সেইজনৰ নিচিনা পূণ্যবান কোনোৱেই নাই।মাতৃৰ এনে নীতিবাক্য শুনি ধন্য ধন্য বুলি কৈ মাতৃক প্ৰণাম কৰিলে। 

: তুমি আই দ্বীজবৰক এটা কথা কোৱা তেওঁ যাতে কাৰো আগত তোমাৰ এই দয়াৰ কাহিনী ব্যক্ত নকৰে। 

ৰাতি হৈ আহিল। ব্ৰাহ্মণে বলীশৰ্য্য কৰিলে। সেই সময়তে বৃকোদৰ (ভীম) যানত উঠি যি বনত বক ৰাক্ষস থাকে তাত গৈ উপস্থিত হ’লগৈ। ভীমে ‘হেই বক, ৰাক্ষস’ বুলি চিঞৰি আহাৰ গ্ৰহণ কৰিবলৈ ধৰিলে। বক ৰাক্ষসক নাম কাঢ়ি মতাৰ বাবে খহত ৰাক্ষসে উগ্ৰমূৰ্ত্তি ধাৰণ কৰি মাটি খান্দি খান্দি খোজ দিবলৈ ধৰিলে। বক ৰাক্ষসৰ মহাকায় মহাবেশত পৃথিৱীও যেন কপিবলৈ ধৰিছে। ভীমক অন্ন খাই থকা দেখি আৰু খঙত বক ৰাক্ষস কপিবলৈ ধৰিলে। তাৰ চকুৰে জুইৰ ফিৰিঙতি ওলাবলৈ ধৰিলে। ভীমৰ ফালে চাই চিঞৰি ক’লে-

: তই কোন ? মানুহ হৈ ইমান অনীতি কৰিছ ? মোৰ ভোজন ভক্ষণ কৰিছ ? মই তোৰ সুকুতুম্ব ব্ৰাহ্মণক খাইহে এৰিম। তোৰ দোষতে ব্ৰাহ্মণৰ পৰিয়ালৰ আজি ধ্বংস হ’ব। 

ভীমে ৰাক্ষসৰ কথালৈ কাণ দিয়া নাই। নিজ ইচ্ছামতে অন্ন ভোজন কৰি আছে। তাকে দেখি বক ৰক্ষসে হাত দাঙি ভীমৰ ফালে আগ বাঢ়িবলৈ ধৰিলে। তাৰ বজ্ৰসম হাতেৰে বক ভীমৰ পিঠিত ঢকিয়াবলৈ ধৰিলে। ভীমৰ দেহা কিঞ্চিত মানো লৰচৰ নহ’ল। তাকে দেখি অসুৰৰ আৰু খং বাঢ়িবলৈ ধৰিলে। পায়সান্ন খাই শেষ কৰা দেখি ৰাক্ষস খঙত কপিবলৈ ধৰিলে। ওচৰৰ পৰা গছ এডাল উভালি আনি ভীমৰ গালৈ মাৰিবলৈ ধৰিলে। তথাপি ভীমে আহাৰ খায়েই আছে। সো হাতেৰেহে খাইছে বাওঁ হাতেৰে ভীমে বৃক্ষডাল (গছডাল) ধৰি দলিয়াই দিলে। পুনৰ ৰাক্ষসে তৰ্জন-গৰ্জন কৰি আৰু এডাল গছ উভালি ভীমৰ গালৈ মাৰি পঠিয়ালে। ভীমে ভোজন শেষ কৰি মুখ ধুই গছ উভালিবলৈ ধৰিলে। বৃক্ষৰে সৈতে ভীম আৰু বক ৰাক্ষসৰ মাজত প্ৰচণ্ড যুদ্ধ চলিবলৈ ধৰিলে। হাবিত গছ নাইকিয়া হৈ পৰিল। দুয়োৰে ওপৰত প্ৰচণ্ড শিলাবৃষ্টি হ’বলৈ ধৰিলে। বাহুৱে বাহুৱে যুদ্ধ আৰম্ভ হ’ল। বাহুৱে, মূৰে, পেটে, ভৰিয়ে, বুকুৱে, দুই বীৰৰ মাজত প্ৰবল যুদ্ধ চলিল। শেষত দুয়ো ইটোৱে সিটোক বগৰাই বগৰাই আক্ৰমণ কৰিবলৈ ধৰিলে।

শেষত ভীমে বাওঁ হাতেৰে দুই জানু, সো হাতেৰে মূৰটো ধৰি বুকুত আঠু দি দুইহাতেৰে ৰাক্ষসক ফালি দুফাল কৰি পেলালে। মহাশব্দ কৰি ৰাক্ষসৰ প্ৰাণ বায়ু পঞ্চভূতৰ লগত মিলি গ’ল।

বকৰ অনুচৰ বিলাকে সেই দৃশ্য দেখি ভয়ত বনৰ বাহিৰলৈ পলাবলৈ ধৰিলে। নগৰৰ কাষতে ভীমে বক ৰাক্ষসক পেলাই থৈ মাতৃ আৰু ভাতৃসকলৰ ওচৰলৈ গৈ আনন্দেৰে ক’লেগৈ- “আহ ! মই সেই প্ৰচণ্ড ৰাক্ষসক মাৰি পেলালো। লগত থকা পাৰিষদ ৰাক্ষসবিলাকো পলাই পত্ৰং দিলে। 

আনন্দত মাতৃ কুন্তী দেৱীয়ে যুধিষ্ঠিৰক মাতি ভীমৰ পৰাক্ৰমৰ কথা জনালে। মাকে ভীমক আকোৱালি লৈ মৰম কৰিবলৈ ধৰিলে। ইতিমধ্যে ৰাতি পুৱাবলৈ সূৰ্য্যদেৱ আগবাঢ়িল। নগৰৰ মানুহ ঘৰৰ পৰা ওলাবলৈ ধৰিলে। ওলায়েই সকলোৱে দেখিলে পৰ্বতৰ আকাৰৰ বক অসুৰ পৰি মৰি আছে। সকলোৱে আনন্দত নাচিবলৈ ধৰিলে। কোনে তেওঁলোকক আসন্ন বিপদৰ পৰা ৰক্ষা কৰিলে চিন্তা কৰিবলৈ ধৰিলে। সেই দুৰন্ত ৰাক্ষসে প্ৰতিজনকে অত্যাচাৰ কৰি ব্যতিব্যস্ত কৰিছিল। এতিয়া এই ৰাক্ষসক কোনে বধ কৰি তেওঁলোকক বিপদমুক্ত কৰিলে বিচাৰিবলৈ ধৰিলে। 

যোৱা ৰাতি যাৰ ঘৰৰ পৰা ভোজ্য দিয়া পাল পৰিছিল বোধকৰো তেৱেঁই এই অসুৰক বধ কৰিলে। ব্ৰাহ্মণৰ ঘৰৰ পৰা যোৱাৰাতি আহাৰৰ পাল পৰা বুলি কোনোবাই কোৱাত সকলো গৈ ব্ৰাহ্মণৰ ঘৰ পালেগৈ। ব্ৰাহ্মণক সকলোৱে সুধিলে ৰাক্ষসৰ মৃত্যুৰ কথা।ব্ৰাহ্মণে ক’লে-

: যোৱা ৰাতি মোৰ ঘৰৰ আহাৰৰ পাল পৰিছিল আমাৰ চাৰিওৰে শোকাকুল অৱস্থা দেখি এজন দ্বিজবৰ সদয় হৈ ৰাক্ষসক বধ কৰিব বুলি আমাক অভয় প্ৰদান কৰি নিজেই বলিৰ ৰূপত বক ৰাক্ষসৰ ওচৰলৈ গ’ল। সেইজনেই এই বক ৰাক্ষসক বধ কৰিলে বোধকৰো।

Read Also: Class 9 Assamese Question Answer

ব্ৰাহ্মণৰ কথা শুনি সকলোৱে অতি আনন্দ মনেৰে ব্ৰাহ্মণক পূজা কৰিবলৈ ধৰিলে। অতি আনন্দেৰে ব্ৰাহ্মণ নিজ গৃহলৈ আহি দেবতুল্য দ্বিজবৰ পাণ্ডবৰ পূজা কৰিবলৈ ধৰিলে।

কাকাদেউতা আৰু নাতি লʼৰা আৰু সাধুৰ সফুৰা দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। বকবধ বৃত্তান্ত এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। বকবধ বৃত্তান্ত এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে বকবধ বৃত্তান্ত এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।

Leave a Reply