সোণৰ গছত ৰূপৰ ডাল তামৰ পাতেৰে ভৰা ঠাল | Hunor Gosot Rupor Dal Tamor Patere Vora Dal, সাধুৰ সফুৰা পুথিৰ পৰা সংগ্ৰহ, সোণৰ গছত ৰূপৰ ডাল তামৰ পাতেৰে ভৰা ঠাল, সাধুকথা, অসমীয়া কাহিনী, সোণৰ গছত ৰূপৰ ডাল তামৰ পাতেৰে ভৰা ঠাল, শিশুৰ বাবে কাহিনী
এসময়ত এজন ৰজাৰ দুজনী পত্নী আছিল। বৰ ৰাণী আৰু সৰু ৰাণী। সৰু ৰাণী অতি সুন্দৰী সেইবাবে ৰজাই তেওঁক বেছি মৰম কৰিছিল। দুইগৰাকী ৰাণীৰে দুটি পুত্ৰ সন্তান আছিল। বৰ ৰাণীৰ পুত্ৰ দেখাত মাকৰ দৰে আৰু সৰু ৰাণীৰ পুত্ৰ মাকৰ দৰেই ধুনীয়া আৰু টেঙৰ। লাহে লাহে দুই কোৱৰ ডাঙৰ হৈ আহিল। ৰজাই ৰাজপ্ৰাসাদৰ বাহিৰতে এটা ঘৰ সাজি তাত বৰ ৰাণী আৰু বৰ কোৱৰক থাকিবলৈ দিলে। সৰু ৰাণী আৰু সৰু কোৱৰ ৰজাৰ লগতে থাকে।
বৰ ৰাণী আৰু বৰ কোৱৰলৈ ৰজাৰ ঘৰৰ পৰা ভালকৈয়ে আহাৰৰো যোগান ধৰা হয়। ৰজাই বৰ ৰাণীক দেখিবলৈ বেয়া বাবে বেয়া পাই যদিও কেতিয়াও বেয়া ব্যৱহাৰ কৰা নাছিল।
ৰজা বৰ মৰমীয়াল আছিল। প্ৰজাসকলৰ দুখ দুৰ্গতিৰ খবৰ সদায় ৰাখিছিল আৰু সুখী কৰি ৰাখিবলৈ যত্ন কৰিছিল। এদিন ৰাতি ৰজাই সপোনত এজোপা গছ দেখা পালে গছজোপাৰ গাটো সোণৰ ডালবিলাক ৰূপৰ আৰু পাতবোৰ তামৰ।
Read Also: হজৰত মহম্মদ | Hazrat Mohammad
তেওঁ সপোনত গছজোপা ৰাজপ্ৰাসাদৰ ভিতৰতে থকা দেখা পাইছিল। পিছদিনা ৰাজ দৰবাৰত ৰজাই কথাটো উলিয়ালে, আৰু ক’লে-
: “কোনোবাই মোক এজোপা গছৰ সন্ধান দিব পাৰিবনে ? যি জোপা গছৰ গাটো সোণৰ, ডালবিলাক ৰূপৰ আৰু পাতবোৰ তামৰ। যেয়ে পাৰিব সেয়ে মোৰ ৰাজ্যৰ অৰ্দ্ধভাগ দান স্বৰূপে লাভ কৰিব।”
ৰাজ দৰবাৰত সকলো নিমাত হৈ ৰ’ল। সকলোৱে ইজনৰ মুখলৈ সিজনে চাবলৈ ধৰিলে। ৰজাৰ আচৰিত ঘোষণা শুনি সকলো স্তম্ভিত হ’ল।
অলপপৰ নিস্তব্ধতাৰ মাজত ৰজাৰ বৰ ৰাণীৰ পুত্ৰ বৰ কোৱৰে আহি ক’লে- “মহাৰাজ মই পাৰিম।”
সকলোৱে শুনি আচৰিত হ’ল, এই অজলা কোৱেৰেনো এনে এজোপা গছ ৰজাক দেখুৱাব পাৰিবনে ? কোৱৰ গছজোপাৰ সন্ধানৰ বাবে মন মেলি মাকৰ পৰা অনুমতি লৈ যাত্ৰা আৰম্ভ কৰিলে।
কেইবাদিনো গছজোপা বিচাৰি ফুৰোতে এদিন ৰাতি এজোপা ডাঙৰ গছৰ তলতে ভাগৰ লাগি কোৱৰৰ টোপনি আহিল। হঠাতে এবাৰ সাৰ পাই দেখিলে গছজোপাৰ তলত এটা প্ৰকাণ্ড সৰ্পৰাজ তাৰ মূৰত এটুকুৰা হীৰা তিৰবিৰাই আছে। কোৱৰ লাহেকৈ গছজোপাৰ ওপৰলৈ উঠি গৈ সৰ্পৰাজক নিৰিক্ষণ কৰিবলৈ ধৰিলে। হীৰাৰ চিকমিক্ পোহৰত কোৱৰ অভিভূত হৈ পৰিল।
কোৱৰে গছৰ ওপৰৰ পৰা দেখিলে সৰ্পৰাজে লাহেকৈ মূৰৰ পৰা হীৰা টুকুৰা থৈ আহাৰ বিচাৰি হাবিলৈ গৈছে। কোৱৰে তৎক্ষণাত গছৰ পৰা নামি হীৰাটুকুৰাৰ ওপৰত গছজোপাৰ ওচৰতে থকা গোবৰ কিছুমান দলিয়াই দিলে। হীৰাৰ ওপৰত গোবৰ পৰি তাৰ উজ্বলতা নাইকিয়া হৈ গ’ল। কোৱৰে সেই চলতে হীৰা টুকুৰা আনি সামৰি থ’লে।
সৰ্পৰাজ ঘূৰি আহি দেখিলে যে হীৰা টুকুৰা থোৱা ঠাইত নাই। তেতিয়া কোৱৰে সৰ্পৰাজক দুটুকুৰা কৰি কাটি মাৰি পেলালে।
সেই হীৰা টুকুৰাৰ পোহৰত এডোখৰ জলাশয়ৰ তলিত কোৱৰে এখন বৰ ধুনীয়া ঠাই দেখা পালে।
কোৱৰ লাহেকৈ নামি গ’ল। তাত দেখা পালে এখন ৰম্যপুৰি। বৰ ধুনীয়া এখন পালেং তাত কোনো প্ৰাণী নাই। তাতে কোৱৰ টোপনি গ’ল, হঠাতে সাৰ পাই দেখিলে ওচৰত তিনিগৰাকী অপেশ্বৰীয়ে এবাৰ হাহিছে এবাৰ কান্দিছে। কোৱৰে তেওঁলোকক সুধিলে-
: তোমালোক কোন ? এইখন তোমালোকৰ ৰাজ্য নেকি ? তোমালোকে এবাৰ হাহিছা এবাৰ কান্ধিছা কিয় ?
অপেশ্বৰীয়ে উত্তৰ দিলে-
: হে যুৱৰাজ, তোমাক ইয়াত টোপনি যোৱা দেখি বৰ ভাল পাইছো।
সেইবাবে আমি আনন্দত হাহিছো। কিন্তু কান্দিছো কিয় জানানে ? এই বিচনাখনৰ গৰাকী এজন সৰ্পৰাজ তেওঁ ওলাই গৈছে, আহি পাই তোমাক ইয়াত শুই থকা দেখিলে তোমাক খাই পেলাব।কোৱৰে ক’লে-
: যদি এইখন সৰ্পৰাজৰ বিচনা তেনেহ’লে তেওঁৰ মৃত্যু হৈছে। ময়েই তেওঁক বধ কৰি এই হীৰা টুকুৰা লৈ আহিছো।
অপেশ্বৰীসকলে শুনি বৰ আনন্দ পালে।
ৰাজকোঁৱৰ তাতে কেইদিনমান বৰ সুখেৰে দিন কটালে। এদিন অপেশ্বৰী তিনিগৰাকীৰ আগত কোৱৰে বিচাৰি অহা গছজোপাৰ কথা ক’লে, যিজোপা গছৰ গাটো সোণৰ, ডালবোৰ ৰূপৰ আৰু পাতবোৰ তামৰ হ’ব লাগিব। অপেশ্বৰী তিনিওগৰাকীয়ে শুনি হাঁহি হাঁহি কোৱৰক ক’লে-
: তুমি যদি আমাৰ তিনিওজনীক এজনী এজনী কৈ মূৰ কেইটা কাটি দিয়া সেই গছজোপা পাবা।
কোৱৰে ভয় মিহলি আনন্দত এজনী এজনীকৈ তিনিওজনীৰে মূৰ তিনিটা কাটি দিলে। প্ৰথমজনী কাটোতে এডাল সোণৰ গা-গছ হ’ল, দ্বিতীয়জনী কাটোতে ৰূপৰ ডালবোৰ হ’ল, তৃতীয়জনীৰ মূৰটো কাটোতে তামৰ পাতেৰে সৈতে সম্পূৰ্ণ গছডাল হৈ উঠিল। দেখি কোৱৰ আনন্দত জপিয়াবলৈ ধৰিলে।
অলপ পিছতে দেখিলে তিনিওজনী আকৌ অপেশ্বৰী হৈ পৰিল। পানীৰ তলৰ পাতালপুৰী ৰাজ্যত হাহিৰ খলকণী উঠিল। কোৱৰে অপেশ্বৰী তিনিগৰাকীক তেওঁৰ লগত নিজৰ ৰাজ্যলৈ যাবলৈ অনুৰোধ কৰিলে, আৰু ক’লে যে এই গছজোপাৰ অনুসন্ধানতে নিজৰ মাতৃক অকলে গৃহত থৈ অনাই-বনাই ফুৰিছে। অপেশ্বৰীসকলে কোৱৰক এটা পেপা দি ক’লে-
: কোৱৰ তুমি এই পেপাটো লৈ নিজ ৰাজ্যলৈ যোৱাগৈ। যেতিয়াই আমাক মাতিবলৈ বিচাৰিবা, এই পেপাটো বজাই দিবা, আমি তিনিওজনী তোমাৰ ওচৰত গৈ উপস্থিত হ’মগৈ।
কোৱৰে পেপাটো লৈ অপেশ্বৰী সকলক নিজ ৰাজ্যলৈ নিমন্ত্ৰণ কৰি নিজ ৰাজ্যলৈ যাত্ৰা কৰিলে। কোৱৰ ৰাজ্য পাই মাতৃৰ খা-খবৰ ল’লে। ইমানদিনৰ মূৰত কোৱৰক পাই ডাঙৰ ৰাণীয়ে পুত্ৰক বুকুত আকোৱালি লৈ মৰম কৰিলে। আনন্দত চকুপানী বৈ আহিল।
পিছদিনা ৰাজসভা বহিল। কোৱৰে ৰাজ দৰবাৰত পিতাক মহাৰাজক সেই আচৰিত গছজোপা ৰাজ দৰবাৰত দেখুৱাব পাৰিব বুলি ক’লে। শুনি সকলোৰে চকু ঠিয় হৈ পৰিল। আনহাতেদি ৰজাই দেখিবলৈ বেয়া আৰু অজলা বুলি মাকৰ সৈতে সেই কোৱৰক বেলেগ এটা ঘৰত থাকিবলৈ দিছিল। এটা কথা সদায় মনত ৰাখিবাহক “ৰূপে একো নকৰে গুণেহে সংসাৰ তৰে।”
ৰাজ দৰবাৰত কোৱৰে সকলোৰে আগত অপেশ্বৰীয়ে দি পঠোৱা পেপাটো বজাই দি তিনিওজনী অপেশ্বৰীক স্মৰণ কৰিলে। সুন্দৰী তিনিগৰাকী অপেশ্বৰী আহি কোৱৰৰ সন্মুখত ঠিয় হ’ল। কোৱৰে খাপৰ পৰা তৰোৱালখন উলিয়াই এজনী এজনীকৈ তিনিওজনীৰে মূৰ কাটি পেলালে।
প্ৰথম জনীৰ মূৰটো কাটোতে এডাল সোণৰ গা-গছ হ’ল। দ্বিতীয়জনী কাটোতে ৰূপৰ ডালবোৰ হ’ল, আৰু তৃতীয়জনী কাটোতে তামৰ পাতেৰে গছডাল ভৰি পৰিল। গছজোপাই ৰাজ দৰবাৰত ৰজাৰ আগত নাচিবলৈ ধৰিলে। ৰজাই সপোনত দেকা গছডাল স্বচক্ষে দেখা পাই আনন্দত থাকিব নোৱাৰা হ’ল।
Read Also: Class 9 Assamese Question Answer
মৰম নলগা কোৱৰক ৰজাই মৰম কৰিবলৈ ধৰিলে। এলাগী বৰ ৰাণীক লাহে লাহে ভাল পাবলৈ ধৰিলে, উপযুক্ত বয়সত উপযুক্ত সময়ত ৰজাই প্ৰতিজ্ঞা কৰা মতে সেই গছডাল দেখাৰ পিছত ৰাজ্যৰ অৰ্দ্ধেক কোৱৰক দান কৰিলে। বৰ ৰাণী এলাগী হ’লেও পুত্ৰ কোৱৰৰ সৈতে অৰ্দ্ধৰাজ্যৰ ৰাণী হৈ সুখেৰে দিন কটাবলৈ ধৰিলে।
কাকাদেউতা আৰু নাতি লʼৰা আৰু সাধুৰ সফুৰা দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। সোণৰ গছত ৰূপৰ ডাল তামৰ পাতেৰে ভৰা ঠাল এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। সোণৰ গছত ৰূপৰ ডাল তামৰ পাতেৰে ভৰা ঠাল এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে সোণৰ গছত ৰূপৰ ডাল তামৰ পাতেৰে ভৰা ঠাল এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।