ভঠেলি উৎসৱ | Bhatheli Festival

ভঠেলি উৎসৱ | Bhatheli Festival

নামনি অসমৰ বড়ো সম্প্ৰদায়ৰ লোক সকলে পালন কৰা বৰ্ণাঢ্য ৰং-ৰহইচ, গীত-মাত আদিৰ জনপ্ৰিয় প্ৰধান উৎসৱটোৰ নাম হ’ল ভঠেলি উৎসৱ। এই উৎসৱ হ’ল পৰম্পৰাগতভাৱে প্ৰাচীন কালৰে পৰা পালন কৰি অহা উৎসৱ। এই উৎসৱ পালন কৰোঁতে কোনো ধৰণৰ শাস্ত্ৰীয় বিধান মানি চলিব নালাগে, মাথোন ইয়াত পৰম্পৰাগত ভাৱে পালন কৰি অহা ৰীতি-নীতি সমূহহে পালন কৰা হয়।

ভঠেলি উৎসৱ বহাগ মাহত অনুষ্ঠিত কৰা হয়। বড়োসকলৰ ভঠেলি উৎসৱৰ লগত বাহ পোতা অনুষ্ঠানতো জড়িত হৈ আছে। আচলতে এই বাহ পোতা প্ৰতীকী অনুষ্ঠান অৰ্থাৎ বাহ পূজা কৰাৰ কাৰণটো পৰম্পৰাগত ভাৱে ভঠেলিৰ লগত ইয়াৰ বৈশিষ্ট্য অতি মনকৰিবলগীয়া। তদুপৰি চাওতালসকলে পালন কৰা “ইন্দ” অৰ্থাৎ “ইন্দ্ৰ” উৎসৱৰ লগতে ভঠেলি উৎসৱৰ মিল দেখিবলৈ পোৱা যায়।

ভঠেলি উৎসৱ পালন কৰিবলৈ সাধাৰণতে মুকলি আহল-বহল ঠাই এডোখৰ নিৰ্বাচন কৰা হয়। নিৰ্বাচন কৰা ঠাইখিনি ভালকৈ চাফ-চিকুণ কৰি ভঠেলি উৎসৱ পালন কৰিবলৈ ঠাইখিনি প্ৰস্তুত কৰি তোলা হয়। এই উৎসৱৰ দিনাখন গাঁৱৰ ডেকা বা চেমনীয়া সকলে দুডাল বাহ ভঠেলি উৎসৱ পালন কৰা স্থানলৈ কান্দত তুলি আনিব লাগে। এই বাহ দুডাল কাটিবলৈ যাওঁতে গাঁৱৰ ডেকাবোৰে ভালদৰে গা-পা ধূই যাব লাগে বুলি পুৰণি কালৰে পৰা এক নিয়ম প্ৰচলিত হৈ আহিছে। এই নিৰ্দিষ্ট বাহ দুডালৰ এডাল দীঘলকৈ আৰু আনডাল কিছু চুটিকৈ কটা হয়। বাহ দুডাল ভালকৈ ধূই-মেলি, চাফ-চিকুণ কৰি সকলোৱে মিলি ভঠেলি উৎসৱ পালন কৰা স্থানত বাহ দুডাল পোতা হয়। এই বাহ পোতা অনুষ্ঠানটোক কেন্দ্ৰ কৰি সকলোৱে মিলি এক মাংগলিক ধ্বনিৰ উৰুলি দি শঙ্খ, ঘন্টা, ঢোল, তাল, পেপা নেগাৰা, কাহ, বাহী আদি বজাই এক মনোৰম আৰু মনোমোহা পৰিৱেশৰ সৃষ্টি কৰে।

ভঠেলি উৎসৱৰ বাবে পোতা ওখ বাহ ডালক মতা পাউৰা বা মতাপাৰা (পাৰ চৰাই) আৰু চুটি বাহ ডালক মাইকী পাউৰা বা মাইকী পাৰা (পাৰ চৰাই) বুলি কোৱা হয়। এই পাউৰা নামটোৰ পৰাই ভঠেলি উৎসৱটিৰ নামো সেই কাৰণে পাউৰা তোলা হৈছে। এই বাহ দুডালক প্ৰতীকী অৰ্থত দেৱ-দেৱী নাইবা দৰা-কইনাৰ অৰ্থতহে ব্যৱহাৰ কৰা যেন লাগে। আনফালৰ পৰা চাবলৈ গ’লে পৱিত্ৰ ভাৱেৰে বাহ দুডাল পোতা কাৰ্যক লৈ অতি প্ৰাচীন কালৰ পৰাই যেন কৃষি উৎসৱৰ লগত এই উৎসৱ জড়িত হৈ আছে তাক অনুমান কৰিব পাৰি। ভঠেলি উৎসৱ পালন কৰিবলৈ যি দুডাল বাহ পোতা হয় সেই বাহ দুডালৰ কিছু দূৰত এটা জুপুৰি ঘৰ নিৰ্মাণ কৰা হয়। এই জুপুৰি ঘৰটো সাজোতে ঘৰটোত বাহৰ খুটা চালিখনত সৰু সৰু বাহৰ ৰুৱা, কামি ব্যৱহাৰ কৰি চালিখন নিৰ্মাণ কৰা হয়। চালিখন কলপাতেৰে ছোৱা হয় অৰ্থাৎ ৰ’দ, বৰষুণ নপৰাৰ ব্যৱস্থা কলপাতেৰে কৰা হয়। এই ঘৰটোৰ ভিতৰত কিছু পৰিমাণে খাদ্য-সামগ্ৰী আৰু ধন-ধান, টকা-পইচা আদি ৰখা হয়। প্ৰকৃততে এই ঘৰৰ ভিতৰত যি সমূহ খাদ্য-সামগ্ৰী আৰু ধন-ধান, টকা-পইচা আদি ৰখাৰ প্ৰধান উদ্দেশ্যটো হ’ল যে, বিষ্ণু বা বিষ্ণুৰে আন এটি ৰূপ কৃষ্ণক উদ্দেশ্য কৰি এই সমূহ উচৰ্গি দিয়া হয়। এই নিয়মটো অতি প্ৰাচীন কালৰে পৰাই চলি আহিছে।

Read Also: লক্ষ্মী পূজা | Lakshmi Puja

ভঠেলি উৎসৱৰ মূল বা প্ৰধান দেৱতা হ’ল বিষ্ণু বা কৃষ্ণ। এই পূজাত মূলতঃ বিষ্ণু বা কৃষ্ণৰ পূজা কৰা হয়। এই উৎসৱত কৃষ্ণ বা বিষ্ণুক প্ৰতিষ্ঠা কৰিবলৈ ভঠেলি খোলাৰ মাজত এখন সিংহাসন প্ৰস্তুত কৰি তাত বিষ্ণু বা কৃষ্ণৰ মূৰ্তি স্থাপন কৰা হয়। সিংহাসনত বিষ্ণু বা কৃষ্ণৰ মূৰ্তি স্থাপন কৰাৰ পিচত সেৱা কৰা হয়। সেৱা কৰাৰ পিচত সিংহাসনত প্ৰতিষ্ঠিত বিষ্ণু বা কৃষ্ণৰ মূৰ্তিক গাঁৱৰ ডেকা-বুঢ়া সকলোৱে কান্ধত তুলিলৈ গাৱলৈ ফুৰাবলৈ লৈ যায়।

ভঠেলি উৎসৱ 2

ভঠেলি উৎসৱক কেন্দ্ৰ কৰিয়েই সেই স্থানত স্থানীয় উৎপাদিত সামগ্ৰী সমূহকলৈ একোখন সৰু-সুৰাকৈ মেলাও অনুষ্ঠিত হোৱা দেখিবলৈ পোৱা যায়। এই মেলাক উদ্দেশ্য কৰিয়ে আজিকালি বিভিন্ন ধৰণৰ ব্যৱসায় কৰি এই মেলাৰ জৰিয়তে স্থানীয় লোক সকলে মুনাফা অৰ্জন কৰিবলৈও সক্ষম হৈছে। এই ভঠেলি উৎসৱৰ মেলাও বৰ্তমান আকৰ্ষণীয় ৰূপত ধৰা দিছে। এই মেলাক কেন্দ্ৰ কৰি এই উৎসৱলৈ বহু লোকৰ আগমন মনকৰিবলগীয়া।

ভঠেলি উৎসৱৰ আবেলি সময়ত ভঠেলি পূজাৰ বাবে নিৰ্মাণ কৰা ঘৰটো ভাঙি পেলোৱাটো এই পূজাৰ প্ৰধান কৰ্ম। এই ঘৰ ভঙা কৰ্মটো সাধাৰণতে গাঁৱৰ সৰু সৰু ল’ৰাবিলাকে হৈ-হাল্লা, চিঞৰ-বাখৰ আদি কৰি ঘৰটো ভাঙি পেলায়। সেই সৰু-সৰু ল’ৰাবিলাকে “ভঠেলি শেষ হ’ল” বুলি বাৰে বাৰে চিঞৰি ভঠেলি ঘৰত প্ৰৱেশ কৰি তাত থকা খাদ্য-সামগ্ৰী, ধন-ধান, টকা-পইচা আদি সকলোৱে মিলি ভগাই লয় এই ভঠেলি উৎসৱৰ ঘৰ ভঙা কাৰ্যসূচীকলৈ কেতিয়াবা কেতিয়াবা একোখন ব্যংগ যুদ্ধ অনুষ্ঠানৰো কোনো কোনো ঠাইত আয়োজন কৰা দেখা যায়। এই ব্যঙ্গ যুদ্ধৰ আয়োজন কৰিবলৈ গাঁৱৰ ল’ৰা বিলাকক দুটা ফৈদত ভাগ কৰা হয়। এটা ফৈদ ইখন গাঁৱৰ আৰু আনটো ফৈদ সিখন গাঁৱৰ। সিখন গাঁৱৰ ল’ৰাবিলাকে যেতিয়া আহি ভঠেলি উৎসৱৰ ঘৰ ভাঙে তেতিয়া ইখন গাঁৱৰ ল’ৰাবিলাকে বাধা দিয়ে আৰু দুয়োটা ফৈদৰ মাজত যুদ্ধ হয়। এই অনুষ্ঠান আচলতে মানুহক পূৰ্ণ ৰস দিব পৰা উৎসৱ বুলি ক’লেও যেন বঢ়াই কোৱা নহ’ব।

ভঠেলি উৎসৱত যি দুডাল প্ৰতীকী ৰূপত সজাই বাহ পোতা হয়, সেই বাহ দুডালক পূজা কৰাই নহয়, বাহ দুডালৰ মাজত প্ৰতীকী ৰূপত দৰা-কইনা সজাই বিবাহো সম্পন্ন কৰা হয়। এই উৎসৱৰ বাহ পোতা অনুষ্ঠান আৰু বাহৰ প্ৰতীকী বিবাহ এই উৎসৱৰ বাহ পোতা অনুষ্ঠান আৰু বাহৰ প্ৰতীকী বিবাহ অনুষ্ঠানে যেন আমাক আদিম উৰ্বৰতাৰ প্ৰতীককেই বুজাব বিচাৰিছে। সেই কাৰণে এই উৎসৱ বৰ্তমানেও উত্তৰ পূৰ্বাঞ্চলৰ তথা ভাৰতৰ জনজাতি প্ৰধান অঞ্চলবোৰত জনপ্ৰিয় ৰং-ৰহইচৰ উৎসৱ ৰূপে স্বীকৃতি পাই আহিছে।

উত্তৰ-পূৰ্বাঞ্চল তথা ভাৰতৰ জনজাতি প্ৰধান অঞ্চলবোৰত প্ৰচলিত ভঠেলি উৎসৱ মূলতঃ কৃষি প্ৰধান উৎসৱ ৰূপে পৰিগণিত হৈ আহিছে। এই উৎসৱৰ অনুষ্ঠান সমূহ আয়োজন কৰিবলৈ যি সমূহ কাৰ্যসূচী পালন কৰা হয়, সেই কাৰ্যসূচী সমূহে লোক-সমাজৰ মন আকৰ্ষণ কৰি আহিব পাৰিছে।

আমি আশা কৰিছো ভঠেলি উৎসৱ | Bhatheli Festival আপোনালোকক সহায় কৰিব। যদি আপোনাৰ ভঠেলি উৎসৱ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Leave a Reply