বান্দৰ আৰু ঘৰিয়ালৰ বন্ধুত্ব | Bandor Aru Ghoriyalor Bondhutto, সাধুৰ সফুৰা পুথিৰ পৰা সংগ্ৰহ, বান্দৰ আৰু ঘৰিয়ালৰ বন্ধুত্ব, সাধুকথা, অসমীয়া কাহিনী, বান্দৰ আৰু ঘৰিয়ালৰ বন্ধুত্ব, শিশুৰ বাবে কাহিনী
এসময়ত এখন হাবিৰ এজোপা গোলাপী আপেলৰ গছত এটা বান্দৰ বাস কৰিছিল। সাধাৰণতে গোলাপী আপেল গছ য’তে ত’তে পোৱা নাযায়। সেই হাবিখনত সেই এজোপাই মাত্ৰ গোলাপী আপেল গছ আছিল।
তাতেই জম্বু নামৰ বান্দৰটোৰ ঘৰ। সদায় গোলাপী আপেল খাই খাই জম্বুৰ পৰিয়ালৰ ৰঙা মুখবোৰ গুলপীয়া আৰু দেখাত ধুনীয়া হৈ পৰিছিল।
Read Also: সাধুকথা: আইতাৰ মৰমৰ কলপিঠা | Hadhu kotha: Aitar Moromor Kolpitha
এদিন এটা ঘৰিয়ালৰ পানীত সাতুৰি সাতুৰি ভাগৰ লগাত নদীৰ পাৰলৈ উঠি জিৰণি লৈ আছিল। জম্বু আপেল গছৰ ডালতে টোপনি গৈ আছিল। ঘপকৈ সাৰ পাই জম্বুৱে দেখিলে নদীৰ পাৰৰ বালিত এটা ঘৰিয়ালে জিৰণি লৈ আছে। লাহেকৈ গছৰ ওপৰৰ পৰা হাতত আপেল এটা লৈ নামি আহি ঘৰিয়ালৰ ওচৰ চাপি ক’লে-
: নমস্কাৰ মহাশয় ! কি কৰিছে ? মই আপোনালৈ এটা গোলাপী আপেল লৈ আহিছো গ্ৰহণ কৰক।” এইবুলি আপেলটো ঘৰিয়াৰ ফালে জম্বুৱে আগবঢ়াই দিলে। ঘৰিয়ালে আপেল খাই বৰ সোৱাদ উপভোগ কৰি অতি আনন্দিত হ’ল। বান্দৰক ধন্যবাদ দি ক’লে-
: ইসৰাম আপেলটো ইমান মিঠা পাইছো, বৰ তৃপ্তি লাগিছে।বান্দৰে ক’লে-
: এই আপেলৰ নাম গোলাপী আপেল। আমি সদায় ইয়াকেই খাই থাকো।
দুয়ো এনেকৈ লগ পাই কথা-বতৰা পাতোতে দুয়োৰে মাজত বন্ধুত্ব গঢ়ি উঠিল।
জিৰণীৰ সময়ত দুয়ো ঘৰিয়াল আৰু বান্দৰ বহি আপেল খাই খাই পৰিয়ালৰ খা-খবৰ লৈ আলোচনা কৰিবলৈ ধৰিলে। জম্বু
বান্দৰে সদায় একোটা গোলাপী আপেলেৰে ঘৰিয়ালক আপ্যায়িত কৰে। গোলাপী আপেলৰ তলত বান্দৰ আৰু ঘৰিয়ালৰ আনন্দ ভৰা কথা-বতৰাত দুয়ো আনন্দিত হৈ থাকে। ক্ৰমান্বয়ে বন্ধুত্ব গভীৰ হ’বলৈ ধৰিলে। এদিন ঘৰিয়ালে ক’লে
: বন্ধু মোৰ পৰিয়াললৈ নিবলৈ এদিন দুটামান আপেল দিবাচোন। সদায় তোমাৰ ওচৰত ময়েই খাই থাকো। ঘৰত গৈ কওগৈ পৰিবাৰে শুনি বৰ ভাল পায় আৰু খুব হাহে। মইহে খাই থাকো তেওঁলোককো খুৱাবৰ মন গৈছে। দিব পাৰিবানে ?
: ইসৰাম কিয় নোৱাৰিম, ৰ’বা মই এতিয়াই লৈ আহোগৈ।বান্দৰ গছলৈ জপিয়াই উঠি কেইবাটাও গোলাপী আপেল আনি ঘৰিয়াক ঘৰলৈ নিবলৈ দিলে।ঘৰিয়ালৰ ঘৰত বৰ ফুৰ্তি। সকলোৱে গোলাপী আপেলৰ সোৱাদ লৈছে।
: ইস্ ইমান সুন্দৰ মিঠা আপেল ক’ত পালানো ?
ঘৰিয়ালৰ পৰিবাৰৰ ঘপকৈ এটা কথা মনত খেলালে যে ইমান সোৱাদ আপেল খাওতে চাগৈ বান্দৰৰ কলিজাখনো একেবাৰে মিঠা হৈ পৰিছে। কেনেবাকৈ সেই মিঠা কলিজাখন খাবলৈ পোৱা হ’লে বৰ ভাল লাগিলহেতেন। মোৰো কলিজাখন মিঠা হৈ গ’লহেতেন। এইটো কাম কেনেকৈ সম্ভৱ কৰিব পাৰি চিন্তা কৰিবলৈ ধৰিলে।
এদিন ঘৰিয়ালৰ পৰিবাৰে ঘৰিয়ালক ক’লে-
: হেৰা শুনাচোন মই এটা কথা ক’ব খুজিছো, এনেকুৱা মিঠা আপেল খাই খাই চাগে বান্দৰৰ কলিজাখন বৰ মিঠা হৈ গৈছে, সেই কলিজাখন খাবলৈ মোৰ বৰ মন গৈছে। খাব পাৰিলে মোৰো কলিজাখন মিঠা হৈ পৰিব। মোৰ আচাৰ-ব্যৱহাৰ মধুৰ হৈ গ’লে তোমালোকেও ভাল নাপাবা জানো ?
: ইসৰাম তুমি কি কথা কৈছা মোৰ নলে-গলে বন্ধু জম্বুক মাৰি মইনো তোমালৈ কেনেকৈ কলিজাখন আনিম বাৰু ? নক’বা নক’বা মই তেনে কাম কৰিব কেতিয়াও নোৱাৰো। ঘৰিয়ালৰ কথা শুনি ঘৈণীয়েকৰ জগৰ লাগি ক’লে-
: নালাগে যোৱা মোৰ কাৰণে একো কৰিব। তোমাৰ বন্ধুহে ডাঙৰ হ’ল, যোৱা সেই বন্ধুৰ লগতে থাকাগৈ মোৰ লগত থাকিব নালাগে।
ঘৰিয়ালৰ পৰিয়ালত সৃষ্টি হ’ল অশান্তিৰ, বেচেৰা ঘৰিয়ালে মৰমতে ঘৈণীয়েকলৈ আপেল খুজি আনি খুউৱাৰ ফল অশান্তিহে হ’ল। ঘৈণীয়েকৰ নিষ্ঠুৰতাৰ কথা ভাবি ঘৰিয়ালৰ মনৰ দুখ বাঢ়িবলৈ ধৰিলে।
একোবাৰ ভাবে “ইমান অশান্তিত থকাতকৈ জম্বুক মাৰি কলিজাখন আনি দিয়াই ভাল হ’ব নেকি !
সদায় যোৱাৰ দৰে ঘৰিয়াল বান্দৰ দুয়ো আপেলৰ তলত আনন্দৰে কথা-বতৰা পাতিবলৈ ধৰিলে।
আপেল খাই থাকোতে ঘৰিয়ালে ক’লে-
: বন্ধু তুমি সদায় মোক ইমান মিঠা আপেলেৰে আপ্যায়িত কৰি আছা তাৰ বিনিময়ত মইনো তোমাক কিহেৰে আপ্যায়িত কৰিম ? আজি আমাৰ ঘৰত মোৰ পৰিবাৰে তোমাৰ সৈতে এখন ভোজমেলাৰ আয়োজন কৰিছে। তুমি মোৰ লগত আমাৰ লগত গৈ মোৰ পৰিবাৰৰ মনোবাঞ্জা পূৰণ কৰিবা বুলি আশা কৰিলো। বান্দৰে ক’লে-
: বন্ধু ! মোৰ কাৰণে ইমান আয়োজন কিয় কৰিব লাগে ? তাৰ উপৰি মইতো পানীত সাতুৰিবও নাজানো যাম কেনেকৈ তোমাৰ ঘৰলৈ ?ঘৰিয়ালে ক’লে
: চিন্তা নকৰিবা বন্ধু মই তোমাক মোৰ পিঠিত তুলি লৈ যাম। তুমি সাতুৰিব নালাগে। বন্ধুত্বৰ বান্ধোন আৰু কটকটীয়া কৰিবলৈ ঘৰিয়ালৰ কথাত বান্দৰ মান্তি হ’ল আৰু যাব বুলি ঘৰিয়ালক কৈয়েই দিলে।
ঘৰিয়ালে আপেল খালে। বান্দৰে কেইটামান আপেল ঘৰিয়ালৰ পৰিয়াললৈ ল’লে আৰু ঘৰিয়ালৰ পিঠিত উঠি যাত্ৰা আৰম্ভ কৰিলে।
মাজ পানী পাওঁতে ঘৰিয়ালে বান্দৰক মাৰিবলৈ মন ঠিক কৰি ল’লে। কিন্তু সি নিজৰ বাবে তেনে নিষ্ঠুৰ কাম কেতিয়াও কৰা নাই আৰু কৰিব নোৱাৰেও। তথাপি বন্ধুৰ সোৱাদ কলিজাৰে পৰিবাৰক সন্তোষ কৰিবলৈকে নিষ্ঠুৰতাৰ পথতো আগবাঢ়িব খুজিছে।
ঘৰিয়ালে ভাবিলে- “মোৰ হাতত বন্ধুৰ প্ৰাণ যোৱাৰ আগতে ভগৱানক এবাৰ প্ৰাৰ্থনা কৰিবলৈ সুবিধা দিয়াটো ভাল হ’ব। ঘৰিয়ালে বান্দৰক ক’লে-
: বন্ধু, মই তোমাক এতিয়া মাজ পানীত পেলাই দিম তুমি ভালে থাকিবলৈ ভগৱানক প্ৰাৰ্থনা কৰা।
: কিয় বন্ধু মোক মাৰিব খুজিছা ? আমি দুয়ো বন্ধু হৈ আজি ইমানদিনে বসবাস কৰি আহিছো আজি হঠাতে তোমাৰ কি হ’ল ?
তেতিয়া বৰ দুখ মনেৰে ঘৰিয়ালে ক’লে- এইদৰে হত্যা কৰিবলৈ আগবঢ়াৰ গুৰিতে তেওঁ নহয় তেওঁৰ পৰিবাৰহে। পৰিবাৰক বান্দৰৰ মিঠা কলিজাটো খাবলৈ লাগে বৰ অশান্তি কৰি আছে জানানে ? সেইবাবে ঘৰিয়ালে ইমান জঘন্য নিকৃষ্ট কাম এটা কৰিবলৈ আগবাঢ়িছে।
তেতিয়া বান্দৰে কি বুদ্ধিৰে ঘৰিয়ালৰ হাতৰ মৃত্যুৰ পৰা হাত সাৰিব পাৰি চিন্তা কৰিবলৈ ধৰিলে। হঠাতে এটা টেঙৰালী বুদ্ধি বান্দৰৰ মনলৈ আহিল। বান্দৰে ক’লে-
: বন্ধু তুমি জানানে বাৰু যে মোৰ শৰীৰত থকা কলিজাটো তেনেই অকণমানি আৰু সোৱাদো নহয়, মোৰ আৰু এখন কলিজা আছে আপেলৰ গছতে লুকুৱাই থৈছো। সেইখন কলিজা ডাঙৰো আৰু সোৱাদো। সেইখন দি তোমাৰ পৰিবাৰক সন্তুষ্ট কৰিব পাৰিলে মই বৰ সন্তোষ পাম।
মূৰ্খ ঘৰিয়ালে টেঙৰ বান্দৰৰ কথাত পতিয়ন গৈ ওভোটাই বান্দৰক পিঠিতে তুলি আনি নদীৰ পাৰ পোৱালেগৈ। পাৰ পাই বান্দৰ একে জাপতে আপেলৰ গছৰ আগ পালেগৈ। তলৰ পৰা ঘৰিয়ালে বান্দৰক সোনকালে মিঠা ডাঙৰ কলিজাখন দি বিদায় দিবলৈ অনুৰোধ কৰিলে।বান্দৰে ওপৰৰ পৰা উত্তৰ দিলে-
: হেই মূৰ্খ ঘৰিয়াল বন্ধুঙ্গ তুমি ইমান মূৰ্খ বুলি ভবাই নাছিলো। তুমি এইটো কথাও নাজানানে কাৰো দুখন কলিজা থাকিব নোৱাৰে। যোৱা সোনকালে ঘৰলৈ উলটি যোৱা।
Read Also: Class 9 Assamese Question Answer
মূৰ্খ ঘৰিয়ালে লাজতে মূৰ তল কৰি ঘৰলৈ বুলি যাত্ৰা কৰিলে আৰু টেঙৰ বান্দৰে উপস্থিত বুদ্ধিৰে নিজক মৃত্যুৰ মুখৰ পৰা ৰক্ষা কৰি পৰিয়ালৰ লগত আনন্দেৰে গুলপীয়া আপেলৰ সোৱাদ লৈ সুন্দৰ সুস্বাস্থ্যৰে বসবাস কৰি থাকিল।
কাকাদেউতা আৰু নাতি লʼৰা আৰু সাধুৰ সফুৰা দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। বান্দৰ আৰু ঘৰিয়ালৰ বন্ধুত্ব এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। বান্দৰ আৰু ঘৰিয়ালৰ বন্ধুত্ব এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে বান্দৰ আৰু ঘৰিয়ালৰ বন্ধুত্ব এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।