আলি আই লৃগাং উৎসৱ | Ali – Ai – ligang Festival
আলি আই লৃগাং মিচিং জনজাতীয় লোক সকলে পালন কৰা কৃষি প্ৰধান উৎসৱ। এই উৎসৱ ফাগুন মাহৰ প্ৰথম সপ্তাহৰ বুধবাৰৰ পৰা পালন কৰা হয়। মিচিং সকলে পালন কৰা এই উৎসৱক বসন্তোৎসৱ বুলিও ক’ব পাৰি।
ফাগুন মাহ মানেই বসন্তৰ আৰম্ভণিৰ মাহ। ফাগুন মাহ আৰম্ভ হোৱাৰ আগে আগে কৃষি প্ৰধান ৰাইজে আহু-খেতি আৰু খৰালি কালত হোৱা খেতি চপাই ঘৰলৈ আনি ভৰালত মজুত কৰাৰ পিচত খেতিয়ক সকল এই ফাগুন মাহৰ পৰা বাৰিষাৰ খেতিৰ বাবে প্ৰস্তুত হয়। এনেধৰণৰ প্ৰস্তুতিৰ সময়ত আয়োজন কৰা আলি আই লৃগাং উৎসৱে মিচিং সকলৰ মাজত কৃষি কৰাৰ চেতনা দুগুণে বঢ়ায়। এই উৎসৱৰ জৰিয়তে কৃষি কাৰ্যৰ প্ৰতিটো কৰ্মকে নৃত্য, গীতেৰে মুখৰিত কৰি তোলে।

আলি আই লৃগাং উৎসৱৰ আৰম্ভণিতে মিচিং সকলে পূৰ্ব পুৰুষক স্মৰণ কৰি তেওঁলোকৰ উদ্দেশ্য খাদ্য-নৈবেদ্য আগবঢ়ায়। মিচিং সকলৰ এই উৎসৱৰ সাদৃশ্য চীনা-মংগোলীয় টাই সভ্যতাৰ লগত সাদৃশ্য দেখিবলৈ পোৱা যায়। এই জাতিটোৱেও পূৰ্বপুৰুষৰ পূজা কৰিছিল।
আলি আই লৃগাং উৎসৱৰ প্ৰধান বৈশিষ্ট্য এটা হ’ল- এই উৎসৱত মিচিং সকলে এমুঠি আহু ধান মাটিত সিচি তেওঁলোকে আহু খেতিৰ শুভাৰম্ভণি কৰে। তদুপৰি মাটিত বীজ সিচি খেতিয়ক সকলে কৃষি কাৰ্যৰ মঙ্গলৰ কাৰণে প্ৰাৰ্থনা কৰে।
Read Also: চুকাফা দিৱস | Sukapha Divas
আলি আই লৃগাং উৎসৱৰ আনুষ্ঠানিকতা আৰম্ভ হয় দুপৰীয়াৰ পৰাহে। এই উৎসৱৰ অনুষ্ঠানবোৰত সকলোৱে পৰম্পৰাগত সাজপাৰ পিন্ধি অংশগ্ৰহণ কৰে। এই উৎসৱত যিবোৰ নৃত্য-গীতৰ অনুষ্ঠান পালন কৰা হয়, তাত কিছুমান নীতি-নিয়ম আছে। গাওঁখনৰ একেবাৰে পূব সীমাত থকা মানুহ ঘৰৰ পৰা আলি আই লৃগাং নৃত্য-গীতৰ অনুষ্ঠান আৰম্ভ হয় আৰু এই নৃত্য গীতৰ অনুষ্ঠান সামৰা হয় পশ্চিম সীমাৰ একেবাৰে শেষত থকা মানুহঘৰত। ঘৰে ঘৰে গৈ নৃত্য-গীত পৰিৱেশন কৰা শেষ হোৱাৰ পিছত পথাৰত আৰু নৈৰ কাষত ডেকা-গাভৰুৱে মিলি নৃত্য-গীত পৰিৱেশন কৰে। এনেদৰে সকলোৱে মিলি ৰং-ধেমালি কৰি, আনন্দ ফূৰ্তি কৰি জাতীয় নৃত্য পৰিৱেশন কৰি জাতীয় খাদ্য সম্ভাৰৰ সোৱাদো সকলোৱে এই উৎসৱত লয়।
আলি আই লৃগাং অনুষ্ঠান ফাগুন মাহৰ প্ৰথম বুধবাৰৰ পৰা আৰম্ভ হৈ পাচ দিনৰ মূৰত এই উৎসৱৰ সামৰণি পৰে। আলি আই লৃগাং উৎসৱৰ দিনবোৰত যিবোৰ নৃত্য-গীত গোৱা হয়, সেইবোৰ বিহুনাম, বিহুগীতৰ লগত মিল থাকিলেও সেইবোৰ কিন্তু মিচিং সমাজৰ নিজা বৈশিষ্ট্যৰে সমৃদ্ধ। মিচিং সমাজৰ এই নৃত্য-গীতবোৰত কৃষিকৰ্মৰ ঐতিহ্য সদায় বিৰাজমান।
জনজাতীয় মিচিং সমাজখনে বিহুক সদায় দেৱতা জ্ঞান কৰে। মিচিং লোকসকলে গাঁৱৰ ওচৰৰ হাবিৰ কাষত ‘বিহু’ দেৱতাক স্থাপন কৰে এক বেদীত। ‘বিহু’ দেৱতাক বেদীত স্থাপন কৰাৰ দিনাখন সকলোৱে নাচি-বাগি দেৱতাক সন্তুষ্ট কৰি নিশা বিদায় দিয়ে। তদুপৰি তেওঁলোকে ‘বিহু’ বেদীত এটি শিমলু পুলি ৰুই, এগছি বন্তি জ্বলাই বিহুক বিদায় দি আহোতে মিচিং ডেকা-গাভৰু সকলে পিচলৈ কেতিয়াও ঘূৰি নাচায়। এইটো মিচিং সমাজৰ এটা ধৰা-বন্ধা নিয়ম।

আলি আই লৃগাং উৎসৱে মিচিং সমাজৰ মুখত হাঁহি আৰু আনন্দৰ বণ্যা নমাই আনে। ডেকা-গাভৰু, ল’ৰা-ছোৱালী, বুঢ়া-বুঢ়ী সকলোৱে এই উৎসৱত পৰম্পৰাগত সাজ পৰিধান কৰি তেওঁলোকৰ নিৰ্দিষ্ট ৰীতি-নীতিৰে এই উৎসৱৰ শালীনতা ৰক্ষা কৰি এক উচ্চ পৰ্য্যায়ৰ লোক-সংস্কৃতিৰ নিদৰ্শন দাঙি ধৰিব পাৰিছে। সেই কাৰণে আলি আই লৃগাং এক উৎসৱ বুলিও অভিহিত কৰিব পাৰোঁ।
আমি আশা কৰিছো আলি আই লৃগাং উৎসৱ | Ali – Ai – ligang Festival আপোনালোকক সহায় কৰিব। যদি আপোনাৰ চুকাফা দিৱস সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।