বেছিকৈ আশা কৰি ৰামু বিপদত পৰিল | Besikoi Akha Kori Ramu Bipodot Poril

বেছিকৈ আশা কৰি ৰামু বিপদত পৰিল | Besikoi Akha Kori Ramu Bipodot Poril, সাধুৰ সফুৰা পুথিৰ পৰা সংগ্ৰহ, বেছিকৈ আশা কৰি ৰামু বিপদত পৰিল, সাধুকথা, অসমীয়া কাহিনী, বেছিকৈ আশা কৰি ৰামু বিপদত পৰিলশিশুৰ বাবে কাহিনী

এখন দেশত পুৰণি কালত ৰামু নামৰ এজন মুচিয়াৰ বাস কৰিছিল। চহৰৰ চাৰি চাৰি আলিৰ এটা দাতিতে ৰামুৰ দোকান। পুৱা আহি দোকান খুলি ধূপ-চাকিৰে ভগৱানক প্ৰাৰ্থনা কৰি দোকান আৰম্ভ কৰে আৰু ৰাতি সামৰি ঘৰলৈ ওভতে। ঘৰত ৰামুৰ দেউতাক আৰু ৰামুৰ পৰিবাৰ। ঘৰুৱা আৰ্থিক অৱস্থা ভাল নহ’লেও দিনটো সকলোৰে জোতা চাফা আৰু মেৰামতি কৰি যি দুপইছা পায় তাৰেই চাৰিটা প্ৰাণীৰ পোহপাল হৈ যায়।

ৰামুৰ দোকানত এখন ডাঙৰ গণেশৰ ফটো আছে তাতে ধূপ চাকি জ্বলাই দিনটো লৈ লাভৰ আশাত দোকানখন খোলে। ৰামু সদায় আনন্দতে থাকে আৰু চখ কৰি থাকিবলৈ আশা কৰা ল’ৰা। ৰামুৱে দোকানত বহি জোতাবিলাক চাফা কৰি ধুনীয়া কৰি দি বৰ আনন্দ পায়। তাৰো তেনেকৈ চাফা ধুনীয়া কাপোৰ-কানি জোতা-মোজা পিন্ধি ফুৰিবলৈ বৰ চখ।

Read Also: হজৰত মহম্মদ | Hazrat Mohammad

দোকানৰ কাষেদি সদায় এজন ৰজাৰ কোৱৰ সাজি-কাচি ঘোৰাত উঠি ফুৰিবলৈ যায়। সদায় ৰামুৰ সেই সুন্দৰ যুৱৰাজ জনক চাই আনন্দ লাভ কৰে।

ৰামুৰ মনলৈ হঠাতে এটা ভাব আহিল “ময়ো যদি ৰাজকোঁৱৰৰ দৰে জাক জমক কাপোৰ পিন্ধি ফুৰিব পাৰিলোহেতেন। মোলৈও সকলোৱে তেওঁৰ দৰে চালেহেতেন।”

সদায় এনেকৈ ভবি ৰামুৰ দোকানৰ বেৰত থকা গণেশৰ ফটোখনৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। এদিন ৰাতি ৰামুৱে দোকান বন্ধ কৰিবৰ সময়ত লক্ষী আৰু গণেশৰ ওচৰত মূৰটো খুন্দিয়াই খুন্দিয়াই প্ৰাৰ্থনা কৰিবলৈ ধৰিছে- 

“হে মাতৃ লক্ষী হে সিদ্ধিদাতা গণেশ দেৱতা ! তোমালোক বোলে সকলো ঐশ্বৰ্য্য বিভূতিৰ অধিকাৰী। ভক্তৰ মনৰ বাঞ্জা পুৰণ কৰা বুলি সকলোৱে কয়। মই কোনোদিন তোমালোকক একো বিচৰা নাই, আজি মই তোমালোকৰ ওচৰত প্ৰাৰ্থনা কৰিছো, মোক কিছুমান ধন দিয়া যাতে মই এটা ধুনীয়া ঘৰ বান্ধি সুন্দৰ কাপোৰ-কানি পিন্ধি ৰজাৰ ৰাজকোঁৱৰৰ দৰে ঘোৰাত উঠি ফুৰিব পাৰো। মোক তোমালোকে কোৱা দিবানে নিদিয়া ? তোমালোকে দেখিছা, মই দিনটো জোতাকে চাফা কৰি মানুহক ধুনীয়া কৰি ৰাখো। মোৰ জানো ধুনীয়া হৈ চকুত লগা হৈ থাকিবৰ মন নাযায় ? মোক দেখি তোমালোকৰ অকণো বেয়া লগা নাইনে ?”

এইবুলি ৰামুৱে একান্ত মনেৰে লক্ষী আৰু গণেশৰ ফটো কেইখনলৈ চাই ভক্তিত গদ গদ হৈ চকুপানী বোৱাইছে। 

হঠাতে কি দেখিলে জানানে লক্ষী আৰু গণেশৰ ফটো দুখনে যেন ৰামুলৈ চাই হাঁহি হাঁহি চাই মূৰ দুপিয়াইছে। ৰামুৰ গাটোত যেন এটা কপনি উঠিছে। ঘৰলৈ যোৱা পলম হৈছে বুলি ভাবেই হোৱা নাই।

ঘৰ গৈ পাই দেখে মাক দেউতাক আৰু পৰিবাৰে বাটলৈ চাই বহি আছে। সেইদিনা ভাত ৰান্ধিবলৈ চাউলো নাছিল, ৰামু দোকান বন্ধ কৰি আহোতে লৈ অহাৰ কথা। ৰামুৱে সদায় দিনটোত লাভ কৰা টকা কেইটাৰে যি পাৰে চাউল দাইল কিনি ঘৰলৈ লৈ যায়। 

ঘৰত গৈ ৰামুৰ বৰ বেয়া লাগিল। বজাৰো একো কৰি অনা নহ’ল, ৰামুৱে ক’লে-

: আজি যি আছে তাকে ভাগ কৰি খাই শুই থাকো ব’ল। পুৱাই মই বজাৰ কৰি চাউল দাইল আনি দিম।

আটাইকেউটাই পানী আৰু ফল খাই শুই থাকিল। ৰাতি সপোনত ৰামুৰ ওচৰলৈ লক্ষী আহিল। ক’লে- “ৰামু তহঁতৰ ভোক লাগিছে ? কালিৰ পৰা তই বিচৰামতেই সকলো পাবি। এটা কথা মনত ৰাখিবি বেছিকৈ পাই শান্তি পাবি বুলি নাভাবিবি কিন্তু।”

লক্ষীয়ে সেইদিনা ৰাতিয়েই উত্তম সদাগৰক সপোন দেখুৱালে আৰু ক’লে- “তই কালিলৈ ৰামু মুচিয়াৰক এঘটি সোণৰ মুদ্ৰা একলহ ৰূপৰ মুদ্ৰা আৰু বুজন পৰিমাণৰ ধন ঘৰত গৈ দি আহিবিগৈ। তাৰ ঘৰটোও তোৰ থকা ঘৰটোৰ দৰে সাজি দিবি।”

সদাগৰ পুৱা শুই উঠি ৰামুৰ ঘৰ বিচাৰি ওলাল। ৰামুৰ ঘৰ পালেগৈ। সকলোৱে ৰামুৰ ঘৰলৈ সদাগৰ যোৱা দেখি আচৰিত হ’ল। অভ্যাগত অতিথিক কেনেকৈ শুশ্ৰুষা কৰিব সকলোৱে চিন্তাকৰি ব্যস্ত হৈ পৰিল।

সদাগৰে ৰামুক ক’লে যে তেওঁ মানুহৰ হাতত কিবা বস্তু অলপ দি পঠাব আৰু সেই ৰামুহত থকা ভাল ঘৰটো নতুনকৈ সাজি দিব। ৰামুৰ শুনি আনন্দ লাগিল। যেন লক্ষী গণেশে ৰামুৰ প্ৰাৰ্থনাত সন্তুষ্টহে হৈছে।

সদাগৰ ঘৰলৈ উভতি আহি এগটি সোণৰ মুদ্ৰা, একলহ ৰূপৰ মুদ্ৰা আৰু এটোপোলা টকা ৰামুলৈ পঠিয়াই দিলে। 

ৰামুৱে ঘৰত আনন্দৰ সীমা নোহোৱা হ’ল। বহুত মন গৈ থকা বজাৰ কৰিলে। ৰামুৱে ধুনীয়া ধুনীয়া পোচাক নিজৰ বাবে আৰু মাক-দেউতাক পৰিবাৰৰ বাবে কিনি আনিলে। ৰামুৰ ঘৰত আনন্দৰ ৰোল উঠিবলৈ ধৰিলে।

সোণৰ টকাৰে পূৰ্ণ ঘটিটো আৰু ৰূপৰ টকাৰে পূৰ্ণ কলহটো শোৱা খাটৰ তললৈ ভৰাই লুকুৱাই থ’লে।

সদাগৰে ৰামুৰ ঘৰো ধুনীয়াকৈ চকুত লগাকৈ সাজি দিলে। বংশ পৰিয়ালৰ মানুহে দেখি আচৰিত হ’ল। ৰামুৰ ঘৰত আলহীৰ ধুম উঠিবলৈ ধৰিলে। নতুন ঘৰত থকাকৈও পৰিয়ালৰ লোকৰ আগমন ঘটিল। ৰামুৰ জোতা চাফা কৰা দোকান বন্ধ হৈ গ’ল, কিন্তু এতিয়া ৰামুৰ এটাই মাত্ৰ চিন্তা ৰূপৰ আৰু সোণৰ মুদ্ৰাৰ পাত্ৰ দুটা ক’ত কেনেকৈ লুকুৱাই থ’ব। কিছুদিন খাটৰ তলতে থ’লে।

খোৱা-বোৱা চাল-চলন থকা-মেলাৰ পৰিৱৰ্তন মানুহৰ চকুত পৰিবলৈ ধৰিলে। কাৰোবাৰ ভাল লাগিল কাৰোবাৰ হিংসা লাগিল। ৰামুৰহে দিনে দিনে অশান্তি বাঢ়িবলৈ ধৰিলে। আলহীৰ প্ৰতাপত ঘৰত থাকিব নোৱাৰা হৈছে। একোদিন ৰাতি শুবলৈও ঠাই নোহোৱা হয়গৈ।

কলহ আৰু ঘটিটো খাটৰ তলৰ পৰা নি বাৰীৰ পিছফালে গাত খান্দি পুতি থ’লেগৈ। ৰাতি সেই সোণ ৰূপৰ মুদ্ৰাসোপাৰ চিন্তাত ৰামুৰ টোপনি নহা হ’ল। লাহে লাহে শৰীৰ অৱস্থা বেয়া হ’বলৈ ধৰিলে, খোৱা-বোৱা-শোৱা ক’তো ৰামুৰ শান্তি নোহোৱা হ’ল। 

এতিয়া ৰামুৰ ঘৰত কোনো বস্তুৰেই অভাৱ নাই কিন্তু ৰামুৰ আগৰ নিচিনা শান্তিহে নোহোৱা হৈ গৈছে। এদিন ৰাতি ৰামুৱে চিন্তা কৰিলে- “ঘৰ হ’ল, টকা-পইচা হ’ল, গোটেইবিলাক পায়ো মই কিয় শান্তিত থাকিব নোৱাৰা হৈছো ? মোৰ আগৰ সাধাৰণ অৱস্থাটোৱেই ভাল আছিল। দিনটো জোতা চিলাই কৰি যি পাওঁ তাৰে বজাৰ সমাৰ কৰি ঘৰলৈ আহি বহুত শান্তিত আছিলো।”এইবুলি ভাবি গণপতি আৰু লক্ষীৰ ওচৰত প্ৰাৰ্থনা কৰিলে-

: হে গণপতি ! হে লক্ষী মাতা ! তোমালোকক যি বিচাৰিছিলো সকলো দিলা কিন্তু মই অকণো শান্তি লাভ কৰিব পৰা নাই। মোৰ তোমালোকে দিয়া ঐশ্বৰ্য্য বিভূতি সকলো ঘূৰাই নিয়া। আগৰ দৰে জোতা চাফা কৰি থাকিবলৈ দিয়া তাতেই মোৰ শান্তি।

এতিয়াহে বুজিলো মানুহে যিমান হেপাঁহ কৰে সিমানেই কষ্ট পায়। লক্ষীয়ে ৰামুৰ ধন সোণবোৰ দুখীয়াৰ মাজত বিলাই দিবলৈ সপোন দেখুৱালে। ৰামুৱে সপোন দেখা পায় দুখীয়াৰ মাজত সকলো ধন সোণ বিলাই দিলে। পুনৰ আগৰ দৰে জোতা চাফা কৰা চিলাই কৰা দোকানখন আৰম্ভ কৰিলে। ৰামুৰ জীৱনলৈ শান্তি লাহে লাহে ঘূৰি আহিবলৈ ধৰিলে।

Read Also: Class 9 Assamese Question Answer

বেছি আশা নকৰাই ভাল। ভগৱানে যি দিছে তাতেই আনন্দেৰে বাস কৰি শান্তি লাভ কৰিব পাৰি।

কাকাদেউতা আৰু নাতি লʼৰা আৰু সাধুৰ সফুৰা দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। বেছিকৈ আশা কৰি ৰামু বিপদত পৰিল এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। বেছিকৈ আশা কৰি ৰামু বিপদত পৰিল এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে বেছিকৈ আশা কৰি ৰামু বিপদত পৰিল এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।

Leave a Reply