বাঘ আৰু কেঁকোৰাৰ সাধু | Bagh Aru Kekurar Hadhu Kotha

বাঘ আৰু কেঁকোৰাৰ সাধু | Bagh Aru Kekurar Hadhu Kotha, বুঢ়ী আইৰ সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, বাঘ আৰু কেঁকোৰাৰ সাধু, সাধুকথা, অসমীয়া কাহিনী, বাঘ আৰু কেঁকোৰাৰ সাধুশিশুৰ বাবে কাহিনী

অতি পুৰণি কালত এঠাইত এটা বাঘ আছিল। সি চোং সলাই আন এখন চোঙলৈ যাওঁতেই বাটতে এটা কেঁকোৰাৰে সৈতে তাৰ দেখা-শুনা হ’ল। কেঁকোৰাটোৱে বাঘক দেখি মিচিকিয়া হাঁহি মাৰি ক’লে– “ককাই, ক’লৈ যোৱা?” বাঘে কেঁকোৰাৰ হাঁহিমুখ দেখি ভাল পাই উত্তৰ দিলে– “মই চোং সলাই আন এখন হাবিলৈ যাওঁ। তুমিনো ক’লৈ যোৱা?” কেঁকোৰাই ক’লে–“মই ক’কৈকো নাযাওঁ, মোৰ এই ওচৰতে ঘৰ। মই অকলশৰীয়া জীৱ, মোৰ আগলৈকো চাবলৈ নাই, পিছলৈকো চাবলৈ নাই।” বাঘেও ক’লে– “মোৰো সেয়ে কথা, ময়ো অকলশৰীয়া নিৰাশ্রয় প্রাণী, মোৰো কেও-কিছু নাই।” এইদৰে দুয়ো আলাপ কৰি দুয়ো দুয়োৰো ওপৰত ইমান সন্তুষ্ট হ’ল যে শেহত দুয়ে সখি পতাই সেই হাবিতে ওচৰা-উচৰি কৰি থাকিল। 

এইদৰে কতকাল দুয়ো মিলাপ্ৰীতিৰে আছিল। বাঘে পহু মাৰি আনে, দুয়ো ভগাই মহাসুখেৰে খাই-মেলি থাকে। কেঁকোৰা বাঘৰ সখিয়েক দেখি আন হিংসুক জন্তুৱেও কেঁকোৰাক কোনো অপকাৰ কৰিবলৈ সাহ নকৰে। এদিন কেঁকোৰাই বাঘক ক’লে– “সখি, মঙহ খাই খাই আৰু আমূৱালে তোমাৰ আগত সঁচা কথা ক’বলৈ কি, মঙহ খাই মই লাহে লাহে পেটৰুগীয়া হৈছোঁগৈ। এতেকে আমি মাজে মাজে নিৰামহীয়া খাবৰো দিহা কৰিলে কেনে? আমি খেতি কৰে| আহা।” বাঘে উত্তৰ দিলে– “খেতি কৰাটোনো কি টান কথা? তুমি ভাল,দেখা যদি কৰোহঁক আহা।” এইবুলি বাঘে কেঁকোৰাৰ কথাত হয় দিলে কেঁকোৰাই কলে– “তেন্তে সখি তুমি গাঁৱলৈ গৈ ধানৰ পথাৰৰ কিছুমান কঠীয়া তুলি লৈ শআহা। মই হাবিৰ মাজৰ এই মাটি ডোখৰকে চহাওঁ।” এইবুলি দুয়ো আচল কৰি, কেঁকোৰাই মাটি খানিবলৈ লাগিল আৰু বাঘে লোকৰ পথাৰৰ পৰা মাণিকীমধুৰি ধানৰ কঠীয়া চুৰকৈ আনি সেই মাটিত ৰুবলৈ ধৰিলে। 

কিছুমান দিনৰ ভিতৰতে সিহঁতৰ ধানে থোক মেলিলে। ধান দেখি সন্তোষ পাই কেঁকোৰাই বাঘক মাত লগালে– “ধান জানিবা আৰ্জিলোঁ, কিন্তু তাৰ সাৰথি শাক-পাচলি নহ’লে কি হ’ব? শুদা হাতে খামহঁক কেনেকৈ? এতেকে আমি শাক-পাচলিও আৰ্জিব লগা হ’ল। তৃমি গাঁৱৰ পৰা লাই-লফা, চুকা, পালেং মেমেধু, বাবৰিৰ পুলি কিছুমান লৈ আহাঁগৈ। বেঙেনাৰ পুলি গোটাচেৰেকো আনিবলৈ নাপাহৰিবা ৷ মই শাকনিবাৰীৰ মাটি চহাওঁ।” এইবুলি বাঘক শাকপুলি আনিবলৈ পাচি দি কেঁকোৰাই মাটি খান্দিবলৈ লাগিল। বাঘ দোখোজমান যোৱাৰ পিছতে কেঁকোৰাই আকৌ ৰিঙিয়াই মাত লগালে– “সখি, মই ক’বলৈ পাহৰিছিলোঁ, জলকীয়াৰ পুলি গোটাচেৰেকো আনিবা; টেঙা দিয়া শাকৰ আঞ্জাৰে ভাত খাবলৈ জলকীয়া নহ’লে জুতি নালাগিব।” বাঘে “হু” বুলি আনিবলৈ গাত লৈ দীঘল দীঘলকৈ জাঁপ মাৰি গাঁৱৰ ফালে যাবলৈ ধৰিলে। 

Read Also: সাধুকথা: বুধিয়ক শিয়াল | Buddhiyok Hiyal Hadhu Kotha

এইদৰে খেতি-বাতি কৰি দুয়ো বহি আছে। লাহে লাহে আঘোণ মাহ পাৰ্লীহ। ধান পকিবলৈ আৰম্ভ হৈছে, দাবৰ আয়োজন কৰি কেঁকোৰাই বাঘক সুধিলে– “সখি, মই আগ নিম।” এইবুলি কেঁকোৰাই ধানৰ আগ অৰ্থাৎ গুটি নিলে আৰু বাঘে গুৰি অৰ্থাৎ নৰা নিলে। তাৰ পিছত বেঙেনা ছিঙিবৰ হ’ল। বাঘে কেঁকোৰাক সুধিলে– “সখি, তুমি গুটি নিবা নে গছ নিবা?” কেঁকোৰাই গুটি নিম বুলি বেঙেনাৰ গুটি নিলে, বাঘে গছ নিলে। এইদৰে খেতি সামৰি অঁতাই এদিন বাঘে ন-খোৱা পাতি কেঁকোৰাক নিমন্ত্ৰণ কৰিলে। ইপিনে বাঘে ধানৰ গুৰি ৰান্ধিছে, বেঙেনা গছৰ শাক ৰান্ধিছে, ৰান্ধি কেঁকোৰাক খাবলৈ দিছে। কেঁকোৰাই সেইবোৰ কি খাব, অলপ চুই গুচি আহিল। সি যি হওঁক, ইয়াৰ পিছতো কেঁকোৰাই সদায় তিনি তেলনি মাৰি বাঘৰ ঘৰত মঙহৰ আঞ্জাৰে ভাত খায়, কিন্তু এদিনো বাঘক তাৰ নিজৰ ঘৰলৈ খাবলৈ নামাতে। বাঘে এই কথা টং কৰি এদিন কেঁকোৰাক ক’লে– “সখি, তুমি এদিনো মোক তোমাৰ ঘৰত খাবলৈ মতা নাই এদিন ন-খোৱা পাতি মোক মাতা, তোমাৰ ঘৰৰনো কেনে ৰন্ধা-বঢ়া হয়, মোৰ খাই চাবৰ মন গৈছে।” কেঁকোৰাই উত্তৰ দিলে– “সখি, তোমাক মোৰ ঘৰত খাবলৈ কিয় নামাতিম ? মই ন-খোৱা পাতি তোমাক মাতিম মাতিম বুলি সদায় পাঙিয়েই আছোঁ। কিন্তু মোৰ ঘৰত ঠাই সংকীৰ্ণ, তোমাক ক’ত বহুৱাম, ক’ত খুৱাম বুলিহে থেৰোগেৰোকৈ আছোঁ, সেইদেখি সেই কাম হৈ উঠা নাই। যি হওক, তুমি আহুকাল নাপালে কাইলৈ ৰাতিপুৱাৰ সাঁজ ভাতকে মোৰ ঘৰত খাবাগৈ। কি বোলা সখি ? ন-খোৱা নামতহে। দুখীয়াৰ ঘৰত কাইলৈ ভৰিৰ ধূলি পেলাই যাতে– “নিশ্চয়, কাইলৈ তোমাৰ ঘৰত ন-খোবলৈ যাম।” 

পিছদিনা পুৱা কেঁকোৰাই ন-খোৱা পাতি, মাণিকীমধুৰি জহা চাউলৰ ভাত ৰান্ধিলে, বেঙেনাৰ খাৰ ৰান্ধিলে। বাঘে কেঁকোৰাৰ ঘৰত ন-খাবলৈ আহিল। কেঁকোৰা বাঘক ক’লে– “সখি, তুমি মোৰ গাঁতৰ ওচৰতে বহা, মই ভাতআঞ্জা উলিয়াই দি থাকোঁ, তুমি বাই থাকা; তুমিতো আৰু মোৰ গাঁতৰ ভিতৰলৈ সোমাব নোৱাৰা । এইবুলি কেঁকোৰাই ভাত-আঞ্জা গাঁতৰ মুখলৈ উলিয়াই দিবলৈ ধৰিলে আৰু বাখে সালৌপ-সালৌপ কৰে খাবলৈ ধৰিলে। কেঁকোৰাৰ ভাতৰ চৰু সৰু, ভাত যি ৰন্ধা হৈছিল তাক দুমোকোৰাতে বাথে ওৰ পেলালে; গতিকে কেঁকোৰাৰ ভয় হ’ল– সি ভাবিলে “বাঘৰ আশয় পাবলৈ নাই। খাবলৈ বহি তাৰ পেট নভৰিলে মোৰ প্রতি তাৰ বন্ধুতা-ফন্ধুতা সোপাই ক’ৰাবলৈ যাব আৰু তাৰ খং উঠি সি মোক খাই পেলাব ৷ এতেকে এটা বুদ্ধি কৰি ইয়াৰ হাতৰ পৰা সাৰিব লাগিল।” ইয়াকে মনত পাঙি সি বাঘক ক’লে– “সবধি, বাৰে বাৰে মইতোমালৈ ভাত কঢ়িয়াই মোৰ কঁকালৰ বিষে ধৰিছে, আৰু উঠিবই নোৱাৰোঁ। আঞ্জা বাটিয়ে বাটিয়ে বান্ধি দিওঁ, তুমি নি নি খাই থাকা| ৷” কেঁকোৰাৰ টেঙৰালি কথাৰ আচল মানে বুজিব নোৱাৰি বাঘে তাৰ নেজডাল গাঁতত সুমাই দিলে, কেঁকোৰাই ভিতৰৰ পৰা সেইডাল চেপি ধৰিলে। বাঘে দুখ পাই টানেহে টানে, নেজডাল নোলায় আৰু তাত কেঁকোৰাৰ চেপা টানহে হয়। বাঘে যন্ত্ৰণাত ততৎভত্ এৰি চিঞৰত গগণ ফালিবলৈ ধৰিলে, তথাপি কেঁকোৰাই এৰি নিদিয়ে। দৈৱযোগত তেতিয়া ওচৰতে বাঁৰী কোঁৱৰ এটাই পথাৰত মাটি কুৰি আছিল। সি বাঘৰ চিঞৰ শুনি মাটি কুৰিবলৈ এৰি কোৰ লৈ পলাবলৈ ধৰোঁতে বাঘে দূৰৰ পৰা তাক দেখি চিঞৰি কান্দি-কাটি কাকুতি কৰি ক’লে– “হে ককাই, এইপিনে আহা, মই মৰিলোঁ, কেঁকোৰাৰ চেপাৰ তাপত মোৰ প্রাণ যায়। মোৰ নেজডাল এৰুৱাই দিয়াহি এঁ।” বাঁৰীকোঁৱৰে উত্তৰ দিলে-“মই নোৱাৰোঁ, বুজিছ নে? তই বাঘ, তোৰ বিশ্বাস নাই, এৰুৱাই দিলেই তই মোক খাই পেলাবি!” বাঘে ক’লে– “হে দেউতা আহা ঐ! নেখাওঁ। মোক এৰুৱাই দিয়া মোৰ দেউতা; তুমি যদি মোক এই বিপদৰ পৰা উদ্ধাৰ কৰা, তেনেহ’লে মই শপত খাই কৈছোঁ, দিনৌ তোমাক একোটাকৈ পহু মাৰি আনি দিম।” এই কথা শুনি বাঁৰীকোঁৱৰে বাঘৰ কথা পতিয়াই ওচৰ চাপি আহি কোৰখনেৰে চাব মাৰি দি বাঘৰ নেজডাল কাটি দিলে বাঘ ৰক্ষা পৰিল। বাঘে সেইখিনিৰ পৰা গুচি যাবৰ সমসয়ত বাঁৰীকোঁৱৰক কাণে কাণে কৈ গ’ল– “তোমাক মই মোৰ কথামতে দিনৌ পহু একোটা দিম হয়, তুমি কিন্তু মেই কথা কাৰে আগত ক’ব নোৱাৰাঁ, ক’লেই তুমি য’তে থাকা তাৰে পৰা মই ততালিকে তোমাক লৈ গুচি যামহি।” বাঘক উপকাৰ কৰা বাবে ইয়াৰ পিছৰ পৰা বাঁৰীকোঁৱৰে বাঘৰ পৰা দিনৌ একোটাকৈ পহু পাবলৈ ধৰিলে। এইদৰে ভালেমান দিন গ’ল। এদিন বাঁৰীকোঁৱৰৰ অলপ গা বেয়া হোৱা বাবে মংগলতী বুঢ়ী এজনী মাতি আনি মংগল চোৱালে। বুঢ়ীয়ে মংগাল চাই ক’লে য়ে কিছুমান জ্ঞাতি-ভকতক পহুৰে ভোজ এটা খুৱালে বাঁৰীকোঁৱৰৰ গা ভাল হ’ব৷ এই কথা শুনি বাঁৰীয়ে পুতেকক ক’লে পুতেকে বাঘক ভোজলৈ দুটা পহু আনি দিবলৈ ক’লে। বাঘে ভোজৰ দিনা দুটা পহু মাৰি আনি বাঁৰীকোঁৱৰক দি গ’ল। 

ভোজৰ দিনা সকলো জ্ঞাতি-কুটুমে বাঁৰীকোঁৱৰৰ ঘৰত খাবলৈ বহিছে, এনেতে এখন পাত কম পৰাত এজনে কলপাত এখন কাটি আনিবৰ মনেৰে বাৰীৰ পিছফালে গৈ দেখিলে কিহবাৰ হাড়ে তাত পৰ্বতাকাৰ হৈ আছে। মানুহটোৱে হাড়বোৰ দেখি বিচূৰ্তি হৈ পাত নাকাটি উভতি গুচি আহি সকলোকে ক’লে– “ৰাইজসকল, আমি আমি ইয়াৰ ঘৰত ভোজ খাব নোৱাৰোঁ। ই কিবা খায়। আপোনসকলে আহি চাওঁকচোন।ই ইমানবোৰ হাড় দ’মাই থ’বলৈ ক’ত পালে?” এইবুলি ক’লে সকলো ভোজৰ পাতৰ পৰা হাত দাঙি উঠি আহি দেখিলৈ যে কথা সঁচা । তেতিয়৷ সকলোৱে বাঁৰীকোঁৱৰক সুধিলে–“এইবোৰ কিহৰ হাড়-মূৰ ক? নহ’লে আমি তোৰ ঘৰত ভোজ খাব নোৱাৰোঁ” বাঁৰীকোঁৱৰে ক’লে– “খাব পোৱা জন্তুৰ বাহিৰে আন একোৰে হাড়-মূৰ নহয়। আপোনাসকলে বেয়া নাভাবি ভোজ-ভাত খাওঁক ৷ মুই কিন্তু কথাটোৰ আঁতি-গুৰি আপোনাসকলৰ আগত ক’ব নোৱাৰোঁ; কাৰণ,ক’’লেই মোক বাঘে লৈ গুচি যাবহি। সেইবাবে আপোনাসকলে খুকুৰি নাৰাখি মোক ক্ষমা কৰি ভোজ-ভাত খাওক।” ৰাইজে তাৰ কথা শুনি নপতিয়াই তাক ক’লে–_ “আমি সকলোৱে যাঠি-জোং লৈ তোক বেঢ়ি থাকোঁ,তঁই ক; নহ’লে আমি নাখাওঁ ” ৰাইজৰ কথা শুনি বাঁৰীকোঁৱৰে নিৰুপায় হৈ সকলোৰে মাজত আঁঠু লৈ কথাটো ক’বলৈ ধৰিলে। সকলোৱে যাঠি-জোং লৈ তাক বেঢ়ি ৰ’ল। যেই কথাটো শেষ হ’ল, বিম্বাশৱদে ক’ৰবাৰ পৰা বাঘটো আহি মানুহৰ মাজৰ পৰা তাক থাপ মাৰি ধৰি লৈ গুচি গ’ল। ভোজ খাবলৈ অহা ৰাইজসকলে অলপমান বেলি ভেবা লাগি থাকি তাৰ পিছত ইফালে-সিফালে বিচাৰি তাক নাপাই ঘৰাঘৰি গুচি গ’ল। 

ইপিনে বাঘে বাঁৰীকোঁৱৰক নি এখন গেজপনি হাবিত সোমালগৈ৷ কোঁৱৰৰ কিবা ভাগ্য ভাল আছিল, এনে সময়তে ভোকত তাৰ পেট কোৰকোৰাবলৈ ধৰিলে। বাঘে কোৰকোৰণি শুনি কোঁৱৰক সুধিলে– “তোৰ পেটত কিহে এই চুলিডালৰ গিৰিহঁতক আনি তেওঁৰ সৈতে বিয়া দিয়ে, তেহে তেওঁ ৰোহঘৰৰ পৰা ওলাব নতুবা তেওঁ ভাত-পানী নাখাই মৰি যাব। ৰজাই এই কথা শুমি বিচূৰ্তি হ’ল– “ক’ৰ মানুহে মূৰ আঁচুৰি নৈত চুলি পেলালে, ক’ৰ মাছৰ পেটত সেই চুলি ওলাল, এতিয়া তেওঁ তাক ক’ত বিচাৰি পায় ? নহ’লেও সিফালে ৰাজকন্যা মৰে। ৰজা বিমোৰত পৰি মূৰ ঘমাই বহি আছে।’ 

ৰাজকন্যাই এটা ঢোঁৰাকাউৰী পুহিছিল। সি ৰজাৰ দুখ দেখি ওচৰ চাপি ক’লে– স্বৰ্গদেউ, আপুনি একো চিন্তা নকৰিব, মই সেই চুলিৰ গৰাকীক উলিয়াই দিম, আপুনি মোক মাথোন এটা পকা আম দিয়ক।” ৰজাই ঢৌৰাকাউৰীৰ কথা শুনি অলপ উশাহ পাই লৰালৰিকৈ এটা পকা আম বিচৰাই অনাই চৌৰাকাউৰীক দিলে। কাউৰীয়ে সেই পকা আমটো লৈ বাঁৰীকোঁৱৰ থকা হাবিলৈ উৰি গৈ কোঁৱৰৰ ওচৰ পাই মাত লগালে–

”ৰংশিঙা খংশিঙা কোনে বায়? 

পকা আমটি কোনে খায়?” 

পকা আমৰ নাম শুনিয়েই বাঁৰীকোঁৱৰৰ লোভ লাগিল। তেওঁ উত্তৰ দিলে–

”ৰংশিঙা খংশিঙা ময়ে বাওঁ। 

পকা আমটি পালে ময়ে খাওঁ।” 

এইবুলি কোঁৱৰে ক’লে কাউৰীটোৱে বাঁৰীকোঁৱৰক পকা আমটি দিলে আৰু কোঁৱৰে আমটো ল’বলৈ হাত মেলোঁতেই সি টপকৰে খংশিঙাটো লৈ গুচি গ’ল। মানুহে কথাতে কয় বোলে “কাউৰী টেঙৰ আৰু মাউৰী টেঙৰ।” সি কোঁৱৰক কেনেকৈ ছলিলে দেখিলা ? কোঁৱৰৰ হাতৰ পৰা খংশিঙাটি গ’ল “বাপুৰ চিলিম ছিগিল।” ইয়াৰ পিছত বাঁৰীকোঁৱৰে ৰংশিঙাটো বজায়হে বজায়, ম’হবোৰ ৰং শিঙাৰ মাত শুনি ৰং পাই ঘূৰি ঘূৰি চৰি ফুৰিবলৈহে লাগিল। 

ইপিনে ঢৌৰাকাউৰীয়ে ৰজাক খংশিঙাটো দি ক’লে বোলে “এই শিঙাৰ গিৰিহঁতেই চুলিৰ গৰাকী। আপুনি মোৰ লগত টেকেলা-বেঙেনা গোটাচেৰেক দিয়ক মই তাক দেখুৱাই দিওঁগৈ।” কাউৰীৰ কথা শুনি ৰজাই গোটাচেৰেক টেকেলা তাৰ লগত দি তাক পঠাই দিলে। বাঁৰীকোঁৱৰক এতিয়া সহজে ধৰি আনিব পৰা হ’ল; কাৰণ খংশিঙাটো লৈ যোৱাত তাৰ বল গ’ল। 

বাঁৰীকোঁৱৰক ৰজাৰ টেকেলাই ধৰি আনি ৰজাৰ আগত দিলেহি। কোঁৱৰক টেকেলাই ধৰি লৈ যাওঁতে সি বাটে বাটে নিজৰ গাৰ কাপোৰখনৰ এডোখৰ এডোখৰকৈ ফালি পেলাই গৈছিল। ম’হবোৰে গধূলি খুঁটিলৈ উভতি আহি বাঁৰীকোঁৱৰক নেদেখি কোঁৱৰৰ কিবা বিপদ ঘটিল ভাবি কোঁৱৰে ফালি পেলাই 

যোৱা সেই কানি-কাপোৰবোৰৰ চিন ধৰি বিচাৰি গৈ ৰজাৰ ঘৰ ওলালগৈ। ৰজাই ম’হজাক অহা দেখি ভয় খোৱাত বাঁৰীকোঁৱৰে সেইজাক তাৰ ম’হ বুলি ক’লে। ম’হজাকেও কোঁৱৰক দেখি আনন্দত নাচিবলৈ ধৰিলে৷ ৰজাই কোঁৱৰক ক’লে–“যদি তোমাৰহে ম’হ, তেন্তে তুমি সিহঁতৰ কাণে কাণে বগাই ফুৰিব পাৰিবানে?” কোঁৱৰে পাৰিম বুলি কৈ ম’হবোৰৰ কাণে কাণে বগাই ফুৰি দেখুৱালে ৰজাই কথাটোৰ প্রমাণ পাই “সন্তোষিত হৈ বাঁৰীকোঁৱৰেৰে সৈতে ৰ’ল। আমাৰ কাপোৰ-কানি ক’লা হ’ল, গুচি আহিলোঁ।

কাকাদেউতা আৰু নাতি লʼৰা আৰু বুঢ়ী আইৰ সাধুৰ দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। বাঘ আৰু কেঁকোৰাৰ সাধু এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। বাঘ আৰু কেঁকোৰাৰ সাধু এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে বাঘ আৰু কেঁকোৰাৰ সাধু এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।

Leave a Reply