মে’ দিৱস | May Day
সমগ্ৰ বিশ্বৰ ইতিহাসত শ্ৰম বা মে‘ দিৱস হ’ল এটি গুৰুত্বপূৰ্ণ আৰু মহত্ত্বপূৰ্ণ দিৱস। এই দিৱস প্ৰত্যেক বছৰ মে’ মাহৰ প্ৰথম দিনটোতে পৃথিৱীৰ প্ৰায় সকলো দেশতে এই দিৱসক অন্তৰ্জাতিক শ্ৰম-দিৱস হিচাপে পালন কৰে। এই দিৱস অকল শ্ৰম কৰা মানুহখিনিৰ মাজতেই আৱদ্ধ, তেনে নহয়, এই দিৱসৰ গুৰুত্বপূৰ্ণ দিশবোৰে যে সৰ্বসাধাৰণ মানুহক আকৰ্ষণ কৰিব পাৰিছে তাত আমাৰ সন্দেহ নাই।
মে’ দিৱসৰ আৰম্ভণিৰ দিন হিচাপে ১৮৮৯ চনৰ মে’ মাহৰ এক তাৰিখটোকেই লোৱা হৈছিল। সেই কাৰণে তেতিয়াৰ পৰা আজি পৰ্যন্ত ১ মে’ তাৰিখটোকেই মে’ দিৱস হিচাপে পালন কৰি অহা হৈছে। ১৮৮৯ চনৰ ১ মে’ তাৰিখে পেৰিচত মে’ দিৱসৰ আৰম্ভণি হৈছিল। ১৮৯০ চনত অনুষ্ঠিত কৰা পেৰিচৰ দ্বিতীয় আন্তৰ্জাতিক অধিবেশনত বিভিন্ন ৰাজনৈতিক দল আৰু ট্ৰেড ইউনিয়নৰ বহু সংগঠন লগ হৈ বনুৱা হিচাপে কাম কৰা শ্ৰমিক সকলৰ মুঠ দিনটোত কাম কৰাৰ সময় আঠ ঘন্টা হ’ব লাগে বুলি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি ৰাজনৈতিক দাবি আদায় কৰিবৰ বাবে এই ১ মে’ দিনটোকেই সংগ্ৰামৰ পথ হিচাপে বাছি লৈছিল। পেৰিচৰ উপৰিও সেই একেটা বছৰতে অৰ্থাৎ ১৮৯০ চনৰ ১ মে’ তাৰিখে মাৰ্কিন যুক্তৰাষ্ট্ৰটো শ্ৰমিক সকলৰ কাম কৰাৰ সময় কমাব লাগে বুলি ধৰ্মঘটৰ সূচনা কৰিছিল। অকল পেৰিচ আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কথা ক’লেই নহ’ব সেই সময়ত ইউৰোপৰ বিভিন্ন দেশতো মে’ দিৱস পালন কৰা হৈছিল।

১৮৯০ চনৰ ঠিক সেই সময়টোতে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সমাজবাদী নেতা পিটাৰ ম্যাকগুই “কাৰ্পেন্টাৰ্চ ইউনিয়ন” গঠন কৰি নিৰ্মাণ শিল্পৰ কৰ্মীসকলৰ দৈনিক কাম কৰা সময় আঠ ঘন্টা হ’ব লাগে বুলি ধৰ্মঘট পালন কৰিছিল। সেই সময়ত সমাজবাদী নেতাসকলৰ বিৰুদ্ধে বিশেষ আইন বলবৎ আছিল যদিও জাৰ্মানৰ বিভিন্ন ঠাইত মে’ দিৱস পালন কৰা হৈছিল। ঠিক এনেদৰে ইউৰোপৰ বিভিন্ন দেশৰ ৰাজধানী সমূহত চৰকাৰ সমূহৰ বাধা নিষেধ আৰু দমনমূলক ব্যৱস্থা সমূহক নেওচি নানান ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল। এই কাৰ্যসূচীৰ ভিতৰত সেই সময়ত প্ৰধানভাৱে শোভাযাত্ৰাৰ ব্যৱস্থা কৰা হৈছিল আৰু শোভাযাত্ৰাৰ শেষত সভা অনুষ্ঠিত কৰি বিভিন্ন ধৰণৰ শ্ৰমিকৰ সুবিধা-অসুবিধা সমূহৰ বহলভাৱে আলোচনা কৰা হৈছিল। সেই সময়ৰ শোভাযাত্ৰাৰ ক্ষেত্ৰত মাৰ্কিন যুক্তৰাষ্ট্ৰ চিকাগো চহৰৰ শোভাযাত্ৰা আৰু নিউইৰ্কৰ শোভাযাত্ৰাই বিশেষ তাৎপৰ্য বহন কৰিছিল। এই শোভাযাত্ৰাত হাজাৰ হাজাৰ মানুহ একলগহৈ দৈনিক শ্ৰমিক সকলৰ কাম কৰাৰ সময় আঠ ঘন্টা হ’ব লাগে বুলি “মাৰ্চ-পাষ্ট” কাৰ্যসূচীও ৰূপায়ন কৰিছিল। এই কাৰ্যসূচী সমূহে সেই সময়তে যে সৰ্বসাধাৰণকে ধৰি দেশ সমূহৰ সকলোকে আকৰ্ষিত কৰিব পাৰিছিল তাৰ উমান মে’ দিৱসেই দাঙি ধৰে।
মে’ দিৱসৰ জন্মভূমি বুলি ক’লে মাৰ্কিন যুক্তৰাষ্ট্ৰকেই ক’ব লাগিব। পুৰণি কালৰে পৰা বৰ্তমানলৈকে আন্তৰ্জাতিক দিৱস হিচাপে ১ মে’ তাৰিখে শ্ৰমিকসকলৰ ঐক্য সংহতি আৰু প্ৰগতি আগত ৰাখি প্ৰতি বছৰে বহলভাৱে অনুষ্ঠিত কৰা হয়। ১ মে’ তাৰিখে প্ৰথমতে শ্ৰমিক সকলৰ মাজত এই ঐক্য সংহতি আৰু প্ৰগতি দেখা পোৱা গৈছিল ফৰাচী দেশত মধ্য বিত্ত লোক সমূহৰ মাজত। ফৰাচী দেশত ১৭৮৯ চনতেই ১ মে’ তাৰিখে তেওঁলোকে ঐক্য, সংহতি আৰু প্ৰগতিৰ লগতে সাম্য, মৈত্ৰী আৰু স্বাধীনতাৰ হকে ঐক্যবদ্ধভাৱে আগবাঢ়ি আহি সেই সময়ৰ ৰজাৰ হাতৰ পৰা ক্ষমতা কাঢ়ি ল’ব বিচৰা দেখা গৈছিল। ফৰাচী দেশৰ এই ঐক্য, সংহতি আৰু প্ৰগতিৰ উপৰিও সাম্য, মৈত্ৰী, আৰু স্বাধীনতাৰ মনোভাৱ আগত ৰাখি প্ৰায় এশ বছৰ পিচত অৰ্থাৎ ১৮৮৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত শ্ৰমিকৰ যি শতবৰ্ষ উদযাপন কৰা হৈছিল, তাৰ যোগেদিয়ে ১ মে’ দিনটোক প্ৰথম আন্তৰ্জাতিক মে’ দিৱস হিচাপে আজি পৰ্যন্ত পালন কৰা হয়।
মে’ দিৱস পালন কৰাৰ মূলতেই যে শ্ৰমিকসকলৰ কামবোৰৰ সময় কমোৱা সেই কথা আমি সকলোৱে উপলব্ধি কৰিব পাৰোঁ। শ্ৰমিক সকলৰ এই দিৱসৰ লগত ৰাজনৈতিক প্ৰভাৱ সমূহেও আৰম্ভণিৰে পৰা আজিলৈকে যথেষ্ট তাৎপৰ্য বহন কৰি আহিছে। কাৰণ শ্ৰমিক দল, সংগঠন সমূহৰ ওপৰতেই নিৰ্ভৰ কৰি ৰাজনৈতিক দল সমূহ বৰ্তি থাকে।
Read Also: শীতলা পূজা | Shitala Puja
মে’ দিৱস প্ৰতিষ্ঠা নোহোৱাৰ আগলৈকে শ্ৰমিক সকলৰ কামৰ নিৰ্দিষ্ট সময় আছিল সূৰ্য উদয় হোৱাৰ পৰা সূৰ্য অস্ত নোযোৱালৈকে। সেই সময়ৰ ওপৰতহে শ্ৰমিকৰ কাম কৰাৰ নিৰিখ বা মজুৰি ধাৰ্য হৈছিল। শ্ৰমিক সকলে এইবোৰৰ বিৰুদ্ধে ঊনৈশ শতিকাৰ আৰম্ভণিতে প্ৰতিবাদ কৰিছিল। ১৮৬০ চনত ফিলাডেলফিয়াৰ ধৰ্মঘটত একেলগ হোৱা শ্ৰমিক নেতাসকলৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগত বিচাৰ চলিছিল আৰু সেই বিচাৰৰ পৰা জানিব পৰা যায় যে সেই সময়ত শ্ৰমিক সকলে কমেও ১৯ ৰ পৰা ২০ ঘন্টা লৈকে দৈনিক কাম কৰিব লাগিছিল। এইবোৰৰ পৰা সহজতে অনুমান কৰিব পাৰি যে মে’ দিৱসৰ আৰম্ভণিৰ আগৰে পৰাই শ্ৰমিকসকলে এক দুৰ্বিসহ জীৱন কটাবলগীয়া হৈছিল। তদুপৰি ১৭৮৯ চনত ফৰাচী দেশৰ মধ্যবিত্ত সমাজখনে ৰজাৰ পাশৱিক অত্যাচাৰ আৰু নিষ্পেষণৰ বলি হ’বলগা হৈছিল। ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে তেওঁ লোকে সেই সময়তে একগোত হৈ ৰজাৰ সেই কাৰ্যবোৰৰ বিৰুদ্ধে আন্দোলন কৰিছিল। সেই আন্দোলনেই যেন পৰৱৰ্তী সময়ত বিভিন্ন দেশৰ শ্ৰমিক সকল ঐক্যবদ্ধ হোৱাত আৰু আন্দোলনৰ প্ৰতি উৎসাহ আৰু অনুপ্ৰেৰণা যোগোৱাত সহায় কৰিছিল।
মে’ দিৱসৰ আৰম্ভণিৰ পৰা চালে দেখা যায় যে, এই আন্দোলনৰ স্বৰূপসমূহ সদায় যে একে ধৰণে হৈছিল তেনে নহয়। সময়ৰ পৰিৱৰ্তনৰ লগে লগে আন্দোলনৰ স্বৰূপ সমূহৰো পৰিৱৰ্তন হৈছিল। যদিও বিভিন্ন ধৰণে এই আন্দোলনৰ কাৰ্যসমূহ নিৰ্দাৰণ কৰা হৈছিল, মূলতঃ এই আন্দোলনত মুখ্য স্থান লাভ কৰিছিল কামৰ সময়সূচী ৮ ঘন্টা হোৱা।

১৮৯০ চনৰ ১ মে’ত প্ৰকাশিত “কমিউনিষ্ট ইস্টেহাৰ”ত চতুৰ্থ জাৰ্মান সংস্কৰণত এংগেলছে আন্তৰ্জাতিক মে’ দিৱস সম্পৰ্কে স্পষ্টকৈ এনেদৰে লিখিছিল-
“বুৰঞ্জীত এই প্ৰথম শ্ৰমিক শ্ৰেণী এটি সৈন্যবাহিনী হিচাপে, একেই পতাকাৰ তলত, মাথোন এটি লক্ষ্য পূৰণৰ বাবে সংগ্ৰাম কৰিছে : সেই লক্ষ্য হ’ল আঠ ঘন্টা কামৰ হাজিৰা আইনৰ স্বীকৃতিৰ ওপৰত প্ৰতিষ্ঠা কৰা।”
মে’ দিৱসক অতি গুৰুত্বপূৰ্ণ অনুষ্ঠান বুলি অভিহিত কৰিছিল মাৰ্ক্সবাদী বিখ্যাত নেতা লেনিনে। তেওঁ মে’ দিৱসৰ মূল আন্দোলনৰ কাৰ্যসূচী কামৰ সময় আঠ ঘন্টা কৰা দাবি আৰু ইয়াৰ লগত বিভিন্ন যি সৰু-সুৰা দাবিবোৰ কৰিছিল সেইবোৰৰ প্ৰতি তেওঁ সদায় বিৰোধী আছিল। তেওঁ মে’ দিৱস সম্পৰ্কত এনেদৰে লিখিছে- “এই দাবিবোৰৰ প্ৰথম দাবিটো (আঠ ঘন্টা কামৰ হাজিৰাৰ দাবি) সকলো দেশৰ শ্ৰমিক শ্ৰেণীৰ সাধাৰণ দাবি।
মুঠৰ ওপৰত মে’ দিৱসৰ গুৰুত্ব যে ভাৰতবৰ্ষৰ নিচিনা দেশ এখনত অধিক প্ৰয়োজন তাক আমি সকলোৱে মানিবই লাগিব। আমাৰ ভাৰতবৰ্ষ যেতিয়া পৰাধীন হৈ আছিল, সেই সময়তো ব্ৰিটিছ শাসনৰ শোষণ আৰু নিষ্পেষণৰ বিৰুদ্ধে বিৰোধিতা কৰাৰ সময়তো আন্তৰ্জাতিক মে’ দিৱসৰ শ্ৰমিক শ্ৰেণীৰ কথাকেই সোৱৰিব লগা হৈছিল। সাম্প্ৰতিক সময়তো ভাৰতবৰ্ষৰ অধিকাংশ শ্ৰমিক মানুহেই মে’ দিৱস শ্ৰদ্ধাৰে পালন কৰি আহিছে।
আমি আশা কৰিছো মে’ দিৱস | May Day আপোনালোকক সহায় কৰিব। যদি আপোনাৰ মে’ দিৱস সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।