আঠ – মঙলা উৎসৱ | Ath – Mangla Festival
সামাজিক বা আনুষ্ঠানিক ভাৱে হৈ যোৱা বিয়াৰ আঠদিনৰ দিনাখন দৰাক শশুৰেকৰ ঘৰলৈ খাবলৈ নিমন্ত্ৰণ জনোৱা উৎসৱটোকে “আঠ-মঙলা উৎসৱ” বোলে। যদিহে বিয়া হোৱা মাহটোৰ সংক্ৰান্তী তিনি-চাৰি দিনত পৰে, তেতিয়াহ’লে সেই তিনি চাৰি দিনৰ ভিতৰতে আঠ-মঙলা অনুষ্ঠান পাতিব লাগে। এই আঠ-মঙলা অনুষ্ঠানক নামনি অসমত নেওতা দিয়া বা নিয়াতা দিয়া বুলি কোৱা হয়।
আঠ-মঙলা উৎসৱত মূলতঃ কইনাৰ ঘৰলৈ তিনিজন মানুহ যোৱাটো নিয়ম। দৰা, দৰাৰ সখি আৰু অনুজ এজন। সাধাৰণতে এই উৎসৱলৈ দৰাতকৈ জ্যেষ্ঠজন নাযায়। যদিও কিবা কাৰণত যাব লগা হয়, তেতিয়াহ’লে দৰাগৈ কইনাৰ ঘৰ পোৱাৰ আগতেই কন্যা ঘৰত খাই-বৈ অহাটো অঞ্চল বিশেষে দেখিবলৈ পোৱা যায়।

আঠ-মঙলা অনুষ্ঠানত দৰা আৰু দৰাৰ লগত যোৱা কেইজনক খুব ভালদৰে আপ্যায়ন কৰে। তেওঁলোকক প্ৰথমতে বিভিন্ন ধৰণৰ পিঠা, লাডু, জা-জলপান আদি খাবলৈ দিয়া হয়। তাৰ পিচত অৰ্থাৎ দ্বিতীয় বাৰত আঠখন ব্যঞ্জনেৰে ভাত আৰু লগতে পায়স খাবলৈ দিয়া হয়। তাৰ পিচত তৃতীয়বাৰ লঘূ আহাৰ খাবলৈ দিয়া হয়। আকৌ কোনো কোনো অঞ্চলত দৰাগৈ পদূলিমুখ পাওঁ পাওঁ হওতে পুনৰ আমন্ত্ৰণ জনাই আনি তৃতীয়বাৰত খাবলৈ দিয়া লঘূ আহাৰ আকৌ খাবলৈ দিয়া হয়।
আঠ-মঙলা উৎসৱক এক প্ৰকাৰ ৰং ৰহইচ আৰু আনন্দৰ উৎসৱ বুলিও কোৱা হয়। দৰাক বিয়া নোহোৱা খুলশালী ছোৱালীহতে নতুন ভিনদেউক পিঠা-লাডু খুওৱাৰ সময়ত, সেই পিঠা-লাডুৰ ভিতৰত জালুক জলকীয়া আদি ভিতৰত সুমুৱাই দি খাবলৈ দি ভিনদেউকৰ ৰং চায়। তদুপৰি কোনো কোনো অঞ্চলত বিয়া নোহোৱা ছোৱালী খুলশালীহতে ভিনদেউকে পিন্ধি যোৱা জোতা বা চেণ্ডেল খুলি থলে, সেই জোতা বা চেণ্ডেল লুকাই ৰাখে, এই লুকাই ৰখা জোতা-চেণ্ডেল যেতিয়া ভিনদেউকে বিচাৰিব, তেতিয়া খুলশালীয়েকহতে ভিনদেউকৰ পৰা আনন্দতে টকা বিচাৰে আৰু টকা দিলেহে জোতা বা চেণ্ডেল উলিয়াই দিয়ে। সচাকৈয়ে এই উৎসৱৰ এনেবোৰ কাৰ্যই মানুহক এক আমোদ দি আহিছে।
Read Also: তোলনি বিয়া | Tolani wedding
আঠ-মঙলা উৎসৱত খাবলৈ দিয়া খাদ্যৰ ক্ষেত্ৰত কিছুমান নিয়ম-নীতি আছে। আঠ-মঙলা উৎসৱত তিতা আৰু টেঙা খাবলৈ দিয়াতো নিষেধ। কাৰণ, পুৰণি কালৰে পৰা সমাজত এটা লোক-বিশ্বাস চলি আহিছে যে, তিতা আৰু টেঙা খাবলৈ দিলে শহুৰ-জোৱাইৰ মাজত সম্পৰ্ক ভালে নাথাকিব।

অসমৰ অসমীয়া সমাজখনৰ আঠ-মঙলা খুওৱা প্ৰথাটো অতি প্ৰাচীন। অসমত কোচ ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল বিশ্বসিংহই। বিশ্বসিংহৰ পিতৃৰ নাম আছিল হৰিদাস। এই হৰিদাসে অসমত আঠ-মঙলা অনুষ্ঠান পতা বুলি অসম বুৰঞ্জীৰ পৰা জনা যায়। হেমচন্দ্ৰ বৰুৱাদেৱে লিখা “The Marriage System of the People of Assam” গ্ৰন্থখনতো তেখেতে আঠ-মঙলা উৎসৱৰ বিষয়ে ভালেখিনি কথা উল্লেখ কৰিছে। মিত্ৰদেৱ মহন্তই লিখা “কুকুৰীকণাৰ আঠ-মঙলা” এখন সকলোৱে উপভোগ কৰিব পৰা উৎকৃষ্ট সামাজিক প্ৰহসন।
আঠ-মঙলা উৎসৱে যে পুৰণি কালৰে পৰাই অসমীয়া সমাজ জীৱনত, লোক-সমাজক আনন্দ, ৰুচিপূৰ্ণ সোৱাদ আৰু নতুন সৃষ্টিৰ প্ৰতীক ৰূপে জনপ্ৰিয়তা অৰ্জন কৰিব পাৰিছে, তাত আমাৰ সন্দেহ নাই।
আমি আশা কৰিছো আঠ – মঙলা উৎসৱ | Ath – Mangla Festival আপোনালোকক সহায় কৰিব। যদি আপোনাৰ আঠ – মঙলা উৎসৱ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।