বামুণৰ ভাগ্যৰ কাহিনী | Bamunor Bhagyar Kahini, ককাদেউতা আৰু নাতি ল’ৰা সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, বামুণৰ ভাগ্যৰ কাহিনী , সাধুকথা, অসমীয়া কাহিনী, বামুণৰ ভাগ্যৰ কাহিনী , শিশুৰ বাবে কাহিনী
এক বামুণ আছিল । তেওঁৰ পৰিবাৰৰ ভিতৰত বামুণী আৰু গোটাচেৰেক লৰা ছোৱালী । বামুণৰ বৰ দুৰৱস্থা , ধন সম্পত্তি বা ধান চাউল একো নাই । তেওঁ কাম কাজ কৰি যি অলপ পায় তাৰেই কোনোমতে ঘৰ চলায় ; কিন্তু তাৰে নো এঘৰোৱাহ মানুহ কেইদিন চলিব পাৰে ? মাজে মাজে বামুণ সপৰিবাৰে লঘোণে ভোকে থাকিব লগাত পৰে । এনেকুৱা ঘটনা যে কেতিয়াবাহে হয় এনে নহয় , মাহৰ ভিতৰত প্ৰায় পোন্ধৰ দিন । বামুণ বামুণীৰ দুখ বেজাৰৰ সীমা নাই । এদিন বামুনীয়ে গিৰিয়েকক কলে “এটা কথা কোৱাচোন , এদিন বিধাতাৰ তালৈকে যোৱাচোন ; বিধাতাক সুধাগৈ আমাৰ কপালতনো তেওঁ আৰু দুখকেহে লিখিব পায়নে ?” এই কথা শুনি বামুণেও কলে , “এৰা ভাল কৈছা , কাইলৈকে যাওঁ , বিধাতাই নো আমাৰ কপালত কিয় ইমানকৈ দুখ লিখিছে তাকে সুধি চাওঁগৈ ।” এইদৰে বামুণ বামুণীয়ে কথা বতৰা হৈ , বামুণে বিধাতাৰ ওচৰলৈ যোৱাকৈ ঠিক কৰি দুখ কষ্টে সেই ৰাতিটো কটাই ৰাতিপুৱা গা ধুই জলপান এটা খাই আৰু পিঠাগুৰিৰ টোপোলা এটা কাষলতিৰ তলত লৈ বিধাতাক বিচাৰি যাবলৈ ধৰিলে ।
Read Also: ৰাক্ষস পণ্ডিতৰ কাহিনী | Rakhyokh Ponditor Kahini
সেইদৰে গৈ থাকোঁতে বামুণে কিছু দূৰত এহাল মহে যুজঁ কৰি থকা দেখিলে আৰু সিহঁতৰ ওচৰ পোৱা মাত্ৰকে মহঁহালে যুঁজিবলৈ এৰি বামুণ কলৈ যায় সুধিলে । বামুণে “বিধাতাৰ ওচৰলৈ যাওঁ” বোলাত , মহঁহালে কলে , “তেনেহলে আমাৰো একেষাৰ কথা সুধিবচোন – আমাৰ আজি উপজিবৰ কত দিন হল , সেই দিন ধৰি এই একেডোখৰ ঠাইতে আমি যুঁজিব লাগিছো , তথাপি কোনোমতেই আমাৰ যুজঁখন ভগা নাই । ইয়াৰ নো কাৰণ কি বিধাতাক সুধিবচোন ।” বামুণে “বাৰু” বুলি আকৌ যাবলৈ ধৰিলে । এইদৰে গৈ থাকোঁতে বামুণে কিছুমান পৰৰ মূৰত এজোপা আমগছ পালেগৈ । বামুণে যোৱা দেখি গছজোপাই “দেউ , কলৈ যায় ?” – বুলি সুধাত বামুণে “বিধাতাৰ ওচৰলৈ যাওঁ ” বুলি কলে । সেই কথা শুনি গছজোপাই কলে “অনুগ্ৰহ কৰি মোৰ হৈয়ো দুষাৰমান কথা বিধাতাক সুধিবচোন । মোৰ ইমান আম হয় তথাপি তাৰ এটা আমো মানুহে খাওক ছাৰি এটা চৰায়েও নেখায় । ইয়াৰ নো কাৰণ কি ?” বামুণে “বাৰু সুধিম” – বুলি আকৌ যাবলৈ ধৰিলে । সেইদৰে গৈ গৈ বামুণে এখন নৈ পালেগৈ । কিন্তু তাত নাও দুনি একো নাই , মাত্ৰ এটা ঘৰীয়াল পানীত উপঙিব লাগিছে । বামুণক দেখি ঘৰীয়ালে “বাপুদেউ কলৈ বা যায় ?” – বুলি সুধাত বামুণে কলে , “বিধাতাৰ ওচৰলৈ যাবলৈ আহিছিলোঁ ; এতিয়া এই নৈখন পাৰ হৈ যাওঁ কেনেকৈ ?” এই কথাত ঘৰীয়ালে কলে , যদি মই মোৰ হৈও এটা কথা বিধাতাক আপুনি সোধে তেনেহলে মই আপোনাক পিঠিতকৈ পাৰ কৰিব পাৰোঁ ।” বামুণে “কি কথা কোৱা ” – বোলাত ঘৰীয়ালে কবলৈ ধৰিলে – “উপজিবৰে পৰা মই আৰু পানীৰ তললৈ যাব নোৱাৰোঁ ।
ইয়াৰ নো কাৰণ কি সুধি আহিবচোন।” বামুণে “বাৰু” বোলাত ঘৰীয়ালে বামুণক পিঠিত তুলি লৈ নৈ পাৰ কৰি দিলে । বামুণে নৈৰ পাৰতে টোপোলা মেলি পিঠাগুৰি এগাল উলিয়াই লৈ খাই আকৌ যাবলৈ ধৰিলে । সেইদৰে গৈ বামুণে বিধাতাৰ ওচৰ পালিয়াই লৈ খাই আকৌ যাবলৈ ধৰিলে । সেই দৰে গৈ বামুণে বিধাতাৰ ওচৰ পালেগৈ । বিধাতাই বামুণক অহাৰ কাৰণ সুধাত বামুণে নিজৰ দুখ দুৰ্দশাৰ কথা ভাঙি পাতি কলে । তাৰ পিছত বামুণে আগৰ কথামতে কলে – “বাটত আহোঁতে এহাল মহৰ যুজঁ লাগি থকা দেখিলোঁ । একোটিকালে সিহঁতৰ যুজঁ নেভাগে ; ইয়াৰ নো কাৰণ কি ?” বিধাতাই কলে, ” সিহঁতৰ যুজঁ লগা ঠাইডোখৰত একলহ ৰূপ আছে , সেই ৰূপ কলহ তুমি খানি লৈ গলেই সিহঁতৰ যুজঁ ভাগিব ।” বামুণে আকৌ সুধিলে , “এজোপা আমগছ দেখিলোঁ , তাত আম লাগে , কিন্তু তাৰ এটা আমো মানুহ বা চৰাই চিৰিকটিয়ে নেখায় ; ইয়াৰ নো কাৰণ কি ?” বিধাতাই কলে , “সেই গছজোপাৰ তলত এপেৰা গহনা আছে , সেই গহনাবোৰ তুমি উলিয়াই নিলেই সকলোৱে গছজোপাৰ আম খাবলৈ ধৰিব ।” তাৰ পিছত বামুণে সুধিলে , “আৰু এটা ঘৰীয়াল দেখিলোঁ , সি সদায় ওপঙি থাকে , কোনোমতেই পানীৰ তললৈ নেপায় ; তাৰ নো কাৰণ কি ?” বিধাতাই কলে , “সেই ঘৰীয়ালটোৰ পেটত এজনী সুন্দৰী ছোৱালী আছে , সেই ছোৱালীজনী তুমি উলিয়াই নিলেই সি তললৈ যাব ।” তাৰ পিছত বামুণে বিধাতাৰ ওচৰত বিদায় লৈ ঘৰীয়ালৰ পেটৰ পৰা ছোৱালীজনী , আমগছৰ গুৰিৰ পৰা গহনাবোৰ , মহৰ যুজঁ লগা ঠাইৰ পৰা টকাৰ কলহটো উলিয়াই লৈ ঘৰলৈ আহি চহকী হৈ দিন কটাবলৈ ধৰিলে ।
কাকাদেউতা আৰু নাতি লʼৰা আৰু বুঢ়ী আইৰ সাধুৰ দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। বামুণৰ ভাগ্যৰ কাহিনী এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। বামুণৰ ভাগ্যৰ কাহিনী এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে। বামুণৰ ভাগ্যৰ কাহিনী এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।