আমেতী বা আমতী বা সাথ উৎসৱ | Ameti or Amati or Saath festival

আমেতী বা আমতী বা সাথ উৎসৱ | Ameti or Amati or Saath festival

অসমৰ লোক-সমাজৰ প্ৰাচীন উৎসৱ হিচাপে পৰিগণিত আৰু জনপ্ৰিয়তা লাভ কৰি অহা উৎসৱটিৰ নাম হ’ল “আমতী” বা “সাথ উৎসৱ”।কামাখ্যা ধামৰ অম্বুবাচী উৎসৱক কেন্দ্ৰ কৰিয়েই নামনি অসমত পালন কৰি অহা হৈছে আমতী, আমেতি আৰু সাথ উৎসৱ। নাৰী যেনেকৈ ঋতুমতী হয় ঠিক তেনেদৰে এই পৃথিৱী ঋতুমতী হোৱাৰ এক লোক-বিশ্বাসৰ আধাৰতেই এই উৎসৱ পালন কৰা হয়। নামনি অসমত ঋতুমতী হোৱা নাৰীসকলক চাৰিদিনৰ দিনা গা-ধুওৱাৰ দৰে চাৰিদিনৰ মূৰত আমতীৰ চুৱা শেষ হোৱা বুলি ধৰা হয় আৰু পাচদিনৰ দিনা শুদ্ধি হয় বুলি ধৰা হয়।

অসমৰ লোক-সমাজত লোক-বিশ্বাসৰ আধাৰতেই এই উৎসৱ পালন কৰা হয় আহাৰ মাহৰ সাতদিনৰ পিচত। ঋতুমতী হোৱা ছোৱালী মহিলাসকলৰ দৰেই এই পৃথিৱীখন অশুদ্ধিহৈ থাকে বুলি যি সকল হিন্দুৱে বিশ্বাস কৰে, সেই সকল হিন্দু মানুহে এই চাৰিদিনত কোনোধৰণৰ মাংগলিক কাৰ্য বা গুৰুত্বপূৰ্ণ কোনো ধৰণৰ কাম-কাজ নকৰে। এনেধৰণৰ কাম সমূহৰ ভিতৰত- হাল মৰা, কোৰ মৰা, ফল-মূল চিঙা, মাটি খন্দা, কইনা চোৱা, যাত্ৰা কৰা, বিবাহৰ দিন ধাৰ্য কৰা আদি কামসমূহৰ পৰা বিৰত থাকে। এই সময়ছোৱাত আনকি কামাখ্যা ধামকে আদি কৰি সকলো মঠ-মন্দিৰতে পূজা-সেৱা কৰাও বন্ধ হৈ থাকে। এই উৎসৱৰ চাৰিওটা দিনতে বিধৱা আই-মাতৃ সকলে ফল-মূল, কেচা-বুট, মূগ আদি খায়েই দিনকেইটা কটায়। আৰু যিসকল সাধবা আছে, তেওঁলোকে এই দিনকেইটা ব্ৰত পালন কৰি কটায়। এই উৎসৱত ব্ৰত পালন কৰা সধৱা তিৰোতা সকলে নৈ, খাল, হ্ৰদ, জলাশয় আদিৰ পৰা পানী বোকা-মাটি সংগ্ৰহ কৰি অনা কাৰ্যৰ লগত কৃষি-কাৰ্যৰ লগত এক বিশেষ ধৰণৰ সম্পৰ্ক যে আছে তাক আমি সকলোৱে অনুমান কৰিব পাৰোঁ।

আমেতী বা আমতী বা সাথ উৎসৱ 2

জেঠ-আহাৰ মাহৰ সংক্ৰান্তীয় দিনা ৰাতিপুৱা সাথৰ সময়ত অসমত বিশেষ ধৰনে পূজা সেৱা কৰা হয়। আহাৰ মাহৰ তিনি তাৰিখে সাথ আৰম্ভ হয় আৰু সাথ আৰম্ভ হোৱাৰ সাত দিনৰ পিচত ব্ৰত বা বৰাত পূজা পালন কৰা হয়। এই সাথ পূজাৰ ব্ৰত বা বৰাত পূজাৰ লগত সাৱিত্ৰি আৰু সত্যবানৰ কাহিনীৰ লগত এক বিশেষ ধৰণৰ সম্পৰ্ক অতিকৈ মনকৰিবলগীয়া।

Read Also: Class 10 Assamese Question Answer

সাথ পূজাৰ পিচতহে অম্বুবাচী বা আমতী উৎসৱ পালন কৰা হয়। আমতী উৎসৱত লোক পৰম্পৰাত প্ৰচলিত হৈ অহা কাল্পনিক আমতী বুঢ়ীৰ কাহিনী বৰ্তমানেও জন-মানসত বিদ্যামান হৈ আছে। এই উৎসৱ অসমৰ কামাখ্যা ধামকে মূল কেন্দ্ৰ হিচাপেলৈ বাকী শক্তিপীঠ সমূহতো বা দেৱী পূজাৰ থান সমূহটো মহা ধূম-ধামেৰে আমতী উৎসৱৰ সমাৰোহ অনুষ্ঠিত কৰা হয়। আমতী উৎসৱৰ মূল কেন্দ্ৰ কামাখ্যা ধামৰ মন্দিৰৰ অম্বুবাচী মেলাত অসমৰ উপৰিও ভাৰতৰ বিভিন্ন ঠাইৰ পৰা ভক্তৰ লানি নিছিগা ভক্তৰ সোত বৰ্তমানে অধিক বৃদ্ধি পাইছে বাবে ইয়াৰ গুৰুত্ব আৰু অসমৰ গৌৰৱো সমানে বৃদ্ধি পাইছে।

আমেতী বা আমতী বা সাথ উৎসৱ 3

অম্বুবাচী বা আমতী বা আমেতি উৎসৱক উৎপত্তিৰ ফালৰ পৰা চাবলৈ গ’লে সংস্কৃত “অম্বুবাচী” শব্দৰ পৰা আমতী বা আমেতী শব্দৰ সৃষ্টি হৈছে বুলি ক’ব পাৰি। তদুপৰি সংস্কৃত শব্দ “সপ্ত” বা “সপ্তক” শব্দৰ পৰা আহাৰ মাহৰ সাতদিনৰ সমাহাৰ “সাথ” শব্দটোৰ উৎপত্তি হৈছে বুলি অনুমান কৰাৰ যথেষ্ট থল আছে। 

আমতী উৎসৱৰ নিবৃত্তিৰ সময়ত ঘৰ-দুৱাৰ, সাজ-পোছাক, বাচন-বৰ্তন আদি ধুই চাফ-চিকুণ কৰাটো বা পৰিস্কাৰ কৰাটো এই আমতী বা আমেতী বা সাথ উৎসৱৰ এক প্ৰধান বৈশিষ্ট্য বুলি ক’ব পাৰি। তদুপৰি বিধবাসকলে চাৰিদিন ফল-মূল আদি খাই থকাটো আৰু সাধৱা তিৰোতা সকলে এই চাৰিদিন ব্ৰত বা বৰাত পালন কৰাটো উৎসৱৰ বৈশিষ্টৰ অন্তৰ্গতহে।

মুঠৰ ওপৰত আমতী বা আমেতী বা সাথ উৎসৱ যে কৃষি কাৰ্যৰ লগত জড়িত এক মনোমোহা আৰু সু-ৰুচিপূৰ্ণ মহা-আড়ম্বৰপূৰ্ণ মহা-উৎসৱ তাক আমি সকলোৱেই ক’ব পাৰোঁ।

আমি আশা কৰিছো আমেতী বা আমতী বা সাথ উৎসৱ | Ameti or Amati or Saath festival আপোনালোকক সহায় কৰিব। যদি আপোনাৰ আমেতী বা আমতী বা সাথ উৎসৱ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Leave a Reply